পৰিৱৰ্তন আৰু লটিঘটি – ৰেখা ডেকা
পৰিৱৰ্তনৰ বতাহত
ত্ৰস্তমান জন-জীৱন
তাৰিখ বাৰ সময়ৰ মিলনে কঁপাই হৃদয়
সেই কম্পনাংকৰ উমান আন কেৱে নাপায়।
হাত, ঘড়ী, চকুৰ দোদুল্যমান অৱস্থা
ক’ত কি হয় আজিও তাৰেই গুণাগঁথা
পলক জপাওঁতেই সলনি হয় টকা
কি যে নিয়ন্তাৰ লেখা।
গৃহিণীৰ লটি ঘটি
টকা পইচা লুকাওঁ কেনেকৰি।
কাপোৰৰ ভাঁজত পুৰণি টকা খমখমীয়া
লুকুৱাই থোৱা টকাৰ ভৰত জীৱন দুৰ্ভগীয়া।
অত কষ্ট অসাৰ হ’ল
সাঁচতীয়া ধন কাগজ হ’ল।
☆★☆★☆