ফটাঢোল

প্ৰিয়তমলৈ বুলি এখনি চিঠি – ৰিজু বৰা

প্ৰিয়তম,

মৰম ল’বা। আশা কৰোঁ তোমাৰ ভালেই। ভগৱানে যেন কুশলে ৰাখিছে তোমাক। তুমি কোৱা মমতাৰ চিঠিখন সিদিনা মোবাইলত শুনিলো। আই ঔ তাইৰ যে ইমান মৰম আছিল গিৰিহঁতলৈ! মোৰো যে একেবাৰে কম নহয়। সেইকাৰণে ময়ো আজি প্ৰিয়তম বুলি তোমালৈ চিঠিখন লিখিছোঁ। মই তোমাক বৰ ভাল পাওঁ অ’। গালিটো বোলে মৰম ফুটি উঠে। ময়ো সেইকাৰণেই তোমাক ত্রিভুবন দেখাই হিয়া উজাৰি গালি দিওঁ বুজিছা। হেৰা মনৰ বাপেক, নগেনে নিজৰ ঘৈণীয়েকক হাটৰপৰা আনি দিয়া গুলপীয়া বেলাউজটো কি যে ধুনীয়া অ’। তুমি নাই যে, সেইকাৰণে বিশ্বকৰ্মা পূজাত তোমাৰ বাইকখনতে মালা এডাল পিন্ধাম। আই ঔ নগেনৰ ঘৈণীয়েকে যে বিয়াত গিৰিহঁতটোক মালাডাল পিন্ধাই যি হিয়ালি জিয়ালিকৈ কান্দিছিল! মই আকৌ কিবা বোলো নাহিবই হ’ব পায় বুলি ভাবিছিলো।

অ’ প্ৰিয়তম, কিবা বোলেনে তুমি এইবাৰ আহোঁতে মোলৈও গুলপীয়া বেলাউজ এখন আনিবা। মৰতি তেতিয়াহে জ্বলিব। বছৰৰ কেইদিননো ঘৰখনলৈ আঁহা, দুখেই লাগে ভাবি অ’! গাঁওখনৰ অতসোপা তিৰোতা আছে, তাহাঁতৰ খবৰবোৰ দিবলৈকে মোৰ সময় নহয়গৈ। ৰাতিপুৱাই বেমাৰী দৌতাক ৰ’দত বহুৱাই দিয়া, চাহ বাতি হাতত ধৰাই দি গৰুজনী খিৰাই গাখীৰকণ তপতাই আকৌ মনক খুৱাই বুৱাই ইচকুল পঠাব লাগে। বাকীবোৰ আছেই। তাৰ মাজত আকৌ মৰম অকণ বুলি তোমাক গালি শপনি পাৰি থাকোতেই বন্ধ শেষ। তাতে সেই নগেনৰ ঘৈণীয়েকজনী আহে মাজে মাজে, তাইক গিৰিহঁতে কি কি দিলে দেখুৱাবলৈ। তাকো আকৌ দৌতাই বেয়া পায়। বোলে মৰতিয়ে মোক জ্বলাই মাৰিবলৈহে আহে।

বুজিছা মনৰ বাপেক, মোৰ সেই হাঁহকেইটা কোনেও নিকিনিলে। চবেই আজিকালি বতা চৰাইহে খায়। কিবা বোলেনো গা মনবোৰ বৰ ফৰকাল ফৰকাল লাগে বোলে। এফুটমান মাংস ওলাই বুজিছা, তাকে খাইনো কি চখ পাই মৰাখনে নুবুজিলো। আহিন, কাতি মাহৰ তেল লগা হাঁহ বুলি ক’লেই মুখৰ পানী পৰে পাই মোৰ। গাঁৱত এতিয়া ঘুমটি দোকানৰ দৰে ঘৰে ঘৰে বতা চৰাইৰ সজা। অ’ পাহৰিছিলোৱেই, তোমাৰ মুখ চোকা খুলশালীজনী ফেচবুকিয়া এটালৈ পলাল। ক’লাই নে বগাই কিবা ধৰিবই নোৱাৰিলো। মোবাইলত ফটোবোৰ চব বেলেগ বেলেগ দেখোন। ইয়াত কিবা এন আৰ চি ওলাইছে। দাইটি দেখোন সিদিনা কিবা বোলেনো সেই জেললৈ পঠিওৱা কেচাৰী পালেগৈ। এইবাৰ বুজিছা মোক এমাহমান তোমাৰ লগত ৰাখিবা। হিন্দী দুটামান শিকিমগৈ। মনেও কয় নহয় আজিকালি, মামা অপকু ইচকুল মে বুলাই হে। মইনো কিডাল কৰিম। নেযাওঁ বাপেৰে। অ’, মন নাই নহয় ঘৰত। সেইদেখি লিখি থাকোঁতে চিঠি দেখোন বহুত দীঘল হ’ল। হ’ব আৰু বুজিছা। আৰু নিলিখো। প্ৰথম প্ৰিয়তম বুলি মাতিছোঁ পাই, লাজত কিবা চকুৰে ৰঙা নীলা দেখি গৈছোঁ। আকৌ লিখিম। এমাহমানৰ পিছত। ধন্যবাদ।

ইতি
তোমাৰ ল’ৰা মনৰ মাক

☆★☆★☆

6 Comments

  • বৰ ভাল লাগিল চিঠিখন পঢ়ি। সৰল পত্নীৰ মনৰ বতৰাবোৰ সুন্দৰকৈ ফুটি উঠিছে।

    Reply
  • Anonymous

    চিঠি খন বৰ ভাল লাগিল পঢ়ি

    Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল পঢ়ি ৷ দ্বিতীয় চিঠিখনো পঢ়িব পাম বুলি আশা কৰিলো ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *