বুমেৰাং – মনিষা ফুকন
ৰাতিপুৱা উঠিয়েই মবাইলটো হাতত লৈ নীনাৰ মূৰ গৰম হৈ গ’ল। চাৰ্জত দিলে ঠিকেই কিন্তু চুইছ অন নকৰিলে। দুডাল মাথোন বেটাৰিৰ চাৰ্জ হোৱা জেগাত কাঠি আছে। ৬:৩৫ হ’লেই । চুইছ অন কৰি প্ৰায় দৌৰ মৰাদি গৈ ৰাতিয়েই প্ৰেছাৰত ঠিক কৰি থোৱা চাউল, আলু, কণী গেছত বহাই তাই বাথৰুমলৈ লৰ দিলে। পিন্ধিম বুলি ভৱা কাপোৰো তাই ৰাতিয়েই পিন চিন মাৰি ঠিক কৰি থৈছে। ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ নিৰ্দেশনা মৰ্মে কাৰিকৰী তথা বৃত্তিমূলক শিক্ষাৰ মূলধাৰালৈ শাৰীৰিক প্ৰতিবন্ধী আৰু পিছপৰা পাহাৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলক আনিবলৈ মহাবিদ্যালয়সমূহক আৰু কেনেধৰণেৰে উন্নীত কৰিব লাগিব বা মহাবিদ্যালয় সমূহক আন্তঃগাঠনিৰ ফালৰ পৰা কেনেদৰে উন্নিত কৰিব লাগিব তাকে লৈ দাঁতি কাষৰীয়া পাহাৰীয়া জিলাখনৰ মহাবিদ্যালয়ত হ’ব লগা কৰ্মশালাখনলৈ যাবলৈ নীনাক দুদিন আগতেই অধ্যক্ষই চোকা নিৰ্দ্দেশ দি থৈছে। অধ্যক্ষই মতা বুলি ক’লেই নীনাৰ চাকৰি এৰি পলাব মন যায়। দিল্লী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ কৰি অহা বাবে লগতে বিয়া বাৰু হোৱাৰ আগতেই নিজকে উদ্দাত্ত ৰূপে মহাবিদ্যালয়ৰ কামত নিয়োজিত কৰি মহাবিদ্যালয়খনক উন্নতৰ পৰা উন্নততৰ কৰিবলৈ তৰুণসকলেই আগ ভাগ ল’ব লাগে বুলি বাৰে বাৰে অধ্যক্ষই এনেবোৰ কামত নীনা আৰু কম বয়সীয়া দুগৰাকী মানক সততে এনোবোৰ কাম পাছে। তাইৰ লগত যাবলৈ আৰু এগৰাকী সহকৰ্মী ঠিক কৰিছিল যি আগদিনাই গৈ নিজৰ ঘৰ পালেগৈ। কৰ্মশালাখন তেওঁৰ বাবে ঘৰত থাকিবলৈ কৰি দিয়া সুযোগহে। তেওঁ নীনাকো তেওঁৰ ঘৰত থকাকৈ যাবলৈ সাদৰেৰে আহ্বান জনাইছিল। পিছে সপ্তাহান্তত পতি পৰমেশ্বৰৰ দৰ্শন পোৱা মানুহজনীক আমনি কৰিবলৈ নীনাৰ সত নগ’ল। তাই এই দুদিন অহা-যোৱাই কৰিব। পিছে বাছত যাব লগা হোৱা কথাটোত তাইৰ মনটো আকৌ কোঁচাই গ’ল। মহাবিদ্যালয়ত জইন কৰা মাথোন দুবছৰ হৈছে। লাখটকীয়া প্ৰ্ফেচৰ হোৱাৰ শত যোজন দূৰত তাই। গাড়ী ভাড়া কৰি যাবলৈকো তাই মনটো ডাঠ কৰিব নোৱাৰে। অগত্যা বাছ।
আলু, কণী, নিমখ ভাতেৰে পেটটো কোনোমতে ভৰাই ৰিক্সালৈ নীনা বাছ আস্থান পালেগৈ। ৰঙা মিৰি ডিজাইনৰ তাইৰ আটাইতকৈ মৰমৰ বোৱা কাপোৰযোৰ পিন্ধি আইনাত নিজকে চাই সন্তুষ্টি লভা নীনাই বাছ ষ্টেচন পাই বিৰক্তিত চকু কাণ জপাই দিলে। গোটেই বাছ আগুৰি পেন পেনীয়া পোৱালীয়ে মাকে লগতে শাক সব্জিৰ মেটমৰা ভাৰৰ লগতে হাহঁ কুকুৰাই তাইৰ আজিৰ সহযাত্ৰী। মানুহৰ ভিৰ ভাঙি বাছৰ হেন্দিমেন ল’ৰাটোৱে আথে বেথে তাইক ভিতৰলে লৈ গ’ল। মই দুটা ছিটৰ ভাড়া দিম। মোক অকলে বহিব দিবানে? মুখেৰে কৈ কৈ নীনা উঠি গ’ল যদিও কোনো এটা ছিট তাই সম্পূৰ্ণ খালি হৈ থকা নেদেখিলে। ল’ৰাটোৱে নি ছিট এটি দেখুৱাই নীনাক ক’লে-আপুনি চাৰৰ কাষতে বহক। খিৰিকীৰে বাহিৰলৈ চাই বহি থকা ব্যক্তিজনে চাৰ সম্বোধন শুনি মুখ ঘূৰাই চালে। নীনাৰ কাপোৰ যোৰৰ দৰেই এই বাছখনত বেমানান পাতল এজাৰ বুলীয়া অতিকে পৰিছন্ন কাপোৰ এসাজ পিন্ধি এজন যুৱক। নীনাই সমবয়সীয়া যেন দেখি মহাবিদ্যালয়ৰ ছাত্ৰক সম্বোধন কৰাদি কিছু যেন আদেশৰ সুৰতে ক’লে-
“আপুনি এইফালে বহক। মই খিৰিকীৰ কাষত বহিম।” হেন্দিমেন ল’ৰাটোৱে সেমেনা সেমেনি কৰি ক’লে-চাৰ সদায় যায়। নীনাই সমান উস্মাৰেই ক’লে-নহয়, মোৰ বাছত উঠিলে বমি হয়। কিছু চিন্তা কৰি নীনাক খিৰিকীৰ কাষৰ ছিটটো এৰি দি ব্যক্তিজন কাষলৈ গুছি আহিল। বাছখনে গতি লওঁতেহে নীনাই ভাৱিলে তাই বাইদেউলৈ ফ’ন এটা কৰা ভাল। দুবাৰো ৰিঙ কৰা সত্বেও বাইদেৱে ফ’নটো নধৰিলে। সৰ্বনাশ। ইফালে চাৰ্জ বেছি নাই। আঁৰ চকুৰে নীনাই সহযাত্ৰীজনলৈ চালে। টোপনীত নিকি? অকণমান লৰচৰ কৰি বহিল তাই।
“আপোনাৰ বমি হোৱাই নাই যে, ভালেমান দূৰ আহিলোঁতো আমি।” নীনা উচপ খাই উঠিল। “নাই খিৰিকীৰ কাষত বহিলে নহয়।” গহীনাই উত্তৰ দিলে তাই। তেন্তে এইবাৰ মোৰহে বমি হ’ব, চকু দুটাত ইষৎ ব্যংগ মিহলাই যুৱকজনে হাঁহিলে। তেওঁৰ ভৰিৰ কাষত থকা মুৰ্গী দুটাই কক ককাই উঠিল। “মোৰ বাছত উঠা অভ্যাস নাই”- নীনাৰ কথা শুনি মানুহজনে আকৌ এবাৰ মৃদুকৈ হাঁহিলে। বাহিৰলৈ চাই যাওঁক। প্ৰকৃতিয়ে আপোনাক আন কথা ভাৱিবলৈ সুৰুঙা নিদিব। বাহিৰলৈ চাই নীনাৰ সঁচাকে বৰ ভাল লাগিল। নতুনকৈ নিৰ্মিত ফৰলেন। আজগুৱি মানুহেৰে ভৰি পৰিও মসৃণ গতিত আগবাঢ়িছে বাছখন। বঙালী, অসমীয়া, হিন্দী বাৰে বিংকৰা কথা বতৰাৰে ভৰি আছে বাছৰ ভিতৰখন।
যদিও নীনাৰ কলেজখন জিলাখনৰ সোঁমাজত তথাপি নীনাৰ সদায় আক্ষেপ মহানগৰীত থাকিব নোপোৱাটো। পঢ়ি থকা অৱস্থাত মহানগৰীৰ বাদে আন কোনো ঠাইত কাম নকৰো বুলি নীনাই প্ৰায় প্ৰতিজ্ঞাই কৰিছিল। অধ্যাপনা কামটোত ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ বাবে দেহে কেহে খটাৰ এক প্ৰৱল মনোবাসনা থকাৰ পৰিৱৰ্তে এইকামটোতো প্ৰকৃততে তাই গ্লেমাৰহে বিছাৰিছিল। সুন্দৰ উপাৰ্জন, সমাজত সন্মান তাৰ মাজতে পঢ়ি ভাল পোৱা তাইৰ মনটোক জীপাল কৰি ৰাখিব পৰা এটা পৰিবেশ। চাকৰিটোৰ পৰা তাইৰ এয়াই তাইৰ বাঞ্ছিত আশা। কিন্তু মহাবিদ্যালয়ত সোমাইহে তাই গম পাইছে অকল শিক্ষাদানেৰেই সিহঁতৰ কৰ্তব্য শেষ নহয়। আনুসংগিক অত কাম। সকলোতকৈ টান একেবাৰেই মন কাণ নিদিয়া ছাত্ৰ ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সিহঁতক পাঠ্যপুথিৰ জগতখনলৈ লৈ যাবলৈ কৰিবলগীয়া হোৱা মানসিক যুদ্ধখন। বিৰক্তিত মুখখন কোঁচ খাই যায় নীনাৰ। এতিয়া আকৌ প্ৰতিবন্ধী আৰু পিছপৰা পাহাৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰীক লৈ এইখন যাতনা।
মনে মনে থাকি আমনি লাগিল নীনাৰ। কলেজত সোমোৱাৰ পৰা এই এটা তাইৰ পাৰ্শ্বক্ৰিয়া। কথা চহকী হ’বলৈ আৰাম্ভ কৰা।
“আপোনাৰ এই ৰাস্তাটো চিনাকি নিকি? হাওঁৰাঘাটলৈ আৰু কিমান দূৰ”-কাষৰ সহযাত্ৰীজনলৈ চাই তাই সুধিলে। তাইৰ প্ৰশ্নত বাহিৰলৈ চাই তেওঁ উত্তৰ দিলে –মাজতে যদি বেছি সময় নৰখায় আৰু ৪৫ মিনিট মান লাগিব। ক’লৈ যাব আপুনি?
মই কলেজত চাকৰি কৰোঁ, এতিয়া হাওৰাঘাট কলেজলৈ যাম। তাত চেমিনাৰ এখন আছে।
নীনাৰ কথা শেষ নহওঁতেই তেওঁ আকৌ সুধিলে-তাত হ’ব লগা চেমিনাৰখনৰ কথা মই জানো। আপুনি তাৰমানে এই পিছপৰা অঞ্চলসমূহৰ ছাত্ৰ ছাত্ৰীক কেনেদৰে ভিন ভিন বৃত্তিৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি সেই বিষয়ে ক’ব।
নীনাই প্ৰশ্নবোধক দৃষ্টিৰে চাই সুধিলে “আপুনি কোন কলেজৰ?”
নাই নাই, মই পঢ়া শুনাৰ জগতৰ মানুহে নহয়। কিন্তু আপোনালোকৰ কামবোৰে সদায় মোক আকৃষ্ট কৰে। পিছে আপুনিতো বাছত উঠি বেয়া পায়। আমাৰ পিছপৰা অঞ্চলসমূহ নেদেখিলে তাৰ ল’ৰা ছোৱালীকনো জানিব কেনেকৈ। কেনে পৰিস্থিতিত মানুহ থাকে তাক নাজানিলে সমস্যা সমাধান সম্ভৱ নে? যা: ভাললৈ বুলি কথা সুধিলোঁ। মোকেই ওলোটাই ধৰিলে। আজি মোৰ দিনটোৱে কিমানলৈ বেয়া হ’ব বুলি পণ কৰিছে?
নীনা মনে মনে থকা দেখি তেওঁ আকৌ ক’লে-কেৱল সংৰক্ষণৰ ৰাজনীতি কেউদিশে। সংৰক্ষন মানে যেন কিবা নানা গোষ্ঠীৰ মানুহক দেখুওৱা কৰুণা। প্ৰত্যেক গোষ্ঠীৰ মানুহৰেই নিজস্ব সংস্কৃতি থাকে। নিজস্ব চিন্তাভাৱনা থাকে। সেই চিন্তাধাৰাৰ প্ৰকৃত সন্মান যেন দিয়া নহয়। অঞ্চল ভেদে মানুহৰ সাংস্কৃতিক অৱস্থান, কৰ্মযোগ্যতা তথা কৰ্ম দক্ষতাৰ কোনো পৰিচয় গ্ৰহণৰ চৰকাৰী ব্যৱস্থা নাই। আনকি এই পিছ পৰা অঞ্চলসমূহৰ মানুহৰ মাজত বংশানুক্ৰমে চলি অহা বহু বিষয়ৰ জ্ঞানো যে আধুনিক সমাজ জীৱনত আপোনালোকৰ কামত আহিব পাৰে তাৰো কিন্তু কেতিয়াও বৈজ্ঞানিক ভিত্তিত কোনো চেষ্টা হোৱা নাই। অপৰিস্কাৰ জীৱন প্ৰণালীক আপোনালোকে ঘিণ কৰক তাত ক’ব লগা একো নাই, কিন্তু ভৌগোলিকভাৱে ভিতৰ সুমুৱা বাবেই সাংস্কৃতিক আৰু সামাজিক ভাৱে পিছ পৰা বুলি ক’বলৈ বা নাক কোঁচাবলৈ কিবা যুক্তি থাকেনে? মানসিকতাৰ পৰিৱৰ্তন নহ’লে কেৱল মাত্ৰ সংৰক্ষণৰ জৰিয়তে দেশৰ সৰ্বাংগীন উন্নতি সম্ভৱ নে? বহু ক্ষেত্ৰত সংৰক্ষণে অযোগ্যজনকো কাম দি কৰ্ম ক্ষেত্ৰতে কাম কাজৰ মান দণ্ড কমাই আনিছে। অকল সেয়াই নহয় সমাজৰ পশ্চাৎপদ সংখ্যালঘু মানুহৰ প্ৰতি সাধাৰণ শ্ৰেণীৰ মানুহে ঘৃণা আৰু অমৰ্য্যদাৰ ভাৱ পোষণ কৰিছে। আপুনি নাভাৱেনে সংৰক্ষণৰ অবৈজ্ঞানিক অনিয়ন্ত্ৰিত প্ৰয়োগেৰে সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ মাজত দূৰত্ব সৃষ্টি হৈছে? শিক্ষাদানত ব্ৰতী হৈ থাকোতে আপোনালোকে সচঁকৈয়ে সকলোৰে প্ৰতি সম দৃষ্টি ৰাখেনে?
উপৰ্যুপৰি প্ৰশ্নবাণত ধৰাশায়ী নীনাই প্ৰশ্নকৰ্তাক যেন এতিয়াহে ভালকৈ লক্ষ্য কৰিলে। সচাঁকৈয়ে চকুত সৎ আন্তৰিক কৌতূহল লৈয়েই তাইৰ প্ৰতি এই প্ৰশ্ন। তাইৰ মৌনতা দেখি তেওঁ আকৌ ক’লে –মহান দার্শনিক ছক্ৰেটিছে বহু আগতেই কৈছিল, ‘নো দাইসেলফ’ অর্থাৎ নিজকে চিনিবা। এইটোৱে মানুহৰ সবতোকৈ মহৎ কিন্তু কঠিন কাম। সেয়ে আমাৰ নিচিনা সাধাৰণ মানুহৰ পক্ষে নিজকে জনাৰ সাফল্য লাভ কৰা কঠিন। কিন্তু মাজে মাজে আত্মোপলব্ধি কৰাৰ চেষ্টা কৰোঁ। শৈশৱৰ পৰাই শিক্ষক হোৱাৰ যাৰ প্রবল বাসনা তেওঁবিলাকেই যেন শিক্ষক হ’বৰ বাবে দৰাচলতে উপযুক্ত তেনে যেন বোধ হয়। সেয়ে সৰলভাবেও যদি কোনোবাই কয় মই মহাবিদ্যালয়ত বিশ্ববিদ্যালয়ে ‘চাকৰি’ কৰোঁ, তেতিয়া ক’ব নোৱাৰকৈয়ে মনটো খুবেই বিষণ্ন হৈ যায়। শিক্ষকতা জানো পেছা হ’ব পাৰে, ইটো এটা নিছা। ক’ব নোৱাৰাকৈয়ে যেন আমি সকলোৱে নৈতিকতাৰ স্থানৰ পৰা অকণ অকনকৈ আতঁৰি গৈছোঁ। ইয়াৰ পৰা আমাৰ জাতি কিমান যে ক্ষতিগ্রস্ত হৈছে কোনেও এবাৰো ভাৱিয়ে নেচাওঁ।
নিজকে এনে এজন ব্যক্তি হিচাবে ভাৱিব পৰাটো নিশ্চয় খুবেই পৰিতৃপ্তিকৰ নহয়নে? আপোনালোকে কিশোৰ-কিশোৰীসকলক সিহঁতৰ সবাটোকৈ কঠিন সময়ত পৰিচালনা কৰাত সাহায্য কৰে। কমবয়সীয়া ছাত্ৰ ছাত্ৰীসকলে যেতিয়া আপোনালোকৰ কথাত হয়ভৰ দিয়ে বা আপোনালোকৰ কথাত আনন্দ পায়, তেতিয়া আপুনি যি আনন্দ পায় –সেয়া আন কোনো বৃত্তিয়ে নিশ্চয় দিব নোৱাৰে।
একেৰাহে অনেক কথা কৈ উত্তৰৰ প্ৰ্ত্যাশাত তাইলৈ চাই থকা যুৱকজনলৈ চাই নীনাৰ দুচকুত যেন ফুটি উঠিল নিজকে এবাৰ জুখি চাবলৈ তাইক দিয়া এই সুযোগৰ বাবে যেন সীমাহীন কৃতজ্ঞতা।
☆★☆★☆
3:59 pm
ভাল।লাগিল
8:13 pm
আন্তৰিক ধন্যবাদ থাকিল
10:22 pm
ভাল লাগিল