ফটাঢোল

এ কাশ কি হম … – সোণটো ৰঞ্জন বৰুৱা

বহুদিনৰ পাছত কলিতাদাৰ লগত একেখন গাড়ীতে আহিছিলোঁ‌। জলবিদ্যুৎ প্ৰকল্পত ডাঙৰ চাকৰি, কেতিয়াবা ঘৰলৈ আহিলে বা এনেদৰেই ক’ৰবাত লগ পাওঁ‌। মানুহজনৰ লগত কথা পাতি কিবা এটা ভাল লাগে, সময় পাহৰি যোৱা যায়। স্বপ্নদ্ৰষ্টা মানুহ, আমাৰ চকুত সাধাৰণ ঘটনা এটা ভিন্ন দৃষ্টিৰে বিশ্লেষণ দি আচৰিত কৰি দিয়ে। কোৱা কথাৰ আধা বুজি পাওঁ‌, আধা মূৰৰ বহু ওপৰে পাৰ হৈ গ’লেও মনপুতি শুনোঁ‌।সেইদিনাও ভাল-বেয়া, স্কুল আদি বিভিন্ন বিষয় পাৰ হৈ কেতিয়া ব্যৱসায় পালোগৈ নিজেই ধৰিব নোৱাৰিলোঁ‌।

:………….আচৰিত নহয়নে দাদা। প্ৰথমে ফ্ৰী চিম, তাৰ পাছত ফ্ৰী কল, তাৰপাছত ফ্ৰী ইণ্টাৰনেট। এতিয়া শুনিছোঁ‌ ফ্ৰী ফোনো দিব।

: তাতে কি হ’ল ভাই, পলিচি হয় এইবোৰ। চাই থাকা আৰু কিছুদিনৰ পিছত সিহঁতে ফ্ৰী টিভি দিব, তাৰ পাছত ফ্ৰীতে সকলো চেনেল চাবলৈ দিব।

:কি নতুন পলিছি উলিয়াই দিলে … লাভ কেনেকৈ কৰে একো বুজিবৈ নোৱাৰি।

:নতুন? এনেকুৱা বিজনেচ পলিছি সদায় তুমি দেখিয়েই আছা।

:পুৰণি? দেখিয়েই আছো মানে?

:তোমাৰ হাতৰ কাকতখন চোৱা, কি লিখা আছে? ৰেলত নিচাযুক্ত বিস্কুট খুৱাই চেতনালুপ্ত কৰি দম্পতিৰ সামগ্রী লুট, এইটোৱেই।

:অ, এইবোৰ ঘটনা দিনক দিনে বাঢ়ি আহিছে। পিছে বিজনেচৰ লগত ইয়াৰ কানেকশ্যন আছে জানো?

:ফুল কানেকশ্যন আছে ভাই, দুয়োটাৰে পলিছি একেটাই।

:????

:হাঃ হাঃ হাঃ, বুজা নাই? গ্ৰাহকক হুঁচ আহিবলৈ সুবিধা নিদিয়াজনহে আছল বেপাৰী।

:মানে এই নিছাযুক্ত দৰৱ খোৱাই লুটপাট কৰাসকলৰ পৰাই বেপাৰীবোৰে এই পলিচিটো শিকিছে?

:ওহো, কোনেও কাৰো পৰা শিকা নাই। দুয়োৱেই আনৰ পৰাহে শিকিছে।

এইবাৰ একো বুজি নাপায় বেঙা হাঁহি এটা মাৰি সুধিলো ”ক’ৰ পৰা?”

:ভাই, কোনোবাই আমাক কৈছিল — আমি গোলাম আছিলো, স্বাধীনতাৰ বাবে যুঁ‌জিব লাগিব, যুঁ‌জ দিয়া!

আমি যুঁ‌জিবলৈ ল’লোঁ‌। পিছত আমি সুধিলো — স্বাধীনতা আহিলনে?

উত্তৰ আহিল — পাকিস্তানে আক্ৰমণ কৰিছে, দেশমাতৃয়ে তোমালোকক আহ্বান জনাইছে, কাণ পাতি শুনা।

আমি কাণ পাতি শুনিলোঁ‌, দেশমাতৃৰ আহ্বান। আকৌ ক’লো — আমাৰ স্বাধীনতা দিয়া।

উত্তৰ আহিল –ডাঙৰ ডাঙৰ উদ্যোগ বহাইছোঁ‌, পঞ্চবার্ষিয় পৰিকল্পনা কৰিছোঁ‌, সুখী হোৱা।

কিছুদিনলৈ আমি সুখী হৈ গ’লোঁ‌। আকৌ সুধিলো — স্বাধীনতা ক’ত?

উত্তৰ আহিল – দেশৰ অৱস্থা সংকটজনক, খাদ্য শস্য উৎপাদন বঢ়োৱা। আমি জান প্ৰাণ দি শস্য উৎপাদন কৰিলোঁ‌। আকৌ মনত পৰি সুধিলো —স্বাধীনতা?

উত্তৰ আহিল – দৰিদ্ৰতা দেশৰ ডাঙৰ সমস্যা। আমাৰ লগত শ্ল’গান দিয়া ‘গৰীবী হতাঔ।’ আমি সুৰত সুৰ মিলাই চিঞৰিলোঁ‌, ”গৰীবী হতাঔ, গৰীবী হতাঔ।”

চিঞৰি ভাগৰ লগাত পুনৰ মনত পৰি সুধিলো, “….স্বাধীনতাৰ কি হ’ল?”

উত্তৰ আহিল, “ভাৰতে বিশ্বকাপ জয় কৰিলে। উলাহত নাচা।”

আমি নাচিলোঁ‌। পুনৰ ভাগৰ লগাত সুধিলো ”স্বাধীনতা?”

উত্তৰ আহিল –”প্ৰধানমন্ত্ৰীক হত্যা কৰিলে, সকলোৱে ভয় খোৱা।”

আমি ভয় খালোঁ‌ বহুদিনলৈ। পিছত অকণমান সাহস ঘুৰি অহাৰ লগে লগে সুধিলো —”সেইটো সেইটো….. এহ কি আছিল….অ স্বাধীনতা, স্বাধীনতা দিয়া আকৌ।”

উত্তৰ আহিল – এটা নতুন বস্তু আহিছে, টিভি। তাক চাই আনন্দ লোৱা।

কিছুদিন আনন্দ লৈ পুনৰ ক’লোঁ‌ — আমাৰ সেইটো……এ কি আছিল? অ স্বাধীনতা আমাক দিয়া।

উত্তৰ আহিল – ধৰ্ম, জাতি, অৰ্থব্যৱস্তা তীব্ৰ সংকটত পৰিছে। কিবা এটাৰ হৈ যুঁ‌জ দিয়া।

আমি যুঁ‌জত নামি দিলোঁ‌। শেষত পুনৰ ক’লোঁ‌ –আমাৰ সেইটো দিয়া।

উত্তৰ আহিল –কি সেইটো লাগে?

আমি ক’লোঁ‌ — কি নাম আছিলে পাহৰি গ’লোঁ‌ নহয় যিটো দিম বুলি আপুনি প্ৰতিশ্ৰুতি যে দিছিল, সেইটোৱেই।

উত্তৰ আহিল — আমিতো দিনে অলেখ প্ৰতিশ্ৰুতি দিওঁ‌। তুমি বা কোনটোৰ কথা কৈছা?

আমি ক’লোঁ‌ — সেই যে ……সাতচল্লিশ চনত দিম কৈছিল, সেইটো।

উত্তৰ আহিল – আৎচা সেইটো ন? লোৱা পূৰা ৮০ জিবি ফ্ৰী ডাটা, ইয়াৰে প্ৰতিশ্ৰুতি দিছিলোঁ‌ কিজানি। এতিয়া খুচি খুচি ঘৰলৈ গৈ নেটৰ জালত বন্দী হোৱাগৈ।

এতিয়া আমি সুখী….

অলপ ৰৈ মোৰ মুখলৈ চাই পুনৰ ক’লে,” …. এতিয়াতো বুজিলা ভাই? ব্যৱসায়ীবোৰে ক’ৰ পৰা পলিচিবোৰ বনাইছ। আৎচা মোৰ নামিবৰ হ’ল। ঘৰত গৈ বৌৱেৰাৰ ওচৰত স্বাধীনতা বিচাৰোগৈ। তেতিয়াহে যদি ভাত মুঠি মিলে।”

কৈয়ে গাড়ী ৰখাই কলিতাদা নামি গ’ল। গাড়ী পুনৰ চলিবলৈ ধৰিলে। গাড়ীত বাজি থকা এফ এম ৰেডিঅ’ত ভাহি আহিল – পেশ হে ফ্লিম ‘কভি হা কভি না’ কা গানা। জিচ কে ব’ল লিখে হে মজৰুহ চুলতানপুৰী নে, সংগীত দিয়া হে যতিন ললিত নে ঔৰ গায়া হে কুমাৰ চানু নে — এ কাশ কি হম হৌশ মে অব আনে ন পায়ে —- বচ নগমে তেৰে প্যাৰ কে………

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *