ফটাঢোল

এজন স্ক্ৰিপ্তৰাইটাৰৰ জীৱনী – বিশ্বজ্যোতি মহন্ত

প্ৰস্তাৱনা:

(১)
ড্ৰাইভাৰজনে মৰমৰ ‘ওদি’ গাড়ীখন
ছাৰৰ গেৰেজত সুমুৱাই থ’লে
কোবাকোবিকৈ নিজৰ ঘৰলৈ বুলি
তেওঁৰ বাইকখন ষ্টাৰ্ট দিলে।

 

 

(২)
প্লামবাৰজনে বাল্টিত মগটো জুবুৰিয়ালে
এমগ দুমগকৈ পানী ঢালিছে
গাটো কেচেমা কেচেম গোন্ধাইছে
আজি বহু দেৰিলৈ
বৰ সাৱধানে কাম কৰিছিল
দেৰলাখ টকীয়া চিষ্টেম
স্ক্ৰিপ্ত ৰাইটাৰ ছাৰৰ ঘৰত
ফিট কৰি আহিছে।

 

গৰ্ভ:

আদিতে মানুহজনৰ নাম এটা আছিল
এতিয়া সকলোৱে স্ক্ৰিপ্ত ৰাইটাৰ বুলিয়েই চিনে,–
অন্ততঃ প্ৰতিবেশী সকলে।
এসময়ত ছাত্ৰ নিৰ্বাচনত
সহপাঠী বন্ধুৰ নিৰ্বাচনী স্ক্ৰিপ্ত লিখি দিছিল।
জয়ৰ পিছত পুৰস্কাৰ হিচাপে
‘পাৰ্টি’লৈ নিমন্ত্ৰিত হৈছিল।
মানুহজনৰ ভাষা সংস্কৃতিৰ জ্ঞান অপাৰ
জিভাৰ আগতেই  জ্যোতিপ্ৰসাদ, অম্বিকাগিৰীৰ কবিতা
যোজনা, বিহুনামৰ মালিতা
সাংস্কৃতিক অনুষ্ঠান উন্মোচকৰ
নয়নৰমণি তেখেত।
বিশ্বৰ সাম্প্ৰতিক ঘটনাক্ৰম
তেখেতৰ নখ দৰ্পনত
সংবিধান, ৰাজনীতি, অৰ্থাৱস্থা, সামাজিক মনস্তত্ব–
কি নাজানে!
বহুতো পপুলাৰ লাইভ প্ৰগ্ৰেমৰ স্ক্ৰিপ্ত হেনো তেখেতেই লিখা
সেয়েহে সাক্ষাৎকাৰ গ্ৰহণকাৰী
এংক’ৰেও তেখেতক ভাল পায়
সাক্ষাৎকাৰ দিয়া সকলেও–
ষ্টুডিঅ’ৰ ভিতৰত অথবা বাহিৰত।
কেতিয়াবা কেতিয়াবা ক্ৰিকেট খেলৰ
স্ক্ৰিপ্তো হেনো তেখেতেই লিখে—
ছবিখন মুক্তি লভাৰ পূৰ্বে
প্ৰযোজক, পৰিচালকে
ক’ত, কেতিয়া, কি ক’ব
সেই বিষয়েও সংলাপ লিখি দিয়ে—
তেখেতৰ স্ক্ৰিপ্তৰ যাদুতেই
নিবন্ধকাৰে কলম লিখে
কবিৰ কলমত চোক বাঢ়ে
জংগী আন্দোলন নিতাল মাৰে—
স্ক্ৰিপ্তখন শক্তিশালী হ’লে
অভিনেতাগৰাকী নেতা হৈ পৰে
দুৰ্বল স্ক্ৰিপ্তত নেতা গুচি অভিনেতা হয়
নায়ক গায়ক হয়, গায়ক নায়ক
উদ্যোগী প্ৰশাসক হয়, প্ৰশাসক উদ্যোগী

(আচলতে সকলো বুজাপৰাতেই চলে!)

মানুহ জনৰ পৰিবাৰৰ স’তেও
মধুৰ সম্পৰ্ক,
সহকৰ্মী, প্ৰতিবেশীৰ বুকুৰ কুটুম মানুহজন তেখেতৰ জীৱনৰ
প্ৰতিখন স্ক্ৰিপ্তেই ‘মঞ্চ সফল’।

 

উপসংহাৰ:

সকলো ঠিকেই চলিছিল
কেৱল আজিহে বেমেজালি হ’ল
স্ক্ৰিপ্ত ৰাইটাৰৰ অন্তিম যাত্ৰাৰ
স্ক্ৰিপ্তখন লিখাই নহ’ল।
সেয়েহে তেখেতক আৱৰি থকা
চৰিত্ৰসমূহৰ সকলোৱে
নিজ নিজ ইচ্ছানুযায়ী
সংলাপ বাচি ল’লে।

(শিকনি:– নিৰক্ষৰ লোকক স্ক্ৰিপ্তৰ প্ৰয়োজন নাই।)

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *