ফটাঢোল

ৰমণীখুৰা – সুৰজিত ৰাজখোৱা

“আজিৰ পৰা ধৰ প্ৰায় ১৬২ বছৰ মান আগৰ কথা, এৰ’প্লেন নতুনকৈ ওলাইছেহে মাত্ৰ। তেতিয়াই তহঁতৰ খুৰীয়েৰক লিলাবাড়ীৰ পৰা বৰঝাৰলৈ পলোৱাই আনিছিলোঁ‌।”

ৰমণী খুৰা এক নম্বৰৰ ধপ মাষ্টৰ। সকলোৱে জানে। তথাপি তেঁওৰ ৰস লগা কথাবোৰ শুনিবলৈকে মানুহবোৰ গোট খায়। মোৰ শৈশৱত ৰামায়ণ, মহাভাৰতক বাদ দিলে তৃতীয় প্ৰখ্যাত বস্তু আছিল ৰমণী খুৰাৰ কাহিনীবো। গিনিচ্ বুকৰ প্ৰথমটো ৰেকৰ্ড হেনো তেঁওৰ নামতে আছে। এৰ’প্লেনত খুৰীক পলুৱাই অনাৰ বাবে।

“বুজিছ, পঞ্চাছৰ বানপানীটোত চাৰ্টিফিকেতখন উটি নোযোৱাহেঁ‌তেন তহঁতক দেখুৱাবই পাৰিলোঁ‌হেতেন।”

খুৰাৰ বয়স তেতিয়া পঞ্চলিছমান হৈছিল যদিও তেওঁ‌ লাচিতৰ দিনৰে পৰা দুখনকৈ মহাসমৰকে ধৰি চীনা আক্ৰমনলৈকে সকলো দেখিছে বুলি দাবী কৰে আৰু আমিবোৰে বিনা প্ৰতিবাদে মানি ল’ব লাগে। তেওঁ‌ৰ মতে জোঙাল বলহুৱে শহুৰেকক বৰালি মাছ খোৱাবলৈ কাজলি চ’কীত যি বান্ধ দিছিল তাৰ বাবে ভলুকা বাঁহ তেঁওৰ বাৰীৰ পৰাই নিছিল। পইছা কুৰিটা হেনো এতিয়াও দিবলৈ থাকিল।

“মানুহটোৱেই নাথাকিল, পইচা আৰু ক’ত পাবি। কিন্তু বুইছ, বিড়িটো হুপি হুপি মই কপিলীৰ গৰাতে হেৰি কৰিবলৈ বঢ়িছো মাত্ৰ। হঠাৎ মোৰ সমুখতে ওলাল নহয়। বোলে কছাৰীয়ে খেদিছে, লুইতৰ সিপাৰে মোৰ ভাইৰ কোঁ‌চ ৰাজ্য, তালৈকে যাওঁ‌। বিড়িটো দুহুপা মাৰি আকৌ কপিলীত জাঁপ দিলে। সেয়ে শেষ দেখা, পিছত খবৰ পালোঁ‌ বোলে বিৰিণাৰ পাতেৰে চেলালে।”

তেনেবোৰ কথা শুনিবলৈকে আমি জাৰৰ দিনত জুইখিনি আগুৰি বঢ়িছিলোঁ‌। তেওঁ‌ কৈ গৈছিল পঞ্চাছ চনৰ বানপানী শুকাই যোৱাৰ পাছত পথাৰত ৰৈ যোৱা তিমি মাছটো কেনেকৈ পাতত দি খাইছিল ইত্যাদি ইত্যাদি।

“নেতাজী আৰু তেঁওৰ আজাদ হিন্দ ফৌজ নাগালেণ্ডলৈ বুলি যাওঁতে বাট ভুল হৈ আমাৰ ঘৰ ওলালহি নহয়।” গৰমৰ দিনত পাটী পাৰি চোতালতে বহি আমি সাধু কথাবোৰ শুনি যাওঁ।

“তঁহতে বহাৰ নিচিনাকৈয়ে চোতালতে গোটেই পল্টনটো বহিল। নেতাজীক বহিবলৈ খুৰীয়েৰে যেনিবা মুঢ়া এটা আনি দিছিল।”

তেওঁ‌ৰ ঘৰৰ মুঢ়াকেইটা আকৌ এলা-পেচা মুঢ়া নাছিল দেই।

“তেতিয়া দ্বিতীয় মহাসমৰ চলি আছে, আমাৰ চুবুৰিৰ ওপৰেৰে জাকে জাকে মৌ মাখি উৰা দি জাপানী যুঁজাৰু বিমানবোৰ উৰি গৈছিল। ময়ো বাপ্পেকে দীঘল চ’ বাৰী এডাল লৈ দিলোঁ‌ দুকোব মাৰি। তিনিখন নে চাৰিখন ফাইটাৰ বাগৰি পৰিল। তাৰে টায়াৰ কিটা খুলি আনি এই মুঢ়াকিটাৰ তলটো বান্ধি দিলোঁ‌।

তেতিয়া জাৰৰ দিন আছিল। সেই দিনা আমি ৰমণী খুৰাই কিদৰে চীনা সৈন্যৰ পৰা কাঢ়ি অনা টিফিনটোৰ পৰা চাওমিন খাইছিল সেইটো কাহিনী শুনিছিলোঁ‌। সেইকেইদিন বজ্ৰং নে কি অপাৰেচন চলিছিল হেনো। প্ৰায়ে সন্ধিয়া পৰত মহিষাসুৰ যেন দেখা মিলিটাৰিবোৰ গাঁ‌ৱলৈ আহিছিল। সেইবাবে আমি সোনকালে ঘৰলৈ গুছি আহিছিলোঁ‌। ৰমণী খুৰা তেতিয়াও জুইকুৰাৰ ওচৰতে বহি আছিল। সেয়াই আছিল খুৰাৰ সৈতে আমাৰ শেষ দেখা।

কাহিনীটো সম্পূৰ্ণ কাল্পনিক যদিও আমাৰ শৈশৱত এনে বহুত ৰমণীখুৰাৰ দৰে চৰিত্ৰ লগ পাইছিলোঁ‌। বৰ্তমানৰ ডিজিটেল যুগৰ শিশুবোৰৰ জীৱনত এনে ৰমণীখুৰাৰ স্থান নাই।

☆★☆★☆

5 Comments

  • ডলী তালুকদাৰ

    বহুত ভাল লাগিল।

    Reply
  • HEMANTA KAKATI

    বৰ জমনি লাগিল, ৰমনীখুৰাৰ কাহিনী

    Reply
  • হিৰণ্যজ্যোতি দাস

    কি সাংঘাটিক মানুহ দেখোন

    Reply
  • Raj Kumar Konwar

    ৰমণী খুড়াক কেতিয়াও নাপাহৰো । ড’ ভবেন্দ্ৰ নাথ শইকীয়াৰ ডেমপেহাও কম নাছিল ।

    Reply
  • চিদানন্দ বৰা

    এয়াইতো কমেডিৰ জীৱন্ত দলিল ৷ এবচ’লিউট্‌ বিশুদ্ধতাৰে ভৰপূৰ !! বৰ ভাল পালোঁ ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *