ফটাঢোল

হীৰেনদাৰ বৃত্তান্ত – জয়ন্ত আকাশ বৰ্মন

হীৰেনদাক চিনি পায়নে? ধুনীয়া হাঁ‌হিৰে চকচকীয়া বগা দাঁ‌তেৰে, সুগঢ়ী একোঁ‌চা মোচেৰে অলপ বয়সীয়াকৈ যুৱকজন। সদায় হাত দীঘল চোলা পিন্ধে কিন্তু কেতিয়াও হাতৰ বুটাম নামাৰে। কোঁ‌চাই থয়। হাৱাই চেন্দেল পিন্ধে। নীলা ফিটাৰ।

চহৰৰ উপকণ্ঠত চাৰিআলিত এখন তেওঁৰ গেলামালৰ দোকান। দোকানৰ ভিতৰত এখন কাঠৰ চাপৰ চাং। তাত দুই-এটা আধা শেষ হোৱা চাউলৰ বস্তা মুখ মেলি বহি থাকে। মাজতে সাংঘাটিক ওখ হাত-থকা তেল পিচল এখন কাঠৰ চকী, য’ত হীৰেনদা কেতিয়াও বহা মই দেখা নাই আৰু চকীখন কেতিয়াও খালি হৈ থকাও দেখা নাই। এই চকীখনত কেতিয়াবা তেওঁৰ গ্ৰাহক ৰিক্সাৱালা এজন, কেতিয়াবা দুৰ্গম পাহাৰৰ ওপৰৰ সস্তীয়া ভাৰাঘৰ লৈ এতিয়াও চাকৰি এটাৰ ক্ষীণ আশা লৈ টিউচন কৰি চলি থকা চল্লিছোৰ্দ্ধৰ মানুহ এজন, নাইবা ওচৰৰ দৰ্জীজন; অথবা নিমখ নাইবা চাৰ্ফৰ পেকেট এটা বহি থাকে।

দোকানৰ ভিতৰতে বেঁ‌কা ধৰণৰ এটা কাঠৰ খুঁ‌টা। তাতে লোৰ গুণা (তাঁ‌ৰ) এডাল এটা গজালত উপবৃত্তাকাৰ ৰূপ লৈ ওলমি থাকে। জনতা চাবোনৰ গোলবোৰ তেওঁ সেই তাঁ‌ৰডালেৰেই সাউৎকৈ কাটি দুফাল আৰু চাৰিফাল কৰি গ্ৰাহকক বিক্ৰী কৰে। কাটোতে প্ৰায়ে দুফাল সমান নহয়। সমান নোহোৱা সৰুফাল গ্ৰাহকক নেবেচে। ঘৰলৈ লৈ যায়।

হীৰেনদাৰ দোকানত বহুত ভীৰ। আবেলিৰপৰা সন্ধিয়ালৈ দোকানত বিৰ দি বাট পাবলৈ নাই। ইমান ভীৰৰ মাজতো হীৰেনদাই তেতিয়া কাঠৰ চকীখনত আউজি মাল-বস্তু বান্ধিবলৈ তেওঁৰ ভাৰাঘৰৰ মালিকৰপৰা কেজি হিচাপত কিনি অনা পুৰণা বাতৰি কাকতৰ জাপৰপৰা কাগজ এখিলা উলিয়াই পঢ়ি থাকে। লোহাৰ পাল্লাখন স্থিৰ হৈ ওলমি থাকে। তাত খুব কমেইহে বস্তু উঠে। মানুহবোৰ আহে আৰু অলপ ৰাতি হ’লে গুচি যায়। তেওঁৰ দোকানৰ মানুহবোৰ গ্ৰাহক নহয়। বস্তু কিন্তু সকলোৱেই নিয়ে। বাকী।

পাইপৰ মিস্ত্ৰী, গছ কটা মানুহ, দমকল বহুওৱা মানুহ, ভাৰাঘৰ বিচৰা মানুহ বা ভাৰাতীয়া বিচৰা ঘৰৰ মালিক, টিউচন বিচৰা শিক্ষক অথবা পেৰেণ্টচৰ বাবে – হীৰেনদাৰ দোকানখন বিজ্ঞাপন কেন্দ্ৰ, চিংগল পইণ্ট কণ্টেক্ট্! হীৰেনদা বিনামূলীয়া এজেণ্ট।

টিউচনকেইটা কৰি উঠি ৰাতি বাহিৰে-বাহিৰে মই হীৰেনদাৰ দোকানত সোমাওঁ‌। ভীৰ নাথাকিলে হীৰেনদাই সমুখৰ টেবুলতে দিয়া চাহ-দোকানীজনক চিঞৰ মাৰি দুকাপ লাল চাহৰ অৰ্ডাৰ দিয়ে। মোক পইচা দিবলৈ নিদিয়ে। “বাকীবোৰে অলপ ব’ৰ কৰে। আপোনাৰ লগত কথা পাতি ভাল লাগে।”-হীৰেনদাই কয়। আমাৰ গল্প চলি ৰয়।

দেওবাৰৰ দিন। হাতত পইচাও নাই। এঘাৰমান বজাত চাউল অলপ আনিম বুলি হীৰেনদাৰ দোকানলৈ গ’লো। বন্ধ। হীৰেনদাৰ দোকানৰ জাপ বন্ধ। কিয় বা বন্ধ কৰিলে! হীৰেনদাৰ দোকান সদায়েইতো খোলা থাকে! হীৰেনদাৰ দোকানৰ কাঠৰ জাপকেইখনত “মেংগ’ ফ্ৰুটি”ৰ বিজ্ঞাপন অঁ‌কা আছে। আজিহে দেখিলোঁ‌। বাহিৰতে পৰঠা আৰু চাহ খাই ৰূমলৈ উভতি আহি বিচনাত গালপাতা খাই পৰি থাকিলোঁ। এনেতে দুৱাৰত কোনোবাই টুকুৰিয়ালে। দুৱাৰ খুলি দেখোঁ‌ ফালি-ফোঁ‌ট মাৰি বেচ এক ভদ্ৰলোক। ভৰিত এইমাত্ৰ পালিছ কৰা চামৰাৰ চেন্দেল, ইনচাৰ্ট কৰা, বুটাম মৰা হাত দীঘল বগা চাৰ্ট, সুন্দৰ একোঁ‌চা গ্ল’চি মোচ, এহাতত এখন বগা ৰুমাল। ফিৰ-ফিৰিয়াকৈ ম’নেট পাৰফিউমৰ গোন্ধ।

“আপুনি ওলোৱাই নাই? ডেৰ বজাত গৈ পাব লাগিব নহয়।”- আগন্তুক ভদ্ৰলোকে মোক ক’লে।
“ক’লৈ যায়?” – মই সুধিলোঁ‌।

কালি কথা প্ৰসংগত মই হীৰেনদাক কৈছিলোঁ‌, হ’লত গৈ চিনেমা চাব লাগিছিল। চাব নেকি?
“কাইলৈ যাম দিয়ক। দুপৰীয়াৰ শ্ব’টো চাম।”-হীৰেনদাই কৈছিল।
“ঠিক আছে, হ’ব দিয়ক।” – মই কৈছিলোঁ।
“কি ভাবিছে? ওলাওক আক’। মই আজি দিনত দোকানেই নুখুলিলোঁ‌। চিনেমা চাবলৈ যাম বুলি।” – হীৰেনদাই খৰ-ধৰ লগালে।

অঁতো। মই পাহৰিয়েই আছিলোঁ‌। কথাৰ মাজতেই কালি চিনেমা চাম বুলি মই হীৰেনদাক কোৱা হয়। তেনেকুৱা হাজাৰ প্লেনিং হীৰেনদাক কওঁ‌। এই প্লেনিংটো হীৰেনদাই চিৰিয়াছলিয়েই ল’লে। আৰু দিনৰ দিনটো সাঁ‌জি-কাচি ওলাই আহিল। চিনেমা চাব আজি, কম ডাঙৰ কথানে! অলপতো সাঁ‌জি-কাচি আহিবই লাগিব।
“এক মিনিট বহক। মই ওলাই লওঁ‌। ভাত খোৱা নহ’ল আৰু আজি!” – মই চাৰ্টটো পিন্ধি জোতাৰ লেচ মাৰিবলৈ ধৰিলোঁ‌।
“হ’ব ব’লক। মই আনিছোঁ‌।”-হীৰেনদাই এখন মৰাপাটৰ সৰু বেগ দেখুৱালে।
“কি আনিছে?”
“ৰুটী আৰু আলু-ভাজি। আচাৰো আনিছোঁ‌। ৰাতিপুৱাৰপৰা বনাইছোঁ‌।” – মৰাপাটৰ বেগখনৰ ভিতৰৰপৰা টিফিন এটা উলিয়াই হীৰেনদাই ক’লে। -“ব’লক ব’লক। হাফ-টাইমত খাম। এতিয়া দেৰি হ’ব।”

চিনেমা চাই থকাৰ মাজতে এটা ৰোমাণ্টিক-ইমচ’নেল চিনত হীৰেনদাই হুক-হুকাই কান্দি পেলালে।
“হ’ল্ড্ অন, হীৰেনদা। ওলাই গৈ ভালদৰে কান্দিব দিয়ক। এতিয়া অলপ সহ্য কৰক। নেকান্দিব।” – মই ক’লোঁ‌।
“উম।”-শিশু এটাৰ সৰলতাৰেই হীৰেনদাই ক’লে, – “মোৰ নিজৰ কথা মনত পৰি গৈছিল। কলেজৰ দিনৰ।”

ৰাতি হীৰেনদাই মোক কলেজৰ দিনৰ কাহিনী ক’লে। কাহিনী শুনাবৰ কাৰণেই হীৰেনদাই মোক তেওঁৰ ৰূমলৈ ভাত খাবলৈ মাতিলে। হীৰেনদাৰ পুৰণি অনুভূতি জাগি উঠিল।
“মই খুব ভাল পাইছিলোঁ তাইক। স্কুলৰ দিনৰপৰাই। তাইহে মোক ঘাঁ‌হ নিদিলে।”-হীৰেনদাৰ চকু চলচলীয়া হৈ গ’ল। হিমানী, হিমানী আছিল তাইৰ নাম।”
হীৰেনদালৈ মোৰো বহুত দুখ লাগিল। মাংস আনিছিল হীৰেনদাই। দুখতে এতিয়া নবনাবই নেকি! মই অলপ শংকিতও হ’লোঁ‌।
“আপুনি তাইক মনৰ কথা জনাইছিল নে?”- যিমান পাৰি সিমান দুখ কৰি মই হীৰেনদাক সুধিলোঁ‌।
“স্কুলত থাকোঁ‌তে জনোৱা নহ’ল। বহু দিন চেষ্টা কৰিও জনাব নোৱাৰিলোঁ‌। চিঠিবোৰ লিখাক-লিখাই থাকিল।”-হীৰেনদা ভাবুক হৈ পৰিল।
“আপুনি জনাব লাগিছিল নহয় দাদা। তাইৰ গাত দোষ নাই। আপুনি নজনালেই।” – মই ক’লোঁ‌।
“জনাইছিলোঁ‌। পূৰ্ণিমাৰ দিনা গোটেই ৰাতি মই আঠ পৃষ্ঠাৰ এখন চিঠি লিখিছিলোঁ।”
“ইম্মান দীঘল! কি লিখিছিল ইমান দীঘলকৈ?”
“ভালকৈ নাজানো কি লিখিছিলোঁ‌। আমাৰ গাঁ‌ৱৰ ভূৱন পূজাৰীৰ হতুঁ‌ৱাই লিখাইছিলোঁ‌। তেখেতে বহুত চিঠি লিখিব জানে। আমাৰ গাঁ‌ৱৰ গঞাৰ মিটিং, পঞ্চায়তৰ মিটিং সবৰে চিঠি তেৱেঁ‌ই লিখে। মোৰখন তেওঁ‌ পূৰা এমাহ লাগি-লাগি লিখি দিছিল।”
“চিঠিখন লিখিবলৈ এমাহ লাগিছিল?”-মই আচৰিত হ’লোঁ‌।
“অঁতো! চিঠিখনত তেওঁ কিমান সংস্কৃত শ্লোক ভৰাই দিছিল! আৰম্ভণিতো সংস্কৃত শ্লোক দিছিল। শেষতো দিছিল। মই কোৱাত প্ৰতিটো শাৰীৰ মাজে-মাজে এটাকৈ হ’লেও সংস্কৃত শ্লোক দিছিলেই। মোৰ চিঠিখন লিখোঁ‌তে তেওঁৰ বহুত কষ্ট হৈছিল। তেতিয়াই তেওঁক উদফাই ৰোগে ধৰিছিল। আৰু সেই ভাগে তেওঁ‌ যি পৰিল পৰিলেই। কত কষ্ট কৰি তেওঁ মোক ভাল পাই গুণেহে মোৰ চিঠিখন লিখি দিছিল।” – হীৰেনদাই কৈ গ’ল দুখ কি দাষ্টান।
“চিঠিখন আপুনি হিমানীক দিলেনে?” – মই সুধিলোঁ‌।
“সৰস্বতী পূজাৰ দিনা তাইৰ লগৰ ছোৱালী এজনীৰ পেহীয়েকৰ জীয়েকৰ হাতত তাইলৈ দি পঠিয়াইছিলোঁ‌।” -হীৰেনদা বিচনাত বহি পৰিল। ষ্টোভৰ জুই কমি আহিছে। ষ্টোভৰ ওপৰৰ চচপেনটোত ভাতে বক-বকাইছে। মোৰ ভোক বেছি হৈ আহিছে। হীৰেনদাই মাংসখিনি পলিথিনৰ পেকেটৰপৰা উলিওৱাই নাই।

“তাই কি উত্তৰ দিলে?” – মই সুধিলোঁ‌।
“পানদোকানৰ আগত এদিন মোক লগ পালে। মোৰ ওচৰলৈ আহি বেগৰপৰা চিঠিখন উলিয়ালে। মোৰ বুকু ধিপিচ্-ধিপিচ্ লাগিল। মই জানিছিলোঁ‌ৱেই। ভূৱন পূজাৰীৰ সংস্কৃত শ্লোকে তাইৰ মনলৈ প্ৰেম ভাৱ আনিবই। ই অব্যৰ্থ।”
“পিছত?”-মই উত্তৰটো শুনিবলৈ ব্যগ্ৰ হৈ উঠিছিলোঁ‌।
“তাই চিঠিখন মোলৈ দলিয়াই দি খৰখৰকৈ গুচি গৈছিল। তাইৰ হৃদয়ো চাগে উগুল-থুগুল হৈ পৰিছিল। লাজো লাগিছিল চাগে তাইৰ। ঘৰলৈ আহি বিচনাত পৰি মই চিঠিখন পঢ়িব ল’লো।
(হুক হুক হুক… আৰু অলপ নিৰৱতা। খালি পাম্প দিয়া ষ্টোভটোৰ ভৌ-ভৌ মাত!)
… …

“হ’ব দিয়ক হীৰেনদা। দুখ নকৰিব। আপোনাৰ চিঠিখনত সংস্কৃত শ্লোক অলপ বেছি আছিল। তাই ইয়াৰ মাহাত্ম্য বুজি নাপালে। সেই কাৰণেহে তাই চিঠিখন আপোনাৰ গালৈ দলি মাৰি দিলে। সেই চিঠিৰ স্থান তাইৰ দৰে মূৰুখমতীৰ হৃদয় নহয়। দুখ নকৰিব হীৰেনদা। মাংসখিনি নমাই আনক। বনাওঁ‌ দিয়ক। ৰাতিও হ’ল বহুত।”

*****

ব্যক্তিগত ব্যস্ততাৰ বাবে দুমানমান হীৰেনদাৰ দোকানলৈ যাব পৰা নাছিলোঁ‌। সিদিনা গৈ দেখোঁ‌ হীৰেনদাৰ দোকান বন্ধ। ওচৰৰ দোকানীজনক সুধি গম পালোঁ‌ হীৰেনদাই হেনো দোকানৰপৰা কিবা বিশেষ কামৰ কাৰণে কিছুদিনৰ বাবে ছুটী লৈছে। মই হীৰেনদাৰ ৰূমলৈ পোনালোঁ‌।
দুৱাৰত টুকুৰিয়ালোঁ‌। হীৰেনদা ওলাই আহিল।
“আহক আহক। কেইদিনমান দোকান খোলা নাই ৰ’ব।”
“কিয়? কিবা বেলেগ ব্যস্ততা নেকি?” – মই বিচনাখনত বহি ল’লোঁ‌।
“নহয়। মানে পুলিছৰ চাকৰি ওলাইছে। মই এপ্লাই কৰিছোঁ‌। তাৰ বাবে অলপ এক্সাৰচাইজ কৰি আছোঁ‌। পুৱা-পুৱা উঠি দৌৰি আছোঁ‌। আহি বহুত ভাগৰ লাগে।” – হীৰেনদাই ক’লে।
“কেতিয়া হ’ব পৰীক্ষা?”
“দুমাহ আছে। এই দুমাহ মই পূৰা দৌৰিম। দোকান নোখোলোঁ‌। চাকৰিটো ল’ব লাগিব।”
“অ’ অ’ ভালেই। দৌৰক। পাই যাব। সিদিনা ৰাতিপুৱাইচোন আপোনাক পুলিছৰ গাড়ী এখনত দেখা যেন পালোঁ‌। কি কথা?” – মই সুধিলোঁ‌।
“তাকেইতো। সিদিনা ৰাতি দোকান বন্ধ কৰোঁ‌তে মোৰ অলপ দেৰি হৈছিল। কেৰাছিনৰ বটলটো লৈ মই খোজ কাঢ়ি কাঢ়ি ৰূমলৈ আহি আছিলোঁ‌। পেট্ৰলিং দি থকা পুলিছৰ গাড়ী এখনে মোক লগ পাই থানালৈ লৈ গ’ল। মই ক’লোঁ ‌- মই বেয়া মানুহ নহয়। ভাত ৰান্ধিবৰ কাৰণে এই কেৰাছিন আনিছোঁ‌। সিহঁ‌তে নুশুনে। মোক থানালৈ লৈ গ’ল। ময়ো গ’লো আৰু। এনেয়েও সেই ৰাতি ৰূমলৈ অকলে-অকলে খোজ কাঢ়িবলৈ মোৰ ভয় লাগিছিল। ৰূমলৈ মোৰ ৰাস্তাওতো কম নহয়! তিনি মাইলমান হ’ব।”
“হাঁ? তাৰপাছত?” – মই আচৰিত হ’লোঁ‌। হীৰেনদাৰ দৰে এই নিমাখিত প্ৰাণীটোকো পুলিছে ধৰি নিয়ে নে!
“তাৰপাছত আৰু কি হ’ব। মোক থানাত অলপ বহালে। তাৰ পাচত মোক এৰি দিলে। মই ক’লোঁ‌ – এই ৰাতি তিনি বজাত মই কেনেকৈ যাম। সিহঁ‌তে মোক তাতেই থাকিব দিলে। মই ক’লোঁ‌- ভোক লাগিছে চাৰ। অ’চিজনে মোক পৰঠা এটা ক’ৰবাৰপৰা আনি দিলে। ৰাতিপুৱা সেইখন গাড়ীৰেই সেইকেইটা পুলিছেই মোক ৰূমত থৈ গ’ল। ভালেই হ’ল মোৰ। পুলিছকেইটা কিন্তু ব’ম ব’ৰ হ’ল। ”
হীৰেনদালৈ চাই মোৰ ব’ম হাঁ‌হি উঠিল।
“ঠিক আছে হীৰেনদা। আপুনি দৌৰ চালু ৰাখক। অল দ্য বেষ্ট! আমি যাতে এজন খুনখাৰ পুলিছ পাওঁ‌, তাৰ আশাৰে।” – মই গুচি আহিলোঁ‌।

হীৰেনদাই ৰেচম বিভাগৰ পিয়নৰ পোষ্টৰ বাবে এবাৰ ৰিটেন একজাম দিছিল। কিন্তু, পৰীক্ষাগৃহৰ মুখ্য নিৰীক্ষকজনে পুলিছ লগায়েই তেওঁ‌ক পৰীক্ষা গৃহৰ পৰা উলিয়াই দিছিল।
পৰীক্ষাৰ দিনা ৰাতি পৰীক্ষাৰ খবৰ ল’বলৈ মই তেওঁৰ ৰূমলৈ গৈছিলোঁ‌। তেওঁ কম্বল এখন গায়ে-মূৰে লৈ শুই আছিল।
“কি হ’ল হীৰেনদা? পৰীক্ষা দি ভাগৰ লাগিল নেকি?” – মই সুধিছিলোঁ‌।
হীৰেনদাই মোচৰ তলৰ সেই চিনাকি হাঁ‌হিটো মাৰিলে।
“পৰীক্ষা কেনেকুৱা হ’ল?” – মই সুধিলোঁ‌।
“নক’ব আৰু, বুজিছেনে! পৰীক্ষা বুলি মই গোটেই “জানানে”খন পঢ়িলোঁ‌। ভোট জলকীয়া খাই কোনে গীনিজ বুকত নাম লিখিলে, কোনে চুলিৰে ট্ৰাক এখন টানি নিব পাৰিলে, কোনে জিভাখন এমাইলমান বাহিৰলৈ উলিয়াই দিব পাৰে, কোনে আটাইতকৈ বেছি খাব পাৰে, – কিমান মুখস্থ কৰিলোঁ‌, কিন্তু তাৰ এটাও নাহিল পৰীক্ষাত। আহিল মাজুলী কোন জিলাত অৱস্থিত, অসমৰ কলাগুৰু কোন – এইবোৰহে।”
“সহজ আছিল দেখোন সেইবোৰ। লিখিলেনে নাই?”
“এহ নক’ব আৰু, বুইছেনে। মাজুলী অসমৰ কোন জিলাত অৱস্থিত প্ৰশ্নটোৰ উত্তৰ মোৰ মনলৈ আহে আৰু যায়, আহে আৰু যায়। জুবিনৰ গান এটাত মাজুলী বুলি আছে। তাতে জিলাখনৰ নামটো আছে নেকি চিন্তা কৰিলোঁ‌। কিন্তু গানটো গালেহে মোৰ শব্দবোৰ মনলৈ আহিব। পৰীক্ষা হ’লৰ ভিতৰততো গাব নোৱাৰি। ইফালে, কলাগুৰু কাক কয় সেইটোও জানিছিলোঁ‌। সেই যে জনতা চাবোন কোম্পানীয়ে কেলেণ্ডাৰ এখন ছপাইছিল, তাৰ ভিতৰত স্কোৱাছৰ দৰে দেখাজন কলাগুৰু বুলি জানো। অমিতাৰ দৰে দেখাজন ৰূপকোঁ‌ৱৰ বুলি মনত আছে। কিন্তু নামকেইটা পাহৰি গ’লোঁ‌।
পেচাব কৰা লাগিছে বুলি গাৰ্ডজনক কৈ বাৰাণ্ডালৈ ওলাই আহিলোঁ‌। জুবিনৰ গানটো অলপ গাই চালোঁ‌, মাজুলীত এজনী ছোৱালীয়ে দুখ পালে… নাই এইশাৰীত নাই। চুই চালে চুই চালে চুই চালে বুজিবা – মই গাই আছিলোঁ‌, দেখিলোঁ‌ নহয় বাৰাণ্ডাৰ গাৰ্ড দি থকা পুলিছ এজনে মোৰ কলাৰত চুই চাই ব’ম ধমকি দিছে। পাগল হৈছে নেকি? চিঞৰিছে কিয়? -পুলিছজনে মোক তামাম ধমক দিলে। মই বুজাব নোৱৰিলোঁ‌ তাক কথাখিনি। ইন চাৰ্জজনৰ ওচৰলৈ লৈ গ’ল। মই ইন চাৰ্জজনক সুধিলোঁ‌, চাৰ মই বেয়া বদমাচ মানুহ নহয়। চাৰ, কওকচোন জনতা চাবোনৰ কেলেণ্ডাৰখনত যে কেইজনমান শিল্পীৰ ফটো থাকে, তাৰে ইচকছৰ দৰে মুখৰ মানুহজনৰ নামটো কিনো? আউ আই! সিহঁ‌তে লগ হৈ মোক পাগল বুলি কৈ পৰীক্ষা হ’লৰপৰা উলিয়াই দিলে আজি। ধেই!”
হাঁ‌হিত ৰ’ব নোৱাৰি মই হীৰেনদাৰ ৰূমৰপৰা ওলাই আহিলোঁ‌, নহ’লে হীৰেনদাৰ ৰূমৰ কাষৰ ভাৰাতীয়াজনে পাগল হৈছে নেকি বুলি কৈ মোকো উলিয়াই কম্পাউণ্ডৰ বাহিৰ কৰি দিলেহেতেঁ‌ন।

*****

পুলিছৰ চাকৰিৰ দৌৰৰ যিদিনা পৰীক্ষা লৈছিল, সিদিনা হীৰেনদা পৰীক্ষাটোত অৱতীৰ্ণ হ’ব পৰা নাছিল। চিটিবাছেৰে পৰীক্ষাৰ চেণ্টাৰলৈ গৈ থাকোঁ‌তে এজনী ছোৱালীৰ হাই হিলৰ গচকত হীৰেনদাৰ সোঁ‌ভৰিৰ দুটা আঙুলি ভাগিছিল আৰু তেজ ওলাইছিল। চিটিবাছখনৰ কোনোবা এজন দয়াবান যাত্ৰীয়ে সিদিনা তেওঁক ওচৰৰ হস্পিটালখনলৈ নি আঙুলি দুটাত বেণ্ডেজ কৰাই অ’টো এখনেৰে আনি ৰূমত থৈ গৈছিল। এই পৰীক্ষাটোৰ বাবে দৌৰৰ প্ৰিপাৰেছনত দুমাহ আৰু আঙুলি দুটা সচল হোৱালৈ বিচনাত দুমাহ, পুলিছৰ চাকৰিৰ ইণ্টাৰভিউটোৱে হীৰেনদাৰ দোকানী জীৱনৰ সৰ্বমুঠ চাৰিমাহ খাই পেলাইছিল।

*****

বহু বছৰৰ মূৰত সিদিনা হঠাৎ হীৰেনদাক লগ পাইছিলোঁ। গুৱাহাটীৰ শ্বপিং মলটোত। হীৰেনদাৰ কাষত বৌ আৰু তেওঁ‌ৰ ল’ৰা-ছোৱালীহাল। হীৰেনদা শকত হৈছে। হীৰেনদাই বৌক মোৰ লগত চিনাকি কৰি দিলে। বৌৰ দেউতাক এজন পুলিছ। ল’ৰা-ছোৱালীহালে মোক নমস্কাৰ দিলে। ল’ৰাজনক সুধিলোঁ‌, তুমি ভৱিষ্যতে কি হ’বা?
“এজন পুলিছ অফিছাৰ।”-হীৰেনদাৰ ল’ৰাজনে তপৰাই উত্তৰ দিলে।
ছোৱালীজনীৰ হেনো সংস্কৃত অধ্যয়ন কৰি ক’লেজৰ লেকচাৰাৰ হোৱাৰ মন।
হীৰেনদাক সুধিলোঁ‌, আপুনি এতিয়া ক’ত? কি কৰি আছে?
মই আচলতে গাঁ‌ৱৰেই মানুহ। গাঁ‌ৱত গৈ খেতি কৰিছোঁ‌। মাটি বহুত পৰি আছিল নহয়! – সুখী হাঁ‌হিৰে হীৰেনদাই ক’লে।
“হীৰেনদা, গুৱাহাটীত আপোনাক সকলোৱে ঠগিলে ন?” – মই সুধিলোঁ‌।

“নাই ঠগোৱা হে। আচলতে মই আনক সহায় কৰি ভালেই পাওঁ‌। দোকান কৰি থাকোঁ‌তে যিকেইজন মোৰ গ্ৰাহক আছিল, আটাইকেইজনেই অতি গৰীৱ আছিল। সিহঁ‌তে বাকীত মোৰপৰা মাল নিছিল। সিহঁ‌তে যে বাকী পৰিশোধ কৰিব নোৱাৰে মই জানিছিলোঁ‌ৱেই। তথাপি দিছিলোঁ‌। তেওঁলোকেতো লঘোণ পৰিব লগা হোৱা নাছিল। সেয়াও এক গভীৰ আনন্দ। মোৰ ঘৰত বহুত মাটি আছিল। সিহঁ‌তৰ একোৱেই নাছিল। এতিয়া ভাবি মোৰ ভালেই লাগে, যে কেইজনমান হ’লেও মানুহক মই অলপ হ’লেও সহায় কৰিছিলোঁ‌।” – হীৰেনদা গহীন হৈ গৈছে আজি কালি। মোৰ বুকুত সোমাই গৈছে তেওঁৰ কথাবোৰ আজি।

আমি বহুদেৰি কথা পাতিলোঁ‌। যোৱাৰ পৰত দাদাই ক’লে, মই তেতিয়াই মোৰ দোকানৰ পৰা বাকীৰ নামত ফ্ৰীতে চাউল, দাইল দিয়া ল’ৰাবোৰ আজিকালি ডাঙৰ-ডাঙৰ মানুহ হৈছে। কাৰোবাক কাৰোবাক টিভিতো দেখোঁ‌। কেইজনমানে বিচাৰি-বিচাৰি মোৰ ঘৰলৈয়ো গৈ মোক লগ কৰে। ভাল লাগে। মই ভাবো, ঈশ্বৰে মোক তেতিয়া তেনেকৈয়েই মানৱ সেৱাত লগাইছিল। নহয় জানো?

“হয় হীৰেনদা। দাদা, অনুগ্ৰহ কৰি আপুনি ইয়াত যি-যি কিনিলে তাৰ বাবে পইচা নিদিয়ে যেন। তেতিয়া আপুনি মোক চাউল নিদিয়া হ’লে এতিয়া এই শ্বপিং মলটো মই খুলিব নোৱাৰিলোঁ‌হেতেঁ‌ন! ডিপ্ৰেছনত মই তেতিয়া বহুবাৰ চুইচাইদ কৰিবলৈ চেষ্টা কৰিছিলোঁ‌।” – মই স্বীকাৰ কৰিলোঁ‌।

“মই জানিছিলোঁ সেইটো।” – সৰল আহি এটা মাৰি হীৰেনদা গুচি গৈছিল। যোৱা বাটটো পোহৰাই গৈ আছিল।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *