ফটাঢোল

প’ষ্ট ডক্টৰেল ফেল’শ্বিপ – ড° সমাদৃতা গোস্বামী

তললৈ হাউলি তিতা চুলিসোপা ওভতাই মোহাৰি আধা তিতা গামোছাখন বিচনালৈ দলিয়াই খপজপকৈ মূৰটো আঁচুৰি শিৰত নামমাত্ৰ সেন্দুৰকণ লৈ চকুত অলপমান কাজল বোলাই আইনা খনৰ পৰা চিকুটি ফোঁটটো দুই চেলাউৰিৰ মাজত হেঁচা এটা মাৰি আলনাৰ পৰা হলৌ বেগটো চিলনীৰ দৰে থপিয়াই লৈ মই কেঁকো-জেঁকোকৈ স্কুটিখন ঘুৰাই টিকাটো থেপেচকৈ চিটটোত বহাই দীঘলীয়া হৰ্ণ এটা মাৰি জোৰত এক্সেলেটৰ দবালো৷ দীঘলীয়া হৰ্ণটোৰে সদায় ঘৰৰ মানুহখিনিক জনাই থৈ যাওঁ যে ঘৰৰ লখিমী দিনটোলৈ ওলাল৷

আয়ে আগফালে বহি মোৰ আলেখলেখ চাই থাকে৷ আই মানে শাহু আই৷ আমি সৱেই আই বোলো৷ আইক মাতষাৰ লগাবলৈ থাকি যোৱাৰ কথা ৰাস্তাত মনত পৰিল৷ আজি উভতি গৈ ঘৰত আইৰ ফুলা লুচি হেন মুখখন দেখাটো খাটাং৷

ইতিমধ্যেই প্ৰাৰ্থনা আৰম্ভ হ’ল৷ হেডছাৰে টেলেকা চকুকেইটা অমৰাগুটিতকৈও ডাঙৰ কৰি চছমাৰ ওপৰেৰে মোলৈ চালে৷ হ’ব৷ এয়াই যথেষ্ট৷ আজি পানী ঢলা মেকুৰীৰ দৰে আমন-জিমনকৈ আলেঙে আলেঙে পাঠদান কৰি ঘৰলৈ পলাব পাৰিলেই দিনটোলৈ শান্তি৷

“তোমাক হেডছাৰে মাতিছে৷”

প্ৰাৰ্থনাৰ শেষত মুখখনত ফূৰ্তিৰ ৰেশ জিলিকাই প্ৰয়োজনতকৈ বেছি মিঠা মাত এটা উলিয়াই জুৰি বাইদেৱে কথাটো কাণ চোৱাই গ’ল৷ দেখিলোঁ জিৰণি কোঠাৰ সিটো মূৰত জুৰি বাইদেউৰ বাকী সাংগোপাংগৰে খিলখিল হাঁহি৷ মোৰ মুখ কেহেৰাজ বটা৷ হওঁতে জুৰি বাইদেউৰো মোৰ দৰে হেজাৰ ঘৰুৱা লেঠা৷ মোতকৈ বেছি তাইৰহে স্কুল পাঁওতে দেৰি হয়৷ কিন্তু মোৰ দুৰ্দশাত পোৱা সুখকনেৰে জুৰি বাইদেৱে হৃদয় জুৰাই স্কুলৰ সময়কন পাৰ কৰি থাকে৷ তাই হিকতিয়াই হিকতিয়াই হাঁহি মোলৈ বেঁকাকৈ চাই শ্ৰেণীকোঠালৈ গ’ল৷

সাধাৰণতে আনৰ লগত সমুখা-সমুখিকৈ বহি কথা পাতোঁতে হাতত কিবা এটা থাকিলে মই সহজবোধ কৰোঁ৷ বেগটোকে হাতত লৈ মই উঠিলোঁ৷ সৱেই মোলৈ চালে৷ হয়তো ভাবিলে হেডছাৰৰ সৈতে এঘড়ী যুঁজি চিধাই ঘৰলৈ যামগৈ৷ জুৰিৰ সাংগোপাংগই ফুচফুচনি তুলিলে৷ এগৰাকীয়ে টুকটুককৈ বুঢ়াআঙুলিৰে কিবা এটা মোবাইলটোত লিখিলে৷ সিফালে চাগে জুৰি বাইদেউৰ মোবাইলত টুলুং শব্দ এটা হ’লেই৷

টিপিকেল ধৰণেৰে হেডচাৰে চকীত বহি তলমূৰ কৰি কাগজত কিবা লিখাত ব্যস্ত হৈ থকা নাই৷ তেখেতে মোবাইলটোৰ পৰা মূৰ ডাঙি এবাৰ মোলৈ চালে আৰু মোবাইলটোলৈ চাই চায়েই আঙুলিৰ ঠাৰেৰে মোক বহিবলৈ ক’লে৷

মই বহিলোঁ৷ বেগটো পেটতে লৈ তাকে আলফুলে ধৰি থাকিলোঁ৷ হেডছাৰ মোবাইলত ব্যস্ত৷

“আচ্ছা, এই পিডিএফটো কি বস্তু?”

যেন পুৱাৰ ধুমুহাজাক শাম কাটি এজাক জুৰ মলয়াই মোক কোবাই গ’ল৷ বুকুৰ অজস্ৰ সংশয় যেন নিমিষতে ধোঁৱা হৈ উৰি গ’ল৷ তাৰমানে, দেৰি হোৱাৰ কথা শুনাবলৈ মোক মতা নাই৷ ৰক্ষা৷ মই পোন কৰি ৰখা মোৰ পিঠিখন ধেনুভেৰীয়া কৰি চকীত এৰি দিলোঁ৷

“প’ষ্ট ডক্টৰেল ফেল’শ্বিপ”

“মানে?”

“মানে, এই যে ছাৰ মোৰ ডক্টৰেট ডিগ্ৰী এটা আছে ইচ্ছা কৰিলে মই এতিয়া পিডিএফো কৰিব পাৰোঁ৷”

“প’ষ্ট মানে পিচত, প’ষ্ট ডক্টৰেল ফেল’শ্বিপ, অ’ আচ্ছা, পিডিএফ কৰিলে পইচা পাতি দিয়ে৷”

“হয় ছাৰ৷”

” ডক্টৰেট ডিগ্ৰী লাগিব?”

“হয় ছাৰ৷”

এইবাৰ ছাৰে চছমাজোৰ বাওঁহাতেৰে খুলিলে৷ সোঁহাতেৰ ৰেজিষ্টাৰখনত মোহাৰ এটা মাৰি আলফুলে চছমাযোৰ থ’লে৷ ইমান চিন্তিত!

ছাৰক কিয় লাগে এইবোৰ? নে ছাৰে কেনেবাকৈ মোৰ কথা গম পাইছে? ঠিকাভিত্তিক চাকৰিটো আজি এৰোঁ কালি এৰোঁকৈ আছোঁ৷ প’ষ্ট ডক. কৰাৰ হেঁপাহ এটা মনত আছে বাবে আলৈ-তালৈ মেইল কৰোঁ৷ সিদিনা আমেৰিকাৰ বিজ্ঞানী এজনে ওলোটাই মেইল কৰি মাতিলেও৷ মোৰ মনলৈ সংশয়ৰ ধুমুহাজাক ইতিমধ্যেই উভতি আহিছে৷ বুকুত তোলপাৰ লগাই ধুমুহাই চিঞৰিলে: কিয় লাগে হেডছাৰক এইবোৰ? কিয় কিয় কিয়?? পিঠি পোনাই হাত দুখন টেবুলত থৈ

“আমাৰ ইয়াত গাইডেই নাই ছাৰ৷ ভাৰতৰ বাহিৰত সুবিধাই সুবিধা৷”

কৈ মই ছাৰলৈ চালোঁ৷ বুজাব খুজিলোঁ মই এই স্কুলতেই খোপনি পুতি আছোঁ আৰু থাকিম৷ ক’ত আৰু মোৰ দৰে সংসাৰৰ হেজাৰ লেঠা মাৰি তৎ নোপোৱা অবলা দুৰ্বলা নাৰী ভাৰতৰ বাহিৰলৈ পিডিএফ কৰিবলৈ যাব!
ভাৱলেশহীন মুখ এখন লৈ তেওঁ বাঁওহাতৰ তৰ্জনী আঙুলি গালত থৈ বুঢ়া আঙুলি থুতৰিত থৈ বাকী আঙুলি কেইটা নচুৱাই থাকিল৷

“সৱ খেলিমেলি লাগিছেহে৷ অলপ বুজাই কোঁৱাচোন৷”

“ছাৰ আজিকালি চবেই কৰে পিডিএফ, আমাৰ লগৰ..”

মোৰ কথা আধাতে ৰখাই ছাৰে ক’লে

“চবেই কৰে বুলি জানো বাৰু৷ মই কেনেকৈ কৰিম সেয়া কোৱা?”

“আপুনি? আপুনি কৰে যদি ছাৰ পি এইচ ডিটো কৰি ল’ব লাগিব৷”

ছাৰে সেমেকা চকুৰে খিৰিকীৰে দূৰণিলৈ চালে৷ হয়তো ছাৰৰ অলেখ সপোন আছিল স্নাতকোত্তৰ পঢ়াৰ৷ হয়তো ছাৰেও ভাবিছিল নামৰ আগত এটা ‘ড’ আৰু লগত সোঁফালে সৰু শূণ্য এটা মোৰ দৰে
ছাৰৰ নামৰ আগতো ওলমি থাকিব৷ কিন্তু একো নহ’ল তেখেতৰ জীৱনত৷ জীৱনৰ এই বিয়লি বেলাত হয়তো চাৰৰ মনে ওভতনিৰ বাট বুলিছে৷ পোৱা নোপোৱাৰ হিচাপত মন উদ্বাউল হৈছে৷ মোৰ মনটো ছাৰৰ দুখৰ ভৰত কোঙা হৈ হাউলি গৰমকালিৰ কুকুৰৰ দৰে জিভা উলিয়াই পৰি থকাৰ দৰে হ’ল৷ ছাৰক সাহস দিলোঁ,

“ছাৰ পাৰিব আপুনিও৷ চেষ্টাৰ অসাধ্য নাই৷”

“আচ্ছা, এটা কথা কোৱা৷ মোৰ লগৰে এজন মানুহ, ৰাতুল শৰ্মা৷ ক’তা, সিটো পি এইছ ডি কৰা নাই৷ সি কেনেকৈ পি ডি এফ কৰিছে? কোৱাচোন? কিবা এটাতো উপায় আছে বুইছা? খবৰ ল’বাচোন৷”

এইবাৰ যেন ছাৰৰ মনটো অলপ টনকিয়াল হ’ল৷ মইহে বিবুদ্ধিত৷ পি এইছ ডি নকৰাকৈ পিডিএফ?

“অ’ ছাৰ৷ এটা উপায় হয়তো আছে৷”

মই মূৰ দুপিয়াই দুপিয়াই বিজ্ঞৰ দৰে ক’লোঁ৷

“কিছুমান বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট দিগ্ৰী দিয়ে৷ যেনেকৈ ধৰক আমাৰ হোমেন বৰগোহাঞি চাৰক যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ডি লিট উপাধি দিছিল, শচীন টেণ্ডুলকাৰক কোনোবা এখন বিশ্ববিদ্যালয়ে ডক্টৰেট উপাধি দিছিল৷ তেনেকৈ পোৱাৰ পিচত হয়তো কিবা নিয়ম আছে চাগে নিজাববীয়াকৈ পিডিএফ কৰাৰ ৷”

এইবাৰ মই গাটো পিছফালৰ চকীখনত এৰি বহিলোঁ৷ এইটোৱেই হ’ব৷ ইয়াতকৈ আৰু বেলেগ একো উপায় থাকিবই নোৱাৰে৷

“ধেই, কি কোৱাহে? আমাৰ ৰাতুলক কোনোবাই তেনে উপাধি দিব? হেৰৌ সি স্নাতকো নহয়৷”

“ছাৰ, টেণ্ডুলকাৰ মেট্ৰিক ফেইল আছিল হেনো”

ছাৰ গৰজি উঠিল

“তুমি তুমি ৰাতুল শৰ্মাৰ নাম শুনিছা? সেই ভকতীয়া গাঁৱৰ ৰাতুল শৰ্মা৷ শুনিছানে ক’ৰবাত? তাৰ এনে কি মোতকৈ বেছি প্ৰতিভা আছে হে আনে তাক ডক্টৰেট উপাধি দিব আৰু সি তাৰপিচত পি ডিএফ কৰিব? কিন্তু কৰি আছে৷ চব লেখা পি ডি এফ কৰিয়ে পঠাইছে৷ প্ৰকাশো হৈছে৷ সি কৈছে মোক পিডিএফ কৰা মিনিটৰ কাম হেনো৷”

চকুকেইটা পিৰিকিয়াই পিৰিকিয়াই মাছলৈ আশা পালি বহি থকা মেকুৰীটোৰ দৰে মই চাৰলৈ চাই থাকিলোঁ৷
অলপ আগত জুৰি বাইদেউৰ খিলখিল হাঁহিটো মোলৈ সোঁচৰিল৷
ছাৰে ইফালে সিফালে চালে লাজতে৷ ইংগিতেৰে ক’লে প্ৰকৃতিষ্ঠ হোৱা৷ মহিলা সমিতিয়ে গৰজিব৷
ময়ো নিজক চম্ভালিলোঁ৷

“ছাৰ৷ ময়ো আৰু৷ ক’ৰ কথা নি ক’ত পোৱালোগৈ৷”

“ছাৰ, এবাৰো নক’লে কিয় লেখা পিডিএফ কৰিব লাগে বুলি?”

“অঁতো৷ সেইটোৱেইটো কথা৷ তুমিহে আকৌ ক’ৰ ফেল’শ্বিপক টানিলা৷ টেণ্ডুলকাৰকো নেৰিলা৷”

“ছাৰ চাওক৷ আজিকালি চব ডিজিটেলাইজ্‌দ হ’ল…৷”

“সেইবোৰ বাদ দিয়া৷ মোক মাত্ৰ কোৱা মোৰ লেখা মই কেনেকৈ পিডিএফ কৰিম? ৰাতুলে কৈছে পিডিএফ কৰি নপঠালে লেখা প্ৰকাশ নহয়৷ ৰাতুলে যদি পাৰে ময়ো পাৰিম৷”

ছাৰে চচমা পিন্ধি পোনকৈ বহিল৷
ছাৰ অশান্ত৷ অস্থিৰ৷ জীৱন সংগ্ৰামত সাঁতুৰিছে নাদুৰিছে৷ তথাপিতো তেওঁ অক্লান্ত৷ অৱসৰ ল’বলৈ মাত্ৰ দুবছৰ দিন৷ এতিয়া লেখা পিডিএফ কৰা শিকিবলৈ মন উথপথপ, উদভ্ৰান্ত৷

“দিয়ক ছাৰ লেখাটো৷ মই দেখুৱাই দিওঁ৷”

ছাৰে লাজলাজকৈ হাঁহিলে৷

“লেখা মানে কি আৰু, কবিতা এটা৷ তোমাক দেখুৱাবলৈ লাজেই লাগিছে নহয়৷”

“হ’ব ছাৰ৷ মই মোৰ লেখা এটাকে আপোনাক পি ডি এফ কেনেকৈ কৰে দেখুৱাই দিম৷ মোবাইলত নে কম্পিউটাৰত লাগে চাৰ আপোনাক?”

“সদ্যহতে মোবাইলতে দেখুওঁৱা৷”

মই মোৰ মোবাইলটো ছাৰৰ ফালে ওলোটাই ল’লো৷ ছাৰৰ কাষতে বহি দেখুৱাবলৈ সুবিধা৷ বহা নাই৷ ৰাইজৰ চকুৱে তাতেই কাহিনী এটা ৰচি পেলাব৷

“চাওক৷ এই লেখাটো মই ডা° পাৰ্থ সাৰথি ভূঞালৈ পঠাব লাগে৷ ফটাঢোল নামৰ ফেচবুকৰ গোট এটাত তেখেতে প্ৰকাশ কৰিব৷ চাওক, কেনেকৈ পিডিএফ কৰোঁ৷”

“মই এই লেখাটো আগতেই মোবাইলৰ ৱৰ্দ ফাইলত বুঢ়া আঙুলিৰে টাইপ কৰি লিখিছিলোঁ৷ এইদৰে…৷”
ছাৰক মই টাইপ কৰি দেখুৱালোঁ৷

“হ’ব হ’ব৷ সেয়া বাৰু মই শিকিছোঁ৷ পিচৰখিনি কোৱা৷”

“এতিয়া গুগলত চাৰ্চ কৰিম অনলাইন পিডিএফ কনভাৰ্টাৰ”

“ৰ’বা ৰ’বা তুমি কৰিছাই যেতিয়া মোৰ মোবাইলত মোৰ কবিতাটোকে কৰি দেখুওৱা৷”

হেডছাৰৰ মোবাইল মোৰ হাতত৷ বাঃ জুৰি বাইদেউ! হাঁহি লোৱা দেই অলপ৷
ছাৰে টাইপ কৰিছে এভাৰন’টত৷ বাঃ বুঢ়া মোতকৈও এখোপ চৰা৷

“তুমি নাই৷ আছিলা এদিন জোনাকৰ পখিলা হৈ মোৰ বুকু চুমি”ৰ পৰা “ভাঙি গ’ল মোৰ স্ৰোতস্বিনী প্ৰেমৰ তাজমহল”লৈকে বুঢ়া আঙুলিৰে হেচি ধৰিলোঁ৷ নীলা হ’ল৷ কপি টিপিলো৷

“চাওক৷ কপি হ’ল৷”

“এতিয়া এইটো মই ৱৰ্ড ফাইলত পেষ্ট কৰিম৷ চাওক চাৰ, পেষ্ট হৈ গ’ল৷”

“এতিয়া গুগলত অনলাইন কনভাৰ্টাৰ বিচাৰিম৷ চাওক এয়া৷ ৱৰ্ড ফাইলটো চিলেক্ট কৰিলোঁ৷”

খন্তেক নীৰৱতা৷ ছাৰে ত তকৈ বৰশিৰ পুঙাটোলৈ চোৱাদি মোবাইলটোলৈ চাই আছে৷

“এয়া হৈ গ’ল৷ পিডিএফ হৈ গ’ল”

ছাৰে এইবাৰ মোবাইলটো মোৰ হাতৰ পৰা থাপ মাৰি নিয়াদি নিলে৷ কবিতাটো ওঁঠ লৰাই পঢ়িলে৷ চকু মুখত সন্তুষ্টি৷

“ডাঙৰ কাম এটা কৰি দিলা দেই তুমি মাজনী৷”

মা..জ..নী!
মই আৱেগিক হৈ পৰিলোঁ৷

“ছাৰ মেইল আই দি আছে নহয় আপোনাৰ৷”

“সেইটো কি?”

“ছাৰ ৰ’ব৷ এতিয়া মোৰ দশম শ্ৰেণীত এটা ক্লাছ আছে৷ আহি দেখুৱাম৷”

“হ’ব হ’ব৷ অ’ এটা কথা৷ পাৰিলে অক..নমান সোনকালে আহিবা দেই স্কুললৈ৷ তোমাক টানকৈ ক’বলৈ বেয়াই লাগে৷ পি এইছ ডি কৰা মানুহ৷ হেঃ হেঃ হেঃ”

“হয় ছাৰ৷ আহিম ছাৰ৷ ছাৰ আপুনি ইমান মৰমীয়াল, চেষ্টা কৰিম ছাৰ৷”

অমৰা গুটীয়া চকুকেইটা এইবাৰ কোঁচাই সৰলৰেখা কৰি চকু টিপিয়াই ছাৰে চচমাৰ ওপৰেৰে মোলৈ চাই মিচিকিয়াই হাঁহিলে৷

ভাঙি গ’ল জুৰি বাইদেউ তোমাৰ স্ৰোতস্বিনী প্ৰেমৰ তাজমহল… আওৰাই আওৰাই মই দশম শ্ৰেণীলৈ লৰ দিলোঁ৷

☆★☆★☆

9 Comments

  • Anonymous

    ?আমি নিজে নুবুজাকে সচাকে কেতিয়াবা
    ইমান সৰু সৰু কথাবোৰ জটিল কৰো ন ?

    Reply
  • Anonymous

    ভাল লাগিল

    Reply
  • ডলী তালুকদাৰ

    বৰ ভাল লাগিল

    Reply
  • Chandan Gogoi

    পি ডি এফ কৰিব ময়ো নাজানো, শিকাই দিব দেই…
    যিকি নহওঁক ভাল লাগিল পঢ়ি |

    Reply
  • HEMANTA KAKATI

    তামাম লাগিল ডাক্টৰণী বাইদেউ! জুৰি বাইদেউ হতৰ প্লটটোৱে গল্পটোত তামাম ৰস ঢালিলে৷
    সেইটো পিডিএফো কৰি পেলাওকহে৷ লাগিলে ৰাতুলতকৈও ভালগাইড এগৰাকী যোগাৰ কৰি দিম৷

    Awesome humour!

    Reply
  • হিৰণ্যজ্যোতি দাস

    ধানটোৱে প্ৰতি কণটো মানুহটোৱে প্ৰতি মনটো ৷ আপোনাৰ মনত লাগি থকা পিডিএফ আৰু হেডচাৰৰ মনৰ পিডিএফ বেলেগ বেলেগ ৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা।

    ভাল লাগিল পঢ়ি।

    Reply
  • Bornali sarmah

    বহুত ভাল লাগিল দেই

    Reply
  • মজ্জা লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *