এই যাত্ৰা অভিনৱ – ডিম্পীৰাণী গগৈ
তুৰন্ত গতিৰে দূৰন্তলৈ আগবাঢ়ি যোৱা চলন্ত বাচখনৰ খিৰিকীৰ কাষৰ চিংগল চিটটোত বহি যোৱা অন্নিকাই একান্ত মনে বাহিৰলৈ চাই গ’ল। মনঘোঁৰাৰ দোদুল্যমান চেঁকুৰ, পাৰ হৈ যোৱা প্ৰত্যেকটো বস্তুৰ ওপৰেৰে। আকাশ , বননি কেতিয়াবা কৰবাত এডৰা ডাঠ বাঁহনি। যদি পিছ মূহুৰ্ত্বতে আৰম্ভ হয় এখন বিশাল পথাৰ …আকৌ আৰম্ভ হয় কোনোবা খিনিত দোকান বজাৰ অথবা লানি লানি মানুহৰ ঘৰ। প্ৰত্যেকটো ঘৰৰ চৌহদ তথা আৰ্হিয়ে যেন কৈ যায় গৃহস্হৰ মনৰ বতৰা।
কেতিয়াবা কোনোবাখিনিত বাচ খন ৰখাই দুই চাৰিজন উঠায়। গাওঁবোৰৰ মাজত ৰাখি যাত্ৰী উঠাবলৈ লৈ কোনোবাখিনিত দেখে অলপ আঁতৰত চাদৰৰ আচলেৰে মুখ ঢাকি কোনোবা এগৰাকীয়ে উচুপি আছে। বাচখনত উঠা যাত্ৰী গৰাকীয়েও বাৰে বাৰে ঘূৰি ঘূৰি চায়। চকুৱে সান্তনা দিয়াৰ আপ্ৰাণ প্ৰচেষ্টা। হয়তো ন-বোৱাৰীৰ কোনোবা দূৰণিৰ মাকৰ ঘৰৰ আপোন লোক। এই বুলি ভাৱি গাটো চিটত অলপ ইফাল সিফাল কৰি আৰাম মতে বহি লয়। খিৰিকীখন অলপ বেছিকৈ খুলি দিলে তাই।
এনেতে অলপ দূৰ যোৱাৰ পিছত পিছৰ চিটৰ এজনে মাত লগালে। হেৰি …..হেইইইৰিৰি….. খিৰিকীখন অলপ জপাই দিয়কহে গোটেই খন ধূলি সোমাইছে। তাই বাৰু বুলি লাহেকৈ কৈ আধা জপাই দিলে। ৰ’দ কাঁচলিৰ পৰা বাচিবলৈ খিৰিকীৰ ওপৰত গোটাকৈ বান্ধি থোৱা পৰ্দাখনো মেলি ল’লে অলপ। তেনেতে লক্ষ্য কৰিলে ৰাস্তাটো বহল কৰিছে। ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ এইটো। দেখিলে দুয়োকাষে ৰাস্তা বহলৰ নামত গছ- গছনি কাটি তহিলং কৰি নিছে। কোনোবা খিনিত মানুহৰ ঘৰ, অথবা ঘৰখন সন্মুখৰ চোতালখনৰ এফাল নাই। ৰাস্তাৰ কাষত গঢ় লৈ উঠা বিভিন্ন নামৰ ভগৱানৰ ঘৰবোৰো উঠাই নিছে এমূৰৰ পৰা। ইমান বিশাল বিশাল গছবোৰ কাটিবলৈ ইহঁতৰ বাৰু অলপো বেয়া নালাগিল নে মনতে ভাৱিলে অন্নিকাই। সৌ সিদিনা তাই থকা গুৱাহাটীৰ ঘৰটোৰ সন্মুখৰ এঘৰ মানুহে ৰেষ্টুৰেন্ট বনোৱাৰ নামত এজোপা লহপহকৈ বাঢ়ি অহা গছ কিদৰে যে কাটি পেলাইছিল ..।
প্ৰথমতে গা-গছবোৰ তাৰপিছত গুৰিটোলৈকে উভালি পেলাইছিল। বুকুখন বিষাই গৈছিল। গছডালে তাইৰ বেলকণিখনত ধুনীয়াকৈ ছা পেলোৱাৰ লগতে পুৱা – গধূলি গোট খোৱা বিভিন্ন চৰাই চিৰিকটিবোৰৰ কিচিৰ মিচিৰ শব্দবোৰ শুনি বৰ ভাল লাগিছিল। কেতিয়াবা কেইটামান চাউল, কেতিয়াবা বিস্কুট নাইবা থাকি যোৱা ৰুটিবোৰ টুকুৰা টুকুৰ কৰি খাবলৈ দি মাতিছিল তাই আৰু সেই সময়খিনিত চৰাইবোৰ ভিতৰৰ পৰা চাই চাই বৰ আমোদ লৈছিল। মানুবোৰ বৰ নিষ্ঠুৰ হৈ যোৱাৰ লগতে যেন অবুজো হৈ যাবলৈ ধৰিছে দিনে দিনে। এনে লাগিল তাইৰ।
হঠাতে গাড়ীখন দুলিবলৈ ধৰিলে। স্পীদটো অলপ কমি অদ্ভূত আৱাজেৰে জোকাৰণি তুলি তুলি আগবাঢ়িবলৈ ধৰিলে। সন্মুখৰ চিটৰ হেণ্ডেলডালত খামুচি ধৰি পোনকৈ চিটতোত বহি নিজক সোঁফাল, বাওঁফাল, আগফাল, পিছফাললৈ হালি জালি ফুৰাৰ পৰা কন্ট্ৰলত আনিবলৈ চেষ্টা কৰিলে তাই। এনেতে এজনে ডাঙৰকৈ অথচ চেপা কন্ঠেৰে ক’লে …হেই……পেটৰ নাড়ী ডাল ডাল হ’ব এতিয়া ঔ। ইমান দীঘে পথালিয়ে জপিওৱাৰ অভ্যাস নাছিল কোনোদিন পাই। লগতে কাষৰ জনেও মাত দিলে এৰা খাই অহা ভাতকেইটাৰে গৈ নাপামগৈয়ে নেকি! হজমেই হব এতিয়া। খালী পেটে যাত্ৰাও অসম্ভৱ নহয়। কৃষ্ণ৷
মনে মনে হাঁহি উঠিল তাইৰ। তাইও ভাৱিলে এৰা এনেকুৱা জোকাৰণিত কঁকাল দুখন তিনিখন হৈ যাব দেই। বহুদিনৰ পৰা কঁকালৰ বিষ এটাই লগ লৈছিল ,সেয়ে দীঘলীয়া ট্ৰেভেলত লগত এটা সৰু শ্ব’কুচন ৰাখেই তাই। সেইটোকে চিটতোৰ ওপৰত ভালদৰে খাজি লৈ ককালত প্ৰেচাৰ নপৰাকৈ চিটতো অলপ হেলনীয়া কৰি গাটো আৰামেৰে এৰি দিলে তাই। অলপ দূৰ যোৱাৰ পিছত লাহে লাহে বাচখনৰ কঁকাল ভঙা নাচটো ধীৰ গতিলৈ আহিল। সকলোৱে যেন স্বস্তিৰ নিশ্বাস এৰিলে। এজনে হুমম…..আৰু অলপ গৈ আকৌ নাচিবলৈ পাবি ..বেছি দূৰ এই যাত্ৰাৰ সৌভাগ্য নহ’ব। কথাষাৰে পুনৰ মনত খোৰাক জন্মাইছিল তাইৰ। কোনফালৰ পৰা মাতটো আহিছে ধৰিব নোৱাৰিলে। এনেতে দেখিলে খিৰিকীৰে মূৰটো উলিয়াই ধুনীয়া মুখৰ যুৱতী এগৰাকীয়ে বমি কৰিবলৈ লাগিছে। বেচেৰীৰ থেকেচনিত ছাগৈ চাইনীজ আৰু ইণ্ডিয়ান ফুডৰ মাজত ৰণ লাগিল হ’ব পাই পেটৰ ভিতৰত। সেয়ে নাকে মুখে ওলাবলৈ ৰক্ষা পোৱা নাই। ওকালি ওকালি এসময়ত লেবেজান হৈ পৰাৰ দৰে হ’ল। মেলি থোৱা ধুনীয়া মডাৰ্ণ কাটৰ চুলি কোচাৰ ওপৰত ষ্ট্ৰেইটনিং ,হাইলাইট কৰা ৰং আৰু স্পাই বাহিৰৰ বলীয়া বতাহ জাক আৰু ধূলিৰ সৈতে উমলি জামলি একাকাৰ হ’ব ধৰিছে। কাজল আৰু লিপষ্টিকৰ সমাহাৰো ক্ৰমাৎ যেন ক্ৰোধিত হৈহে আঁতৰি যাবলৈ ধৰিছে এনে লাগিল তাইৰ। লগৰ জনীয়ে হেয়াৰবেণ্ড এডাল দি ক’লে –
:হোঁ….চুলিকোচা বান্ধি ল’চোন। তাই নাই নালাগে অ ‘ … চাচোন মোৰ কাজলখিনি বিয়পি গ’ল নেকি চকুৰ …?
: অ অলপ হ’ল | মুখত পানী অলপ মাৰি দেচোন ফ্ৰেছ লাগিব | তাই নালাগে দে থিকে আছো মই ..|
:মেকআপৰ কথা চিন্তা কৰিছ চাল্লা ইমান ভমিট কৰি মৰিছ হুহ এইবুলি কৈ বেলেগ এফাললৈ চালে তাই।
অন্নিকাই লাহেকৈ সিহঁতৰ পৰা চকু আঁতৰাই আনিলে। হাঁহিও উঠিল কিবা এটা মৰমো লাগিল তাইৰ ছোৱালী জনীলৈ। হঠাতে অন্নিকাৰ চকুত কিবা এটা সোমোৱাৰ অনুভৱ কৰিলে। লাহে লাহে খচখচোৱাৰ লগতে অলপ অলপ পোৰা যেনো লাগিল তাইৰ। সুকোমল কপাহী ৰুমালখনেৰে লাহেকৈ মোহাৰিলে চকুটো। এনেতে নাকটো অদ্ভুত গোন্ধ এটাই জনজনাই গ’ল। হাঁচি এটা মাৰি বটলৰ পৰা পানী অলপ লৈ খিৰিকীৰে মুখ খন বাহিৰলৈ উলিয়াই চকু মুখত অলপ পানী মাৰি ল’লে। বতাহত পানী অলপ উৰি আহি কান্ধত পৰি থকা হালধীয়া দুপাট্টাখনত লাগি তিতিল অলপমান। হাতেৰে দুপাট্টাখন জোকাৰি পুনৰ ভালদৰে বহি লৈ সন্মুখলৈ চাওঁতেই ধৰা পৰিল কেচটো। প্ৰকৃততে চকুত সোমাইছিল কি তাইৰ।
কাষৰ লাইনৰ অলপ আগত বহি যোৱা ককাইদেউ এজনে চাদা মোহাৰি আছে। মাজে মাজে হাতখন তললৈ নি লুকুৱাব বিচাৰে। ইফাল সিফাল দুচকুৰে পিৰিক পাৰাকৈ লক্ষ্য কৰি পুনৰ তৰ্জনী আঙুলিটোৱে বাওঁহাতৰ মুঠিত লৈ থকা চাদাখিনি মোহাৰে, মাজে মাজে হাততালি বজোৱাৰ দৰে দুবাৰ মান মাৰে থেপ থেপকৈ। এইয়া কৰোতেই হ’ব পাই তেওঁৰ খোলা খিৰিকীৰে সোমাই অহা বতাহজাকত উৰি আহি পাখি লগা চাদাৰ টুকুৰা আৰু সেই আমোল মোল গোন্ধই ব্যতিব্যস্ত কৰিলে অন্নিকাক। অলপ খঙো উঠিল তাইৰ কিন্তু কৰিবনো কি? নিজকে সংযত কৰি নাকত ৰুমালখনেৰে সোপা মাৰি বাহিৰলৈ চাই গ’ল পুনৰ। এনেতে দুয়োজনৰ কথোপকথন কাণত পৰিল তাইৰ ….এজনে কৈছে –
: দাড়ি কিডাল কাটি আহিম বুলি ভাৱিছিলো৷ কেৰেৰেৰেলালা…..সময়ে নহ’ল বালক ..
: ও…ম …হয়নে ?এতিয়া ঘৰত গৈ মানুহজনীয়েই কাটি দিব দে চিন্তা নকৰ কেৰেলা ৰজা।
দুয়ো হাঁহিল। হাঁহি উঠিল অন্নিকাৰো। অলপ সময়ৰ আগতে চুলিৰ আগলৈকে ঢাপলি মেলিব খোজা খঙটো যেন নামি আহিল তললৈ ধীৰ গতিৰে।
ব্যক্তিগত বাহনতকৈ এনেদৰে সকলোৰে মাজত আহি ভাল পায় তাই যদিওবা সকলোলোক অচিনাকী, যাত্ৰাৰ শেষলৈকে যেন এটা পৰিয়ালৰ দৰে হৈ পৰে যাত্ৰীবোৰ। গুৱাহাটীৰ পৰা লখিমপুৰলৈ সম্পূৰ্ণ বাৰ ঘন্টাৰ যাত্ৰা। ৰাতিৰ বাচত মায়াভৰা জোনাকৰ তলেৰে কৰা যাত্ৰা প্ৰিয় যদিও তাই দিনত আহিও ভাল পায়। ৰাতি মানুহবোৰ, ৰাষ্টা, ঘাট, পথাৰবোৰ জোনাকেৰে অথবা অমানিশাৰ আন্ধাৰে কেতিয়াবা আৱৰি ৰাখে। সেই যাত্ৰাও মায়াময় আৰু সুন্দৰ। কিন্তু দিনত যেন এখন বেলেগ পৃথিৱী দেখিবলৈ পাই তাই।
মানুহ ভাল পায় অন্নিকাই। অচিনাকী মানুহৰ সংগত দিনৰ যাত্ৰায়েও এক অভিনৱ অভিজ্ঞতা দিয়ে তাইক। মাথোঁ প্ৰত্যেকটো পৰিস্হিতিক ধণাত্মক দিশেৰে লোৱাৰ উপৰিও নিজৰ অলপ সচেতনতাৰ প্ৰয়োজন হয়।
আজি প্ৰায় ছবছৰেই হ’ল, সাংবাদিকতা বৃত্তিটোৰ লগত জড়িত হোৱাৰ তাইৰ। বহু ঠাই ঘূৰিব লাগে, বহু মানুহ আৰু পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগে। কেতিয়াবা ঘাট প্ৰতিঘাটৰ সন্মুখীন নোহোৱাও নহয় তথাপি নিজৰ দক্ষতাৰে সকলো ঘটনা আৰু পৰিস্হিতিৰ সন্মুখীন হব পৰাকৈ তাই নিজক গঢ়ি তুলিছে। এই যাত্ৰাৰ শেষ ক’ত হয়তো নিজেও নাজানে তাই। মাথোঁ মানুহৰ হৃদয়ৰ পৰা হৃদয়লৈ বগুৱা বাই গৈ থাকিব পৰা ৰাষ্টাটোৰ অণুসন্ধানতে থাকে সদায়। নাজানে কিমান খিনি কৰিব পাৰিছে আজিলৈকে তাই মানুহৰ বাবে। তথাপি চেষ্টা ৰাখি যায় সদায় সত্য পৰিঘটনাবোৰৰ আভাস দি জীৱনবোৰক উদ্ধাৰ আৰু হৃদয়বোৰক সকাহ দিয়াৰ।
তেনে এটি পুৰণি ঘটনাকে কেন্দ্ৰ কৰি উজনিৰ এখন ভিতৰুৱা গাওঁলৈ বুলি এই যাত্ৰা আৰম্ভ কৰিছে তাই। পঢ়ি থকাৰ সময়ত আইতাকৰ মুখেৰে শুনিছিল কথাবোৰ। সিদিনা ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত পুৰণি পেপাৰবোৰ মেলি থাকোঁতে তাই ঘটনাটোৰ বিষয়ে সংক্ষেপে জানিবলৈ পাইছিল। বহুতক সোধা পোছা কৰাতো ঘটনাটোৰ বিষয়ে ভালদৰে কোনো অৱগত নোহোৱা কথাটোৱে আচৰিত কৰি তুলিছিল। ইমান এটা ডাঙৰ ৰাজনৈতিক সংঘাত কিদৰে মাথোঁ সেই গাওঁবোৰৰ মাজতে জুইত জাহ গৈ শেষ হৈছিল ভাৱিলে আচৰিত লাগে তাইৰ। আইতাকৰ মুখত শুনা নামঘৰৰ ডবা আৰু কাঁহী বাতিৰ শব্দবোৰ তাই অনুভৱ কৰে কাণত .. এই মাত্ৰ যেন ভাঁহি আহিব শব্দবোৰ এনে লাগে তাইৰ। প্ৰকৃত ঘটনাটো উদ্ধাৰ নকৰালৈকে যে শান্তি নাপাব তাই। সেয়ে এই যাত্ৰা। এনেতে ৰাষ্টাৰ দাঁতিত স্কুলীয়া ছাত্ৰ- ছাত্ৰী ৰ এটা সমদল চকুত পৰিল অন্নিকাৰ। সমস্বৰে বিয়পি অহা আন্দোলনৰ ধ্বনিবোৰ ভালদৰে ধৰিব নোৱাৰিলে তাই ৷প্লেকাৰ্ডবোৰ পঢ়িবলৈ চেষ্টা কৰিলে। লিখা আছিল –
‘জীৱ শ্ৰেষ্ঠ আপুনি গছ কাটি নিকৃষ্টতম নহ’ব’
‘সেউজ আদৰতি, সেউজীয়া পৰিবেশ। সেউজীয়া পৰিবেশত সেউজ মন। সেউজ মনত জীপাল জীৱন।’
ৱাহ কি সুন্দৰকৈ লিখিছে মনতে ভাৱিলে তাই।
ল’ৰাছোৱালীসকলৰ সৈতে দুআষাৰ কথা পাতিবলৈ মনযোৱা ইচ্ছাটো থাপিথুপি থৈ ভাৱিলে। সঁচায়ে পৰিৱৰ্তনৰ বাবে কোনো ডাঙৰ পৰিকল্পনা এটাৰ প্ৰয়োজন হয়তো নাই। আমাৰ চৌপাশ আৰু চৌপাশৰ গছগছনি বোৰকেই যদি আদৰ আৰু যতন লওঁ তেন্তে নিশ্চয় আমি এক সুন্দৰ আৰু শান্তিময় প্ৰাকৃতিক পৰিবেশৰ অধিকাৰী হ’ম। কথাবোৰ ভাৱি আহোঁতে কিমান দেৰী হ’ল গমেই নাপালে তাই। এনেতে এটা ষ্টপেজত বাচখন ৰ’ল।
লগেলগেই পানীৰ বটল, পেপাৰ মেগাজিন আৰু বাদাম, ছানা বিক্ৰী কৰা মানুহকেইজন মানে কান্ধতে বস্তুবোৰ ওলমাই ওলমাই সোমাই আহিল। পানী পানী পানী …। বাইদেউ পেপাৰ, বাইদেউ আলোচনী এই মাহৰ ..এইখন হস্তবিদ্যাৰ ওপৰত পঢ়ি জানি আপুনি নিজৰ ভাগ্য নিজেই নিজেই সলনি কৰিব পাৰিব ইত্যাদি ইত্যাদিৰে ব্যৱসায়ৰ স্বাভাৱসুলভ বক্তব্যবোৰ সভদ্ৰতাৰে অন্নিকালৈ লক্ষ্য কৰি কাঁড় মৰাদি মাৰিবলৈ ধৰিলে। এনেতে এই চাঁন্না চাঁন্না , ভজা বাদাম ভজা বাদাম চিঞৰি চিঞৰি সোমাই অহা মানুহজনলৈ লক্ষ্য কৰি চাদা মুহৰা ককাইদেউ জনে ক’লে :অ’……খুৱা খুৱা ৰাইজক ভজা বাদাম , শুকান চান্না… অলপ দূৰ গৈ খালডোঙ সামৰি যাত্ৰা অব্যাহত ৰখা তাকধিনাধিন নচা বাচৰ ভিতৰত বাদাম ভজা আৰু শুক্কান চান্নাৰ ওহোমা গোন্ধৰ নতুন ব্ৰেণ্ডৰ এক্স ডিঅ’ৰ আমোল মোলোৱাৰ ধাণ্ডা ন কাইটি ? কৃষ্ণহে আঊ….!!
এইবাৰ অন্নিকাৰ লগতে বাচৰ প্ৰায়খিনি মানুহেই গিৰ গিৰাই হাঁহি উঠিল। ড্ৰাইভাৰ জনেও উৎ ফুল্লিত মনেৰে এবাৰ সকলোলৈকে চাই চলাই লৈ গ’ল বাচখন লক্ষ্যৰ দিশে।
☆★☆★☆
10:28 pm
ভাল লাগিল ৷
5:35 pm
অশেষ ধন্যবাদ আপোনাক ?