ফটাঢোল

সমাজ – ৰূপজ্যোতি শৰ্মা

অইনৰ পিতৃতকৈ নয়নৰ পিতৃ ৰমেনৰ সুখ-আনন্দ অলপ হ’লেও বেছি আছিল …

সদ্যঘোষিত মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ লগতে অংকত সৰ্বোচ্চ নম্বৰ পাই জিলাখন তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা নয়নক লৈ অঞ্চলটোৰ ৰাইজে এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰিছে। সভাত “নয়ন আমাৰ ভৱিষ্যত , তাক লৈ যথেষ্ট গৰ্ব অনুভৱ কৰিছোঁ” ইত্যাদি ডাঙৰ ডাঙৰ ভাষণ দিয়া সমাজৰ গণ্য মান্য ব্যক্তি সকলেই ১৬ বছৰ আগতে ডাষ্টবিনৰ পৰা সেই পানী কেঁচুৱাটিক তুলি অনাৰ পিছত ৰমেনক উদ্দেশ্যি কৈছিল “এই লেতেৰাবোৰ ঘৰত সুমুৱাব নালাগে, সেইবোৰক তেনেকৈয়ে থাকিব দিব লাগে।সেইবোৰক ডাষ্টবিনৰ পৰা নি সিধাই নদীত পেলাই দিব লাগে”।

সেই কেঁচুৱাটিৰ বাবে সংসাৰ নকৰা ৰমেনে দিন-হাজিৰা কৰি যোৱা ষোল্লটা বছৰে নয়নক কেনেকৈ ডাঙৰ-দীঘল কৰিছিল, কেনেকৈ পঢ়ুৱাইছিল তাৰ খৱৰ সমাজৰ তথাকথিত সকলে ৰখা নাছিল।

☆★☆★☆

One comment

  • হিৰণ্যজ্যোতি দাস

    সুন্দৰ গল্প

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *