ছাৰজী-কেল ষ্ট্ৰাইক – বিশ্বজ্যোতি মহন্ত
গোস্বামী ছাৰৰ কথা ক’বই নালাগে। খংটো চুলিৰ আগতেই থাকে। কাক, কেতিয়া, ক’ত, কি কৈ দিয়ে ইষ্ট দেৱতায়ো একো উমান নাপায়। হ’বই,– ইউনিভাৰ্চিটিৰ পৰা ওলোৱা বেছিদিন হোৱা নাইতো! কলেজৰ চিনিয়ৰ সকলেও আলেঙে আলেঙে আলচ কৰে, –“এইটোৰ পৰা অলপ সাৱধানে থাকিব হে, মান-সন্মান খেদিব কেতিয়াবা।”
মানুহজন দুৰ্বাসা হ’লেও অন্ততঃ এটা সজ গুণ আছে, মানে আছিল। পৰীক্ষাৰ ডিউতিৰ সময়ত কমিটি নিশ্চিত হৈ থাকিব পাৰে,– গোস্বামী আধাঘন্টা আগতে কলেজ পাবই। ‘কিনো কৰিব বেচেৰাই এনেয়ে ঘৰত বহি? ঘৰ-সংসাৰ পতা নাইতো। আচল স্বৰূপ বিয়াৰ পিছতহে ওলাই পৰিব!’– আন সকলে কোৱাকুৱি কৰে।
ছাৰৰ আজি ডিউটি পৰিছে ১৫নং ৰুমত। ৰুমটো ডাঙৰ। পৰীক্ষাৰ্থী প্ৰায় ৭০ জন। দ্বিতীয় বৰ্ষৰ পৰীক্ষা, আটাইকেইগৰাকী আহিছে। ছাৰৰ লগত নিৰীক্ষক হিচাপে দুগৰাকী চিনিয়ৰ বাইদেউ। এঘন্টাৰ ভিতৰতে ল’ৰা-ছোৱালীৰ বহী ভেৰিফাই কৰি চহী কৰা হৈ গ’ল। বাইদেউ এগৰাকীয়ে টেবলত বহি বিষয়, কোড নং, ৰোল নং মতে ষ্টুডেন্ট ৰেকৰ্ড ৰেজিষ্টাৰ খনত উঠাইছে।
গোস্বামী ছাৰে গোটেই ৰুমটোত পিতপিতাই বিচাৰি ফুৰিছে। মাজে মাজে বাইদেউ এগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক সোঁৱৰাই দিছে–‘হেই, কথা নাপাতিবা।’ ছাৰ পিছে একান্তচিত্তে নিজৰ কৰ্মত নিবিষ্ট।
: ঐ, চাওঁ, তোৰ বহীখন দেচোন।
: একো নাই ছাৰ।
: নাই যে বুজিছোঁ, মোক দেচোন এবাৰ। — এইবোৰ কি?… হাঁ?? এক্সপেল হ’বৰ মন আছে? পঢ়া শুনা নকৰিবি, এতিয়া এইবোৰ কৰিবলৈ লাজ নাপাৱ?
উঠিলেই নহয় ছাৰৰ ফাইটো! মাতটো অলপ ডাঙৰ হৈছিল। হঠাৎ ভাবিলে আনৰ অসুবিধা হ’ব পাৰে, সৰু কৰাই ভাল। পৰীক্ষাৰ্থীৰ বহীখন আৰু কুৱেশ্বন পেপাৰ খন লগ লাগি থাকিলেই ছাৰে অলপ ফাঁক কৰি দিয়ে, কি ঠিক, তলত বা কি ৰাখে? সন্দেহ হ’লেই ছোৱালীহঁতৰ ডেস্কত ৰখা ৰুমাল আৰু ল’ৰাহঁতৰ মুষ্টিবদ্ধ হাতবোৰ খুলি চাই। ছাৰে আৰু যে কি কৰা নাই! যিটো ৰুমত তেওঁ ডিউতি দিয়ে তাত নকল হ’ব দিব নোৱাৰি। ইজ্জতৰ কথা আছে।
: ছাৰ— (ল’ৰা জনে সোঁহাতৰ কেঞা আঙুলিটো দেখুৱাই দিলে।)
: কি হ’ল?
: ছাৰ টইলেট..
: অলপ ৰ’। বাহিৰত দুজন আছে। কোনোবা এজন আহিলেহে যাব পাৰিবি।
: ছাৰ,— (ল’ৰাজনে মুখখন বিকটাই) ইমাৰজেঞ্চি।
: পেপাৰ কমন পৰা নাই নেকি?
: নহয় ছাৰ। সঁচাকৈয়ে…
: মই মন কৰি আছোঁ,– তই ইমান সময় একো লিখিব পৰা নাই কিয়?
: যাব দিয়কনা ছাৰ।
: কোনোমতে নোৱাৰোঁ। টইলেটৰ অধিকাৰ মৌলিক অধিকাৰ বুলি ভাবিছ নেকি?
ল’ৰাজনে অগত্যা আশাহত হৈ বহি দিলে। অলপ সময় ৰ’বই লাগিব, উপায় নাই। হঠাতে ছাৰৰ মনলৈ আহিল, ইয়াৰ আগৰজন বাহিৰলৈ যোৱাৰতো বহুত সময় হ’ল। ছাৰে টেবলত থকা টেম্প’ৰাৰী লিভ ৰেজিষ্টাৰ খন চালে। হয়তো। ১৫ মিনিট হৈ গৈছে। সিয়েই যদি ইমান সময় বাহিৰত থাকে, ৰুমৰ বাকীবোৰৰ কি হ’ব? ‘কিবা এটা কৰিব লাগিব’– ছাৰে ভাবিলে। খৰধৰকৈ ৰুমৰ বাইদেউ দুগৰাকীক ক’লে, –‘বাইদেউ, ৰুমটো অকণমান চাব, মই টইলেটৰ পৰা আহোঁ।’
: অঁ, যোৱা যোৱা। তুমি বহাই নাই।
ছাৰ টইলেটলৈ গ’ল,– পিছে শিক্ষকৰ নহয়, ছাত্ৰৰটোলৈহে। দূৰৰ পৰাই ছাৰে দেখিলে,– ল’ৰাবোৰে নোটচ, মডেল কুৱেশ্বন খুব মনোযোগেৰে পঢ়িছে। কেনেকৈ জানো সিহঁতে গম পালে, ছাৰ গৈ পোৱাৰ আগতে ফৰিং ছিটিকা দিলে। পিছে গোস্বামী ছাৰো কম নহয়। তাৰ মাজৰে এটাৰ হাতত খামোচ মাৰি ধৰিলে।
: হাতত কি আছে?… দে।
: ছাৰ একো নাই।
: মিছা নামাতিবি। পকেটত হাতখন কিয় ভৰাইছ?
: ছাৰ, বিশ্বাস কৰক।
: তহঁতক কেনেকৈ বিশ্বাস কৰিম? হাত উলিয়া।
অগত্যা ছাৰে নিজেই ল’ৰাটোৰ হাতখন আজুৰি উলিয়ালে।
: মুঠি খোল।
: ছাৰ নোৱাৰোঁ।
: নোৱাৰ? খোল বুলি কৈছোঁ।
: একো নাই ছাৰ।
: মই চব জানো। পৰীক্ষা দিবলৈ আহি তহঁতে পূৰীয়া মাৰিব আহিছ? *!!
: ছাৰ, শপত খাই কৈছোঁ।
: তই দেখিছোঁ এনেকৈ নামান।
ছাৰে ল’ৰাটোৰ হাতৰ মুঠিৰ মাজেৰে নিজৰ তৰ্জনী আঙুলিটো জোৰ কৰি ভৰাই দিলে। মুঠিটো খুলিবই লাগিব। টইলেটত নকল চোৱাতো বন্ধ কৰিব পাৰিলেহে ৰুমত নকল কমিব।
ল’ৰাটোৰ হাতৰ মুঠিতো খুলিয়েই ছাৰে নিজৰ সেই পৰিচিত খঙত প্ৰায় চিঞৰি উঠিল,–
: চাল্লা, গৰু, লাজ নালাগে তোৰ? পৰীক্ষা দিবলৈ আহি চাধা মাৰি আছ?
☆★☆★☆
4:44 pm
নকল বুলি চাধাকে ধৰিলে ৷ ভাল লাগিল ৷
3:48 pm
khuub val koutuk..
val likhise apuni