মোক আজি কিয় এৰেষ্ট কৰিছিল – বিদ্যুৎ বিকাশ দত্ত
(স্পষ্টীকৰণ)
পুৱা সাত বজাতে পৰিবাৰে হেচুকি জগাই দিলে। মই বোলো “কিয় জগাইছাহে! অকণমান শুবলৈ শান্তি নাই।”
পিছে সিগৰাকীয়ে ক’লে-
:অকণমান বজাৰৰ পৰা আহকগৈ। চাহ হৈ আছে। খাই যাব।
চাহ খায়েই তামোলখন মুখত লৈছোঁহে, হাতত পৰিলহি এখন দীঘল লিষ্ট। আলু ৩ কিলো, চাহপাত এপোৱা, পিয়াজ তিনি কিলো ইত্যাদি প্ৰায় ওঠৰটা বস্তু। মোৰ বুকুখন অকণমান চৰ্টচাৰ্কিট কৰাৰ দৰে লাগিল। তথাপি ওলালোঁ। ৰহ্, সব বস্তুৰে আধা আধা আনি পুৰা লিষ্ট মতে আনিছোঁ বুলি পোন্ধৰ দিনলৈ অৰ্থনৈতিক জৰুৰী অৱস্থা ঘোষণা কৰি দিম। হাঃহাঃ দত্ত হয়… কি তত্ব পাবি!!
পিছে শিয়ালীৰ লগত ফেউৰাৰ যোৰা ঈশ্বৰসিদ্ধ। মোৰ মনোভাৱ বুজি তেওঁ ক’লে-
: একো চালাকি নকৰিব হা। মই লিষ্টখন দোকানী হৰদালৈ “ৱটছআপ”ত ৬ বজাতে পঠাই দিছোঁ। মাল জোখা আছে । লৈ আহকগৈ।
মোৰ ক’ব লগা নাছিল। পোনেই ওলালোঁ পদব্ৰজে। পুৱা খোজকঢ়া ভাল।
দোকানত ৰ’ব লগা নহ’ল। দোকানৰ মানুহজনে দুটা বৃহৎ পলিথিনৰ বেগত বস্তু ভৰাই থৈছিল। মই বেগদুটা উঠালোঁ। ৫০০ মিটাৰ ঘৰলৈ। গৈ থাকোঁ। লাইফ ইজ নাথিং বাট ফৰ চৰৈৱতী।
হঠাৎ এখন পুলিছ ভেন ৰ’লহি। লিখা আছে “অন ইনকম টেক্স ডিপাৰ্টমেণ্ট ডিউটি”। মই বুজিলোঁ, ওচৰৰ কাৰোবাৰ ঘৰত ৰেইড হ’ব এতিয়া। মোক এড্ৰেছ সুধিব।
কিন্তু তেনে নহ’ল। গাড়ীৰ পৰা ছয়জনকৈ বন্দুকধাৰী চিপাহী নামি আহি মোক গানপইণ্টত লৈ ল’লে। পিছে পিছে মস্ত পেটুৱা অফিচাৰ এজন। আহিয়েই “চাৰ্ছ এণ্ড এৰেষ্ট হিম” বুলি কামাণ্ড দিলে। লগে লগে সিহঁতে মোৰ চোলা, বনিয়ন, ঠেঙা আদিৰ জেপ তন্ন-তন্নকৈ চাই হাত-ভৰিবোৰো চোলা-পেণ্টৰ ওপৰতে পিটিকি চালে। আগজেপৰ পৰা মলিয়ন দহটকীয়া দুখন আৰু পেণ্টৰ পকেটত খুচুৰা পইচা চাৰি টকা উলিয়াই এজন কনিষ্টবলে অফিচাৰৰ ওচৰত দেখুৱালে। মোচাল অফিচাৰে মোচত তাও দি সুধিলে-
:কি কৰে আপুনি?
মই বোলো, “মা-মাষ্টৰী”।
আৰু কিবা?
: পুৱা ল’ৰা ছটাক পঢ়াও। কেইটামানে “ফী” দিয়ে বাকী কেইটাই দেখিলে ছাতিৰ আঁৰ লৈ পলায়। পিছে ছাৰ মোক কিয় এনেকৈ চাৰ্ছ কৰিছে? মই প্লাষ্টিকৰ সাপো দেই নাযাওঁ।”
: আই এম ছ’ৰি ডাঙৰীয়া। আপোনাক আমনি কৰাৰ মন নাছিল। বিশেষ ডিউটিত এইফালে আহিছিলোঁ। হঠাৎ দেখিলো আপুনি দুটা বৃহৎ টোপোলা লৈ এইফালে আহি আছে আৰু তাতে এটাত বহুত পিঁয়াজ। পিঁয়াজৰ এই মহঙা দিনত এনেকৈ পিঁয়াজ অনা দেখি মোৰ সন্দেহ হৈছিল। বিশ্বাস কৰক মই নিজেই দহ দিন ঘৰলৈ পিঁয়াজ নিয়া নাই। ছ’……
কথাষাৰ কৈয়েই অফিচাৰজনে মোৰ জেপৰ পৰা লোৱা চৌবিশ টকা ধন মোক ঘূৰাই দিলে।
মোৰ ভাল লাগি গ’ল মনটো। মনৰ উৎসাহত মই ক’লো –
: নালাগে ছাৰ। সেইটো লৈ যাওক। তামোল খাব।
মানুহজনে খঙত চিঞৰি ক’লে-
: চুপ থাকক, পাপীষ্ঠ কৰাইছ! তামোল খাবলৈ চৌবিশ টকা দি বাচিম বুলি ভাবিছে হা! ইমান মন গৈছে যদি আমাক একোটাকৈ পিঁয়াজ দিয়ক। শুদা মুখতে আপেলৰ দৰে খাম। বিজ্ঞানৰ মতে আপেল, বিলাহী আৰু পিঁয়াজৰ ভিতৰৰ বস্তুবোৰ একেই। কেৱল গোন্ধটোৱেহে সিহঁতক পৃথক কৰিছে।”
ৰাক্ষসৰ দলটোলৈ মই পিঁয়াজখিনি আগবঢ়াই দিলোঁ। সিঁহতে এটা এটাকৈ পিঁয়াজবোৰ চোবাই থাকিল। মহ্-মহ্…… মহ্-মহ্…… মহ্-মহ্কৈ।
হঠাত সাৰ পাই গ’লো। কিযে সপোনবোৰ দেখোঁ মাজে-মাজে। জোকাবলৈকে পৰিবাৰক সুধিলোঁ-
: বোলো হেৰা, ঘৰত আপেল বা বিলাহী আছেনে?
: কিয়?
: বুজিছা, দাম নকমালৈকে চব্জিত বিলাহী আৰু আপেলেৰে তেল মাৰিবা। পিঁয়াজৰ লগত সিঁহতৰ খাদ্যগুণ একেই ।”
☆ ★ ☆ ★ ☆