আমেৰিকাৰ দৰা – দিগন্ত কুমাৰ ভট্টাচাৰ্য
হেমন্ত বৰ্মন দুপৰীয়া অফিচত থাকোঁতে ককায়েক নৃপতি বৰ্মনৰ ফোন আহিল তেওঁলৈ। উঠাবলৈ মন নাছিল যদিও নম্বৰটো চিনি নাপালে। সাধাৰণতে ককায়েকে সৰুজনী জীয়েকৰ ফোনৰপৰাই কৰে। জীয়েকৰ ফোনটোক আচলতে ম’বাইল ফোন বুলি ক’ব নোৱাৰি। সেইটো ঘৰতে থাকে, যেন লেণ্ড লাইন ফোনহে। হেমন্ত বৰ্মনে পৰাপক্ষত নৃপতি বৰ্মনৰ জীয়েকৰ ফোন নধৰে। ভুলতে ধৰিলেও এক মিনিট কথা পাতি “হেল্লো হেল্লো, ইমান বেয়া নেটৱৰ্ক” বুলি কাটি দিয়ে। আবেলিলৈ বৰ্মনৰ মিনিষ্টাৰৰ লগত মিটিং আছে। নৃপতি বৰ্মনৰ লগত কথা পতাৰ পাছত হেমন্ত বৰ্মনৰ একো কৰিবলৈ মন নোযোৱা হ’ল। শিল পৰা কপৌৰ দৰে চকীতে বহি ৰ’ল কিছু দেৰি।
: আমাৰ পদুমীৰ বিয়াৰ কাৰণে ল’ৰা এজন আহিছে। ক’ৰবাত লগ পাই পচন্দ কৰিছে দুয়ো দুয়োকে। এতিয়া সমস্যাটো হ’ল বিয়াখন দহ দিনৰ ভিতৰতে পাতিব লাগিব। ল’ৰাৰ দেউতাকৰ যোৱা থোৱা অৱস্থা৷
নৃপতিয়ে ফোনত কৈছিল।
: সকলো যদি ঠিকেই কৰিছ, খবৰটোহে দিছ মানে? দৰা ক’ৰ?
হেমন্ত বৰ্মনৰ বিয়া বুলি শুনি চিন্তা বাঢ়িল।
: আমৰিখ’ত থাকে ল’ৰা
: কি? আমৰিকা? আমেৰিকাৰ দৰা? হেল্লো, হেল্লো…
হেমন্ত বৰ্মনৰ তেতিয়াই উশাহ বন্ধ হোৱা যেন হ’ল।
: অ’ সিহঁতে নিজেই ঠিক কৰিছে ও৷ আমিনো কি মাতিম?
নৃপতি বৰ্মনে মাত দিছিল।
: অসমীয়া নে?
: অসমীয়াই। বেয়া নহয় ল’ৰাটো। আজি আহিছিল।
ফোনটো থৈ হেমন্ত বৰ্মনে ঘৈণীয়েক অৰূপালৈ ফোন লগালে।
: সাংঘাটিক খবৰ! মানে ঘটনা। আমাৰ নৃপতিৰ সৰুজনীৰ বিয়া ঠিক হৈছে। ল’ৰা ক’ৰ জানা নে? আমেৰিকাৰ। ষ্টেট্চৰ। কি ঘটনা কৰি দিছে দেখিলা?
অৰূপাৰো বিপি হাই হৈ গ’ল। অৰূপাই হেমন্ত বৰ্মনৰ সৰু ভায়েক অনন্তৰ ঘৈণীয়েক প্ৰীতিলৈ ফোন কৰি জনালে দুঃসংবাদটো। মুঠতে হাঁহাকাৰ লাগি গ’ল।
হেমন্ত বৰ্মনে গাঁৱৰ ঘৰৰ ওচৰত থকা দুই-এজনলৈ ফোন কৰিলে। কোনেও গম নাপায়। হেমন্ত বৰ্মনৰ ফোনকলটোৰ পাছত গাঁৱৰ মানুহৰ মাজতো পদুমীৰ বিয়া ঠিক হোৱা আৰু দৰা যে আমেৰিকাৰ, সেয়া ইকান সিকাণকৈ মুহূৰ্ততে বাগৰি গ’ল।
তিনিগৰাকী জীয়াৰীক বিয়া দি উলিয়াই দিয়াৰ পিছত খেতি কৰি পৰিয়ালটোক পোহপাল দিয়া নৃপতি বৰ্মনৰ অৱস্থা তথৈবচ। শেষ বিয়া বুলি অলপ আড়ম্বৰকৈ পদুমীৰ বিয়াখন পতাৰো মন তেওঁৰ। শেষত ঘৈণীয়েকে বিয়াৰ খা-খৰচৰ বাবে বৰ্মনৰ ভায়েকহঁতকে কৈ চাবলৈ ক’লে। চহৰত বিয়াগোম চাকৰি কৰি এক স্বাচ্ছন্দ্যৰ জীৱন-যাপন কৰা ভায়েকহঁতে ইতিমধ্যে কৈয়েই দিছিল যে আগলৈ বিয়া বা কাম-কাজত তেওঁলোকৰ পৰা একো সহায় নিবিচাৰিবলৈ।
ৰাতিলৈ হেমন্ত বৰ্মনহঁতে গম পালে যে পদুমীহঁতৰ ঘৰলৈ দৰাৰ লগতে ভায়েক এজনো আহিছিল। দেখা-শুনাই বেয়া নহয় বুলি তিনিআলিত আড্ডা দি থকা মহেশ বেকাৰে খবৰটো দিলে।
: হেৰা, আমাৰ মাজনীৰ কাৰণে ল’ৰাৰ ভায়েকৰ কথা ভাবিব পাৰোঁহে। বিয়াখনতে দেখোন কথা-বাৰ্তা আৰম্ভ কৰিব পাৰোঁ। ল’ৰা-ছোৱালীয়েও ইটোৱে-সিটোক দেখক, কথা পাতক৷
হেমন্ত বৰ্মনৰ কথা শুনি ঘৈণীয়েকৰ মুখখন উজলি উঠে। জোঁৱাইৰ ঘৰ আমেৰিকাত বুলি মানুহৰ আগত কৈ কম ভাল লাগিবনে! নৃপতিহঁতৰ পৰিয়ালৰ সন্মানৰ বাবেই হেমন্ত বৰ্মনে গোটেই বিয়াৰ দায়িত্ব ল’লে। কিবা কাৰণত দৰাঘৰে বেয়া পালে নিজৰ জীয়েকৰ বিয়াখনো ঠিক নহ’বগৈ- হেমন্তই ভাবে। নিজেই আগ ভাগ লৈ কইনাৰ লগতে জীয়েকৰ কাৰণেও ডিজাইনাৰ প্ৰাজক্তাৰ পৰা আটকধুনীয়া মেখেলা-চাদৰ কিনিলে। ‘মেখেলা চাদৰ বাই প্ৰাজক্তা’ৰ পে’জটোত ফ’টোও আপলোড কৰিলে।
নৃপতিৰ আনজন ভায়েক অনন্তৰ পুতেকৰ আকৌ আমেৰিকাত পঢ়িবলৈ যাবৰ মন। চিনাকি মানুহ এঘৰ আমেৰিকাত থাকিলে বৰ সুবিধা হ’ব বুলিয়েই অনন্তই ঘৈণীয়েকৰ পৰামৰ্শমতে বিয়াৰ এসপ্তাহ আগৰে পৰা লাগি-ভাগি দিলে। নৃপতিৰ ঘৰটো নতুনকৈ সঁজাত সহায়ো কৰিলে। কিন্তু হেমন্ত আৰু অনন্তৰ মনত এটা প্ৰশ্নই অশান্তি দি থাকিল -“এই ভিকহুৰ জীয়েকক আমেৰিকাৰ ল’ৰাই ক’ত দেখিলে? কিয় পচন্দ কৰিলে!” ঘৈণীয়েকহঁতে “আজিকালি ফেচবুকডালেই সকলো নষ্ট কৰিছে। এইডালেই অসম্ভৱকো সম্ভৱ কৰি তুলিছে” বুলি ফেচবুককে গালি দি থাকিল।
নৃপতিৰ জীয়েক পদুমীৰ দৰা “আমেৰিকাৰ স্থায়ী বাসিন্দা, বিৰাট আঢ্যবন্ত অসমীয়া পৰিয়ালৰ” – কথাটো লাহে লাহে গোটেই গাঁৱতে বিয়পি পৰিল। পদুমীয়ে পঢ়া ১২৪নং বুনিয়াদী বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীয়ে তাইক সম্বৰ্ধনাও জনালে। দৰা পাৰ্টি আমেৰিকাৰ বুলি গম পাই শৰ্মা ৰান্ধনীয়ে বিনামূল্যে ৰান্ধিবলৈ মান্তি হ’ল। মাছ-মাংসও আধাতকৈ কম দামত গাঁৱৰ মানুহে আনি দিলে।
ধুম-ধামেৰে বিয়া আৰম্ভ হ’ল। দৰাঘৰে একেদিনাই জোৰণো দিব। কোনেও আপত্তি নেদেখুৱালে। ৰাতি দৰা চাবলৈ লোকে-লোকাৰণ্য। গাঁৱৰ মৌজাদাৰৰ জীয়েকতকৈও বেচ ডাঙৰ বিয়া হ’ল। নৃপতিৰ মনটোৱে শান্তি পালে। অৱশেষত দৰা পাৰ্টি আহিল। হেমন্ত-অনন্তই ঘৈণীয়েক-জীয়েকহঁতক লৈ দৌৰা-দৌৰি লগালে।
দৰাক দেখাৰ পিছত গাঁৱৰ মানুহে সন্দেহ কৰিলে-“নাই নাই, আমেৰিকাত থকা মানুহ যেন লগা নাই। পৰিয়ালটো দেখিওতো তেনেকুৱা লগা নাই। কিবা গণ্ডগোল আছে!”
এজনে দৰাক দেখি চিঞৰিলে,
: ধেই, এইজন দেখোন ভেৰভেৰী গাঁৱৰ গ্ৰামীন বেংকত কাম কৰা তালুকদাৰ; উলম্ব তালুকদাৰ!
হেমন্ত-অনন্তই লৰি আহি নৃপতি বৰ্মনক একাষলৈ টানি নি সুধিলে,
: সঁচা কথা ক, ল’ৰা আমেৰিকাৰ নহয় বোলে৷ আমাক সকলোকে মিছা কৈছিলি?
: মইনো ক’ত আমেৰিকাৰ বুলি কৈছিলোঁ? দৰাৰ ঘৰ চামতা-সৰ্থেবাৰীৰ কাষৰ ‘আমৰিখোৱা’ত। আমি কওঁতে ‘আমৰিখা’ বুলি কওঁ। তইহে আমেৰিকা, আমেৰিকাকৈ চিঞৰি থাকিলি! মইতো নহয় নহয় বুলি চিঞৰিলোঁ। মোৰ কথা শুন জানো তহঁতে? সেয়ে মনে মনে থাকিলোঁ। ৰাইজে যি কৈ থাকিল, শুনি গ’লোঁ
হেমন্ত বৰ্মনে দূৰত ৰৈ থকা জীয়েকলৈ চালে। বেচেৰীক চল্লিশহাজাৰটকীয়া মেখেলা-চাদৰযোৰেৰে বৰ ধুনীয়া দেখাইছে আজি। নামতীয়ে ইফালে বিয়ানাম জুৰিলেই- “শিৱ গোঁসাই আহিছে, আমেৰিকাৰ পৰা আহিছে…!”
☆★☆★☆
10:32 am
হা হা হা… মজা লাগিল দেই?
12:53 pm
Very nice.
9:56 pm
বিৰাট ভাল লাগিল ??? ??
11:19 am
আমৰিখাৰ দৰা…ভাল লাগিল।
11:20 am
ধেই ল’ৰাৰ ঘৰ আমেৰিকাত বুলি মনটো ভাল লাগি আছিল। বোলো কেতিয়ানো আমেৰিকা যোৱা হ’ব। ইয়াতেই চাই লওঁ।
12:02 pm
হাঃ হাঃ ! মানুহ মাৰিবহে দাদা?? বিৰাট ভাল লাগিল পঢ়ি
12:29 pm
তামাম
1:26 pm
হা হা বৰ ভাল লাগিল
2:07 pm
হাঃ হাঃ!তামাম জমিলে।
2:36 pm
বঢ়িয়া দেই
2:45 pm
মানসিকতাবোৰ ধুনীয়াকৈ ফুটি উঠিছে… বঢ়িয়া
3:30 pm
বঢ়িয়া৷
3:34 pm
সকলোৱে নিজৰ ধান্দাত ৷ বঢ়িয়া লাগিল
4:33 pm
ধেততেৰি
9:07 pm
বৰ ৰস পালো …
11:10 pm
হাঃ হাঃ মজ্জা লাগিল , আম্ৰিখ’ৱ ৰ দৰা ?
9:23 am
খুব ভাল লাগিল । আমেৰিকাৰ label তে পদুমিৰ বিয়াখন ধুমধামেৰে হৈ গল যে । পুৰণি কথা এটা মনত পৰিছে । আমি ডিগ্ৰী পঢ়ি থকা সময়ত চিনাকি মানুহ এঘৰৰ ছোৱালীৰ বিয়া আছিল। ছোৱালীৰ দেউতাকে প্ৰতিখন ঘৰত নিমন্ত্ৰণ দিওঁতে
কৈছিল আমাৰ আইজনিৰ বিয়া । দৰা আমেৰিকাত থাকে ।।। অৱশ্যে সঁচাকৈয়ে লৰাজন আমেৰিকাত থাকিছিল । এইটো এটা সাংঘাটিক লেবেল হৈ পৰিছিল মানুহজনৰ বাবে ।
12:09 pm
আমৰিখাৰ দৰা , বিৰাট জমালা দিগন্ত । ভাল লাগিল ।
7:31 pm
আমিও আমৰিখ কও।পিছে টিহুৰ ফালে থকা আমেৰিকাৰ চক এই আমৰিখ গাঁওৱে নেকি? আমি জনা আমৰিখ বৰপেটাত জিলাতহে।
11:55 pm
এজ ইউজুৱেল, তামাম দিগন্ত
5:17 pm
আমেৰিকা – আমৰিখা ৷ ভাল লাগিল ৷
5:38 pm
ভাল লাগিল দেই
2:26 pm
Bohut Val lagisa
1:21 pm
তামাম
4:40 am
হাঃ হাঃ হাঃ ?
2:54 pm
আপোনাৰ লেখা সদায় প্ৰিয়।