ফটাঢোল

দৰাৰ বিলৈ – চৈয়দা চেমিন ইছলাম

বিদেশত কৰ্মৰত বাবেই সুন্দৰ চেহেৰাৰ ব‍্যক্তিজনৰ “সময়”ৰ ভীষণ সমস্যা। এই সময়ৰ অভাৱৰ বাবেই বিয়াখনৰ দিন-বাৰ অলপ দেৰিকৈ ঠিক কৰিব লগা হ’ল। ইপিনে কইনা গৰাকীও হেনো কৰ্মৰত। সহজতে সঘনাই অথবা দীঘলীয়া ছুটি নাপায় তেৱোঁ।

যি কি নহওক অৱশেষত দীৰ্ঘ বিৰতিৰ পিছত বিয়া খনৰ দিন-বাৰ যেনিবা “কথমপি” ঠিক কৰা হ’ল।

নিজৰ প্ৰেমিকাক পত্নী কৰি আনিব পোৱাৰ সৌভাগ্য আৰু আনন্দত মতলীয়া হৈ পৰিল জীৱন জ‍্যোতি দত্ত। চকুত লগাকৈ জাক-জমক আৰু সুসজ্জিত ভাৱে বিয়াখন পতাৰ প্ৰৱল ইচ্ছা তেওঁৰ আৰু সেয়ে বাকীবোৰ দায়িত্ব বেলেগক অৰ্পণ কৰিলে যদিও বিয়াত পিন্ধিবলৈ বুলি দৰা-কইনাৰ কাপোৰ কেইসাজ নিজৰ পচন্দ মতে বিদেশৰ পৰাই কিনি আনিলে। চকু চৰহা(?) মাক, ভায়েক আৰু ভনীয়েকে দেখি অপচন্দ কৰে বুলি কাপোৰ কেইসাজ সযতনে বিয়াৰ দিনটোলৈ অপেক্ষা কৰি লুকুৱায়ো ৰাখি থ’লে তেওঁ।

পিছে, দুষ্ট ভনীয়েকগৰাকীৰ চকুৰ আঁৰ কৰি সাৰিব নোৱাৰিলে আমাৰ বিশেষ ব‍্যক্তি গৰাকীয়ে মানে জীৱন জ‍্যোতি দত্তই। দৰাৰ সাজৰ ওপৰত কোনেও বিশেষ গুৰুত্ব নিদিলে যদিও কইনাৰ বিয়াৰ সাজ দেখি চকু কপালত উঠিল ঘৰৰ আটাইবোৰৰে।

খঙে-ৰাগে আটাহ পাৰি উঠিল মাক –

– আৰে, কি আনিছ তই এইবোৰ? আজি মাজনীয়ে তোৰ এই কাৰবাৰ উদঙাই নিদিয়া হ’লে, নাক-কাণ কটা খেদালি হৈ দেখোন তই আমাৰ! ইমান অঁকৰা নে তই? আমাৰ কইনাবোৰে বিয়াত কি পিন্ধে দেখা নাই নেকি তই, হেৰৌ? তোৰ যি ইচ্ছা তাকে কৰিব ওলাইছ যে আমাৰো বোৱাৰী নহ’ব নেকি তাই?

– হুহ্! তোমালোকৰ বোৱাৰী! মোৰো “ঘৈণী” নহ’ব নেকি কিবা? নিজৰ বিয়া বুলি মোৰোতো এটা ইচ্ছা আছে!

ইমান আপত্তি তোমালোকৰ?

কৰা, কৰা। তোমালোকৰ যি মন যায় তাকে কৰা। তোমালোকৰে ইচ্ছা মতেই কৰা।

ঐ মাজনী, তই ওলা মোৰ লগত।
মোৰ পচন্দ মতেহে কাপোৰৰ ৰং আৰু ডিজাইন কিনিব লাগিব কিন্তু!

: বোৱাৰীৰ কাৰণে এতিয়া “মেখেলা-চাদৰ” কিনা কামটো হ’ব বাৰু! কিন্তু, তোৰ কাপোৰ যোৰ? দৰাৰ সাজযোৰ?

: দৰাৰ সাজক লৈ মূৰ নঘমাবা তোমালোকে। মই মোৰ ইচ্ছামতে দৰা সাজিম। নহ’লে বিয়াই নাপাতো কিন্তু – কৈ দিলোঁ।

বিয়াৰ দিনাখন কোনো ধৰণৰ অথন্তৰ নহওক বুলি দৰাই নিজেই মাক-ভনীয়েকহঁতৰ হাতৰ পৰা দৰা-কইনাৰ কাপোৰৰ বাকচটো বেলেগে নিজৰ লগত সযতনাই ৰাখি থ’লে।

বিবাহৰ কিছুদিন পূৰ্বে এদিন দৰাৰ খবৰ এটা লওঁ বুলি তেওঁৰেই কেইজনমান সহৃদয় বন্ধু সপৰিয়ালে নিজৰ সতি-সন্তান লগত লৈ দৰাৰ ঘৰলৈ আহিল।

সুযোগ বুজি দৰাৰ মাকেও মনে মনে সিহঁতকে খাটনি ধৰিলে বিয়াত পিন্ধিবলৈ বিদেশৰ পৰা অনা পুতেকৰ দৰাৰ কাপোৰ সাজ অলপ চাই-চিতি দিবলৈ।

: নাই, নাই, নহ’ব। ইটচ্ এ চাৰপ্ৰাইজ!

: অই, দৰাৰ কাপোৰৰ আকৌ কিহৰ চাৰপ্ৰাইজ দিব ওলাইছ? আমাকো দেখুৱাব নোৱাৰি নে? কি কিনি আনিছ তই? চাবি কিন্তু! যিহকে পায় তিহঁকে পিন্ধি দৰা সাজিলে আমিও তোৰ লগত নাযাও কিন্তু!

: ধেই, তহঁতে বাপেক হোৱাৰ সৌভাগ্য হোৱা বন্ধুবোৰৰেই যদি মোৰ প্ৰতি অকনমানো সহানুভূতি নাথাকে, নালাগে যা মোৰ বিয়াত আহিবলৈ।

নিজৰ বিয়া বুলি মোৰোতো এটা ইচ্ছা-আকাংক্ষাৰ কথা আছে! তাতে আকৌ তহঁতে দুটাকৈ সন্তানৰ বাপেক হোৱা বয়সতহে মোৰ বিয়া?

: বুজিলোঁ। আমিবোৰ সৌভাগ‍্যৱান। সেই কাৰণে তোৰ অলপ ঈৰ্ষা আছে আমাৰ ওপৰত।

পিছে, দৰাৰ কাপোৰ সাজ আমাক দেখুৱাত কি আপত্তি থাকিব লাগে তোৰ? আমিতো আৰু আমাৰ পিঠিত ঔকিল খাবলৈ তোৰ কাপোৰ পিন্ধি আকৌ বিয়া পাতিবলৈ যাব নোৱাৰোঁ!

: এস্! তহঁতেও একেবাৰে একেটা কথাতে আঠা লাগি ধৰিছ! ছিনেমাবোৰত দৰাই পিন্ধা পোচাক দেখা নাই জানো তহঁতে? তেনেকুৱাই আৰু!

: ৰ, ৰ! ছিনেমা মানে হিন্দী, ইংৰাজী নে অসমীয়া ছিনেমাৰ কথা কৈছ তই? আমাৰ বিয়াত অসমীয়া ছিনেমাৰ দৰাৰ সাজহে পিন্ধিব লাগিব।

: তহঁতে এনেদৰে মোৰ পিছত লাগি থাকিলে বিয়া নকৰাও কিন্তু মই – কৈ দিলোঁ।

বিয়াৰ নিশা খপজপ কৰি নিজেই বাকচটোৰ পৰা দৰাৰ কাপোৰ সাজ উলিয়াই পিন্ধি সাজি-কাচি কইনা ঘৰলৈ সদলবলে যাত্ৰা আৰম্ভ কৰিলে দৰাই। দৰাৰ পোচাক দেখি বৰযাত্ৰীৰ সকলোৱেই ভীষণ অস্বস্তিত পৰিল যদিও পুতেকৰ “বিয়াই নাপাতো!” কথাষাৰৰ বাবে চুপচাপ থাকিল তেওঁলোক।

কইনা ঘৰৰ গেটত দৰাক আদৰিবলৈ জোৰদাৰ প্ৰস্তুতি। গাড়ীৰ পৰা লাহেকৈ একেবাৰে ছিনেমাৰ কায়দাৰে নামিল দৰা। দীঘল চেৰৱানি আৰু পাগুৰিটোৰে সৈতে বৰ সুন্দৰ দেখা গৈছে দৰাক।

দৰাৰ বাবে নিৰ্দিষ্ট কৰি থোৱা আসনত সদম্ভে বহি ল’লে জীৱন জ‍্যোতি দত্ত।

হঠাতে কিবা এটা অস্বাভাৱিক অনুভৱ কৰি দুয়োখন ভৰি পাৰ্যমানে মেলি দি চালে দৰাই।

হয়।
ভুলকৈ পিন্ধি ল’লে তেওঁ।

অস্বাভাৱিক যেন লগা ধাৰণাটো শুদ্ধ বুলি প্ৰমাণিত হোৱাৰ মাত্ৰেই পোচাকযোৰৰ তলৰচোৱা হাতেৰে সামৰি ভৰি দুখনৰ মাজত সুমুৱাই হেঁচা মাৰি বহি থাকিল। জোখতকৈও বেছি ডাঙৰ ডাঙৰকৈ কথা পাতি হাঁহি থকা দৰাজনক কিছু অস্বাভাৱিক যেন দেখা গ’ল। কিছু সময়ৰ পিছতে ভায়েক দৌৰি আহিল দৰাৰ কাষলৈ আৰু কাণে কাণে সুধিলে –
: অই দাদা, ইমানকৈ চিঞৰি চিঞৰি কথা কৈ আছ যে? তোৰ কাণ্ড দেখি কইনা ঘৰৰ মানুহ সকলোৱে আচৰিত হৈছে। আমাৰেই লাজ লাগি গৈছে। দৰা হৈ এনেকুৱা কৰে নেকি?

কি হৈছে তোৰ? সিবিধ খালি নেকি? কোনে খুৱালে তোক?

পেট কামোৰাৰ দৰে কুঁচি-মুচি বহি আছ যে, কিবা অসুবিধা হৈছে নেকি তোৰ? চেৰৱানিৰ তলত আকৌ এইডাল কেনেকুৱা, কি পিন্ধিছ তই? মাৰ মেখেলাৰ লগত পিন্ধাটোৰ নিচিনাহে যেন লাগিছে দেখোন!

: অই চুপ্, চুপ। তই মোৰ নিজৰ ভাই হৱ নহয়! সৰুকৈ ক। কোনোবাই শুনিব।

মোৰ দুধৰ্ষ বন্ধু কেইজনে কেনেবাকৈ কথাটো গম পাবলৈ লাগিলেতো আজি …..!

বেছি লৰাঢপৰা কৰোঁতে বৌয়েৰৰ কাৰণে কিনাটোকে পিন্ধি আহিলোঁ অ’। গমেই নাপালো‍ঁ!

কাকো নক’বি। বিয়াখন মাত্ৰ ভালে ভালে হৈ যাব দে। তোক কিবা ভাল বস্তু দিম দে।

“উফ্ ভগৱান, এইবাৰলৈ যেনিবা ৰক্ষা কৰিলা।” – বুলি ভাবি দৰাই চকু ঘূৰাইছিল হে, আহিল নহয় এইবাৰ ভনীয়েক জনী।

: দাদা, বৌৰ কাপোৰৰ লগৰ বগা পেটিকোটটো বিচাৰি পোৱা নাই নহয়! কি কৰোঁ?

: কি কৰিবি আৰু? বাকচটোত থকা বগা পাইজামাটোকে পিন্ধাই দেগৈ যা।

: বগা পাইজামা? বাকচটোত বগা পাইজামা এটা থকা বুলি তই কেনেকৈ গম পালি? কিন্তু আমি কিনা বগা পাটৰ কাপোৰযোৰৰ মেখেলাখনৰ তলত পিন্ধা “বগাটো” ক’ত?

: অ’ মোৰ মৰমৰ ভনীজনী!

মাতটো অলপ সৰু কৰচোন মোৰ দেহি আইজনী! কেনেবাকৈ কোনোবাই শুনিব লাগিলে বৰ বিপদ হ’ব মোৰ!

অথনিৰে পৰা তই বিচাৰি হায়ৰাণ হৈ থকা “বগাটো” যে এতিয়া মোৰেই হে শৰীৰত ..…!

: কি? তাৰমানে তই…?

বেহুচ হোৱাৰ পৰা কথমপিহে ৰক্ষা পৰিছিল জীৱন জ‍্যোতি দত্তৰ মৰমৰ ভনীয়েকজনী….!

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *