মদৰ মহিমা – ধ্ৰুৱজ্যোতি বৰা
মদ আজিকালি মোটামোটি সকলোৱে খাই। বহল অৰ্থত ক’বলৈ গ’লে এইটো আজিৰ যুগত এটা ফেচন বা ট্ৰেণ্ডলৈ ৰূপান্তৰিত হৈছে। জন্ম, মৃত্যু, বিবাহ আদিতো বাদেই দিয়ক, ঘৰত পুজা পাতল বা নাম-প্ৰসঙ্গ হৈ যোৱাৰ পিছতো ড্ৰিংকচৰ পাৰ্টি আৰম্ভ হয়। এতিয়া আহো মদ খোৱা মানুহ অৰ্থাৎ মদাহীৰ কথালৈ। মদাহী সাধাৰনতে দুই প্ৰকাৰৰ। এক ভদ্ৰ মদাহী আৰু আনতো অভদ্ৰ মদাহী।
ভদ্ৰ মদাহী সকলে মদ টেঁটুৰ গুৰিলৈ খালেও নিজকে কন্ত্ৰ’ল কৰিব জানে। তেওঁলোকে সাধাৰনতে মদ খাই সামাজিক অনুস্থান সমুহত যোৱাৰ পৰা নিজকে বিৰত ৰাখে। তেওঁলোকৰ লগত মদ খোৱা বন্ধু সমুহো লিমিটেড। যাৰে তাৰে লগত নাখায়।পাৰিলে বটলতো কিনি, নিজৰ ঘৰলৈ লৈ গৈ এক্সট্ৰা ৰুমত দৰ্জা বন্ধ কৰি খায়। আৰু যদি কেতিয়াবা বাহিৰত খাইয়ো, ৰাষ্টাত ক’তো নৰৈ, ডাইৰেক্ট ঘৰলৈ পোনায়।
অভদ্ৰ মদাহী আকৌ দুই ধৰনৰ। প্ৰথম টাইপে বেছিকৈ খাই লৈ সদায় লোকৰ লগত কাজিয়া কৰোঁ কৰোঁ কৈ থাকে। খাই লৈ অলপ দাদাগিৰি নেদেখুৱালে তেওঁলোকৰ মদ হজমেই নহয়। এই জাতৰ মদাহীৰ মুখমণ্ডলত সাধাৰনতে ঘোচা অথবা চুৰি বা খুৰেদি কটাৰ চিন অথবা সন্মুখৰ চাৰি পাঁচটা মান দাঁত নথকা দেখা পোৱা যায়।
দ্বিতীয় টাইপটোৱে খাইলৈ তামাম মৰমীয়াল হৈ যায়। ইমানেই মৰমীয়াল হয় যে পাৰিলে নিজৰ ঘৰ মাটি আপোনাৰ নামতেই লিখি দিব। এওঁলোকে খাই লোৱাৰ পিচত তামাম কামোৰ হৈ যায়। “দ’ষ্টি, তোৰ কাৰনে জান দি দিম বে, তই এবাৰ কৈ চা বে”, এনেকুৱা টাইপৰ কথাৰে আপোনাৰ মাথা নষ্ট কৰি দিব। এওলোক অবশ্যে প্ৰকৃততে ইমান বিপদজনক নহয়। অলপ দম দি দিলেই কান্দি দিয়ে। “দ’ষ্টি, তই মোক আজি এনেকৈ ক’লি” বুলি আপোনাক আকৌ ইম’ছনেল ব্লেকমেইল কৰিব। আকৌ আপুনি তাক এঘন্টা বুজাওঁক। ইফালে ঘৈণীয়ে ফোন কৰি কৰি আপোনাৰ মাথা নষ্ট কৰি থাকিব।
এনেকুৱা অভিজ্ঞতা জীৱনত প্ৰায়েই হৈ থাকে। ভালো লাগে, খঙো উঠে, কিন্তু বন্ধু সদায় বন্ধুৱেই। ভাল দিনতো, বেয়া দিনতো। কেৱল মদ খালে বুলিয়েই তেওঁলোক বেয়া নহয়। এনেই নকয় যে মদাহীৰ অন্তৰ ভগৱানতকৈও পবিত্ৰ।
☆★☆★☆
11:13 pm
ভাল লাগিল। মদাহীৰো শ্ৰেণীবিভাজন ??
11:08 pm
আৰু এটা শ্ৰেণী আছে মদাহীৰ ৷ পৰৰ পালে টেটুলৈকে গিলে ৷ নিজে পইছা খৰছ কৰি নাখায় ৷
12:01 am
বন্ধুৰ মদ আৰু মদাহীৰ সৈতে সম্পৰ্ক খুব আত্মিক । মদাহীৰ বিষয়ে আগলৈ ৰসাল কাহিনী শুনিব পাম বুলি আশা কৰিলো ?