ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা – ডা° পাৰ্থসাৰথি ভুঞা

“নাম তুমহাৰা ক্যা না জানো মে…”

দুবছৰ মানৰ আগতে এই বিখ্যাত গানটোৰ সৃষ্টিকৰ্তা ৰাজকুমাৰ ঠাকুৰীয়া ছচিয়েল মিডিয়াত বৰ জনপ্ৰিয় হৈছিল। কৰ্মব্যস্ত জীৱনত এই ব্যক্তিজনৰ সৃষ্টিবোৰে হাঁহিৰ খোৰাক যোগাইছিল। তেওঁৰ ফেন ক্লাব হিচাপে খোলা এটা ফেচবুক গোটত সোমাই আমিও তেওঁকেই প্ৰধান চৰিত্ৰ হিচাপে লৈ কিছুমান কল্প কাহিনী লিখি ফূৰ্তি কৰিছিলোঁ। সেই গোটতেই লগ পাই ঘনিষ্ঠতা বাঢ়িছিল হেমন্ত কাকতি দাদাৰ সৈতে। ২০১৮ চনৰ জানুৱাৰী মাহত দাদাৰ পৰা এটা ফোন আহিল, ক’লে,

: পার্থ, ফটাঢোল নামৰ ফেচবুকৰ হাস্য ব্যংগ গোটটোত তোমাক অন্তৰ্ভুক্ত কৰিম বুলি ভাবিছোঁ, খুব উন্নত মানৰ হাস্য-ব্যংগ লেখা পঢ়িবলৈ পাবা আৰু তুমিও লিখিবা, গোটটোত সোমালে ভাল পাবা।

মই কলোঁ,

: নিশ্চয় দাদা, এড কৰি দিব আনন্দিত হ’ম।

সেইদৰেই এই গোটৰ সদস্য হ’লোঁ৷ গোটত দুই এটা পোষ্ট দিওঁতেই ৰাইজে ফটাঢোলৰ ডাক্তৰ হিচাপে আদৰি ল’লে। তাৰ পাছতেই ফেব্ৰুৱাৰী মাহত নগাঁৱত হোৱা ফটাঢোলৰ বাৰ্ষিক অধিৱেশনত ইমানদিনে ফেচবুকতে চিনাকি গোটৰ বহুজনক লগ পালোঁ আৰু ফটাঢোল গোট আৰু ইয়াৰ সদস্যসকলৰ লগত এটা আন্তৰিকতা গঢ় ল’লে। কাকতি দাদাই কিছু মাহৰ আগতে ফটাঢোল ই-আলোচনীৰ সম্পাদনাৰ দায়িত্ব লোৱাৰ কথা কৈছিল কিন্তু ব্যক্তিগত ব্যস্ততা আৰু নিজকে ইয়াৰ বাবে যোগ্য বুলি নভবাৰ বাবে না কৰিছিলোঁ। পিচে ছেপ্টেম্বৰ ১৯ সংখ্যাটোৰ বাবে পুনৰ কোৱাত আৰু লগতে ৰিণ্টুমণি দত্তৰ হেঁচাত আৰু চিন্তা নকৰিবা আমি আছোঁ বুলি আশ্বস্ত কৰাত ঈশ্বৰৰ নাম লৈ সন্মতি দিলোঁ। কথামতেই এই সংখাটোৰ প্ৰতিটো কামত মোক সহায় আৰু পৰামৰ্শৰে কৃতাৰ্থ কৰাৰ বাবে হেমন্ত কাকতি দাদা, ৰিণ্টুমণি দত্ত আৰু অভিজিৎ কলিতালৈ কৃতজ্ঞতা যাচিলোঁ।

আগষ্ট মাহৰ পাঁচ তাৰিখে আলোচনী পৰিচালনাৰ সুবিধাৰ্থে খোলা ‘ছেপ্টেম্বৰ সংখ্যা আলোচনী’ গোটত মই অন্তৰ্ভুক্ত হ’লোঁ। সম্পাদনা টিমৰ প্ৰতিজন সদস্যই দিহা পৰামৰ্শ আৰু শুভেচ্ছা যাচিলে৷ আলোচনীৰ বাবে পঠিওৱা লিখা সমূহ বৰ্ণাশুদ্ধি কৰি মোক সহায় কৰি দিয়াৰ বাবে প্ৰণীতা গোস্বামী বৰঠাকুৰ বাইদেউ, চবিনা ইয়াচমিন, ঋতুপৰ্ণা গোস্বামী মহন্ত আৰু পৰীস্মিতা গগৈ লৈ মই আন্তৰিক ধন্যবাদ যাচিলোঁ। লেখা বেছি হোৱাৰ বাবে মোৰ এজন গোটৰ বাহিৰৰ বন্ধু যুগল দত্ত আৰু পূৰ্বৰ সম্পাদিকা চাহিন জাফ্ৰিয়ে বৰ্ণাশুদ্ধিৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰি দিলে, দুয়োলৈ কৃতজ্ঞতা যাচিলোঁ।

এটা ডাঙৰ কাম আছিল সাক্ষাৎকাৰ লোৱাটো। যোৰহাটত ল’ব লগা হোৱা বাবে আৰু মোৰ সেইদিনা যোৱাৰ বাবে কিছু অসুবিধা হোৱাত চবিনা ইয়াচমিন, সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য আৰু দেৱজিত শৰ্মাই সাক্ষাৎকাৰ গ্ৰহণ কৰে। তিনিওকে বহুত ধন্যবাদ, এই উপকাৰ কেতিয়াও নাপাহৰোঁ। চবিনাই সাক্ষাৎকাৰটো সজাই পৰাই তোলাৰ ক্ষেত্ৰতো যথেষ্ট সহায় আগবঢ়ালে। সাক্ষাৎকাৰটো লিখি উলিওৱাৰ আঁৰত আৰু কেইজনমান ব্যক্তি আছে, তেওঁলোক হ’ল- তৃষ্ণা সোনোৱাল, জিমি শইকীয়া, কাজল প্ৰিয়া, ডলী তালুকদাৰ, পূৰ্ণাময়ী মেধি, বিতুপৰ্ণা দাস, বিজু বুঢ়াগোহাঞি আৰু দিম্পল কলিতা৷ সকলোকে আন্তৰিক ধন্যবাদ যাচিলোঁ।

কম্পিউটাৰৰ কাৰিকৰী কামবোৰত চাহিন জাফ্ৰি, ৰিণ্টুমণি দত্ত, হেমন্তদা, অভিজিত দত্ত আৰু মোৰ বৰ জীয়ৰী বেদস্মৃতাই কিছু সহায় কৰিলে। যোৱা সংখ্যাৰ সম্পাদক অভিজিত দত্তই আলোচনীৰ কামৰ প্ৰতিটো ক্ষেত্ৰত, যেনে- লেখা গোটাই দিয়া, কম্পিউটাৰ কাৰিকৰী দিশ, লেখাবিলাক ক্ৰম অনুসৰি সজোৱা আদি সকলোতে যেতিয়াই বিচাৰিছোঁ তেতিয়াই সহায় কৰি মোৰ ডাঙৰ উপকাৰ কৰিলে। অভিজিত, তোমাক ধন্যবাদ দিবলৈ ভাষা নাই। PDF আদি ফৰ্মেটত অহা লিখাবিলাক ইউনিকডলৈ কনভাৰ্ট কৰি দি দিম্পল কলিতাই যথেষ্ট সহায় কৰিলে। দিম্পলক ধন্যবাদ যাচিলোঁ। এই ক্ষেত্ৰত সহায় আগবঢ়োৱা নীলাঞ্জনা মহন্তলৈও আন্তৰিক ধন্যবাদ।

বুজন সংখ্যক উচ্চ মানদণ্ডৰ লেখা নাহিলে মান বিশিষ্ট আলোচনী এখন পাঠকৰ বাবে সজাই পৰাই উলিয়াই দিয়াতো জানো সম্ভৱ? মোৰ বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই আলোচনীৰ বাবে লেখা পঠিওৱা সকলোৰে ওচৰত সেয়ে মই কৃতজ্ঞ। আপোনালোকে নিশ্চয় মন কৰিছে যে জুলাই সংখ্যাৰ পৰা ফটাঢোল ই-আলোচনীয়ে এক নতুন ৰূপ পাইছে অলংকৰণৰ দিশত। ইয়াৰ কৃতিত্ব আৰাধনা বৰুৱাৰ। এইবাৰো আলোচনীখনৰ ছেপ্টেম্বৰ মাহৰ বেনাৰৰ লগতে সম্পাদকীয় পৃষ্ঠাৰ বাবে মোৰ এখন পৰ্ট্ৰেইট আৰু আন কিছু অলংকৰণৰ কাম নতুনকৈ পুৰণি অলংকৰণৰখিনিৰ লগত যোগ কৰিছে। তেওঁৰ এই সহায়ৰ বাবে কৃতজ্ঞতা জনালোঁ। অলংকৰণত সহযোগিতা আগবঢ়োৱা দিগন্ত কুমাৰ ভট্টাচাৰ্যলৈও আন্তৰিক ধন্যবাদ৷

লেখা আহিল, বাচনি কৰিলোঁ, বানান চোৱা হ’ল আৰু তাৰ পাছত আহিল আপল’ডিঙৰ কাম। বহু ধৈৰ্যৰ প্ৰয়োজন হোৱা এই কামটো নিয়াৰিকৈ কৰিলে ৰিণ্টুমণি দত্ত, ৰিমঝিম বৰঠাকুৰ আৰু হেমন্ত কাকতি দাদায়ে। ফটাপ্ৰশ্ন সমূহ ৰিমঝিমে যুগুতাই দিলে। সকলোলৈকে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷ চিনেমা শিতানৰ বাবে দুখন পোষ্টাৰ বনাই দিয়াৰ বাবে ভাস্কৰজ্যোতি দাস আৰু পৰশমণি শৰ্মাক ধন্যবাদ জনালোঁ।

আলোচনীখনৰ লগত জড়িত এই লোকসকলৰ আলোচনীখনৰ প্রতি থকা আবেগে মোক আচৰিত কৰিলে। এটা সংখ্যাৰ আঁৰত যে ইমান মানুহৰ কষ্ট লুকাই থাকে সেয়া সম্পাদনা কৰাৰ সুযোগ পাইহে অনুভৱ কৰিলোঁ। মাত্ৰ ধন্যবাদ আৰু কৃতজ্ঞতাৰে তাৰ মূল্য সোধোৱা অসম্ভৱ।

সৰ্বশেষত সম্পাদনাৰ গুৰুদ্বায়িত্ব পালনত শুভকামনাৰে মোক উৎসাহ যোগোৱা ফটাঢোল গোটৰ প্ৰতিজন সদস্যলৈ আন্তৰিক ধন্যবাদ৷ ফটাঢোল গোটে আন্তৰিকতাৰে বান্ধ খাই থাকি সৰ্বকালৰ বাবে উচ্চ ব্যংগৰ ক্ষেত্ৰ চহকী কৰি হাঁহি বিৰিঙাই ৰাখিব বুলি আশা ৰাখিলোঁ৷

☆★☆★☆

12 Comments

  • HEMANTA KAKATI

    বৰ সুন্দৰ সংখ্যা এটা আমাক উপহাৰ দিলা৷ তাৰ বাবে অশেষ ধন্যবাদ ডাক্টৰ চাহাব৷

    Reply
  • সঞ্জীৱ

    বৰ সুন্দৰ সংখ্যা এটা পঢ়িবলৈ পাম বুলি আগতীয়াকৈয়ে নিশ্চিত হৈছিলো।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    আপোনালোকৰ কষ্টৰ বাবে সুন্দৰ আলোচনী এখন পঢ়াৰ সুযোগ পাইছোঁ। সম্পাদনাৰ গুৰু দায়িত্ব লৈ আপুনি আগবঢ়োৱা অৱদান শলাবলগীয়া। আপোনালোক সকলোলৈকে অশেষ ধন্যবাদ জনাইছোঁ। জয়তু ফটাঢোল।

    Reply
  • এখন সুন্দৰ আলোচনী আমাক উপহাৰ দিয়আ বাবে অশেষ ধন্যবাদ জনালোঁ।

    Reply
  • অনুৰূপ মহন্ত

    সুন্দৰ হৈছে সংখ্যাটো। এফালৰ পৰা পঢ়ি আছো। আপোনাৰ ছবি খনো সুন্দৰ আঁকিছে।

    Reply
  • Pahi gogoi

    আলোচনী খন চামহে ৷ এতিয়ালৈ লিংকটো পোৱাই নাছিলোঁঁ ৷অভিনন্দন আপোনালৈ ৷

    Reply
  • Jyotirupam Dutta

    আলোচনী বৰ ‘ঠৌগা’ হৈছে৷

    ‘ফটাঢোল’ এনেকুৱাই! কাকো ধন্যবাদ দিয়াৰ দৰকাৰ নাই! কাৰণ কোনেও ধন্যবাদ নিবিচাৰে, কাম যিয়েই নহওক নিজৰ বুলি কৰি যায়৷

    গুড জব ডক!!

    Reply
  • কংকন বৰা

    অভিনন্দন জনালোঁ….. এখন সুন্দৰ আলোচনী আমাক উপহাৰ দিয়াৰ বাবে অশেষ ধন্যবাদ জনালোঁ

    Reply
  • ৰামানুজ জি

    এসোপা অভিনন্দনৰ বাবে দিব একো নাথাকিল…(কিছু লজ্জাবোধ)

    Reply
  • ডলী তালুকদাৰ

    অভিনন্দন জনালো

    Reply
  • লখিমী

    অভিনন্দন জনাইছো।লেখা দিব নোৱাৰিলো।লাজো লাগিছে বাৰু।এতিয়া সকলোখিনি পঢ়ি যাম এফালৰ পৰা।

    Reply
  • যুগল দত্ত

    ফটাঢোলৰ লগত জড়িত সকলো বিহুৱা, ঢুলীয়া, নাচনী আৰু কলা-কশৌলীলৈ অভিনন্দন

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *