ফটাঢোল

ভ্ৰাম্যমান থিয়েটাৰৰ দৰ্শক – ডলী তালুকদাৰ

বিভিন্ন কলাকুশলী আৰু নিজস্ব শৈলীৰে অসমৰ নাট্য জগতত সকলোৰে মন জয় কৰা ভ্ৰাম্যমান থিয়েটাৰসমূহৰ বিষয়ে নিশ্চয় সকলোৱে জানে৷ এই থিয়েটাৰবোৰ চাই ভাল পাইনে আপুনি? থিয়েটাৰ চাই ভাল নোপোৱা লোক হয়তো কমেই ওলাব, তথাপি বেয়া পোৱা লোকো নাই বুলি নকওঁ৷ মঞ্চত নায়ক নায়িকাৰ জীৱন্ত অভিনয়, সংলাপৰ যি ৰস সেইয়া থিয়েটাৰ-বলিয়া বা নাটক-বলিয়া লোকেহে জানে৷

মইও তেনে থিয়েটাৰ বলিয়াৰ ভিতৰৰে এজনী৷ ভ্ৰাম্যমান থিয়েটাৰ বুলিলে মই যিমান পাগল মোতকৈ মোৰ মা আৰু ওপৰত৷ থিয়েটাৰ অহা শুনিলেই মাৰ ৰক্ষা নাই; যেনেকৈ নহওক চাবই৷ সেইকেইদিন মায়ে সকলো কাম গধূলি পাঁচ বজাৰ ভিতৰতে শেষ কৰিবই৷ ৰাতিৰ ৰন্ধাবঢ়া কাম শেষ কৰি ওলাই মেলি সন্ধিয়া ছয় বজাৰ আগতেই উপস্থিত হয়গৈ থিয়েটাৰ স্থলীত৷ নেইম কাষ্টিঙৰপৰা নৃত্য নাটিকালৈ একো এৰিব নোৱাৰে৷ (আজিকালি অৱশ্যে নৃত্য নাটিকা নিদিয়ে) অকল মোৰ মা বুলিয়ে নহয় তেওঁৰ কেইবাগৰাকীও বান্ধবীৰো একেই গতি৷ মাৰ পূৰা ‘ফাইল’টোৰে থিয়েটাৰত বৈদ্য নিচা৷

পিছে মই আজি আপোনালোকক মোৰ মায়ে থিয়েটাৰ চাবলৈ যোৱাৰ কাহিনী ক’বলৈ ওলোৱা নাই৷ মই ক’বলৈ ওলাইছোঁ থিয়েটাৰ চাবলৈ গৈ লগ পোৱা বিভিন্ন দৰ্শকসকলৰ কিছু চাৰিত্ৰিক বা স্বভাৱজাত বৈশিষ্টৰ বিষয়েহে৷ এই থিয়েটাৰ চাবলৈ গৈ মুখামুখি হোৱা কিছু দৰ্শকৰ শ্ৰেণীবিভাজন তলত দিয়া ধৰণে কৰিবলৈ চেষ্টা কৰিছোঁ৷

সন্দেহবাদী দৰ্শক :- এইবিধ দৰ্শকে প্ৰথমতে নিজৰ ছিটটো আনে ল’লে নেকি, ওচৰৰ গৰাকীয়ে তেওঁক আমনি কৰিব নেকি আদি এশ এবুৰি চিন্তাৰে সন্দেহৰ অন্ত নাইকিয়া হৈ থিয়েটাৰ গৃহত প্ৰৱেশ কৰে৷ নাটকৰ কাহিনী আৰম্ভ হ’ল কি নহ’ল তেখেতৰ সন্দেহ কিন্তু আৰম্ভ হৈয়ে যায়৷ প্ৰত্যেক চৰিত্ৰকে প্ৰথমৰপৰা সন্দেহ কৰিবলৈ ধৰে৷ হিৰোৰ বাপেকহে “কালপ্ৰীট” নেকি, হিৰো মৰি যাব নেকি, এইবোৰ কৈ কৈ কাষৰগৰাকীৰো মজা নাইকিয়া কৰে৷

আৱেগিক দৰ্শক :- এইসকল দৰ্শকে কাহিনীত নায়ক নায়িকাৰ দুখ মুঠেও সহ্য কৰিব নোৱাৰে৷ নায়িকাৰ কান্দোনৰ লগে লগে এওঁলোকৰো চকুৰ পানী, নাকৰ পানী একাকাৰ হৈ ধাৰাষাৰ চকুলো ববলৈ ধৰে৷
এওঁলোকে নাটকৰ কাহিনীৰ ভিতৰত সোমাই যায় আৰু নায়ক নায়িকাৰ দুখত ভাগি পৰে৷ কাহিনীত ইমানেই সোমাই পৰে যে থিয়েটাৰ আৰম্ভ হোৱাৰপৰা ওলাই অহালৈ নাটকত হোৱা প্ৰতিটো সৰু বৰ ঘটনাৰ “সুক্ষ্ম-এনালাইচিচ” এসপ্তাহমানলৈ মন মগজুত থিতাপি লয়৷ থিয়েটাৰৰ ‘চিন’বোৰ এটা এটাকৈ মনত পেলাই তাৰ প্ৰতিক্ৰিয়াত নিজকে এসপ্তাহ দুসপ্তাহলৈ ডুবাই ৰাখে৷ নায়িকাৰ দুখৰ কথা মনত পেলাই ঘনে ঘনে হা-হুমনিয়াহ কাঢ়ি সুযোগ সুবিধা বিচাৰি উলিয়াই মন গ’লেই চকুপানী টোকে৷

আন এবিধ দৰ্শক হ’ল বাস্তবমুখী দৰ্শক :- এইটো ভাগৰ দৰ্শক যথেষ্ট প্ৰেক্টিকেল৷ তেওঁলোকে বেছি ৰহণ বা কল্পনাৰ কাহিনী ভাল নাপায়৷ এইবোৰ সব মিছা কথা, হ’বই নোৱাৰে, এইবোৰ কাহিনী বাস্তৱত কেতিয়াও নঘটে… বুলি আপত্তিৰ অন্ত নাই৷

ৰোমাণ্টিক দৰ্শক :- এইসকলে প্ৰতিখন নাটকতে প্ৰেমৰ কাহিনী বিচাৰে, যেন প্ৰেম অবিহনে সকলো মিছা৷ হিৰো হিৰোইনে প্ৰেম কৰি গছৰ তলে তলে নাচি নাচি ৰোমাঞ্চ নকৰিলে কাহিনী চাই মুঠেও ভাল নেপায়৷ প্ৰেম আৰু ৰোমাঞ্চ লাগিবই৷

কল্পনাপ্ৰৱণ দৰ্শক :- এইচাম দৰ্শকে আকৌ থিয়েটাৰ চাই থাকোতে কাহিনীত এনেদৰে সোমাই পৰে যে নিজকে নাটকৰ একোটা চৰিত্ৰ বুলিয়েই ভাবি লয়৷ নিজৰ জীৱনতো ঠিক তেনেকুৱা হৈ আছে বা হৈ যাব বুলি ভাবে। নাটক চাই থকাৰ মাজতে কাষৰগৰাকীক ক’ব – বুজিছে মোৰো গতি এনেকুৱাই বা মইও এনেকুৱাই।

এইবাৰ আহিছো খকুৱা দৰ্শকলৈ :- এইবিধ দৰ্শকে নাটক কম চাই কিন্তু খাই তাৰ কেবাগুণ বেছিকৈ৷ ঘৰৰপৰা লগত নিয়া তামোল, ফলমুল, চিপচ্, কেঁচাবুট এইবোৰ থিয়েটাৰ হলত সোমাৱাৰপৰা খোৱা আৰম্ভ কৰিব৷ তাৰপিছত থিয়েটাৰৰ ভিতৰত বিকিবলৈ অনা মাকৈ, ডালবুট, টেঙা চকলেট এইবোৰ একো নেৰে৷ আৰু সদৌ শেষত হজম কৰিবলৈ আমলাৰ পেকেট কিনি খাব৷ ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ ফলত ওচৰে পাজৰে বহা দৰ্শকসকলৰ ঘ্ৰাণেন্দ্ৰিয়ত উদ্ভৱ হোৱা “সুন্দৰ পৰিবেশ”টোৰ কথা বুজিব পাৰিছেই ছাগে৷

প্ৰেমিক দৰ্শক :- এওঁলোকে নাটক বা চিনেমাৰ ৰোমাঞ্চ চোৱাতকৈ নিজে ৰোমাঞ্চ কৰি বেছি ভাল পায়৷ তাৰবাবে চুকৰ ছিটসমূহ আগতীয়াকৈ সংগ্ৰহ কৰে৷

‘জাচুচ’ দৰ্শক :- এইচামে আকৌ নাটক, চিনেমাৰ কাহিনীত মগ্ন হোৱাতকৈ ঘৰৰ কাষৰ কোনোবা আন কোনোবাৰ লগত আহিছে নেকি ‘পিৰিক পাৰাক’কৈ চাই থাকে৷ এখেতসকলে নাটকৰ ৰোমাঞ্চ চোৱাতকৈ আশে পাশে চলি থকা ‘লাইভ ৰোমাঞ্চ’ চাই বেছি মজা পায়৷

দন্দুৰা দৰ্শক :- এইচামে থিয়েটাৰৰ টিকেট কটাৰপৰা আৰম্ভ কৰি হলত সোমোৱালৈকে বা ছিটত বহালৈকে কাজিয়া কৰিব৷ নাটক চোৱাতকৈ কাজিয়া কৰোতে এওঁলোকে বেছি সময় খৰছ কৰে৷ আগত ওখ মানুহ বহিল যদি “তললৈ হাউলি যাওকহে, দেখা নাই”, “আপুনি অকলে চাব নেকি?”, ওলাই আহোতে ক’ব, “কিয় ঠেলিছে?”, “হেৰি কি কৰিছে অলপ খৰকৈ নাযায় কিয়?” ইত্যাদি ইত্যাদি৷

নৃত্যশিল্পী আৰু গায়ক দৰ্শক :- এখেতসকলে আকৌ নাটকত গান আৰম্ভ হ’বই নাপায়, লগে লগে এওঁলোকৰ গা ৰাই জাই কৰা আৰম্ভ কৰে৷ নাচৰ তালে তালে গান মুখত৷ কাষত বা হলত যে আন দৰ্শক বহি আছে পাহৰি যায় আৰু আপোনাৰ কাণ ঘোলা হওক বা তেওঁৰ খুন্দাত গা বিষাই যাওক তাত তেওঁৰ চকু নাই। মুঠতে তেওঁ নাচিব লাগিব৷

হাঁহিৰাম দৰ্শক :- এইচামে আকৌ কমেডি বুলি নহয় সাধাৰণ খুহুতীয়া কথাতে বাগৰি যায় হাঁহিত। কিছুমানে আকৌ ইমান চিঞৰি চিঞৰি হাঁহে যেন দুৰ্গাপূজাত মাইকত লগাই দিয়া মহিষাসুৰটোহে।

ভাঙনি কৰি দিয়া দৰ্শক :- এখেতসকলে কাষৰজনক প্ৰত্যেকটো সংলাপৰ মূৰে মূৰে ওচৰৰজনক ভাঙনি কৰি দি থাকিব৷

“তাৰমানে বুজিছনে কি কৈছে?”
“মানে ছোৱালীজনীয়ে এই ডাইলগটোৰ জৰিয়তে এইটো ক’ব বিচাৰিছে৷”
যদি কোনো কাৰণত লগৰ জন বাহিৰলৈ গ’ল তেওঁ অহাৰ পিছতে কি হৈ গ’ল, কি ডাইলগ ক’লে সকলো বুজাই দিব৷

ৰজনীকান্ত দৰ্শক :- এওঁলোকে গেলাৰীত বহিব, লগা নলগা সকলো চিনতে উকিয়াব আৰু নাটক শেষ হোৱাৰ লগে লগে চকীৰ ওপৰে ওপৰে জপিয়াই ৰজনীকান্ত বাবা হৈ যায়৷

এলেহুৱা দৰ্শক :- এইচাম দৰ্শকে নাটক শেষ হোৱাৰ পিছতো হলত থাকে৷ যেতিয়ালৈকে সকলো মানুহ গৈ শেষ নহয় এওঁলোক ওলাই অহাৰ নাম নলয়৷

সদৌ শেষত অধৈৰ্য্যবান দৰ্শক :- এইচাম দৰ্শক আকৌ শেষলৈ চাবলৈ ধৈৰ্য্য নোহোৱা হৈ যায়৷ শেষৰ দৃশ্য হ’বলৈ বিশ মিনিট মান থাকেই, যেই গম পালে যে হিৰো হিৰোইনৰ মাজত ভুল ভাঙিল বা ভিলেইন মাৰ খাই বেহুচ হৈ পৰিল – উঠি আহিব। গম পাই গ’ল যে ভিলেইন বেহুচ যেতিয়া নাটক শেষ৷ লাগিলে ভিলেইনে সম্বিত ঘুৰাই পাই হিৰোক মাৰি পেলাওক৷ হিৰোইনক টানি চোচৰাই লৈ যাওক।

☆★☆★☆

21 Comments

  • AURAVINDA GOSWAMI

    হাঁহি হাঁহি অৱস্থা কাহিল।থিয়েটাৰৰ দৰ্শকৰ এনে সুন্দৰ শ্ৰেণীবিভাগ ক’ৰবাত আগতে পঢ়িবলৈ পোৱা মনত নপৰে।মই পিছে ‘ৰজনীকান্ত দৰ্শক’ৰ শাৰীতহে পৰোঁ দেই।তুমি হয়তো দ্বিতীয় ভাগত পৰিবা।সুন্দৰ লেখা এটা উপহাৰ দিয়া বাবে ধন্যবাদ।

    Reply
    • ডলী তালুকদাৰ

      আন্তৰিক ধন্যবাদ জনালো।

      Reply
  • AURAVINDA GOSWAMI

    তোমাৰ কল্পনাশক্তিৰ শলাগ নলৈ নোৱাৰিলো।চৰিত্ৰ চাই অভিনেতা-অভিনেত্ৰীৰ নিৰ্বাচন অত্যন্ত সুন্দৰ।কাহিনীৰ নাটকীয় পৰিবৰ্ত্তন,ব্যঙ্গ,চৰিত্ৰ অনুপাতে ‘ডাইলগ’ সুন্দৰ হৈছে।অত্যন্ত আমোদ পালো।শেষত ক’ম—–‘গেদগেদী’ আৰু ‘ভখ্ৰি পুঠি’ বুলি আমি কাকো কেতিয়াও নোজোকাওঁ দেই!

    Reply
  • HEMANTA KAKATI

    মজা লাগিল ডলী৷ বৰ ধুনীয়া প্লট লৈছা৷ বহুত এনজয় কৰিলো লেখাটো৷

    Reply
  • খুব ভাল লাগিল৷

    Reply
  • কংকন বৰা

    ৱাহ…. কি সুন্দৰ বিশ্লেষণ….. সাংঘাটিক লিখিলা এইভাগ

    Reply
  • Rimjhim Borthakur

    ভাল লাগিল

    Reply
  • ৰাজশ্ৰী

    মই একেবাৰে শেষৰ কেটেগৰীৰ দৰ্শক হ’ম অ বা। খুব ভাল লাগিল লিখাটো।

    Reply
  • গোটেইকেইটা ভাগেই লেখত লগা হৈছে ডলী ।বৰ ভাল লাগিল ।

    Reply
  • ৰীতা ।

    ভাল লাগিল ডলী ভ্ৰাম্যমান থিয়েটাৰৰ দৰ্শকৰ শ্ৰেণী বিভাজন কৰি তোমাৰ সৰস ৰচনা । ধুনীয়া টপিক বাচি লৈছা আলোচনীৰ বাবে।

    Reply
  • anjan sadhanidar

    তামাম লিখিছাা৷ বৰ ভাল লাগিল৷

    Reply
  • বাপৰে চিনেমা এৰি থিয়েটাৰটো ধৰিলে!
    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *