ফটাঢোল

এটা মাৰ্ডাৰৰ শেষত – ৰূপজ্যোতি নাথ

ভৰ দুপৰীয়া ঘৰ‍ৰ সন্মুখত ৰৈ থকা বুলেটখন দেখিয়েই চিণ্টুৰ খঙে মূৰ‍ৰ চুলিৰ আগ পালেগৈ৷ মহানগৰলৈ বুলি সকাম এটাত পুৱাই ওলাই গৈ গাড়ীলৈ বোন্দাপৰ দি থাকোঁতেই তাৰ এবেলা গ’ল৷ মটৰ শ্ৰমিক সন্থাৰ হৰতাল বাবে এখনো বাছ চলা নাই৷ বহুপৰ অপেক্ষা কৰি উঠিও কাম নহ’ব যেন পাই চিণ্টু ঘৰলৈ ওভটি আহিল৷ পিছে ঘৰত উপস্থিত হৈ সি দৃশ্য দেখি ক্ষোভত জ্বলি উঠিল৷ তাৰমানে চিণ্টু নথকাৰ সুযোগত সি প্ৰায়ে সিহঁতৰ ঘৰলৈ আহে৷ এনেদৰে হঠাতে হোৱা তাৰ উপস্থিতিত পত্নীৰ লগতে সেই ল’ৰাজনো বৰ বিব্ৰত হৈ পৰিল৷ বিশেষ কোনো কথাৰ অৱতাৰনা নকৰি চিণ্টুই কাপোৰ সলাই পিছফালে নিজৰ কামত ব্যস্ত হ’ল৷ ল’ৰাজনে বহা ৰূমৰ পৰা শোৱনি কোঠালৈ নিৰ্বিঘ্নে টিঘিলঘিলাই ঘূৰি আছে৷ মাজে-মাজে পত্নীৰ সতে ল’ৰাজনে তাৰ অলক্ষিতে ফুচ‌ফুচাই কিবা-কিবি কথা পাতি আছে৷ চকু-কাণ মুদি সি নীৰৱে সকলো সহ্য কৰি আছে৷ কিবা এটা ক’লেই পত্নীয়ে যিখনহে নাটক কৰিব শেষত সি নিজেই সকলোৰে বাবে জগৰীয়া হ’ব৷

ইতিমধ্যে ল’ৰাজনে ডাইনিং হলত বহি পত্নীয়ে বৰ আগ্ৰহেৰে যুগুতাই দিয়া সমস্ত খাদ্য গোগ্ৰাসে গিলিছে৷ চিণ্টুৰ ভাগত পৰা চাহকাপৰ সৈতে অহা বিস্কুট দুখন সি কুকুৰটোলৈ দলিয়াই দিলে৷ চুমুই বিস্কুট দুখন এবাৰ শুঙি চাই নাখাই গুচি গ’ল৷ চিণ্টুৰ কুকুৰটোৰ নাম আকৌ চুমু৷ চালা তাৰ ভাগত কুকুৰে নোখোৱা বিস্কুট অথচ ডাইনিং হলত বহি থকাজনৰ ভাগত বিধে বিধে খোৱা বস্তু৷ ল’ৰাজনে নাখাও বুলি এৰিব খুজিলেও পত্নীয়ে যিহে আদৰ লগাকৈ তাক খুৱাই আছে- “মিঠাইটো খোৱাচোন, এক্কো নহয়.. আৰু সেই লাড্ডুটো কিয় এৰিছা.. খোৱাচোন এক্কো নহয়..”৷

বাহিৰত বহি পত্নীৰ আব্দাৰভৰা কথাবোৰ শুনি-শুনি সি পুনৰবাৰ ক্ষোভত জ্বলিছে৷ চালা.. লাজ নাইকিয়া ক’ৰবাৰ৷ এপাকত পত্নীয়ে তাৰ কাষলৈ আহি কিবা এটা কৈ থৈ গ’ল৷ ইমানপৰে উমি-উমি জ্বলি থকা খংটো এইবাৰ যেন তাৰ মূৰত ভমক্‌কৈ জ্বলি উঠিল৷ অলপতে মাংস কাটিবলৈ বুলি কমাৰ‍ৰ পৰা গঢ়াই অনা খঁৰা-দাখন সি বিছনাৰ তলৰপৰা উলিয়াই আনিলে৷ ল’ৰাজন ইতিমধ্যে বাথৰূমত সোমাইছে, আনফালে পত্নী কিচ্চেনত ভাত ৰন্ধাত ব্যস্ত৷ আৰু দেৰি কৰি লাভ নাই৷

ক্ষিপ্ৰতাৰে দাখন হাত‍ত লৈ চিণ্টু বাথৰূমৰ কাষলৈ বুলি আগবাঢ়িল…৷ চিণ্টুৰ বজ্ৰকঠোৰ হাতৰ চেপাত তাৰ কণ্ঠনলী ৰূদ্ধ হৈ পৰিছে৷ উশাহ নাপাই সি চটফটাই উঠিছে…তাৰ চটফটনিবোৰ ক্ৰমাৎ বাঢ়ি আহিছে…এক বন্য উল্লাসত চিণ্টু ফাটি পৰিছে…তাৰ হাতৰ মুঠিটো ক্ৰমাৎ টান হৈ আহিছে…ত‌থাপিও সি মৰা নাই… উশাহ লোৱাৰ হেঁপাহত সি দুগুন জোৰেৰে ধৰফৰাই উঠিছে…হাত‍ত থকা দাখনেৰে প্ৰচণ্ড ক্ষোভত চিণ্টুই তাৰ পিঠিৰ ফালে এটা কোব মাৰিলে৷ হক্…. কৈ শব্দ এটাৰ লগে লগে তাৰ মুখেৰে বৈ আহিল এসোঁতা ৰঙা তেজ৷ তাৰ চটফটনিবোৰ ক্ৰমাৎ কমি আহি এসময়ত সি নিঃথৰ হৈ পৰিল৷ এক স্বস্তিৰ নিশ্বাস এৰি চিণ্টুই ডে’ডবডিটোলৈ চাই ৰ’ল৷ বেচেৰাৰ আত্মাই শান্তি পাওক৷ অনুচ্চ স্বৰত চিণ্টুই বিৰবিৰাই উঠিল৷ “হেৰি ক’ত আছেনো?” – হঠাতে পত্নীৰ মাত‍ত চিণ্টু উচপ খাই উঠিল৷ ইতিমধ্যে তাৰ পত্নী ঘটনাস্থলীত উপস্থিত হৈ দৃশ্য দেখি আশ্বৰ্যত দুচকুৰ লগতে মুখ‍খনো ডাঙৰকৈ মেলি জোৰেৰে চিঞৰি উঠিল-

:: ঔ আই.. আপুনি এইবোৰ কি কৰিলে! হায়.. হায়… কিয় মাৰি পেলালেনো হয়নে? ইচ্ ইচ্… কণী দুটা পাৰিছিলহে মাথোঁঁ৷ আপোনাক মই বজাৰ‍ৰ পৰাহে মাংস আনিবলৈ দিছিলোঁ, ঘৰ‍ৰ কুকুৰাটো মাৰিলে কিয়নো? পত্নীৰ গ‍গন ফলা চিঞৰক আওকান কৰি চিণ্টুইও সমানে চিঞৰি উঠিল-

:: হেৰৌ কাম-বন নকৰি ফটুৱামি কৰি ঘূৰি ফুৰা তোমাৰ সেই বৰ আদৰ‍ৰ ভায়েৰাক খুৱাবলৈ মাংস আনিবলৈ মই টকাৰ গছ ৰুই থৈ দিয়া নাই৷ শহুৰ‍ৰ ৰিটিয়াৰ্টমেণ্টৰ টকাকেইটাৰে গাড়ী, দামী মোবাইল লোৱাতকৈ কিবা এটা ব্যৱসায় কৰিবলৈ কওঁতে সি সেইদিনা মোকেই দপদপাই উঠিল৷ কোনোদিনেই আমাৰ ঘৰত ভৰি নিদিও বুলি শপত খাই যোৱা আদৰ‍ৰ ভায়েৰে মাজে মাজে আহি তোমাৰ পৰা যে টকা সৰকাই লৈ যায় মই নাজানো বুলি ভাবিছা নেকি৷ হেৰৌ লোকৰ টকাৰে গাড়ী লৈ ছোৱালীৰ পিছত ঘূৰাতকৈ আগতে নিজকে তাৰ যোগ্য কৰি ল’চোন৷ ভাল কাম কৰচোন, লাগিলে ময়ো টকা দিম নহয়৷ আৰু চিন্তা কৰিব নালাগে দিয়া মই মাইকী কুঁকুৰাটো মাৰা নাই মতাটোহে মাৰিছোঁ৷ তাৰ কথাত মুখ ফুলাই উচাৎ মাৰি গুছি যোৱা পত্নীলৈ চাই খুলশালীয়েকে শুনাকৈ চিণ্টুই জোৰেৰে চিঞৰি উঠিল-

:: চেনেহৰ ভায়েৰাক কাপোৰসাজ সলাবলৈ কোৱা৷ ন-কইনাৰ দৰে লাজ কৰি ভিতৰত সোমাই থকাতকৈ ডে’ডবডিটোকে চাফ কৰকহি৷ মই বাৰু মছলাখিনিকে যোগাৰ কৰোঁ৷

☆★☆★☆

3 Comments

  • ডলী তালুকদাৰ

    বঢ়িয়া।ভিনিহি বেলেগ টেঙৰ

    Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল ৷ শেষলৈ উৎকণ্ঠা বজাই ৰখাত সফল হৈছে ৷

    Reply
  • HEMANTA KAKATI

    তামাম!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *