ফটাঢোল

আজিৰ ৰামায়ণ আৰু টাটা টিৰ উৎপত্তি কাহিনী – অসীমা শইকীয়া দত্ত

ৰামায়ণৰ ওপৰত বহুত গৱেষণাৰ থল আছে বুলি দেউতাই সৰুতে কোৱা শুনিছিলোঁ। কিন্তু মগজু যিটো পালোঁ, কেৰ্কেটুৱাৰ মূৰৰ ঘিঁউ তাতকে সৰহ। বোন্দা কেঁচুৱে হাঁহেনে নেহাঁহে, যদি হাঁহে কেনি হাঁহে বুলি সৰুতে ভবা মইজনীয়ে ৰামায়ণৰ ওপৰত ইয়াতকে কি গৱেষণা কৰিম। দায়দোষ নধৰিব……মোৰ গৱেষণা পত্ৰখন আপোনালোকৈ আগবঢ়ালোঁ…………

ৰামায়নৰ দিনত যদি নিউজ চেনেলবোৰ থাকিলেহেঁতেন……

আমাৰ সাংবাদিক এই মূহুৰ্তত অযোধ্যাত আছে। এটা লাখ টকীয়া প্ৰশ্ন আজি ৰাইজৰ সন্মুখত। লক্ষ্মণ ককায়েকৰ পিছত বনবাসলৈ কিয় দৌৰ মাৰিছিল? ইয়াৰ আঁৰত কাৰ হাত আছে? এই সকলো দেখুৱাবলৈ সক্ষম হৈছে একমাত্ৰ আমাৰ চেনেলত। হেল্ল’ হেল্ল’ চাবোন চন্দ্ৰ চৌদাখাৰ। এই মূহুৰ্তত আপুনি অযোধ্যাত, ক’বনেকি ৰাইজক তাৰ বৰ্তমানৰ পৰিস্থিতি কেনে..? সবিশেষ জনাওক।

হয় …মই বৰ্তমান অযোধ্যাত। মোৰ লগত আছে ইয়াৰ স্থানীয় মানুহ। হয়, নিশ্চিত ভাবে ইয়াত বিৰোধী দলৰ হাত আছে। এইয়া চাওক লক্ষ্মণৰ সদ্যবিবাহিত পত্নী। কেনেকৈ ধাচকৈ পৰিছে শহুৰেক দশৰথৰ লগতে। এজন ৰামৰ বেজাৰত এজন লক্ষ্মণৰ বেজাৰত। ইয়াৰ মূলতে আছে মন্থৰা আণ্টীৰ হাত। তীব্ৰ ভাষাৰে গৰিহনা দিছে এই কাণ্ডত …সচেতন মহলে। মন্থৰা আণ্টী, কৈকেয়ী মেডামৰ বিপক্ষে মিথিলাৰ পৰা অযোধ্যালৈ সদৌ ভাৰত যাইলাঙ থাকেলাঙ মহিলা সমিতিয়ে এক সমদল উলিয়াইছে ।…আমি আপোনাৰ ওচৰলৈ আহিছোঁ দশৰথ খুৰা কওক আপোনাৰ কেনে অনুভৱ এই মুহুৰ্তত। ৰাম গুচি গ’ল আপোনাৰ কেনে লাগিছে।

দশৰথ……সাংবাদিকৰ পেণ্টটোত ধৰি কঁকালৰ তলডোখৰ টানিবলৈ ধৰিলে …কৈত গ’লা ৰাম মোৰ… । হেই হেই, কি কৰে! পেণ্ট কিয় খোলে অত মানুহৰ আগত। কেমেৰা কাট্ কাট্। কেমেৰা পাৰ্চনলৈ চাই সাংবাদিকৰ চিঞৰ।

পেণ্ট নহয়, তোৰ গাৰ তলৰ অংশ আঁতৰাব খুজিছোঁ কটা নিধক। ৰাম মোৰ দেহৰ এক অংশ। সেইয়া আঁতৰালে কেনে লাগে এইমুহুৰ্তত বুজি পাবি দেখুৱাই দিওঁ……এইবুলি সাংবাদিকৰ তল ডোখৰ টানি দশৰথ ৰজা কান্দোনত ভাগি পৰিল।

কথমপি পেণ্টত ধৰি সাংগো পাংগো লৈ দেদাওৰিয়াই সাংবাদিক বনলে গৈ থকা ৰাম লক্ষ্মণৰ সন্মুখ পালেগৈ। কেমেৰাৰ ভিউ সীতাৰ মুখত। ৰাম মৌন ব্ৰতত গহীন খোজেৰে। এসেৰ মেসেৰ কৈ সাংবাদিক লক্ষ্মণৰ কাষ চাপিল, আমি আপোনাৰ ওচৰলে আহিছোঁ। হয় অতি কৰুণ মূহুৰ্ত এটি। ৰাইজ আজি মৰ মৰকে আহত, নিশ্চিতভাবে একেষাৰে মৰ্মাহত বুলি ক’ব পাৰি। জানিব বিচাৰিছোঁ লক্ষ্মণ দা আপুনি নিজ পত্নীক নতুনতে এৰি জংঘল বাসী হবলৈ কিয় ওলালে। স্বইচ্ছা নে ইয়াত আপোনাৰ পৰিয়ালৰ কাৰোবাৰ হাত আছে। যিহেতু এইটো অফাৰ কেৱল ৰামৰ বাবে আছিল আপুনি কিয় আহিল।

দুখৰ সময়ত লোকৰ কলিজায়ে কলিজায়ে কেমেৰা লৈ ঘূলুকি ফুৰা সাংবাদিকলৈ চায় লক্ষ্মণৰ মন্তব্য…… চাওক… আপোনাৰ পেণ্টৰ জিপ ডাল খোলা ইয়াত কাৰ হাত আছে সুধিছোঁ জানো!

ধেই কাট কাট … লৰালৰিকৈ জিপডাল মাৰি সাংবাদিকৰ ভোৰভোৰণি, কতা হাবি মুৱা তোৰ বাপেৰৰৰ হাত ইয়াত। অথনি টানি এই দশা কৰিলে।

লক্ষ্মণে ক’লে … মই দাদাৰ লগত আহিছোঁ কেৱল নিজক বচাবৰ বাবে।পিতাৰ পত্নী সকলৰ মাজত আজি যি হাঁহাকাৰ অৱস্থা…মোৰ এই বয়সত ৰিস্ক উঠাবলৈ ভয় লাগিল। যিহেতু আনিলোৱেই সেয়ে উৰ্মিলাক ঘৰত থৈ মই বনত থকাই ভাল বুলি ভাবিলোঁ।

হয় …নিশ্চিত ভাবে অতি গুৰুত্বপূৰ্ণ কথা এষাৰ ক’লে। আজি হাঁহাকাৰ অৱস্থা অযোধ্যাত……হাঁহৰ আকাৰ ৰজা দশৰথ। নিশ্চিত ভাবে ইয়াত পৰিয়ালৰে কাৰোবাৰ হাত… কি হ’ব আগলৈ সেয়া আমি দেখুৱাই থাকিম চাই থাকিব আপোনালোকে। নিশ্চিতভাবে একমাত্ৰ আমাৰ চেনেলে দেখুৱাবলৈ সক্ষম হৈছে …একমাত্ৰ আমাৰ চেনেলত উপলব্ধ অযোধ্যা লাইভ। কেমেৰা পাৰ্চন চুন চন্দ্ৰ ধঁপাতৰ সৈতে মই চাবোন চন্দ্ৰ চৌদাখাৰ ফিউজ লাইভ অযোধ্যা।

ৰামায়ণৰ গৱেষণা কৰি থাকোঁতেই লগৰজনী আহিছিল। মোক সুধিলে অসীমা অ’ ৰামায়ণত হাবিৰ পৰা অহাৰ পিছত লক্ষ্মণৰ কিহ’ল মই নেজানো। মই ৰামৰে সীতাৰে যুদ্ধ লাগি সীতা মাটিফালি তললে যোৱাকণ জানো। লৱ কুশৰ কেচতো জানো।

বনবাসৰ পৰা অহাৰ পিছত লক্ষ্মণৰ চৰিত্ৰতো কি হ’ল বাৰু? অতি ন ছোৱালীতে উৰ্মিলাক এৰিলে অ’ লক্ষ্মণে।তই জাননি?

মই বোলো অ’ আই! অত ডাঙৰ কথাতো নেজাননে! লক্ষ্মণ অহালে উৰ্মিলা বুঢ়ী হ’ল। হাবিৰ পৰা ভাগৰি আহিছে লক্ষ্মণ ককায়েকৰ পিছত সেমেনা-সেমেনকে। ঘৰ পালত উৰ্মিলা ওচৰ চাপি আহিল। লক্ষ্মণে চিনি নেপাই ক’লে পেহী চাহ দিয়া মূৰতো বৰ টিঙটিঙাই আহিছে। হাবিত পাইছিলোঁ এই পাততো, চাহপাত কয়। লোৱা গৰম পানীত উটলাই দিবা।

উৰ্মিলাৰ ফাই আছেই নতুনতে এৰি হাবিলে লৰ মৰা ককায়েক নবৌয়েকৰ লগত। তাতে আকৌ বুলিছেহি পেহী। চোঁচা মাৰি গ’ল উৰ্মিলাই…… হঅঅঅঅ অত বছৰৰ মূৰত ওলাইছেহি হাতত চেণ্টৰ বটল এটাও নাই! ওলাইছেহি পাতসোপা লৈ। ছাগলীয়ে বিয়া পাতিছিল নে মানুহ বিয়াপাতি থৈ গৈছিল আপুনি তাকো পাহৰিলে। আৰু মাতিছে মোক পেহী। দশৰথ দে’তাৰ লগত শোকে খুন্দামাৰি নমৰি ৰৈ গ’লো এসেকা দিম বুলিয়েই।

উৰ্মিলাৰ চোঁচাত সেই যে লক্ষ্মণে হাততে চাহপাত কিটা লৈ অসমলৈকে দৌৰিলে। লাষ্টত অসমৰ হাবিত জিৰাই টোপনি যাওঁতে তাতে চাহৰ সঁচ পৰিল। আৰু তাতে চাহগছ উৎপন্ন হ’ল।……লক্ষ্মণে টোপনিত গাই আছিল…. তাত থকাই ঠিক আছিল। মানে হাবিত। টোপনিত লক্ষ্মণৰ আধাফুটা বিৰ বিৰনি ‘তাত ততাই তি আছিল’। ‘তাত ততাই তি আছিল’। সেই তেনেকেই জন্ম হ’ল ‘টাটা টি’ৰ।

লগৰ জনীয়ে বোলে সীতাৰ দৰে মইও মাটিৰ তললে যাওঁ তোৰ অৰ্ধমী মুখ চাই থকাতকৈ। বসুমতীক মাত অ’। কি কথাবোৰ কৱ। কাটপ কে দিব অ’ তোক মাৰে শুনিলে।

তা পা বসুমতী নাহিল তাইৰ গিয়েকটো আহিল। লৈ গ’ল মৰতিক।

মই বোলো যাগে যা, কিবা আই এ এচ ……চাই এ এচ দিলে আহিবি টিউচন ল’ম।

☆★☆★☆

14 Comments

  • Gyan Bordoloi

    অতি সুন্দৰ গবেষণা । ৰামায়ণৰ অনান্য কাহিনীৰ ওপৰতো চলাই থাকিব গবেষণা।

    Reply
  • Anonymous

    Borhia??

    Reply
  • Anonymous

    ভৰি দুটা আগবঢ়াই দিয়া অ’, ইয়াতে সেৱা এটা লঁও । কি বিশ্লেষণ অ’ মতা গোহাঁই মূৰটো আকু পাকু কৰি গ’ল ।

    Reply
  • Adity gogoi

    আপোনাৰ গৱেষণা অব্যাহত ৰাখক আৰু আমাক কৃতাৰ্থ কৰিব বুলি আশা ৰাখিলো..

    Reply
  • পদ্মজা

    ভৱিষ্যতে মহাভাৰতৰ ওপৰতো গৱেষণা আগবঢ়াব বুলি আশা কৰিলোঁ ?

    Reply
  • পদ্মজা

    বহুত ভাল লাগিল।ভৱিষ্যতে মহাভাৰতৰ ওপৰতো গৱেষণা আগবঢ়াব বুলি আশা কৰিলোঁ।?

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বা অ, এইখন গৱেষণা পত্ৰ পঢ়ি ময়ো একাপ টাটা টিৰ চাহ খাই লংগে সাউতকে।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বাহ! তামাম গৱেষণা।

    Reply
  • লক্ষ্মণলৈহে বেয়া লাগিল ।বেচেৰাই চাহো খাব নাপালে ।?

    Reply
  • হিৰণ্যজ্যোতি দাস

    আপোনাৰ অমূল্য গৱেষণা ফেৰীৰ কিছু অংশ পঢ়িব পাই নিজকে ধন্য মানিলো ৷

    Reply
    • Sangeeta G Baruah

      ৰামায়ণৰ গৱেষণা পঢ়ি ধন্য হ’লো আউ ?????

      Reply
  • anjan sadhanidar

    কথা তেতিয়াহলে সেইটোহে ন৷ আতচা পেহী বুৰি হলনে নাই বাৰু?

    Reply
  • অনুৰূপ মহন্ত

    এইবোৰ গৱেষণা আমাৰ মাথাই ঢুকিয়েই নাপাই??

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *