ফটাঢোল

জীৱন বৃত্তৰ পৰিধি – পলাক্ষী দৌলবৰুৱা

জীৱনটোত আমি কি বিচাৰো বুলিলেই বহুতেই হয়তো নিজস্বতাখিনিক সাঙুৰিয়েই উত্তৰটো দিব। এটা নিৰাপদ তথা সা সুবিধাৰে পৰিপূৰ্ণ জীৱন অথবা আৰু কত কি! তথাপিও বিৰল কিছু উদাহৰণে আমাৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হয়। নিজৰ পৃথিৱীখনত মত্ত থকা এচাম মানুহৰ বিপৰীতে এমুঠি মানুহ আমি দেখিবলৈ পাওঁ, যি নিজৰ জীৱন বৃত্তৰ পৰিধি বহলাবলৈ সক্ষম হৈছে। শেহতীয়াকৈ তেনে বহুকেইটা বাতৰিয়ে আমাৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল। বিশেষকৈ তিনিটা শিশুৰ অভিভাৱকৰ দায়িত্ব লোৱা দম্পত্তিহালৰ মহানুভৱতাই বাতৰিটো চোৱা প্ৰতিজন দৰ্শকৰ অন্তৰ স্পৰ্শ কৰিছিল। এনে সৰু বৰ ঘটনা দৈনন্দিন আমাৰ চকুত পৰিয়েই থাকে। বহু কিছু অনিশ্চয়তাৰ বাৰ্তা বিয়পি থকা সমাজখনত আমাৰ বাবে এয়া হৈ পৰে এক শুভ সংকেত।

জোনমণি তাইৰ নাম। যিদিনা প্ৰথমবাৰৰ বাবে তাইক দেখিছিলো সেইদিনা সমূলি বুজি পোৱা নাছিলোঁ যে জোনমণি দৃষ্টিহীন। সাৱলীল ভাবে আমাৰ আগত কবিতা আবৃত্তি এটা আওৰাই উঠাৰ পিছত তাইক যেতিয়া মাকে হাতত ধৰি মঞ্চৰপৰা নমাই নিছিল তেতিয়াহে আমি জোনমণিৰ দৃষ্টিশক্তিহীনতাৰ কথা বুজিব পাৰিছিলো। বহু পৰলৈ আমি জোনমণিৰপৰা চকু আঁতৰাব পৰা নাছিলোঁ আমাৰ।

তাৰপিছতো জোনমণিক আৰু দুবাৰ লগ পালোঁ। তেওঁৰ মনৰ উজ্বলতাই বাৰে বাৰে আমাক স্পৰ্শ কৰিছিল। আমি অনুভৱ কৰিছিলোঁ নিজৰ অন্ধত্বৰ বাবে কোনো দুখবোধ নাই জোনমণিৰ মনত। মাথোঁ হাবিয়াস আছে ৰংবোৰ পুনৰাই চোৱাৰ। অথচ হতাশাই গ্ৰাস কৰিব পৰাকৈ জোনমণিৰ জীৱনত এটা দুখজনক অতীত আছে। সেই সকলো পাহৰাৰ চেষ্টা কৰি মাকক সাহস দিয়ে তাই। মাকৰ মনোবল ভাঙি পৰাৰ সময়ত জোনমণিৰ কথাই পুনৰ সাহস দিয়ে মাকক। দৰিদ্ৰতাৰ সৈতে যুঁজিবলৈ পুনৰ মনোবল দৃঢ় হয় তেওঁৰ। এইদৰেই জোনমণিয়ে বঢ়াই লৈছে জীৱন বৃত্তৰ পৰিধি।

এই যে কথাষাৰ, জীৱন বৃত্তৰ পৰিধি ইয়াক কিমান গভীৰতালৈ অনুভৱ কৰিব পাৰি সেয়া আক্ষৰিক ভাবে বুজাবলৈ কঠিন। আজিৰপৰা কিছুবছৰ আগলৈকে এই কথাষাৰৰ লগত মোৰ বৰ বিশেষ পৰিচয় নাছিল বুলিবই পাৰি। এটা সৰু কাম, এষাৰ সৰু কথাও কেতিয়াবা কাৰোবাৰ জীৱনৰ বাবে এক প্ৰেৰণা হ’ব পাৰে, যি প্ৰেৰণাই জীৱন হাৰিবলৈ ধৰাৰ সময়ত তুলি ধৰিব পাৰে। সেই দিনটো বৰ বিশেষ দিন নাছিল। কিবা কাম এটাত এটা যোগসূত্ৰৰ জৰিয়তে এজন ভাৰতীয় প্ৰশাসনিক বিষয়াৰ লগত এটা বিষয় আলোচনা কৰিবলগীয়া হৈছিল। সেই চমু আলোচনা যে আজিৰ দিনৰ মোৰ বাবে এটা মধুৰ সম্পৰ্কলৈ গঢ় ল’ব সেয়া মোৰ কল্পনাতীত আছিল। আমি বন্ধু হৈ পৰিলো আমাৰ সৰু সৰু ভাববোৰৰ আদান প্ৰদানৰ জৰিয়তে। তেওঁ মোৰ আগত প্ৰায়েই খুলি দিছিল তেওঁৰ জীৱন পৃষ্ঠাবোৰ অকপটে আৰু তেওঁৰ কথাত মই আবিষ্কাৰ কৰিছিলোঁ তেওঁৰ জীৱন বৃত্তৰ পৰিধিৰ অসীমাবদ্ধতাৰ কথা। তেওঁ মোলৈ প্ৰায়েই দিল্লীৰ ৰাজপথৰ সেই পাৰ চৰাই জাকৰ ফটো পঠিয়াইছিল, যিজাক চৰাইয়ে দৈনিক তেওঁৰ বাবে অপেক্ষা কৰে। তেওঁ মৰ্ণিং ৱাকলৈ যোৱাৰ সময়ত চৰাইজাকলৈ আহাৰ এটোপোলা লৈ যায়। সেয়া যেন তেওঁৰ দায়িত্ব। চৰাইজাকেও নিশ্চিন্ত হৈ সিহঁতৰ বন্ধুজনলৈ অপেক্ষা কৰে, তেওঁ উপস্থিত হোৱাৰ পিছতে তেওঁৰ কান্ধে মূৰে উঠি সিহঁতজাকে মৰমৰ অাবদাৰ ধৰে। পিছলৈ তেওঁক দেখি দেখিয়েই আৰু আন কেইজনমানেও চৰাইজাকৰ বাবে আহাৰ নিবলৈ ল’লে। তেওঁ হাঁহি হাঁহি কৈছিল মোক – সমাজলৈ যোগাত্মক বাৰ্তাবোৰ এনেকৈয়ে যায়। কেৱল এয়ে নে? দেৱালীৰ সময়ত অনাথ আশ্ৰমৰ শিশুবোৰৰ বাবে তেওঁ যেতিয়া প্ৰতিবছৰেই উপহাৰৰ টোপোলা কঢ়িয়াই নিয়ে, সিহঁতৰ মুখৰ পোহৰখিনিয়ে বছৰটোলৈ হেনো তেওঁৰ বুকুখন পোহৰাই ৰাখে।

এক নতুন উদ্যমেৰে চহকী হয় তেওঁ। জীৱনত হেৰুৱাব লগীয়াখিনিৰ দুখবোধে এতিয়া আৰু তেওঁক স্পৰ্শ কৰিব নোৱাৰে। তেওঁ যাদুকাঠীৰ সহায়ত নিজৰ দুখবোৰক সুখলৈ পৰিৱৰ্তন কৰিছে। বহলাই পেলাইছে জীৱন বৃত্তৰ পৰিধি। তেওঁৰ ভাষাত সেই যাদুকাঠি বুকুত থাকে মানুহৰ আৰু বুকুখনে হাতখনক দায়িত্ব অৰ্পণ কৰে। তথাপিও তেওঁ কয়, এইবোৰ ব্যস্ততাৰ ফাঁকে ফাঁকে কৰা সৰু কাম। লেখত পৰিবলগীয়া নহয় এনে কামবোৰ। তেওঁৰ এনে সৰল স্বীকাৰোক্তিয়ে স্পৰ্শ কৰে মোক। তেওঁ কেতিয়াবা ছ’চিয়েল মিডিয়াত মানুহৰ কাৰ্য্য কলাপত অতিষ্ঠ হয়। মোৰ আগত ব্যক্ত কৰে ক্ষোভ বোৰ – মানুহ কিয় নিজৰ সক্ষমতাবোৰক লৈ সচেতন নহয়? বিশেষকৈ মহিলাসকলে কিয় স্বাৱলম্বী হোৱাৰ চেষ্টা নকৰে? সময়ৰ সদপ্ৰয়োগ সম্পৰ্কে কিয় সচেতন নহয় আজিৰ প্ৰজন্ম! গুজৰাট, ৰাজস্থানৰ মহিলাৰ উদাহৰণ দিয়ে তেওঁ। কেনেকৈ তেওঁলোকে আজৰি সময়ত হাতৰ কাম লৈ ব্যস্ত হয়। স্বাভিমানৰ সৈতে জীয়াই থাকিবলৈ সৰুৰেপৰাই শিকাৰ কথা কয় তেওঁ, সামাজিক দায়বদ্ধতাৰ কথা কয়। টিভি, মোবাইল সকলো কামৰপৰা আজৰি হৈ চোৱা বস্তু। নহ’লে ই আমাক চলাব, আমি অধীন হৈ পৰিম ইহঁতৰ।

তেওঁৰ লগত সহমত থাকে মোৰ। আৰু এবাৰ জুকিয়াই চাওঁ নিজৰ মনত – মোৰ জীৱনটো কেৱল মোৰেইনে? মই বাস কৰা সমাজখনৰ প্ৰতি মোৰ কোনো দায়িত্ব নাই নেকি? নিজৰ সকলো কামৰপৰা আজৰি হৈ অলপ সময় আমি জানো নিজৰ সমাজ তথা পৰিবেশক দিব নোৱাৰোঁ? এই যে কৈফিয়ত দিওঁ আমি, সময় নথকাৰ কথা কৈ, সঁচাকৈয়ে নাথাকে নে আমাৰ হাতত সময়?

এই কথাবোৰ কেৱল মেছেজত ফৰৱাৰ্ড নহওক। যদি হয় হৃদয়ৰপৰা হৃদয়লৈ ফৰৱাৰ্ড হওক। আমি প্ৰত্যেকেই নিজক গঢ় দিলে আমাৰ চৌপাশৰ অশান্তিৰ কাৰকবোৰ নিজেই নোহোৱা হ’ব। প্ৰমাণ হ’ব – কেৱল সূৰ্য্যয়েই পৃথিৱী পোহৰ নকৰে, মানুহৰ পোহৰ মনেও পৃথিৱী পোহৰাব পাৰে।

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *