ফটাঢোল

1983 এক ফটা লাভ ষ্টৰী – কংকণা মহন্ত

বহুত যুগৰ আগৰ কথা, মানে এখন দেশত এজন ৰজা আৰু ৰাণী থকাৰ যুগৰে।

তেতিয়া মই সৰুৱেই আছিলোঁ, স্কুলৰ দেওনা পাৰ কৰি কলেজত ভৰি দিছোঁ। মই সৰুৰেপৰা ছোৱালীৰ স্কুল আৰু ছোৱালীৰ কলেজতে পঢ়া। ল’ৰা বুলিলে ভয়, লাজ চবেই বেৰি ধৰে। মাতিবলৈও ভয় লাগে। তাতে মাৰ কাঢ়া নজৰ। পিছে কৰবাত ধুনীয়া ল’ৰা দেখিলেই প্ৰেমত পৰোঁ। তেনেকৈ কিমানৰ যে প্ৰেমত পৰিলোঁ তাৰ হিচাপ নাই।

সেই দিনত আমাৰ মনোৰঞ্জন বুলিবলৈ বিশেষ একোৱেই নাছিল। আবেলি ৰাস্তাই ৰাস্তাই ওলাই যোৱাটোয়েই একমাত্ৰ মনোৰঞ্জত্ৰ উপায় আৰু। মই আৰু মোৰ বান্ধৱী এজনী প্ৰায়ে আবেলি এইদৰে ৰাস্তাই ৰাস্তাই ওলাই যাওঁ ।

আৰু ঠিক তেতিয়াই ল’ৰাটো আহে, চাইকেল লৈ, লগত তাৰ বন্ধু এজন। সিহঁতে আমাক চাই চাই যায়, আমিও খুব চাওঁ। ভয়ো লাগে, কোনোবাই ঘৰত লগাই দিয়ে বুলি। এনেকৈ দৃষ্টিৰ আদান-প্ৰদান কৰি থকাৰ মাজতে গম পালোঁ তাৰ নাম সঞ্জয় গোস্বামী। ময়ো কঙ্কণা গোস্বামী। মনত ধৰাম্ কে লাড্ডু ফুটিল, হওক তেওঁ। পিছলৈ জাত পাতৰ সমস্যা নাহে। তেতিয়া আকৌ এইবোৰ আছিল দেই। মই মনেমনে সপোন দেখিবলৈ ল’লোৱেই। সদায় আবেলি ওলাই যাওঁ, সিহঁতক নেদেখিলে খালি খালি লাগে।

এদিন মই কলেজৰ পৰা আহিছোঁ, খোজকাঢ়ি ঘৰলৈ গৈ আছোঁ। হঠাৎ সিহঁত দুয়োটা আহি মোৰ সন্মুখত ৰৈ দিলেহি। বুকুখন একদম ধমহকৈ মাৰিলে। মনেমনে ভগৱানক প্ৰাৰ্থনা.. হে ভগৱান, বচাবা আজি। সিটোৰ নামেই নাজানোঁ। সঞ্জয় বোলাটোৱে ক’লে, “আজি তুমি অকলে ন”? মই এনেই মূৰটো জোকাৰিলোঁ। “কথা এটা আছিল” সি ক’লে। তেতিয়া মই ভাবি আছোঁ, ভালপাওঁ বুলি ক’লে কি ক’ম, হাঁ নে না, ইফালে বন্ধুজনীও নাই। লগৰটোৱে ক’লে এইকে দে আকৌ, মই প্ৰশ্নবোধক চাৱনি এটা দিলোঁ। সি তেতিয়া ঘেঁহাই ঘেঁহাই ক’লে, “এইখন লোৱাচোন।” মই কিবা কোৱাৰ আগতেই সি আকৌ ক’লে “তোমাৰ লগতযে আহে, তোমাৰ বন্ধুজনী…তাইক এইখন দি দিবাচোন। ক’বা মোৰ তাইক খুব ভাললাগে….। হাতত চিঠিখন লৈ শিলপৰা কপৌটোৰ দৰে থিয় হৈ ৰ’লোঁ। বন্ধুজনীক পিছে চিঠিখন দিছিলোঁ, তাই ছিহঃ অসভ্যটো বুলি চিঠিখন ফালি পেলালে। সেইদিনাৰ পৰা আবেলি ফুৰাও বাদ দিলোঁ। আমাৰ প্ৰেম এনেকৈয়ে অথলে গ’ল। একদম চেৰচেৰকৈ ফাটি গ’ল।

☆★☆★☆

6 Comments

  • হাঃ হাঃ, এফলীয়া প্ৰেম।

    Reply
    • Bhaben Mahanta

      মৌখিক ভাবে শুনা কাহিনী । লিখিত ভাবে পঢ়িলো । এতিয়া গুপুত কাহিনী ফাটি ফুটি গ’ল ।

      Reply
  • Bhaben Mahanta

    মৌখিক ভাবে শুনা কাহিনী । লিখিত ভাবে পঢ়িলো । এতিয়া গুপুত কাহিনী ফাটি ফুটি গ’ল ।

    Reply
  • Gitimoni puri

    ভাল লাগিল ।

    Reply
  • HEMANTA KAKATI

    হাঃ হাঃ, বৰ ট্ৰেজিক লাভ ষ্টৰী চোন!

    Reply
  • ডলী

    ইচ! বেয়া লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *