এদিন এখন ট্রেকাৰত – ঈশানজ্যোতি বৰা
এইমাত্ৰ চলিবলৈ আৰম্ভ কৰা ট্ৰেকাৰখনৰ চালকৰ ঠিক কাষতেই বহি আছে চাদৰ-মেখেলা পৰিহিতা যুৱতীগৰাকী৷ ফোনত কাৰোবাৰ লগত কথা পতাত ব্যস্ত৷ আচলতে ‘কথা পাতি আছে’ বুলি কোৱাতকৈ গঠনমূলক সমালোচনা কৰি থকা বুলি ক’লেহে তেওঁলোকৰ কথোপকথনক যথোচিত মৰ্যাদা প্ৰদান কৰা হ’ব৷ চুবুৰীৰ ধৰণীৰ পুতেকে কোনোবা ছোৱালী এজনীৰ লগত হোটেলত একেটা শীতল পানীয়ৰ বটলতে দুডাল ষ্ট্ৰ’ ভৰাই ৰস চুপি থকাটোৱে নৱপ্ৰজন্মৰ উচ্ছৃংখলতাকে সূচাইছে, মোহনৰ ঘৈণীয়েক নন্দিনীয়ে নাম-প্ৰসঙ্গৰ দিনা ৰঙা জিলজিলীয়া শাৰীখন পিন্ধি গোটেই সামাজিক নীতি-নিয়মকে বুঢ়া আঙুলি দেখুৱালে, ৰেঙনিৰ ‘খোজ’ত ওলাই থকা বোৱাৰীয়েকজনীতকৈ ‘চান্দনী’ৰ শাহুৱেকজনীৰ ওফাইদাং বেছি, চ’নিত প্ৰদৰ্শন হৈ থকা ‘হনুমান’ চিৰিয়েলখনৰ মুখ্য চৰিত্ৰটোৰ নেজডাল ইমান কিয় দীঘল?- ইত্যাদি ইত্যাদি অসংখ্য গুৰু-গম্ভীৰ বিষয়ত আলোচনা, পৰ্যালোচনা, সমালোচনা৷ তেওঁলোকৰ কথোপকথনৰ লিখিত ৰূপ এটা কাকতত প্ৰকাশ কৰিলে সেইয়া যে সাংঘাটিক চোকা সমালোচনাত্মক সাহিত্যৰ শাৰীত পৰিব, সেইটো কথা নক’লেও হ’ব৷
কিন্তু মোৰ চিন্তাই হঠাতে পাকঘূৰণি খালে৷ যুৱতী গৰাকীৰ মাতটো মোৰ চিনাকি চিনাকি লাগিল৷ ক’ৰবাত যেন শুনিছোঁ, কোনোবা ঠাইত যেন শুনিছোঁ৷ ক’ত শুনিছোঁ, ক’ত শুনিছোঁ- নাই, মনলৈ অহা নাই৷ মগজুত সৰ্বশক্তি প্ৰয়োগ কৰি জোৰ দিলোঁ৷ স্মৃতিশক্তিত ভীষণ চাপ আৰু হেঁচা প্ৰয়োগ কৰিলোঁ৷ নাই, মনতেই নপৰে ৷ কিছুপৰ গভীৰ চিন্তা-চৰ্চাৰ অন্তত মই শতকৰা প্ৰায় নব্বৈভাগেই নিশ্চিন্ত হ’লোঁ যে- মাতটোৰ গৰাকী হৈছে উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষত আমগছৰ তলত বহি স্থানাংক জ্যামিতি ৰীতি-নীতিবোৰ বুজাই থকা ৰাধাৰ৷ “অ’ই ৰাধা” চিঞৰ এটা মাৰি বহি থকা ঠাইৰ পৰাই মৃদু চিঞৰ এটা মাৰিম বুলি ভাবি মুখখন মেলিছিলোঁৱেই, তেনেতে যোৱা মাহত বীৰেনৰ লগত হোৱা ঘটনাটোলৈ ছাৎকৈ মনত পৰি গ’ল৷
কঁকাললৈকে পৰি থকা চুলি আৰু গলধনত ক’লা তিলটো দেখি বীৰেনে একেটা চুবুৰিৰে নিৰ্মলা বুলি ভাবি মৰমেৰে তাইৰ পিঠিতে টোকৰ এটা দিছিলগৈ। পিছে নিৰ্মলা ‘নিৰ্মলা’ নহৈ যে অইন কোনোবা এগৰাকী ওলাব, সিটো ঘূণাক্ষৰেও ভবা নাছিল৷ মুখখনৰ সৈতে দেহাটো ঘূৰাই অচিনাক্ত মহিলাই প্ৰথমতে সিংহৰ দৰে সৰুকৈ গোজৰণি এটা মাৰিলে৷ গোজৰণিৰ অৱসান ঘটাই মহিলাই বীৰেনক সুধিলে- ‘বাওনা হৈ চন্দ্ৰলৈ হাত মেলিবলৈ ক’ত সাহ কৰিলি?’ প্ৰশ্ন সুধি উত্তৰলৈ তেওঁ অপেক্ষা কৰি নাথাকিল৷ পকেটৰ পৰা ফোনটো উলিয়াই লগে লগে ‘হেল্ল’ সোনকালে বৰবজাৰলৈ আহি যাহঁত৷ মোক ই নিৰ্যাতন কৰিছে৷’ বুলি কোনোবা এটালৈ ফোন কৰি দিলে৷ বীৰেনে ভাবিছিল সেইয়া চাগে তেখেতে কোনোবা বন্ধুলৈ ফোন কৰি তাক উত্তম-মধ্যম সোধোৱাৰ সৰুকৈ যা-জোগাৰ অকণ কৰিছে৷ পিছে তাৰ গণনা এইবাৰো ভুল প্ৰমাণিত হ’ল৷ কোন তলকতনো ‘নিউজ চেনেলৰ গাড়ীখন আহি তাৰ কাষত উপস্থিত হ’লহি; কোন মুহূৰ্ততনো গাড়ীৰ পৰা সপৰিবাৰে চতুৰ্থ স্তম্ভৰ ৰক্ষকসকল নামি আহি তাৰ সমুখত মাইক টোৱাই ৰ’লহি; সি তলকিবই নোৱাৰিলে-
“হেলো মিষ্টাৰ, ৰাস্তাৰে গৈ থকা যুৱতীক নিৰ্যাতন কৰি আপোনাৰ কেনে অনুভৱ হৈছে?”-প্ৰশ্ন শুনি বীৰেনে মূৰে-কপালে হাত দিলে৷
চকুৰ পৰা পানী আহি মাটিত পৰিবলৈ নাপালেই, দ্বিতীয়টো প্ৰশ্ন সিফালৰ পৰা বাগৰি আহিল- “দিন দুপৰতে এনে কুকাৰ্য সংঘটিত কৰিবলৈ আপোনাৰ লাজ নালাগিল নে?”
সিপিনে টিভিৰ পৰ্দাত পুতেকক দেখি ঘৰত বীৰেণৰ মাকৰ অৱস্থা কাহিল৷ নিউজ চেনেলত ‘এইজনলৈ মন কৰক৷ দিনদুপৰতে এইজন নৰপিশাচে চলালে যুৱতীৰ ওপৰত শাৰীৰিক আতিশায্য’– শীৰ্ষক বিগ ব্ৰেকিঙত ৰঙা বৃত্তটোৰ ভিতৰত সোমাই থকা পুতেকৰ মুখখন দেখি মূৰ ঘূৰাই মাকজনী মাটিতে বাগৰি পৰিল৷ থানালৈ গৈ যেতিয়া বীৰেনৰ কলেজৰ অধ্যক্ষই বীৰেনৰ চৰিত্ৰৰ প্ৰমাণপত্ৰ দাখিল কৰিলে আৰু বীৰেনেও অলপ সাহ কৰি শাৰীৰিক আতিশয্যৰ আঁৰৰ কথা ব্যক্ত কৰিলে, তেতিয়াহে তাক ৰেহাই দিয়া হ’ল৷ অৱশ্যে সন্ধ্যা সাতত টিআৰপিৰ ৰক্ষকসকলে ৰঙা বৃত্তৰ ভিতৰত পুনৰ এবাৰ তাৰ মুখখন নেদেখুৱাকৈ নাথাকিল৷
সেই বীৰেনৰ কথাবোৰ ভাবি গাটো মোৰ গাটো বেজবেজাই উঠিল৷ মই ভবাৰ মতে যদি ৰাধা নহৈ যদি অইন কোনোবা অচিনাকি হয়, তেতিয়া মোৰ কি হ’ব? অপকৰ্ম কৰি লজ্জা নিবাৰণৰ হেতু মুখত কাপোৰ পিন্ধি লোৱা বীৰেণৰ ঠাইত মোৰ মুখখন কল্পনা কৰাত বিজুলী-সোঁত এটা দেহৰ মাজেৰে পাৰ হৈ যোৱা যেন লাগিল৷
মহিলাগৰাকীতো ফাৰাডেৰ বিদ্যুৎ-চুম্বকীয় আৱেশৰ তত্ব বুজোৱা বিমলাও হ’ব পাৰে! তাইৰ মাতটোও ঠিক এনেকুৱাই মিহি নাছিলনে বাৰু? অনিশ্চয়তাৰ কোবাল সোঁতে মোৰ মনটোৰ অস্থিৰতা বঢ়াই তুলিলে৷ নে এইজনী অশ্বক্লান্তা! সেই যে ট্ৰিপল ইণ্ট্ৰিগেশ্যনৰ টান-টান অংকবোৰ হাতৰ তিলিকতে কৰি ছাৰ-বাইদেউৰ মৰমৰ পাত্ৰী হোৱা অশ্বক্লান্তা? অলপ আগলৈকে ৰাধা বুলি শতকৰা এশভাগেই নিশ্চিন্ত হৈ থকা মইজনে এতিয়া মানুহ মাতিবলৈ গৈ বিবুধিত পৰিলোঁ৷ কি কৰোঁ, কি নকৰোঁ, মাতোঁ নে নেমাতোঁ ?
আৰ্থিক আৰু মানসিকভাৱে সম্পূৰ্ণ স্বাধীন মানুহৰ কথা বাৰু সুকীয়া৷ ভুলকৈ মানুহ মাতি ৰাইজৰ লপা-থপা খালেও কোনো কওঁতা নাই, দেখোতা নাই, লাজ কৰিবলৈও বিশেষ নাই৷ কিন্তু আমাৰ দৰে ভাতকেইটাও নিজৰ ইচ্ছামতে মুখলৈ নিব নোৱাৰা সম্পূৰ্ণ পৰাধীন মানুহবোৰৰ বিপদৰ উপৰি বিপদ৷ দুৰ্ভাগ্যবশতঃ টিভিৰ পৰ্দাত ৰঙা বৃত্তটোৰ ভিতৰত ওলাব লাগিলে লেথাই ছিগিল৷ জীৱনৰ বাকীছোৱা পথৰ যাত্ৰা বৰ এটা উৎসাহজনক নহ’ব৷ বিষয়টো বৰ চিন্তনীয় ৷
“এই দাদা ৰখাব৷”-কথাবোৰ ভাবি থাকোঁতেই তেনেতে যুৱতীগৰাকীয়ে ট্ৰেকাৰ ৰখোৱাৰ নিৰ্দেশ দিলে৷ মাতিম মাতিম বুলি ভাবি থাকোঁতেই যুৱতী ট্ৰেকাৰৰ পৰা ভৰিহাল মাটিত থ’লেগৈ৷ মই মূৰটো তল কৰিলোঁ৷
“ঐ, তুমি ইয়াত কি কৰি আছা?”-কাণৰ ওচৰতে মাতটো শুনা পাই মূৰটো দাঙি চালোঁ৷ সমুখৰ দৃশ্য দেখি হতবাক৷
“হাৰে তুমি !”
“ময়েই ৷ পাৰ্লাৰলৈ যাবলৈ লগ ধৰোঁতে তুমি দেখোন কৈছিলা- মূৰৰ বিষ৷ গাড়ীত উঠিবই নোৱাৰি৷ ইমানেই মূৰৰ বিষ যে কথা পাতিবলৈও শক্তি নাই৷ আৰু এতিয়া ট্ৰেকাৰত উঠি গোটেই দুনীয়াতে টহল দি আছা৷ ফাল্টু নেকি?”
“ধেইৎ তেৰিকা! ভুল বুজিছা! ৰ’বাচোন৷ কথাটো ঠিক তেনেকুৱা নহয়৷”-ট্ৰেকাৰৰ পিছফালে ওলমি অহা ল’ৰাটোৰ হাতত দহটকীয়া নোটখন জমা দি ‘তেওঁ’ৰ কাষলৈ লৰি গ’লোঁ৷ মনত তেতিয়া কেৱল এটাই প্ৰশ্ন পাকঘূৰণি খাই আছিল- দিনৰ দিনটো, ৰাতিৰ ৰাতিটো কথা পাতি থকা ছোৱালীজনীৰ মাতটো মই কিয় চিনি নাপালোঁ! কিয়? কিয়?
☆★☆★☆
11:43 am
খুউব ভাল লাগিল ঈশান
12:53 pm
মানে তোমাৰ ‘তেওঁ’? হাঃ হাঃ বৰ ভাল লাগিল ঈশান!
3:26 pm
পঢ়ি বেলেগ হাঁহিলো দেই।।
6:03 pm
অশেষ ধন্যবাদ আপোনালোক 🙂
6:47 pm
বঢ়িয়া লাগিল ঈশান,