ফটাঢোল

মুকুতা – ববিতা শৰ্মা

(অসমীয়া বোলছবিৰ নাম ব্যৱহাৰ কৰি লিখা এটি এক মিনিটৰ গল্প)

প্ৰভাতী পক্ষীৰ গানত মুকুতাৰ সোনকালেই টোপনি ভাগিল৷ বিচনাৰ পৰা নামি তাই লৰালৰিকৈ বাহিৰলৈ ওলাই আহিল৷ আকাশৰ মেঘ ফালি সূৰুজটোও আজি ৰঙা হৈ ওলাইছে৷ সাতদিন ধৰি নেৰানেপেৰা কৈ দি থকা বৃষ্টিৰ পাছত ৰ’দৰ আগজননীত তাইৰ মনটো মুকলি লাগিল৷ বৰষুণৰ বতৰত হাটলৈ যোৱাৰ অহেতুক চিন্তা এটাই দুদিন ধৰি তাইক আমনি কৰি আছিল৷ মুকুতাই বাহী চোতালখন সাৰি সোনকালে গাটো তিয়াই আজৰি হৈ লোৱাৰ কথা ভাবিলে৷ কাদম্বৰী, ৰাংঢালী, তৰামাইহঁতক পলম হ’লে লগ নাপাব৷ দেউতাক হলধৰে অসুখীয়া দেহাৰেই হাটলৈ নিব লগীয়া বস্তুবোৰৰ যা-যোগাৰত লাগিছে৷ মাক জয়মতীয়ে পুৱাতে উঠি ছিঙি অনা ঢেঁকীয়াখিনি ডলা এখনত লৈ মুঠি বান্ধিছে৷ সিহঁতৰ দৰে খাটি খোৱা মানুহৰ জীৱনৰ যুগে যুগে সংগ্ৰাম৷ যাৰ শেষ আছে জানো! ভাগ্যই মুকুতাকো বাৰুকৈ শিকাইছে৷ অগ্নিসাক্ষী কৰি জীৱন বাটৰ লগৰী কৰি নিয়া পোণাকণে সন্তানহীনতাৰ অচিলা লৈ তাইক এৰি মধুচন্দ্ৰাৰ লগত নতুনকৈ ঘৰ-সংসাৰ কৰিলে। অগ্নিস্নান কৰি তেতিয়াৰ পৰাই তাই মাক-দেউতাকৰ আশ্ৰয়লৈ ওভতি আহিল৷ বিধতাৰ অপাৰ লীলা, তাৰ দিনচেৰেকৰ পাছতে তাই মাক
হ’বলৈ ওলোৱাৰ উমান পালে। অভিমানতে তাই পোণাকণৰ কাষলৈ ওভতি নগ’ল৷ মাক-দেউতাকৰ লগত থাকিয়েই গাঁৱৰে ডা: বেজবৰুৱাৰ তত্ত্বাৱধানত তাই এদিন মাক হ’ল৷ ককাক- আইতাকৰ মৰমৰ মাজত জানমণি একলা দুকলা কৈ বাঢ়ি আহিছে। বনহংসৰ দৰে চঞ্চল ছোৱালীজনীয়ে মুকুতাক দিছে নিয়ঁতিৰ লগত যুঁজ কৰাৰ সাহস, জীয়াই থকাৰ নতুন আশা৷ কথাবোৰ ভাবি থাকোঁতেই ভালেমান সময় হ’ল৷ কুঁৱাৰ পৰা পানী দুবাল্টি তুলি লৈ লৰালৰি কৈ গাত ঢালি কাপোৰ সাজ সলাই মুকুতা হাটলৈ ওলাল৷ ঢেঁকীয়া, কচু, নৰসিংহ, নিমপাত, কলডিল, বাৰীৰ নেমু আৰু প্লাষ্টিকৰ মোনা এটাত তুঁহ গুৰিৰ মাজত ভৰাই দিয়া ঘৰৰ কণী কেইটাৰে গধুৰ মোনাটো হাতত লৈ তাই উপপথটো পাৰহৈ ৰে’লৰ আলিত উঠিল৷ ৰে’লৰ আলিৰ দুৱৰি বনবোৰ গচকি গচকি তাই ৰাংঢালীহঁতৰ পিছ ল’লে ৷ বতাহত দূৰৰ পৰা ভাঁহি অহা কোলাহলত হাট পাবলৈ বেছি দূৰ নাই বুলি জানি তাইৰ খোজবোৰ আপোনা-আপুনি খৰ হৈ পৰিল৷

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *