অব্যক্ত প্ৰেম – মৃদুলা গগৈ
প্ৰেম প্ৰেম প্ৰেম…। কি ধুনীয়া শব্দ এই প্ৰেম। কেৱল ই এটা শব্দই নে? নিশ্চয় নহয়। প্ৰেম এক অনুভূতি, যাক কেৱল এটা শব্দৰে বুজাব নোৱাৰি। প্ৰেমত যি পৰিছে সিহে বুজে প্ৰেমৰ মহিমা। প্ৰেমৰ বাবে সৃষ্টিও হৈছে প্ৰেমৰ বাবে ধ্বংসও হৈছে। প্ৰকৃতে প্ৰেমেহে সৃষ্টি কৰে৷ আজি কালিতো প্ৰেমৰ বাবে আত্মহত্যাকে কৰে। এনেকুৱাই আজিকালি প্ৰেমৰ মূল্য নিজৰ জীৱনটোতকৈ ওপৰত। জীৱনকে দি দিছে৷ এইবোৰ আচলতে প্ৰেম বুলি নকয়। এইবোৰ যৌৱনৰ খেল। দোষ দিবও নোৱাৰি যৌৱন কালতে প্ৰেম নকৰিলে কেতিয়ানো কৰিব৷ লাগিলে সি প্ৰেমেই হওক খেলেই হওক।
কলেজলৈ প্ৰথম গৈছোঁ৷ গাত লাহেকৈ অলপ বতাহ লাগিছে। তাতে জয়সাগৰ পুখুৰী পাৰ। বতাহটো এনেও অলপ বেছি। ৰাধাচূড়া কৃষ্ণচূড়া কেইজোপাইও মনবোৰ ৰোমাণ্টিক কৰি তোলে৷ পুখুৰী পাৰত আনক যোৰ পাতি পাতি বহি আমেজ লৈ থকা দেখিলে অলপ মনবোৰ ৰাইজাইও কৰে দিয়কচোন৷ ধুনীয়াকৈ নিজকে সজাবলৈ ধৰিলোঁ। কিজানি কাৰোবাৰ চকুত পৰোঁৱে। নাই কোনেও পাত্তা নিদিয়ে৷ কলেজৰ পৰা আহি আইনাখনৰ সন্মুখতে বহুত সময় বহি থাকোঁ৷ ভগৱানকে অভিমান কৰোঁ ….
“অলপ ধুনীয়াকৈ পঠাবা নোৱাৰিলানে?”
হ’লেও চেষ্টা এৰা নাই। ধুনীয়াকৈ সাজি-কাঁচি কলেজলৈ যাওঁ সদায়৷ ল’ৰাবোৰ দেখিলে আঁৰ চকুৰে চাওঁ কোনোবাই মোলৈ চাইছে নে বাৰু? আমাৰ ডিপাৰ্টমেণ্টৰ কাষতে ফিজিক্স ডিপাৰ্টমেণ্ট৷ সেইদিনা কেইটামান ল’ৰা ফিজিক্স ডিপাৰ্টমেণ্টৰ সন্মুখত ৰৈ আছে। মই লগৰ দুজনীৰ সৈতে আমাৰ ডিপাৰ্টমেণ্টৰ সন্মুখত। ল’ৰা এটাৰ চকুত হঠাত চকু পৰিল মোৰ৷ চকু ঘূৰাই আনি বেলেগত দৃষ্টি আৱদ্ধ কৰিলোঁ৷ কিছু সময়ৰ পিছত আকৌ লাহেকৈ চালোঁ। এইবাৰো চকুত চকু পৰিল৷ বুকুৰ ভিতৰত অলপকৈ টোকৰ এটা পৰা যেন লাগিল৷ ৰুমলৈ আহি বিচনাতে পৰি আছোঁ। ভাবি আছোঁ ল’ৰাটোৱে সঁচাকে মোকে চাইছিলে নে মই চাই থকা কাৰণেহে দেখিলোঁ। মনত অনেকটা প্ৰশ্নই গুজৰি-গুমৰি আছে৷ কলেজলৈ কেতিয়া যাওঁ কেতিয়া যাওঁ লাগিছে। ৰাতিটো যেন নাহক একেবাৰে ৰাতিপুৱা হওক আৰু কলেজ যাম। ভালকৈ শুবই নোৱাৰিলোঁ৷ আনদিনা ৰাতিপুৱা ৰুমমেটে চিঞৰি থাকে উঠিবলৈ । সেইদিনা আগে ভাগে গা পাধুই আজৰি৷ দহবাৰ মান আইনাখন চাইছোঁ৷ কলেজৈ গৈ ক্লাচ কৰিছোঁ যদিও মন বহাব পৰা নাই। অফ পিৰিয়ডটো কেতিয়া আহিব দৰে লাগি আছে৷ উৎকণ্ঠাৰ অন্ত পৰিল, সময়টো আহিল৷ ফিজিক্সৰ ল’ৰাখিনিও আহি সেই ঠাইতে ৰ’লহি৷ মনটো উচপিচ লাগি আছে৷ বুকুখনৰ ধপধপ শব্দ নিজেই শুনাৰ দৰে লাগিছে। নিজকে কণ্ট্ৰল কৰিব নোৱাৰি। লাহেকৈ সেইফালে মুখখন ঘূৰালোঁ৷
খাটাং হ’লোঁ। সিও মোলকৈ চাই আছে৷ এনেকৈ সদায় সেইসময়তে আমিও ৰওঁ, সিহঁতো আহে৷ সি মোলৈ চাই মই তালৈ চাওঁ।
দিনটোত আমাৰ কেইবাবাৰো দেখা হয়৷ কিন্তু কাষেৰে পাৰ হ’লেও নামাতে মোক। কেৱল আঁতৰৰ পৰা চাই ৰয়। চকুত চকু পৰিলেই বহুত কথা যেন বুজি পাওঁ৷
মাজে মাজে মই লাইব্ৰেৰিলৈ যাওঁ৷ কিছু সময়ৰ পিছত সিও যায় লগৰ এটাৰ লগত৷ কিতাপ পঢ়া ক’ত হ’ব আৰু। এবাৰ চকু কিতাপত এবাৰ তাৰ ফালে৷ তাৰো একেই৷ অনবৰতে তাৰ মুখখনকে মোৰ চকুত ভাঁহি থকা হ’ল। ক্লাচ কৰি থাকোঁতেও ব’ৰ্ডত তাকে দেখোঁ। ৰুমলৈ আহি কেৱল জিতুল সোণোৱাল বা জুবিনৰ গান গুণগুণাবলৈ ধৰিলোঁ। পঢ়িবলৈ লৈ কিতাপতো তাকে দেখোঁ।
এনেকৈয়ে মাহৰ পিছত মাহ গৈছে। কিন্তু এদিনো তাৰ মাতষাৰকে ভালকৈ শুনা নাই। লগৰবোৰৰ লগত কথা পাতোঁতেই যি শুনা। কাকো কথাবোৰ ক’বও পৰা নাই। সিটো মোক কোনোদিন কোৱাই নাই ভাল পাওঁ বুলি৷ চাইহে থাকে৷ সেইটো জানো ভালপোৱা? সি ফাইনেল ইয়েৰৰ আছিল। পৰীক্ষা চমু চাপি অহাৰ বাবে কলেজলৈ নহা হৈ থাকিল। সিমানতে প্ৰেমৰ ইতি পৰিল। কিন্তু মনত অনেকটা প্ৰশ্ন থাকি গ’ল?
সঁচাকৈ মোক চাইছিল, নে মোৰ ভ্ৰম আছিল৷ মোৰ দৰে তাৰো বুকুত ঢপঢপনি উঠিছিল নে মোৰহে হৈছিল?
এইবোৰ সাঁথৰ হৈয়ে থাকি গ’ল আৰু। সময়েতো সকলোকে সলনি কৰে। ময়ো সলনি হ’লোঁ৷ আকৌ কোনোবা মোৰ জীৱনলৈ আহিল৷ সংসাৰ হ’ল। ক’ৰ প্ৰেম ক’ত গ’ল ঠিকনা নাই।
এই জুকাৰদাই দিয়া উপহাৰটো ময়ো ল’লোঁ। বন্ধুত্বৰ প্ৰস্তাব বহুত আহে। ভালকৈ চাই চিটি গ্ৰহণ কৰোঁ। অলপ চিনাকি মুখ এখন দেখিলোঁ এদিন৷ লগে লগে টাচ কৰিলোঁ এচেপ্ত অপচনত। লগা লগ মেচেনজাৰত টিং কৰি উঠিল।
: ভাল নে? চিনি পোৱা নাছিলা নেকি? তিনি মাহৰ পিছতহে এচেপ্ত কৰিছা যে?
: অহ..মই সঁচাকৈ আপোনাক চিনি পোৱা নাছিলোঁ। ভালে আছে ন? বাকী খবৰ কওকচোন।
: গুৱাহাটীতে এতিয়া৷ মই আৰু পৰিবাৰ৷ পৰিবাৰ কলেজ এখনৰ অধ্যাপিকা।
: হয় নেকি? ভাল লাগিল দিয়ক৷
ক’তনো ভাল লাগিছে মোৰ। হাজাৰ হ’লেও মাইকী মানুহ মই। মোতকৈ ভাল এজনী পালে হিংসা নালাগিব নে?
: মোক তুমি বুলি ক’লেই ভাল লাগিব। তেতিয়া যদি মাতিলাহেঁতেন তুমি বুলিয়ে মাতিলা হয়৷
অহ..তাৰমানে ইয়াৰো মোৰ গতি হৈছিল। মনটো উৰিবলৈ লৈছিলেই৷ ভিতৰত থকাজনীয়ে সোঁৱাৰাই দিলে কণ্ট্ৰ’ল …কণ্ট্ৰ’ল …!
: হ’ব দিয়ক। ভালে থাকিব।
লাহেকৈ জুকাৰদাকে ধন্যবাদ এটা দিলোঁ৷ তেখেতৰ কৃপাতে বুঢ়া বয়সত হ’লেও অতদিনৰ প্ৰশ্নকেইটাৰ উত্তৰ পালোঁ।
☆★☆★☆
3:15 pm
আয়ৈ, নোকোৱাকৈ ৰৈ গ’ল।
8:54 am
হাঃ হাঃ নক’ব আৰু
4:41 pm
সঁচাকৈয়ে অব্যক্ত হৈয়েই ৰ’ল?
8:59 am
হাঃ হাঃ নক’ব আৰু । ধন্যবাদ
5:46 pm
দেহি ! ভাল লাগিল দেই পঢ়ি
10:47 pm
এনেকৈ কিমান প্ৰেম মোৰ কলিতে মৰহি গ’ল ??
9:36 am
এনেকুৱা কিমান যে প্ৰেম হ’ল। অকালতে মৰহা।