ফটাঢোল

এজ ইজ জাষ্ট এ নাম্বাৰ – মিতালি চহৰীয়া

:: ঐ তই বিয়ালৈ ওলাবিনে? পিং পিং পাং জাং ছু এইবোৰ কি ভাষাৰ ভিডিঅ’ চাই থাকানো। মোৰ শুনি থাকিবলৈয়ে অসহ্য লাগে।

:: হাঃ হাঃ এবাৰ চাবিচোন তই কোৰিয়ান ড্ৰামা, পাগল হৈ যাবি , কি কিউট কিউট এক্টৰ, এক্টিংয়েই চাবানে ৰোমান্সেই চাবা। মই যে একদম ফিদা হৈ গৈছোঁ।

:: থ’ থ’ তোৰ এইবোৰ কিউট ৰোমান্টিক। এনেইচোন বৰ আকৌ বিয়েৰড বয় লুকহে ভাল পাৱ। কৰবাত দেখিলেই কৱ আহি ঐ জাননে কি মজা দাড়িয়া ল’ৰা এজন দেখিলোঁ।

:: ষ্টপ ষ্টপ ষ্টপ…. মই এতিয়াও দাড়ি থকা ল’ৰাকেই ভাল পাওঁ। কিন্তু এতিয়া মই ল’ৰা নাচাওঁ। বুঢ়ী হৈ গ’লোঁ ৰে। মানুহে বিয়া বিয়া কৈ কামুৰি ফুৰে। সেইবোৰৰ কামোৰৰ ট্ৰিটমেন্ট কৰি থাকিব লাগে এতিয়া। মই বিয়ালৈ নাযাওঁ, তাতেও একেই কাহিনী হব। আচলতে, মই নেইলপলিচো লগোৱা নাই অ’, আৰু গৰম দেখিছ?

::হব’ আৰু এতিয়া চেন্টি ফালিব নালাগে। আৰু কি কলি তই বুঢ়ী হৈছ? তই জাননে আজিৰ দিনত এজ ইজ জাষ্ট এ নাম্বাৰ। যেতিয়া হলেও ল’ৰা চা প্ৰেমত পৰ, বিয়া পাত। ওলা, এইয়া মই চাদৰৰ জাপ দিলোঁ, আইলাইনাৰ লগাই দিওঁ, লাগিলে লিপষ্টিক, কাজল চব লগাই দিওঁ, মোৰ গোঁসানী, মোৰ লগত বিয়ালৈ ওলা।

ইমান অজুহাত দেখুৱাইও অৱশেষত নেহাৰ লগত বিয়ালৈ যাবলৈ বাধ্য হলোঁ। মোৰ ভঙা স্কুটী তাতে জেঠমহীয়া ৰ’দ, বিয়াঘৰ পোৱালৈ দেখিবলৈ যে কালী গোঁসানীৰ ৰূপ লব ক্ৰমাৎ মূৰৰ পৰা ঘামেই কৈছে। স্কুটী বুঢ়া হ’লে কি হব ৰ’দৰ তাপ নাপাবলৈ পুৰা স্পীডত চলালোঁ । আধামান গৈ পোৱাৰ পিছত হঠাৎ এটা ছাগলী পোৱালি আগেৰে দৌৰি পাৰ হ’বলৈ খোজোতেই নেহাই ছাগলী ছাগলী কৈ চিঞৰিলে । মইও হঠাৎ ব্ৰেক মাৰি ৰখাবলৈ চাওঁতেই দেখিলোঁ ব্ৰেক ঢিলা হৈ আছে। ভৰি পাতি ৰাখিবলৈ পুৰা স্পীডত চলাই অহা কাৰণে ৰখাব নোৱাৰিলোঁ। মই চিঞৰি নেহাক জপিয়াই নামিবলৈ ক’লোঁ। তাই জপিয়াই নামিল মোৰ ভৰি স্কুটীৰে সৈতে চুচৰি গৈ ৰাস্তাৰ কাষত ৰোৱা গছপুলিৰ জেওৰাত গৈ খুন্দা খালে। মই পৰি গ’লোঁ। নেহাই মোক ধৰি উঠাই থাকোতেই দেখিলোঁ, বাইকত অহা দুজন ল’ৰা আহি মোৰ স্কুটীখন ডাঙি দিছেহি। মই নিজেই দোষ ঢাকিবলৈ নিজেই নেহা আৰু ল’ৰাকেইজনে শুনাকৈ ক’বলৈ আৰম্ভ কৰিলোঁ, মই আজিকালি স্কুটীখন নচলাও যে সেইকাৰণে গমেই নাপাওঁ, ব্ৰেক যে ঢিলা হৈ আছে। ল’ৰাকেইজনলৈ চালোঁ, এজন দাঢ়ি থকা, ধুনীয়া। মাত লগাই সিহঁত গুছি গল। আমি আকৌ স্কুটী ষ্টাৰ্ট দি আহি আগৰ চ’কটোত মেকানিকৰ ওচৰতত ভাল কৰি লৈ বিয়াঘৰ পালোঁগৈ।

বিয়াঘৰত বহি কইনাৰ লগত বহি থাকোঁতেই ৰাস্তাত লগপোৱা ল’ৰা দুজনকো বহি থকা দেখিলোঁ। মই নেহাক ক’লো ঐ চা চা সেই ল’ৰাদুজনো বিয়ালৈয়ে আহিছে।

:: আৰে, অ বে আৰু দাড়িয়া ল’ৰাজনে কিন্তু তোৰ ফালেই চাই আছে।

:: ধেই, কিয় চাব মোলৈ ? বাটত লগ পোৱা কাৰণে চাইছে কিজানি।

:: তেতিয়া যে কৈছিলোঁ মনত আছেনে, এজ ইজ জাষ্ট এ নাম্বাৰ হে। এনেকৈয়ে হৈ যায় সকলোবোৰ।

হব আৰু, ব’ল এতিয়া খাবলৈ যাওঁ বুলি কৈ দুয়োজনী খাবলৈ গ’লোঁ। খাবলৈ বহি দেখো ল’ৰাজনে সঁচাই মোৰ ফালেই চাই আছিল। মনটো কিবা ভাল লাগি গল, যেন চিনেমাৰ দৰে এটি ৰোমান্টিক গীত আৰম্ভ হৈ যাব । ধেইই… কি যে ভাবোঁ। ল’ৰাজন কিন্তু সঁচাই সৰু ল’ৰা, কিন্তু মোলৈ ঘনাই ঘনাই কিয় চাইছে সেইটোহে ধৰিব পৰা নাই।

ভাত খাই অহাৰ পিছত চিনাকি দুই এজনৰ কথা পাতিবলৈ ধৰিলোঁ। নেহাই মাজে মাজে মোক খুন্দিয়াই কৈ আছিল , ঐ চা না, ল’ৰাজনে তোৰ ফালে চাই আছে তইয়ো চাচোন। মইয়ো মাজে মাজে তাৰ ফালে চাবলৈ ধৰিলোঁ, মন মে লাড্ডু ফুটা নিচিনা অবস্থা এটা হৈ গল, যেন গৈ সুধিম, কিয় মোৰ মনত লাড্ডু ফুটিব লগাকৈ চাই আছা?

অৱশেষত ঘৰলৈ যাবলৈ ওলালোঁ। আমি ওলোৱাৰ লগে লগে ল’ৰা দুজনো আমাৰ পিছে পিছে যাব ওলাল৷ স্কুটী ৰাখি থোৱা ঠাইখিনি পালোঁগৈ। দাড়িয়া ল’ৰাজনে পিছফালৰ পৰা মাত লগালে এক্সকিউছ মি, শুনকচোন। নেহাই কলে ঐ, তোকেই মাতিছে কিবা কবলৈ। মোৰ এনেকুৱা লাগিল, মন মে দুচৰী লাড্ডু ফুটা। মই ৰৈ দিলোঁ, ল’ৰাজন মোৰ ওচৰলৈ আহিল আৰু ক’লে

:: মই ৰাস্তাত আপোনাক দেখাৰ পৰা ভাবি আছোঁ আপোনাক কৰবাত দেখিছোঁ, কৰবাত লগ পাইছোঁ, তেতিয়াৰ পৰা সেইকাৰণে আপোনাৰ ফালে চাই আছিলোঁ, মনত পৰা নাছিল। কিন্তু এতিয়া মনত পৰিল, এদিন বাইকৰ পৰা পৰি আপোনালোকৰ হস্পিতাললৈ যাওঁতে আপুনি ড্ৰেছিং কৰি কৰি মোক স্পীডত বাইক চলোৱা কাৰণে খুব গালি দি আছিল। বাইদেউ আপুনিও কিন্তু কম স্পীডত গাড়ী নচলায়, আজি দেখিলোঁ।

মই হাঁহিলোঁ, কিন্তু মোৰ অৱস্থা ফাট মেলা বসুমতী পাতালে লুকাও ৰ দৰে হ’ল। মনত ফুটি উঠা লাড্ডু মনতেই গলি গ’ল।

☆★☆★☆

11 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *