ফটাঢোল

গৰম গৰম লুচি ঐ ফুলা ফুলা লুচি – নিহাৰীকা শইকীয়া বৰা

জুলাই মাহ। গৰম বন্ধ। তথাপিও পঞ্চম শ্ৰেণীৰ হাইস্কুলীযা ছাত্ৰী হিচাপে কিতাপ হাতত ল’ব লগা হয় সেইবুলি।

যোৰহাটৰ মাহীৰ ছোৱালীজনী একেবাৰে মোৰ লগৰ। বন্ধ বুলি মহাৰ লগত আহিল। আমাৰ ঘৰত এৰাতি থাকি পিছদিনা আমি বাই ভনী দুজনী, মাহীৰ ছোৱালী মহাৰ লগত গাঁৱৰ মামাহঁতৰ ঘৰলৈ গমন। সময়মতে চলা বাচ ধৰিলোঁগৈ। মহাই টিকটকেইটা কাটি আমাক ছিটে ছিটে বহুৱালে। বাচ নচলেহে, নচলে। বাচ নচলালৈকে বাচত লিখা বাক্যকেইটাকে আওঁৰাই আছোঁ। “আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়”, “নিজৰ মালৰ ওপৰত নজৰ ৰাখিব”, “ছাবাৰ বান বাচ” (যিটো পিছলৈ বুজিছিলো চাব আৰবান বাচ)। হুহ্ এইবাৰ কোনোমতে চলিল বাচখন। ঢেৰঢেৰাই শব্দ কৰি কৰি লাহে লাহে গতি লৈছে। গৰমত এছাটি বতাহ লাগি ভাল লাগি গৈছে। পালোঁহি এইবাৰ মামাৰ ঘৰ। কুঁৱাপাৰত কুঁৱাৰ ঠাণ্ডা পানীৰে হাত ভৰি ধোৱাতহে ভিতৰ সোমাব পাৰিলোঁ।

মামাৰ ঘৰ পাই গ’লোঁ। ককা, মামা, মামী, দুজনী মাহীৰে মামাৰ ঘৰত এতিয়া ফূৰ্ত্তি, আনন্দ। মুঠতে নিৰ্মল আনন্দ। ৰাতিলৈ পাৰ মাংসৰে মামীয়ে জুতি লগাই এসাঁজ খুৱালে। আকৌ যোৱাৰ দিনা খাই যোৱা সাঁজো ভালদৰে খাবলৈ পাম। কাৰণ ককাদেউতাই এইটো ফৰ্মূলা মানে যে এই জী নাতিকেইটাক আগতে যিমান খুৱাওঁ ঘৰলৈ যোৱাৰ দিনা ঘৰত যদি সোধে আহোঁতে কি খাই আহিলি অ’ – দাইল ভাত খাই যোৱা বুলি ক’লে ঘৰত ক’ব মোমায়েৰৰ ঘৰত শুদা ভাতহে খালি। গতিকে চিন্তা নাই যোৱাৰ দিনাও ভালকৈ খাবলৈ পাম।

পিছদিনাৰ পৰা দুয়োবেলাই মাহীহঁতৰ লগত ইঘৰ সিঘৰ ফুৰিলোঁ। আটাইকেইঘৰতে দোকানৰ চানা, বিস্কুট, পাপৰ আদিৰে আপ্যায়িত হ’লোঁ। তাৰপিছদিনা আমিও নাচোৰবান্দা যে, আজি আলহীক লুচি ভাজি খুওঁৱা কাৰোবাৰ ঘৰলৈহে যাম। গাঁৱৰ এমুৰৰ মাহীৰ বান্ধৱীৰ এগৰাকীৰ ঘৰলৈ লৈ গ’ল মাহীয়ে। বিয়াগোম পুৰণি পকা ঘৰ, সন্মুখৰ কোঠালীতে বহিবলৈ দিলে। আইতা এগৰাকী ওলাই আহি আই ঐ এইজনী অমুকীৰ জীয়েক, সেইজনী তমুকীৰ জীয়েক বুলি গালে মুখে হাত ফুৰাই মৰম কৰিলে। ইফালে চোতালত তিনিটা ল’ৰাই দৌৰাদৰি খেলি কোলাহল লগাই আছে। এটা বোলে জী নাতি। জীয়েকৰ পুণৰ যঁজা সন্তান এহাল হোৱাৰ বাবে ডাঙৰটোক ইয়াতে থৈছে। তেনেতে মাহীৰ বান্ধৱীয়ে কাঁহৰ বাতিত চাহ আৰু লাৰু পিঠাৰে আইতাগৰাকীক তাতে চাহ দিলেহি। তেওঁ আকৌ ভিতৰৰ পৰা আহি সৰু কটাৰি এখন দিলেহি দেখোন। দেখিলোঁ আৰু এতিয়া বুজিলোঁ চাহৰ লগত সেয়া পকামিঠৈ ……। বৰ টান গতিকে তামোল চকলিয়াদি চকলিয়াই খাবলৈ এই যতন যুগুতাই দিছে। কেনেবাকৈ চাহৰ কথা গম পাই তেওঁলোকৰ নাতিটোৱে খিৰিকীত উঠি আইতা কি খাইছে, কি খাইছে বুলি চিঞৰ ধৰিলে। “বইজাতটো যা এইখিনিৰ পৰা, খেল সামৰি হাত ভৰি ধুই আহ মাহীয়েৰে খাবলৈ দিব যা” বুলি ক’লতহে নাতিল’ৰা খিৰিকীৰ পৰা নামি দৌৰিল। আইতাগৰাকীৰ পৰা গম পালোঁ নাতিল’ৰা বোলে বাঘৰ আগতেল খোৱা বিধৰ।
অলপ পাছতে মাহীৰ বান্ধৱীয়ে আমাক ভিতৰলৈ মাতিলে ….. চাহ খাবলৈ। ভিতৰলৈ গৈ দেখিলোঁ টেবুলখনত প্লেটত ফুলা ফুলা লুচি, আলু ভাজি, এবিধ আচাৰেৰে সজাই দিছে আমাক খাবলৈ। তৃপ্তিৰ হাঁহি এটা ওলাই আহিল। মাহীয়ে চকু টিপিযাই হাঁহিলে বোলে লুচি ভাজি খুওঁৱা মানুহৰ ঘৰত ফুৰিবলৈ যোৱা ভাগিনকেইজনী, খোৱা এতিয়া হেঁপাহ পলুৱাই ।

মাহীয়ে বোলে মোৰ লুচি বেছি হৈছে এখন থওঁ ৰ’বা, বুলি চাহৰ প্লেটখনত থ’বলৈ লৈ ৰৈ গ’ল ….. হে হৰি এইখন আকৌ কি লুচি…লুচিৰ ফুলি উঠা কোমল ফালটো নাই দেখোন। উৱা, হয়তো…. আমাৰ লুচিকেইখনো ঘূৰাই চাইছোঁ সবৰে একেই দশা। এখনৰো ফুলা কোমল ফালটো নাই। তেনেতে তাতে থকা আইতা আৰু মাহীৰ বান্ধৱীৰ চকু থৰ হ’ল। বুজিলে এইটো নাতিল’ৰাৰ কাম। মাহীয়েকে প্লেট সজাই আলহী মাতিবলৈ যাওঁতেই কামটো কৰিলে অঘাইটঙে। আইতাৰ মুখত গালি ওলাল … “ৰহ মাউৰত মৰা নাতি ল’ৰা দিম তোক এখুন্দা”। দুৱাৰৰ চুকৰ পৰা এচাৰি এডাল লৈ গৈ নাতিনীয়েকক মতা শুনিলোঁ ….. তাৰপিছত শুনিলোঁ জাৰ’প…..জাৰ’প।
আমিও বোলো খা অ’ খা, গৰম গৰম লুচি ঐ ফুলা ফুলা লুচি ….

☆★☆★☆

8 Comments

  • নীহাৰিকা শইকীয়া বৰা।

    বহুতো ধন্যবাদ ।। মোৰ প্ৰথম প্ৰযাস ….. প্ৰকাশ কৰাৰ বাবে নথৈ আনন্দিত ।।

    Reply
  • পবিত্ৰ বৰা

    খুউব ভাল লাগিল, বাস্তৱৰ ধেমেলীয়া কথাৰে সাৱলীল প্ৰকাশ।

    Reply
  • Rintumoni Dutta

    ভাল লাগিল পঢ়ি

    Reply
  • HEMANTA KAKATI

    বৰ ভাল লাগিল পঢ়ি

    Reply
  • লখিমী

    বৰ ভাল লাগিল পঢ়ি ।পিছে। লুচি নতুনকৈ দিলেনে আৰু?

    Reply
  • সুকুমাৰ গোস্বামী

    বঢ়িয়া

    Reply
  • হিৰণ্যজ্যোতি দাস

    ফুলা চাইদটো নাথাকিলে লুচি খনৰ সোৱাদ কেনেকুৱা হ’ব বাৰু ৷ ভাল লাগিল পঢ়ি ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *