ফটাঢোল

পাৰভাৰ্ট – পিনাক পাণি বৰুৱা

শ্বপিং মলটোৰ মহিলাৰ ট্ৰায়েল ৰুমৰ আগত অকলশৰে থিয় হৈ থকা মানুহটোৰ আওভাওবোৰ বৰ এটা ঠিক লগা নাছিল শইকীয়ানীৰ। তেওঁৰ সৈতে দৃষ্টিৰ কটাকটি হোৱাৰ লগে লগে তলমূৰ কৰা মানুহটো হয় মানসিকভাবে বিকাৰগস্ত নহয় তাৰ চৰিত্ৰ ঠিক নহয়-মনতে ভাবিলে শইকীয়ানীয়ে। নহ’লেনো অতপৰে সি তাত ৰৈ জুমি থাকেনে। প্ৰায় পোন্ধৰ মিনিটমান আগতেও মানুহটো তাতেই থিয় হৈ আছিল আৰু ওপৰৰ মহলাৰ পৰা কাপোৰ চাই ঘূৰি অহাৰ পাছতো ৰঙা চাৰ্ট পিন্ধা মানুহটোক তাতেই থিয় হৈ থকা দেখা পালে শইকীয়ানীয়ে।

“মা, তই ইয়াতে ৰ’ মই এইটো ট্ৰাই কৰি আহোঁ।”-টপ দুটা হাতত লৈ বৰ্ণালী আগবাঢ়োতেই শইকীয়ানীয়ে বাধা দিলে,

“তাত নালাগে, ওপৰত থকা ৰুম কেইটাতে সলাই চা।”

“কিয়?”-আচৰিত হৈ বৰ্ণালীয়ে সুধিলে।

“সৌটো দেখা নাই, অথনিৰে পৰা কেনেকৈ জুমি জুমি ৰৈ আছে।”-ৰঙা চাৰ্ট পিন্ধা মানুহটোৰ দিশত আঙুলি টোঁৱাই তেওঁ ক’লে, “কিছুমান যে মানুহ থাকে আৰু। এইবোৰ উদ্দেশ্যে লৈয়ে সোমাই আহে ভিতৰলৈ।”

“এহ:, অন্য কোনো কাৰণতো ৰৈ থাকিব পাৰে।”

“নহয় যা। আমি ওপৰলৈ যোৱাৰ আগৰে পৰাই ৰৈ আছে সি একে স্থানতে।”

বৰ্ণালীৰ লগত মাকো উঠি গৈছিল ওপৰলৈ। কাপোৰ সলাই পচন্দ কেইটা লগত লৈ বাকী কেইটা মলটোত কাম কৰা ছোৱালী এজনীৰ হাততে গটাই দুয়ো পূনৰ নামি আহিল তলৰ মহলালৈ।

“ইয়ে ৰাম, তই ঠিকেই কৈছিলি মা। ইচোন নাতৰাই হ’ল ট্ৰাইয়েল ৰুমকেইটাৰ মূখৰ পৰা।”-নামি আহি পূনৰ মানুহজনক একে স্থানতে দেখা পাই বৰ্ণালীয়ে মাকক ক’লে।

“অ তো।”-খঙেৰে কলে শইকীয়ানীয়ে, “কি ধৰণৰ মানুহেৰে যে ভৰি পৰিছে আমাৰ সমাজখন? দেহত  দামী পোচাক আৰু মনত এসোপা জাবৰৰ দম। ব’ল ব’ল ইয়াৰ পৰা। পাৰভাৰ্টটো কৰবাৰ”-মানুহটোৱে দেখাকৈ নাক কোঁচাই শইকীয়ানী ওলাই গ’ল জীয়েকসহ।

পিছে শইকীয়ানীৰ ৰঙা চকুৱে কামত দিলে, তেওঁ আতৰি যোৱাৰ লগে লগে ৰঙা চাৰ্ট পিন্ধা মানুহটোও আঁতৰ হ’ল ট্ৰায়েল ৰুমৰ আগৰ পৰা। আঁতৰি আহি মতা মানুহৰ শাখাত চাৰ্টবোৰ লিৰিকি বিদাৰি থাকোতেই পিছফালৰ পৰা তাৰ পিঠিত ঢকা এটা মাৰিলে কোনোবাই।

“গুচি আহিলা যে? ৰৈ থাকিব কোৱা নাছিলো জানো? পিন্ধি লোৱাৰ পিছত ভাল নে বেয়া দেখাইছে কৈ নিদিলে মই কেনেকৈ গম পাম?”-হাতত দহযোৰ মান কাপোৰ লৈ থকা অন্য এজনী মানুহে অতি খঙেৰে সুধিলে ৰঙা চাৰ্ট পিন্ধা মানুহটোক।

“ভাল নে বেয়া ক’ব লাগে যদি বাহিৰতে সুধি ল’বা। এনেকৈ লেডিজ ট্ৰায়েল ৰুমৰ আগত ৰৈ থাকিলে মানুহে যি টি ধাৰণা লৈ লয় মনত। এগৰাকীয়েটো যি ৰঙা চকু দেখাই গ’ল, পুলিচেই লৈ আনিব গৈছে চাগে।”-সমান খঙেৰে মানুহটোয়ে ঘৈণীয়েকক বুজাবৰ চেষ্টা কৰিলে অলপ আগতে সৃষ্টি হোৱা পৰিস্থিতিটোৰ কথা।

☆ ★ ☆ ★ ☆

One comment

  • Rintumoni Dutta

    ময়ো ভুক্তভোগী দেই, পাই থৈছো এইটো অভিজ্ঞতা।

    ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *