বৰুৱাৰ ডায়েৰী: আদাক দেখি উঠিল গা – মুদুল নাথ
যােৱা তিনিদিন একেৰাহে বৰুৱাক ‘মৰ্ণিং ৱাক’ত লগ নাপাই মনত অলপ খু-দুৱনিৰ সৃষ্টি হ’ল। ঘৰলৈ নিশ্চয় যােৱা নাই, কাৰণ ঘৰলৈ গ’লে সদাই মােক আগতিয়াকৈ জনায়। চাকৰি একেটা প্রতিষ্ঠানত হ’লেও আমাৰ বিভাগবােৰ বেলেগ বেলেগ হােৱা বাবে অফিছত খুউব কমেই লগ পােৱা হয়। ৰসৰ ভাণ্ডাৰ বৰুৱাৰ সান্নিধ্যত ৰাতিপুৱাৰ সময়কণ মােৰ বেচ ভালকৈয়ে পাৰ হৈ যায়, লগতে ‘মৰ্ণিং ৱাক’ টোও হৈ যায়। প্রথম দুদিন লগ নাপাই সৰুসুৰা কিবা অসুবিধা হ’ব পাৰে বুলি সিমান গুৰুত্ব দিয়া নাছিলোঁ। পিচে তিনিদিন ধৰি একেৰাহে নেদেখিহে গা চেবালে। মনত সৃষ্টি হােৱা উচপিচনিবােৰৰ মাত্রা বাঢ়ি গৈ মগজুত তীব্র মানসিক চাপ সৃষ্টি হােৱাত আজি ৰাতিপুৱাই বৰুৱালৈ ফোন লগালোঁ।
হেল্ল’। সিপিনে বৰুৱাৰ মাতটো অলপ অস্বাভাৱিক লগাত বুকুৰ ধপধপনি বাঢ়ি গ’ল। বুজিলোঁ, মানুহজনৰ কিবা
এটা হৈছে। মই আহি আছােঁ আপােনাৰ তালৈ বুলি কৈয়ে ফোনটো ৰাখি মৰ্ণিং ৱাক আধাতে সামৰি চিধাচিধি
বৰুৱাৰ কোৱাৰ্টাৰ ওলালােঁগৈ।
কলিং বেলটো বজাই দুৱাৰ মুখতে অলপ ৰৈছােঁ, বৰুৱাণীয়ে দুৱাৰখন খুলি ভিতৰলৈ মাতিলে।
—“বৌ, বৰুৱাৰ গা বেয়া নেকি? এই কেইদিন ‘মৰ্ণিং ৱাক’ৰ বাবে ওলােৱা নাই! এতিয়া ফোন কৰােঁতে মাতটো
সিমান ঠিক পােৱা নাই। সৱ ঠিকে আছেতাে?”
—-“ৰজাৰ ফেডৰাৰ হ’ব ওলাইছিল, এতিয়া বেজবৰুৱাদেৱৰ “চম্পাৱতী”জনী হৈ আছে।”
বৌৱে কোৱা কথাখিনিৰ মাথা-মুণ্ড একোকে নুবুজি বেঙাটোৰ দৰে ‘হা’ কৰি মুখ মেলি চাই থকাত বৌৱে মুখ টিপি হাঁহি ক’লে,
—-“ভিতৰলৈ গৈ অলপ দেৰি কাষত থাকিলেই শুনিবলৈ পাব, আই মােৰ ভৰি কুটে কুটায়, আই মােৰ কঁকাল কুটে কুটায়।”
মগজুৰ ওপৰত আৰু অধিক চাপ দিবলৈ চেষ্টা নকৰি আচলতেনাে কি হৈছে সেইটো জানিবলৈ ভিতৰলৈ সােমাই গলােঁ। দেখিলোঁ, বৰুৱা বিচনাত পৰি আছে, মুখ মণ্ডলত যন্ত্রনাৰ চিন সুস্পষ্ট। মাজে মাজে কেঁকাই আছে,” মা, ভৰি দুখন গ’ল, মা অ’, কঁকালটো গ’ল।”
মােক দেখি বৰুৱাই উঠি বহিবলৈ বৃথা চেষ্টা কৰি আকৌ শুই দিলে। মােক হাত বাউল দি ওচৰলৈ মাতি সেহাই সেহাই ক’লে, “নক’ব নাথ মােৰ দুৰৱস্থাৰ কথা, গাৰ বিষত অৱস্থা নাই।”
মই সুধিলোঁ, “হঠাতে কি হ’ল আপােনাৰ, বাথৰূমত পিছল খালে নেকি?”
—-“নহয় হে, ভুকুতে কল পকাব খােজাৰ ফল এয়া।”
—-“উসঃ ৰাম, আচল কথাটো কওক হে।” ধৈৰ্য্যৰ বান্ধ ছিঙো ছিঙো মােৰ।
—–“সৰুৰে পৰা বৰ চখ আছিলহে টেনিছ খেলিবলৈ। আগতে সুবিধা নাছিল। ইয়াত টেনিছ খেলাটো অলপ ‘ষ্টেটাছ চিন’ বুজিছে। ক্লাবলৈ নতুনকৈ অহা টেনিছ মাষ্টৰজনক মনৰ কথাটো ক’ব পালােঁহে, সপােন দেখালেই মােক। আদাক দেখি মই কেঁতুৰীও নিজকে ৰজাৰ ফেডৰাৰ বুলি ভাবি আৰম্ভ কৰি দিলোঁ। পিছে তিনি দিনতে মােৰ যি অবস্থা হ’ল, এতিয়া বহিলে উঠিব নােৱাৰােঁ, উঠিলে বহিব নােৱাৰা হ’লোঁ। “
বৰুৱাৰ ফালে সহানুভূতিৰ দৃষ্টিৰে চাই কলোঁ, “আৰু দুদিনমান পিছত ঠিক হৈ যাব।”
এনেতে বৰুৱাই ইফালে সিফালে চাই ওচৰে পাজৰে যে বৰুৱাণী নাই সেয়া নিশ্চিত কৰি চকু টিপিয়াই মােক ফুচফুচাই ক’লে,
—-” আচলতে সিমানাে বিষােৱা নাই, কিন্তু বিষৰ বাহানা কৰি মানুহজনীৰ পৰা এই কেইদিন যি মৰমৰ আলপৈচান পাই আছােঁ, একেবাৰে স্বর্গ সুখ বুজিছে। অলপ পিছতে সৰু মুৰ্গীৰ চুপ গৰমে গৰমে খাবলৈ পাম। ‘ডায়েট চার্ট’ কেতিয়াবাই গুছিল। এতিয়া মই ভালপােৱা খােৱা বস্তুবােৰ ৰন্ধা হয় পাকঘৰত। সৱতকৈ ডাঙৰ কথা, মানুহজনীৰ মাতটো আগতকৈ মিঠা হৈছে। অলপ মান কেঁকালেই হ’ল বুজিছে, মৰমবােৰে মােক বাট নেদেখাকৈ আগছি ধৰে।”
কথাখিনি শুনি মােৰ নিজে নিজে হাঁহি এটা ওলাই গ’ল। বৰুৱাক স্বর্গসুখ দীঘলীয়া হােৱাৰ শুভকামনা দি বৌক
চিঞৰি মাত এষাৰ দি আহিব ওলালোঁ। চাহ খাই আহিবলৈ জোৰ কৰিছিল যদিও ‘মৰ্ণিং ৱাক’ শেষ হােৱা নাই বাবে নােখােৱাকৈ গুচি আহিলোঁ। এতিয়া ঘৰলৈ উভতিছোঁ। বৰুৱাৰ কথাখিনি বাৰে বাৰে কাণত বাজি আছে। হঠাতে মােৰাে মনলৈ ভাৱ এটা আহিব ধৰিলে, মানুহজনীযে আজিকালি মােকোচোন ভালকৈ সময় নিদিযে, মৰমতাে দূৰৰে কথা! তাতে ‘ডায়েট চার্ট’ৰ মইও এজন ভুক্তভােগী! মনতে থিৰাং কৰিলোঁ, আজি সন্ধিয়াৰ পৰা মইও ৰজাৰ ফেডৰাৰ হ’ম।
☆★☆★☆
3:08 pm
হাঃ হাঃ ঝাকাছ! তামাম লাগিল এইটো৷
10:58 pm
ভাল বুদ্ধি খটুৱাইছে দেই বৰুৱাই
10:34 am
বুদ্ধিত বৃহস্পতি বৰুৱা মহাশয়