নবাবৰ পুতেকৰ দিনলিপি – জ্যোতিৰ্ময় কলিতা
সাধাৰণতে পাঁচ ছয় বজাত
শোৱাপাটী এৰাটো বৰ কঠিন
ঠিক তেনেকৈ
স্ক্ৰীণ পেডত নানা হিচাপ কৰোঁতে
গভীৰ নিশা বাজে গৈ দুই তিনি
নহ’লে পুৱতি নিশা চাৰি..
ৰাতিপুৱা কেনেবাকৈ পাঁচ ছয় বজাত
চকু মেলিলেও ন দহ বজালৈ বিচনা এৰি নিদিয়াটো
আমাৰ মূল ধৰ্ম ।
দুৱাৰ খুলি মুখ উলিওৱাৰ লগে লগে
ঘৰৰ মানুহে এনেকৈ চাব
সঁচাই যেন নবাবৰ পুতেক..
ৰাতিপুৱাৰ নাস্তা ফিকা চাহেৰে ক’ত হ’ব
নবাবৰ পুতেক, গাখীৰ চাহ লগত হেভী নাস্তা লাগিব
যেনে শুকান ৰুটী আলু ভাজি অমলেট..
জিকাৰ কেজি ৫০
ভেণ্ডিৰ কেজি ৬০
তেজৰ ছালৰ যতন লোৱা
গাজৰ বিলাহী কেজি ১০০
তথাপি খাম
নবাবৰ বেকাৰ পুতেক..
ঘৰৰ মুৰ্গীটোৱেও কণী পৰা বাদ দিলে
নবাবৰ পুতেকৰ আৰাম দেখি
তাইয়ো ছাগে আৰাম কৰিব গৈ হাৰামী হ’ল..
গাঁৱৰ চফল ডেকা
মাছ মাৰি মাছ নাখায়
কেজি ৫০০ হওক কিনি খাম,
প্ৰতি সাঁজত ছাগলীৰ হাৰ্ড নহ’লে
ভাত নাযায়.. নবাবৰ পুতেক যে..
বাপ্পাঐ কি ফুটনি চাবা
গাটোত প্ৰসাধন এনেকৈ ঘঁহিব যেন
মণ্ডপৰ কইনা ,
চকুত ছানগ্লাছ
হাতত ব্ৰেচলেট
দোকানৰ সন্মুখত গৰম গৰম আড্ডা!
কি ব্যস্ত!
মোৰ বাবে সব নষ্ট
ইপিনে নিজৰ লক্ষ্য ভ্ৰষ্ট..
হায় আল্লা গড্ ভগৱান
চকু মেলি চাবা
কি বুলি জনম দিছিলা
বেকাৰ হৈ ঘৰত বহি খাওঁতে
মায়েও ভাবে ছাগে
নিকৰ্মাৰ এনেকৈ আৰু কিমান দিন..
তথাপি আমি নবাবৰ পুতেক
সোণৰ চামুচ মুখত লৈ জনম নল’লেও
বিশাল মনৰ অধিকাৰী
আমিয়েই নবাবৰ পুতেক..
☆★☆★☆
4:04 pm
সুন্দৰ ….