ফটাঢোল

টেম্পো সংবাদ – দিপিকা ডেকা

স্থান : টেম্পোৰ মাজৰ চাৰিজনীয়া চিট।
সময় : টিকাফাটিযোৱাকৈ বাইকৰ চিট গৰম হোৱাৰ সময়কণ।

কাৰ্যসূচী : মানুহগৰাকী অকলে বহি আছিল। তেওঁৰ সোঁফালৰ ঠাইখিনিত সূৰ্য দেৱতাৰ কৃপা পৰি আছে। গৰম টেম্পোৰ গৰম চিটটোত নিজৰ ঠাইখিনি বহাৰ উপযোগী কৰি তুলিবলৈ বহি আছিল। এনেতে আদহীয়া মানুহ এজন আহিল।

কোন ইঞ্জিনীয়াৰৰ মগজু নাজানো, তথাপি ক’বই লাগিব যে বৰ আচৰিত ধৰণে এই টেম্পো বোলাবিধ স্ৰজিলে। আগত বহিব, ড্ৰাইভাৰৰ কিলাকুটিৰ খোচ খাব, পিছত বহিব ডিঙি বেকা হ’ব। লগতে তপিনাৰ বিষ বুলি মানুহৰ আগত ক’বলৈ এটা নতুন বেমাৰৰ নাম শিকিব। তাতে বান্দৰ জাপ দিব নাজানিলে আপুনি সেইফালে নোযোৱাই মংগল। মাজৰটো আৰু এখোপ চৰা। জনী লিভাৰ টাইপ মানুহ হ’লে বাৰু চিন্তা নাই। দীঘে-প্ৰস্থই নৰ্মেল হ’লেও আঠুদুটাই ঘহনি খাই খাই নমাৰ পিছত মঙহ অকণমান কমি যোৱা যেন পায়। আৰু নামিয়ে যদি আপুনি চিধাকৈ ঠিয় হ’ব পাৰিছে, তেন্তে মই ভাবিম আপুনি বৰ আৰামত যাত্ৰাভাগ সম্পন্ন কৰিলে। আৰু এইদুবিধ এৰি যদি কেনেবাকৈ আপুনি বচ্চন পৰিয়ালক প্ৰতিনিধিত্ব কৰে, তেন্তে আপোনাৰ আঠুলৈ সমবেদনাৰ বাহিৰে দিবলৈ একো নাই। সেইটোৰ উপৰিও মাজৰ ভাগৰ আৰু এটা বৈশিষ্ট্য আছে। চিটটো সম্পূৰ্ণ চাৰিজনীয়াও নহয়, তিনিজনীয়াও নহয়। তিনিটা বহিলে ভৰি উঠাই বহিব পাৰি আৰু চাৰিটা বহিলে, আপুনি যেনেকৈ সোমাইছে, তেনেকৈ থাকক গন্তব্যস্থান নোপোৱালৈকে। লাইক এ ৰবট। (মোৰটো ৰবট দেখিলে এনেকুৱাই লাগে, যেন ৰবটৰ মেকানিকেই টেম্পোৰ চিট বনাইছে) তাতে কেনেবাকৈ যদি তিনিটা বহি থকাৰ পিছত শেষৰ যাত্ৰীগৰাকীৰ লগত কেঁচুৱা এটা চকুত পৰে, তেন্তে আপুনি তেওঁলোক উঠাৰ আগতেই আনন্দত বহি লওক। উঠাৰ পিছত আৰু আপোনাৰ সেই হাঁহি কোনেও দেখিবলৈ নাপায়।

এতিয়া আহোঁ সেই আদহীয়া যাত্ৰীৰ কথালৈ। হয়তো পূৰ্বঅভিজ্ঞতাৰে পৰিপক্ক ব্যক্তি। সেয়ে অলপমান আৰামত যাব বুলি আহিল মাজৰফালে আগবাঢ়ি। বেলেগৰ ফালে চাবলৈ নাই। তেওঁ বেলেগত নব’হে। মুঠতে মাজৰ চিটতেই বহিব। কিন্তু ৰ’দত জ্বলি থকা চিটত বহিবলৈ অপাৰগ। কোমল কলিজাৰ মানুহগৰাকীয়ে নিজে ভিতৰলৈ অলপ সোমাই গৈ বহিবলৈ দিলে। চিট ভৰ্তি নহ’লে আনদিনা এখোজো লৰচৰ নকৰা ড্ৰাইভাৰ সিদিনা জানো কি মুডত আছিল, মাজৰ দুটা চিট খালীকৈ লৈয়ে গাড়ী ষ্টাৰ্ট কৰিলে। টেম্পো চলিল। অলপ দূৰ গৈ দুজনী গাভৰু যাত্ৰী দেখা গ’ল। মাজৰ চিট দুটা খালী আছিল। ড্ৰাইভাৰেও সেয়ে অংক মিলাই ৰখাই দিলে। কিন্তু ঠাইখিনি আছিল NO PARKING ৰ।

এনেকুৱা ঠাইত নিজৰ সুবিধামতে ড্ৰাইভাৰ-পুলিচে কামবোৰ চলাই থাকে যদিও বেছিসময় ৰখোৱাৰ পাৰ্মিচন নাই। তেনে সময়ৰ বাবে গাড়ীত উঠাৰ এটাই নিয়ম। এখন হাতেৰে গাড়ী চলাই থাকি আনখন হাতেৰে ড্ৰাইভাৰে দৰ্জাৰ হেণ্ডেল খুলিব আৰু আপোনাৰ ওচৰ পোৱাৰ লগে লগেই গাড়ী শ্ল’ কৰি দৰ্জা খুলি দিব। ইফালে আপুনি “দিলবালে দুলহনিয়া লে জায়েংগে”-ৰ চিমৰণৰ দৰে দোপ মাৰি জাপ এটা দি টেম্পোত উঠিব লাগিব। উঠিয়ে আপুনি বহিব নোৱাৰিব। অকণমান হাউলি আগৰফালে কুঁজা হ’ব লাগিব। কাৰণ আপোনাৰ কাষৰ আগতেই উঠি অহা যাত্ৰীগৰাকীয়ে আপোনাৰ পিছফালেৰে হাতখন দি দৰ্জাৰ হেণ্ডেল লগাই ড্ৰাইভাৰ আৰু আপোনাক সহযোগিতা আগবঢ়াব আৰু তেতিয়াহে আপুনি বহিবলৈ ভাবিব যদিও সম্পূৰ্ণকৈ নবহি অলপ খচ্ মচ্ কৰি নিজৰ ভাগৰ ঠাই উলিয়াই ল’ব আৰু তেতিয়াহে ভালকৈ বহিব।

এতিয়া নিজৰ অভিজ্ঞতাবোৰৰ কথা ভাবিবলৈ এৰি পঢ়িবলৈ আগবাঢ়ক কাহিনীৰ পিছৰ অংশলৈ

No PARKING, বেছি সময় গাড়ী ৰখোৱা নিষেধ।

গাভৰু যাত্ৰী আগবাঢ়ি আহিল যদিও জ্বলন্ত অঙঠাত বহিবলৈ নিবিচাৰে। ইফালে মহিলাগৰাকী আকোঁৰগোজ নিজৰ ভাগৰ চিট এৰিবলৈ। সিফালে ড্ৰাইভাৰ নাচোৰবান্দা, দুটা চিট খালী নিনিয়ে। এবাৰ ইফালে এবাৰ সিফালে চাই বাইদেউৱে নিজৰ ঠাণ্ডা কৰি ৰখা চিট এৰি সোমাই গ’ল ভিতৰলৈ। অলপদূৰ গৈ হয়তো ভালকৈ বহিব পৰা হ’লগৈ। ইটোৱে সিটোলৈ এৰি দিয়া গুৱালগালিৰ ভুনভুননিবোৰ বন্ধ হ’ল। নিজৰ ৰাস্তাত ঘেৰঘেৰকৈ বিন্দাছ টেম্পো চলি গৈছে।
আঠমিনিটমান যোৱাৰ পিছতে গাড়ী ৰ’ল। আদহীয়াজন নামিবলৈ লোৱা দেখি গাভৰু যাত্ৰী গাড়ীৰপৰা নামি ৰাস্তা এৰি দিলে। কোনোবা যাত্ৰী পাই নেকি ইফালে সিফালে চাই কাকো নেদেখি ড্ৰাইভাৰে গাড়ী এৰিলে। সুযোগ পালে এৰিব নালাগে। মুঠতে যেনেকৈ নহওক আপুনি সুযোগৰ সৎ ব্যৱহাৰ কৰিবই লাগে। তাকেই প্ৰমাণ কৰিলে জ্বলনত সেপ ঢুকি বহি থকা বাইদেউৱে।

গোটেইকেইগৰাকী নামি যোৱাৰ সুবিধাতে তেওঁ নিজৰ ঠাই এৰি ছাঁ-ৰ ফালে আহি বহিল। ইফালে মানুহজন নামি দিয়াৰ লগে লগে গাভৰু যাত্ৰী আকৌ উঠি বহিবলৈ লৈ মহিলা যাত্ৰীক ঠেলি সিফাললৈ পঠাবলৈ চেষ্টা কৰিলে। ইফালে ৰ’দৰপৰা বাচিবলৈ বাইদেউৱে যৎপৰোনাস্তি চেষ্টা চলালে। গাড়ী চলিল। যুঁজখন সামৰি ভাগৰি পৰা বাইদেউৰ গাড়ীৰ বতাহৰ নিচাত চকুহাল জাপ খাইছিল। ইফালে সূৰ্য দেৱতাই নিজক উজাৰি দিছে(প্ৰেমতো প্ৰেমিক-প্ৰেমিকাই চাগৈ এনেকৈ নিজকে উজাৰি নিদিয়ে) দাতাই দিলেও টেম্পোৱালাই নিদিয়ে। নতুন যাত্ৰী পোৱাৰ আনন্দত পিছৰখনক চেৰ পেলাই ইখন টেম্পোৰ ড্ৰাইভাৰে ৰৈ থকা মানুহ বুটলিবলৈ ধৰিলে। বাইদেউৰ আকৌ বিপদ, একেই কাৰবাৰ। বেলিৰ আশীৰ্বাদ কোনেও নলয়।
ঠেলা-হেঁচা কৰি কিবাকৈ বহিলে। ষ্টাইলটো প্ৰায় ৱেষ্টাৰ্ণত বহা ধৰণৰ। লাহে লাহে চিটটো বহিবপৰা পৰ্যায়ত পৰিছিল, দীঘলীয়াকে উশাহ টানি আৰামত বহি চকুদুটা মুদি বহিছিল মাথোঁ, ঘপকৈ ব্ৰেক মাৰি গাড়ী ৰখাই ড্ৰাইভাৰে মাতিলে, “অ’ বাইদেউ, যিমান শোৱে ঘৰতে শুব যাওক। আপোনাৰ চ’ক পালে। ভাড়াটো দি নামি যাওক।”

গাড়ীত উঠাৰপৰা যুঁজ-বাগৰ দি অহা বাইদেউৰ ড্ৰাইভাৰৰ কথা শুনি চকুদুটা যেনেকৈ জ্বলিছিল…..এবাৰ চাই ঘূৰি চাবলৈ আৰু সত নগ’ল৷

☆★☆★☆

2 Comments

  • Bagmita Rajkhowa

    হাঃ হাঃ! কিমান যে অভিজ্ঞতা আছে টেম্পো যাত্ৰাৰ

    Reply
  • হিৰণ্যজ্যোতি দাস

    টেম্পোযাত্ৰাৰ অভিজ্ঞতা বৰ সুন্দৰকৈ বৰ্ণনা কৰিলে ৷ ভাল লাগিল ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *