জেউঠাৰ প্ৰেমত পুলিচৰ চৰ – ৰক্তাভ কুমাৰ
সৰুকালৰ পৰাই জেঠ মাহটো মোৰ খুবেই ভাল লাগে। ভাল লগাৰ বিশেষ কাৰণটো হ’ল ডাঙৰ জেঠাইৰ ডাঙৰ ল’ৰাটো আৰু সৰু জেঠাইৰ সৰু ল’ৰাটোৰ জন্ম জেঠ মাহত। জেঠ মাহত জন্মিলে যিহেতু ‘জেউঠা ভঙা’ হয় সেয়েহে দুটা ভিন্ন দিনত দুবাৰকৈ দকছি লুচি-পায়স খোৱাৰ সৌভাগ্য মিলে, জন্মদিন দুটাৰ কথা নকলোৱেই যেনিবা। আকৌ ব’নাচ ফিষ্ট হিচাপে ককাইদেউৰ দুজনমান লগৰ আৰু মোৰো লগৰ দুই এজনৰ ঘৰত নিমন্ত্ৰণ পাওঁৱেই, তদুপৰি ঘৰৰ ওচৰৰ সমনীয়া, দাদা-বাইদেউ মিলি প্ৰায় গোটেই মাহটোতেই ‘জেউঠা ভঙা’ৰ অজুহাতত আন এটা ভোগালী মাহ উপভোগ কৰাৰ আনন্দত উটি-বুৰি থাকোঁ। মুঠতে জেঠ মাহটোত স্কুলৰ পৰা ঘৰলৈ উভতি অহাৰ পিছৰ পৰা প্ৰায় সদায়েই মনটোত এটা বৰ বেলেগ ধৰণৰ সপ্ৰতিভতাই ক্ৰিয়া কৰি থাকে। ঘড়ীৰ কাঁটাৰ ঘূৰ্ণনৰ লগে লগে উৎসুকতা বাঢ়ি গৈ থাকে। কেতিয়া মায়ে ককাইদেউ আৰু মোক সাজু হ’বলৈ ক’ব, কেতিয়া দুয়ো ভাই মিলি ফুল পেডেল ঢুকি নোপোৱা হাৰকিউলিছৰ চাইকেলখনত ‘ডাবল’ উঠি আলহী ঘৰলৈ যাম! আলহীঘৰ গৈ পোৱাৰ পিছৰ চিন্তা আকৌ বেলেগ। খাবলৈ বা কি দিয়ে, লুচীৰ গোন্ধটো পাই আছোঁ বাৰু পায়স বা বনাইছেনে নাই!
তদুপৰি মোৰ মনত সেই সময়খিনিত দোলা দি থকা অন্য এক চিন্তা হ’ল যিহেতু মই সৰু আৰু দেখাতো নিশকতীয়া, প্লেটখন সজাই আনোতে বা মোৰ প্লেটত কিমান পৰিমাণৰ বস্তু লৈ আনে! খাব নোৱাৰিম বুলি কমকৈ সজাই আনিব বুলিও এটা বিৰাট ডাঙৰ চিন্তা হৈ থাকে। “পেটত আটিলেও চকুত নাটে” কথাটি সৰুকালত সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হোৱাৰ লেখীয়া সেইসময়ত মোৰ বাবেও এটা গভীৰভাৱে চিন্তা কৰিবলগীয়া বিষয় আছিল। যথাসময়ত প্লেটবোৰ আহি পায়, টেবুলত থোৱা মাত্ৰেই আটাইবোৰ প্লেটলৈ চকু খেপিয়াই চাওঁ পৰিমাণ সমানেই আছে নে কিবা ‘দিছক্ৰিমিনেচন’ কৰা আছে! দুই এঘৰৰ বাদে বাকীবোৰ আলহী বৰ সাদৰীয়েই পাওঁ, জেঠাইৰ ঘৰততো কথাই নাই। লুচী-পায়স যিমান ইচ্ছা খাই থাকা। কিন্তু যিকেইঘৰ মানুহৰ তাত ককাইদেউৰ প্লেটত মোৰ প্লেটতকৈ বেছি খোৱাবস্তু দেখা পাওঁ (বেছি মানে লুচী যদি মোক দুখন তাক তিনিখন, পায়স যদি মোৰ বাতিটোৰ পেটলৈকে তাৰ বাতিটোৰ ডিঙিলৈকে ইত্যাদি)তাৰ হিচাপ ঘৰত মায়ে খাবলৈ অনা ক্ৰীম কেক, ক্ৰীম ৰ’ল, মেগী এইবোৰৰ ওপৰত কৰা হয়, লগতে এখন ওন্দোলোৱা মুখৰ সৈতে মাৰ পৰা কিছু আদৰো সৰকোৱা যায়। সৰু হ’লোঁ বুলিয়েই কমকৈ খাবলৈ দিব নে! বেছিকৈ খালেহে ডাঙৰ হ’ম! সিহঁতৰ মোৰ প্ৰতি কৰা এনেকুৱা ব্যৱহাৰক মই এতিয়াও তীব্ৰ গৰিহণা দিওঁ।
বাৰু যি নহওক, সময়ৰ লগে লগে প্ৰতি বছৰে তেনেকুৱা ‘জেউঠা ভঙা’ খাই খাই মই ক্লাছ নাইন পালোঁ। ককাইদেৱে তেতিয়ালৈ কলেজ পাইছে যিহেতু আমি সবতে একেলগে চলা-ফুৰা কৰি নাথাকোঁ আৰু। আগৰ নিচিনাকৈ জেউঠা ভঙা খোৱাৰ নিমন্ত্ৰণ নাপাওঁ যদিও দুই জেঠাইৰ ঘৰত তেতিয়ালৈ মই সেই বিশেষ দিন দুটাৰ “মান না মান মেই তেৰা মেহমান” হৈয়েই গৈছোঁ। সেই ক্লাছ নাইনত থাকোঁতে ডাঙৰ জেঠাইৰ ল’ৰাটোৰ ‘জেউঠা ভঙা’ৰ দিনাখন আমাৰ চহৰত কেন্দ্ৰীয়ভাৱে বহাগী বিদায় অনুষ্ঠানখনো আয়োজন কৰা হৈছিল। অনুষ্ঠানৰ বিশেষ আকর্ষণ আছিল ‘সা ৰে গা মা পা লিটিল চেম্প’ৰ বিজয়ী অনামিকা চৌধুৰী। এনেই টিভিত তাইৰ গীত শুনি অলপ অলপকৈ ক্রাছ ভাৱ এটা আহি গৈছিলেই যিহেতু ফাংচন মিছ কৰাৰ কোনো চান্স নাই। গধূলি মাৰ পৰা অনুমতি লৈ প্ৰথমে জেঠাইৰ ঘৰলৈ গ’লোঁ। তাত ঠিকছে খাই লৈ উঠি ন মান বজাত দুজন বন্ধুৰ লগত অনুষ্ঠানথলীলৈ বুলি বাট পোনালোঁ। সাধাৰণতে ফাংচনৰ মুখ্য আকৰ্ষণক ষ্টেজত উঠাওঁতে অলপ দেৰি হয়, কিন্তু সৰু ছোৱালী কাৰণে অনামিকাক সিদিনা সোনকালেই ষ্টেজত উঠাই দিলে। আমিও ঠিক গৈ পাইছোঁ আৰু তায়ো ষ্টেজত উঠিলে। দূৰৰ পৰা ভালদৰে দেখা নাপাম কাৰণে মানুহৰ ফাঁকে ফাঁকে সোমাই গৈ তাইৰ পৰা দৃশ্যমান দূৰত্ব এটাত তিনিও বন্ধু অৱস্থান কৰিলোঁ। যিহেতু সেইখিনি সময়ত তাইৰ গ্লেমাৰ গগনচুম্বী সেয়েহে অনুষ্ঠানথলীত যথেষ্ট পৰিমাণৰ দৰ্শকৰ আগমন ঘটিছিল।
ৰঙা ফ্ৰক এটা পিন্ধি অনুষ্ঠান পৰিৱেশন কৰিব অহা অনামিকা চৌধুৰীক দেখি সিদিনা মনৰ ভিতৰত সোপাকে জোনাকী পৰুৱা উৰি ফুৰিছিল। সেইখিনি সময়ত মোৰ স্কুলৰ প্ৰেয়সীজনীৰ কথা পাহৰি অনামিকাক প্ৰেয়সী হিচাপে পোৱাৰ এটা দুৰ্বাৰ হেঁপাহে মনৰ ভিতৰত প্ৰবলভাৱে ক্ৰিয়া কৰিবলৈ ধৰিছিল। ঘৰৰ পৰা ওলাওঁতে অনামিকাৰ কাৰণে কাগজ এখনত গীত এটাৰ অনুৰোধ লিখি তলত হাৰ্টৰ ছবি এটাও আঁকি লৈ গৈছিলোঁ। কিছুপৰ তাইক চাই চাই তাইৰ গীত শুনি থাকি তাইৰ সৈতে ৰোমাণ্টিক হৈ প্ৰেম নিবেদন কৰি থকা কল্পনাৰ সাগৰখনত ডুবি থাকোঁতেই কেনেকৈ যে অথন্তৰটো ঘটিল! অনুষ্ঠান চাবলৈ অহা দৰ্শকবোৰ ইমানেই বেছি উৎসাহী হৈ পৰিছিল যে অস্থায়ীভাৱে লাইটৰ ব্যৱস্থা কৰা বাঁহৰ খুটা বগাই অনুষ্ঠান উপভোগ কৰি থাকোঁতেই দুডাল বাঁহ ভাঙি মই থিয় হৈ থকা ঠাইটুকুৰাৰ নিচেই কাষত আহি পৰিল। মুহূৰ্তৰ ভিতৰতেই হুৱা-দুৱা লাগিল, যিয়ে যেনি পাৰে দৌৰিবলৈ ধৰিলে। মোৰ লগত ফাংচন চাবলৈ যোৱা বন্ধু দুজনেও ইতিমধ্যে মোক অকলে এৰি থৈ সেই ঠাই ত্যাগ কৰিছে। সাময়িকভাৱে অনুষ্ঠান স্থগিত হ’ল। কোনোবাৰ ভৰিৰ গচকত পৰিম বুলি ভয় খাই ময়ো সেই ঠাই এৰি আয়োজক তথা বিশিষ্ট ব্যক্তিৰ কাৰণে সংৰক্ষিত ঠাই আৰু অনুষ্ঠান চাবলৈ অহা বাকী দৰ্শকৰ আসন থকা ঠাইখিনিৰ ঠিক মাজৰ ঠাইখিনি, যিখিনিত আচলতে কোনো দৰ্শকক থিয় হৈ থকাৰ অনুমতি দিয়া নহয়, অৱস্থান কৰিলোঁ য’ৰ পৰা ষ্টেজৰ ওপৰত থকা মানুহখিনিক খুব ভালদৰে দেখা পায়। অনামিকা সেইখিনি সময়ত ষ্টেজৰ কাষৰপিনে আহি কোনোবা দুজনমান বিশিষ্ট ব্যক্তিৰ লগত কথা পাতি আছিল। ময়ো চেগ বুজি গীতৰ অনুৰোধ থকা কাগজখন হাতত লৈ তাইক দিবলৈ বুলি ঠিক আগবাঢ়িছিলোঁহে মাত্ৰ,ক’ৰ পৰা সদৰৰ ডি.এছ.পিজনে আহি দিলে নহয় সোঁহাতেৰে মোৰ বাওঁ গালত ৰাম চৰ এটা সোধাই! তাৰ পিছত সুধিলে,
: ইয়াত কি কৰিছ!
ময়ো চৰটো খাই একেলগে তিনিজনীমান অনামিকা দেখা পালোঁ। কিবাকৈহে নিজক চম্ভালি ল’লোঁঁ আৰু ইফালে সিফালে চালোঁ কোনো চিনাকি মানুহৰ চকুত ধৰা পৰা নাইতো! নাই নাই, কোনেও দেখা নাই, সবৰে মনোযোগ পিছফালে য’ত বাঁহ ভাঙি মানুহ পৰিছিল তাত হৈ থকা লাঠীচার্জৰ ওপৰতহে। মই কিবা কবলৈ পোৱাৰ আগতে আৰু এটা চৰ মাৰি ডি.এছ.পি.ৰ প্ৰস্থান।
আৰে চৰটো মৰাৰ আগত কথাটো সুধিব নোৱাৰি নেকি! আৰু প্ৰশ্নটো সুধি উত্তৰ নুশুনাকৈয়ে গপছত আগুৱাই গ’ল। ভিতৰি ভিতৰি এনেকুৱা লাগিছিল যেন সেই মুহূৰ্ততে তেওঁৰ কঁকালত খুচি ৰখা ৰিভলভাৰটো উলিয়াই দুজাই এৰি দিওঁ সঞ্জয় দত্তৰ ষ্টাইলত! কিন্তু আমিবোৰে কল্পনা কৰাৰ বাহিৰে বেলেগ কিবা কৰিব পাৰোঁ জানো! সেয়েহে দুইহাতেৰে গাল দুখন মচি থাকি চৰৰ আফটাৰ এফেক্টছখিনি প্ৰশমিত কৰি থকাৰ সময়ত এইবাৰ মোক চৰ মৰাৰ প্ৰিভিলেজ ল’বলৈ আগবাঢ়ি আহিল তেওঁৰ পিছে পিছে আহি থকা এজন কনিষ্টবল। এইবাৰ কিন্তু সি চৰ মৰাৰ আগতেই উপস্থিত বুদ্ধি খটুৱাই তাক কৈ পালোঁ,
: ছাৰ, মই ভলিউণ্টিয়াৰ। এইফালে যাবলৈ ওলাই আহিছোঁ।
কনিষ্টবলজন চাগে বৰ বেছি চালু নাছিল, মোৰ কথা বিশ্বাস কৰি মোৰ ডিঙিত আনকি কোনো ধৰণৰ আইকাৰ্ড বা চোলাত বেজ আছেনে নাই সেইটোও নাচালে আৰু তাৰ পৰা আঁতৰি গ’ল। হেন সময়ত মোক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিল স্কুলৰ চিনিয়ৰ দাদা এজন, ছাত্ৰ সন্থাৰ সদস্য হোৱা হেতু সি অনুষ্ঠানটোৰ ভলিউণ্টিয়াৰ হবলৈ পাইছিল। মোক দেখা পাই আগবাঢ়ি আহি সি ষ্টেজৰ সন্মুখৰ ফালে মোক লৈ গ’ল। কিন্তু ডি.এছ.পিৰ হাতৰ চৰ খোৱাৰ পিছত মোৰ আৰু অনুষ্ঠান উপভোগ কৰাৰ সমস্ত উত্তেজনা আৰু মানসিকতা ক’ৰবাত হেৰাই থাকিল।
এতিয়ালৈ জীৱনত প্ৰথম আৰু একমাত্ৰবাৰৰ বাবে মোৰ গালত পৰা পুলিচৰ সেই চৰ দুটাৰ অভিজ্ঞতা ইমানেই তীব্ৰ আছিল যে সেইদিনাখনৰ পৰা মোৰ অনামিকা চৌধুৰীৰ প্ৰতি জগা প্রেম ক’ৰবাত হেৰাই থাকিল। যেতিয়াই তাইৰ কথা মনলৈ আহে পিছে পিছে ডি.এছ.পিৰ দৈত্য হাতখনেও মোক অনুসৰণ কৰি আহি থাকে। আজিকোপতি মই যেতিয়াই অনামিকা চৌধুৰীক টিভিত বা চ’চিয়েল মিডিয়াত দেখিব পাওঁ, মোৰ মনত অহা প্ৰথম আৰু একমাত্ৰ কথাটোৱেই হ’ল দাদাৰ ‘জেউঠা ভঙা’ৰ দিনাখন মোৰ গালত পৰা পুলিচৰ হাতৰ সেই ব্ৰহ্ম চৰ দুটা৷
☆★☆★☆
6:23 pm
বঢ়িয়া লাগিল ৰক্তাভ
8:54 pm
ধন্যবাদ দাদা
8:45 pm
দেহি ..বেচেৰাটো?
8:55 pm
খোৱাজনে জানে পুলিচৰ হাতৰ তাগজ কিমান ???
8:46 pm
কান্দি দিওঁ নেকি।ভাল লাগিল পঢ়ি
8:50 pm
নাকান্দিব, মইও নাকান্দিলো সিদিনা ??
8:50 pm
হাঃ হাঃ ! অনামিকাৰ প্ৰেমে জেউঠা ভঙাৰ আনন্দ নোহোৱা কৰিলে।
8:56 pm
একদম, ইমান মন কৰি প্ৰগ্ৰেম চাব গৈছিলোঁ, গুচি আহিলোঁ শেষত
8:50 pm
ভাল লাগিল৷
9:03 pm
ধন্যবাদ বাইদেউ।
10:29 pm
ইচচ্, হয়তো চৰটো মৰাৰ আগতে সুধিব পাৰে — বেচেৰা!
9:01 am
আৰু দুচৰ দিব লাগিছিল…
ধেমালি বাদ….ভাল লাগিল পঢ়ি ৰক্তাভ
1:05 pm
তামাম লাগিল ৰক্তাভ! আৰু ভাল লাগিল হেতেন যদিহে চৰ খাইও অনামিকাক কাগজখন দি আহিব পাৰিলা হেতেন!
5:05 pm
মজা লাগিল, বেয়াও লাগিল চৰ দুটা খোৱা বাবে ৷