ফটাঢোল

থুপৰী_কইনা – নাজিয়া হাচান

— হেৰি নহয় বোৱাৰী, ময়দাখিনি মাৰি তুমি লুচী কেইখনমানো বেলি থোৱা। মই ফটাফট ভাজি দিম। আমৰ আচাৰ আৰু আলু মটৰৰ ভাজিখন আছেই নহয়, আলহীৰ বাবে হৈ যাব।

–অ’ মা, লুচী কেইখন ময়ে ভাজিম দিয়ক। আপুনি..।

–এহ! নেলাগে, তুমি ইমান গৰমত জুইত পৰি পৰি লুচী ভাজিবলৈ নেলাগেহে। তুমি ধুনীয়াকৈ সাজি-কাচি ওলাই থাকিবা। নহ’লে ন কইনাৰ মুখখন শাহুৱেকে কাম কৰোৱাই কৰোৱাই ক’লা কৰি পেলালে বুলি ক’ব আলহীয়ে দেখি। আজিকালি মানুহহে যি! শাহু বোৱাৰীৰ মাজত মিল দেখিব পৰাকৈ চকুহাল চাফা নহয় নহয়! বুলি কৈ শাহুমাকে হাতখন চাদৰৰ আঁচলটোৰে মছি মছি পাকঘৰৰ পৰা ওলাই গ’ল।

–ধেৎতেৰী! মায়ে কথাটো সম্পূৰ্ণকৈ নুশুনিলেই নহয়। কি কৰোঁ মই এতিয়া? ভাজিবলৈ বেলিবলৈ মোৰ কোনো বাৰু প্ৰব্লেম নাই। আয়ে ঘৰত থাকোঁতেই এইবোৰ শিকাই পঠাইছে। কিন্তু ময়দাখিনি মাৰোঁতে কিমান পানী দিব লাগিব সেইটোতো আয়ে শিকাবলৈ পাহৰিলে নহয়! ন বোৱাৰীয়েক বৰ চিন্তাত পৰিল। হঠাৎ তাইৰ, সৰুতে মাকে কোৱা চিলনী জীয়েকৰ সাধুটোলৈ আকৌ চেৰেংকৈ মনত পৰি গ’ল।

আগলটি কলপাত লৰে কি চৰে

চিলনী আই মোৰ আগতে পৰে..

পিছে আধুনিক যুগত গান চাননো গাই বাই কোনে মাকক কাষলৈ মাতে! মোবাইলটো আছেই নহয়। ফোনটোত নেট, গুগল নচলিল কি হ’ল, মাকলৈ ফোনিয়াই ফোনিয়ায়ে সমাধান লৈ থাকে…

–হেল্ল’.. কি হ’ল অ আই! এইবাৰ কি বনাবলৈ ধৰি বিপদত পৰিছ হয়নে?— মাকে সুধিলে।

–অ’ মা..। লুচীটো মই বেলিবলৈ ভাজিবলৈ পাক্কা পাৰোঁ ন? কিন্তু লুচীৰ বাবে লাড়ুবোৰ কেনেকৈ কৰিব লাগে সেইটোচোন তুমি নিশিকালাই নহয় মোক? ময়দাত পানী ঢালি বহি আছোঁ। কি কৰোঁ কোৱা বেগাই। আলহী আহিবৰে হ’ব! মূৰটো খজুৱাই খজুৱাই জীয়েকে ঘামি জামি সুধিলে।

–অঁ..। ভাল হ’ল যাহ! লাড়ু বনাবলৈয়ে পাহৰিলি যদি বেলা ভজাখন কি কৰিবি? চৰিয়া এটাত ময়দাখিনি লৈ অলপ অলপকৈ ময়দাখিনিত পানী দি…

–অঁ..হয় হয়..। অ’ মা, অ’ মা.. মনত পৰিছে, মনত পৰিছে.. বুলি খৰধৰকৈ মাকৰ আধা শুনা কথাখিনিৰে ফোনটো লগে লগেই তাই দিলে কাটি।

কিছু সময় পিছত.. আকৌ মাকলৈ তাই ফোন লগালে।

–হেল্ল’..। মই বুজিছোঁ অ’ আই। তোৰ সেই লুচী বনাবলৈ লোৱা ময়দাৰ ঘোলখিনিৰে লুচী আৰু কাহানিও বনাব নোৱাৰিবি। তইয়েই নহয় কোনেও সেই ঘোলেৰে লুচী বনাব নোৱাৰে। পানী ঢালি লিকটাই পেলালি আৰু ময়দাখিনি! খোদা..! তই এটা কাম কৰ…।…….

–বোৱাৰী…! কি হ’ল! মালপোৱা বনালা যে? আয়ৌ! ইমান ধুনীয়া মালপোৱা বনাইছা তুমি? আঐ দেহী, মোৰ কষ্ট হয় বুলি তাই লুচী থৈ মালপোৱাকে বনাই দিলে অ’। আঐ মোৰ লখিমী বোৱাৰী ঔ..! উম্মাহ বুলি ফূৰ্তিত টপকৈ চুমা এটাও বোৱাৰীয়েকক খাই দিলে।

–হি হি মা.. বুলি বোৱাৰীয়েকেও শাহুৱেকৰ ভৰিখন লগে লগে চুই, চুমাৰ ৰিপ্লাই হিচাপে সেৱা এভাগ কঁকাল বেঁকাই কৰি দিলে।

আলহীয়েও চাহৰ সৈতে মালপোৱাকেইটা বৰ তৃপ্তিৰে খালে সেইদিনা।

-আমাৰ ন বোৱাৰীয়ে বনাইছে, মোক একো কৰিবলৈকে নিদিয়ে তাই, বৰ লখিমী বোৱাৰী এজনী পালোঁ, ইত্যাদি.. বোৱাৰীয়েকৰ গুণানোকীৰ্তন কৰি কৰি শাহুমাকে আলহীৰ কাণ তাল মৰাই পেলালে সেইদিনা।

-হেৰি নহয় বোৱাৰী.. মই ডাইল, ভাত কেইটা বনাই থলোঁ। বিশেষ মিটিং এখন থকাৰ বাবে মই এতিয়াই যাব লাগে। তুমি বেছি একো বনাব নেলাগে। মাথোঁ অমলেট কেইখন গোল গোলকৈ বনাই থ’বা। দেউতাৰাইয়ো ডাইল ভাতৰ লগত অমলেট হ’লে বৰ ভাল পাই খায়। লৰালৰিকৈ কথাখিনি কৈ শাহু মাক গাড়ীত গৈ বহিলগৈ।

-কিন্তু মা… বুলি বোৱাৰীয়েকে পিছে পিছে গৈ কিবা ক’বলৈ লৈছিল যদিও, শুনাৰ আৰু তেওঁৰ সময় নাছিল।

-কণী বইলহে কৰিছিলোঁ আইৰ ঘৰত! পিছে অমলেটটো বনাই পোৱা নাই কাহানিও! এতিয়া.. বনাই বা কিদৰে অমলেটখন? তাতে আকৌ গোল গোল কৈ! চিন্তাত পৰাৰ লগে লগেই চিলনী জীয়েকৰ সাধুটোলৈ তাইৰ সাউৎকৈ আকৌ মনত পৰিল।

–ক আই, এইবাৰ কি বিপদ?

–ঔ মা! কণী কেইটা বইল কৰিবলৈহে শিকাইছিলা কিবা তুমি। কণীৰ অমলেটখন গোল আৰু ধুনীয়াকৈ বনাবলৈ নিশিকালা নহয়! কি কৰোঁ এতিয়া মই….

–অঁ.. তাকেই! চব দোষ মোৰেই অ আই! শুন, তোৰ দ্বাৰা গোল ধুনীয়া অমলেট কোনো পধ্যেই এই মুহুৰ্তত নবনে। তই এটা কাম কৰ…।…….

–উৱা! এয়াচোন আন্দা ভূৰ্জি! আয়ো.. মোৰ গোঁসানীজনীয়ে চাওঁকচোন অমলেটৰ ঠাইত আন্দা ভূৰ্জিখন ইমান মজাকৈ বনাইছে। সঁচাকৈ মোৰ বোৱাৰীৰ হাতখন সাইলাখ লখিমীৰ হাত ও। কুশলে থাকা অ’ মোৰ আইজনী বুলি.. শাহু শহুৰ দুইজনে বৰ তৃপ্তিৰে ভাত সাঁজ খাই বোৱাৰীয়েকক আশীৰ্বাদ দি দি কৈছোঁ নহয়, একেবাৰে নোৱাই পেলালে।

–পুতেক ৰহমানে ফোনত সুধিলে। অ’ মা তোমাৰ বোৱাৰীয়ে কাম চামবোৰ ভালদৰে শিকা হ’লনে নাই? এইবাৰ গ’লে তাইক লগত লৈ আহিম বুলি ভাবিছোঁ। মোৰ খোৱা বোৱা বনোৱাত বৰ কষ্ট হৈছে ইয়াত।

-অঁ হ’ব হ’ব, বোপাই। এএ.. বোৱাৰীয়ে সকলো কামেই বৰ পকাকৈ জানে ঔ। মাকে ঘৰতেই শিকাই পঠিয়াইছে মোৰ লাহৰীক। তই এইবোৰেই লগত লৈ যাব পাৰিলি হয় হে। মইহে তোক নিবলৈ নিদিলোঁ, কাম বন নজনা থুপৰী কইনা বুলি ভাবি! বৰ লখিমী বোৱাৰী অ’ বোপাই। তই আকৌ সেইবুলি তাইৰ হতুৱায়ে সদাই সদাই বনোৱাই নেখাবি। প্ৰথম দুই এদিন ছোৱালীজনীক বাহিৰতে নি এসাঁজ দুসাঁজ খুৱাবিগৈ অ’!

মাকৰ কথাত পুতেক বৰ আনন্দিত হ’ল। শাহুমাকবোৰে এনেকৈ বোৱাৰীয়েকবোৰৰ তাৰীফ কৰাটো কিন্তু বৈদ্য ডাঙৰ কথা! সি বুজে। মানে তাৰ ঘৈণীয়েকজনী সাংঘাটিক টেলেণ্ট থকা হ’ব চাগে দেই। সেইবোৰ ভাবি ভাবি, সেইদিনা ৰাতি তাৰ টোপোনিয়েই হৰিল..।

–হেৰা! এইকেইদিনটো বাহিৰতে খালোঁ। আজি তোমাৰ হাতৰ ৰন্ধা ভাত এসাজ খাওঁ দিয়া। একো নাই, তুমি মাত্ৰ আজি ভাত কেইটা বনাই পাকঘৰটোৰ ইন’গৰেচন কৰা। তৰকাৰী, ভাজি এখন মই হোটেলৰ পৰায়ে অফিচৰ পৰা আহোঁতে লৈ আহিম। এইকেইদিন এনেও তোমাৰ বহুত কাম হৈছে। ঘৰটো ইমান ধুনীয়াকৈ সজাই পেলাইছা.. বুলি কৈ, ঘৈণীয়েকৰ গালত লাহেকৈ টোকৰ এটা মাৰি, বেগটো লৈ অফিচলৈ সি ওলাই গ’ল।

সন্ধিয়া ভাত বনাবলৈ লৈ..তাই মহা চিন্তাত পৰিল..। খিছিৰি বনাবলৈ বাৰু শিকাইছিল মাকে। কিন্তু ভাত বনাবলৈ বা কিমান পানী দিব লাগিব। সেইটোতো নিশিকিলে! খোদা! ইফালে আজি দুদিনৰ পৰা মাকৰ ফোনটোও লগা নাই। কিবা বেয়া হ’ল হ’বপায়! উপায় নেপাই তাই এক কুকাৰ পানীত এপোৱা চাউল জুইত উঠাই দিলে।

ৰাতি খোৱাৰ টেবুলত বহি পতিদেৱ চিঞৰি উঠিল..

–হেৰা! এইয়া কি? এয়াচোন মাৰভাত!

–হেৰী জানে? (উচুপি উচুপি) মই ভাত বনাবলৈ নেজানো। ঘৰত ভালদৰে একো ৰন্ধা বঢ়া কাম শিকি অহা নাছিলোঁ নহয়! খুদাৰ ৰহমতত শাহুমায়ে যেনিবা সেই কথাৰ একো উমানেই নাপালে। আৰু মোৰ শলাগ আপোনাৰ আগটো ঢেৰ বখানিলে। মই মানে ইমান দিনে………….। এইদৰেই আইলৈ ফোন কৰি কৰি চলি আহিলোঁ। চিলনী জীয়েকৰ সাধু গোটেইটো পতিদেৱক শুনাই লৈ.. পতিদেৱৰ সেমেকা মুখখনলৈ চাই, জঁপিয়াই কৈ উঠিল। হেৰি! আপুনি চিন্তা কৰিব নেলাগে। আপুনি মোৰ ফোনটোত নেট কানেকচনটো কৰি দিয়ক। এইকেইদিন মই গুগোলত ৰেচিপিবোৰ চাই চাই সৱ শিকি পেলাম নহয়! চাহ কাপ বনাবলৈ জানোটো। ৰ’ব চাহ একাপ বিস্কুটৰ লগত খাই দিলেই পেট ভৰি যাব আপোনাৰ, বুলি কৈ পত্নীদেৱী পাকঘৰলৈ লৰি গ’ল।

-এই ৰাতিখন চাহ আৰু বিস্কুট খাম!….চকুহাল মোহাৰি মোহাৰি পতিদেৱে দীঘলকৈ শব্দ কৰি হামি এটাকে মাৰিলে!

☆ ★ ☆ ★ ☆

8 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *