দুৰ্গা পূজাৰ লটিঘটি – অনুৰূপ মহন্ত
: ৰুক চালে….ৰুক
: কাহা ভাগ ৰহা হেই চালে..ৰুক
মই প্ৰাণৰ কাতৰে পূজা চাবলৈ অহা মানুহৰ ভিৰ ফালি ফালি আগে আগে দৌৰিছোঁ…কেৱল দৌৰিছোঁ আৰু পাছে পাছে চি.আৰ.পি.এফৰ যোৱান এজনে অনা অসমীয়া গালি এসোপা পাৰি পাৰি হাতত মস্ত বেত এডাল লৈ মোৰ পিঠি বহল কৰোঁ কৰোঁ কৈ খেদি আছে।
ঘটনাটো আজি কিছু বছৰ আগৰ। স্কুলীয়া জীৱন সামৰি কলেজত ভৰি দিয়া সময়ৰে। লগৰ ল’ৰাৰ লগত ময়ো গৈছোঁ দুৰ্গা পূজা চাবলৈ। আমাৰ বাবে পূজা মণ্ডপত পূজা কৰাতকৈ পূজা উপলক্ষে আয়োজন হোৱা মেলা চোৱা, অস্থায়ী ফাষ্ট ফুডৰ দোকানত খোৱা আদিৰ লগতে পূজা চাবলৈ অহা মানুহ চোৱা কামটোৰহে গুৰুত্ব বেছি তেতিয়া।
বিশ্বকৰ্মা পূজাৰ পাছৰ পৰাই দুৰ্গা পূজা কেতিয়া আহিব গণনা কৰিবলৈ আৰম্ভ কৰোঁ আমি। দুৰ্গা পূজাৰ সময় ওচৰ চাপি অহাৰ লগে লগেই মনটো আনন্দৰে ভৰি পৰে তেতিয়া।
বিভিন্ন খেলা বস্তুৰ দোকান, কাপোৰ, খোৱা বস্তুৰ দোকান, ঘৰ সজোৱা সামগ্ৰীৰ দোকান আদি অস্থায়ী দোকানেৰে আমাৰ সৰু চহৰখন ভৰি পৰে সেই সময়ত। তাতে পূজা মণ্ডপ সমূহে কলিকতাৰ পৰা কাৰিকৰ আনি আটক ধুনীয়াকৈ বিভিন্ন আলোক সজ্জাৰে মণ্ডপসমূহ সজাই পৰাই তোলা দেখিও বৰ ভাল লাগে। যদিও সপ্তমীৰ দিনাৰ পৰাহে পূজাত মানুহৰ ভিৰ বাঢ়ে, তথাপি পঞ্চমীৰ দিনাৰ পৰাই আমাৰ বাবে পূজা আৰম্ভ হয় তেতিয়া। কোন মণ্ডপৰ পূজা এইবাৰ কেনেকুৱা হ’ব, কোন ঠাইত কি অস্থায়ী দোকান বহিব আদি বিলাক আমাৰ নখ দৰ্পণত।
আন দিনাৰ দৰে অষ্টমীৰ দিনাও আমাৰ গেংটো ওলাইছিল পূজা চাবলৈ। প্ৰথমে সদায় আড্ডা দিয়া ঠাইলৈকে গ’লোঁ, তাত মানুহৰ বৰ ভীৰ, ৰ’বলৈকে ঠাই নাই। খোজ কাঢ়ি পূজা মণ্ডপৰ ফালে আটাইকেইটা আগ বাঢ়িলোঁ, বাটে বাটে মানুহ চাই চাই গৈ আছোঁ। কেতিয়াবা যদি অস্থায়ী ফাষ্ট ফুডত কিবা খাইছোঁ, কেতিয়াবা আকৌ জেলেপী বনোৱা দোকানত লগৰ সকলোৰে মাজত কোনে বেছিকৈ জেলেপী খাব পাৰে তাৰ ‘কম্পিটিশ্যনো’ কৰিছোঁ।
এনেদৰে আগুৱাই গৈ থাকোঁতে এখন ঠাইৰ বিশেষ দোকান এখনত বহুত ভীৰ হোৱা দেখা পাই আমিও সেই ফালে আগুৱাই গ’লোঁ। সেইখন দোকান এই দুই তিনিদিন খালী হৈয়ে পৰি আছিল, আজি হঠাৎ নো কি ওলাল ইমান ভীৰ হ’বলৈ!
দূৰৰ পৰা মানুহৰ মূৰবিলাকহে দেখা পাইছোঁ মাত্ৰ। কৌতুহল দমাব নোৱাৰি ভিৰ ফালি আমি আগুৱাই গ’লোঁ দোকানখনৰ ফালে। ওচৰ পাই দেখোঁ ডাঙৰ এঢলীয়া টেবুল এখন পাৰি থোৱা আছে আৰু টেবুলখনৰ মাজত কিছুমান ফুটা। প্ৰতিটো ফুটাত একৰ পৰা (নে শূন্যৰ পৰা পাহৰিলোঁ) সাতলৈ কিছুমান নম্বৰ লিখা আছে। সন্মুখৰ ফালৰ পৰা কোনোবা এজনে টেবুল টেনিছ খেলা ‘পিং পং’ বল দুটা লৈ দলিয়াই দিয়ে তাৰ পাছত মানুহৰ মাজত পইচাৰ বাবে হুলস্থুল লাগে। কি হৈ আছে, একো বুজি পোৱা নাই আমি কেইটাই। তেনেতে কোনোবাই ক’লে এইটো বোলে কিবা ‘লাকী চেভেন’ খেল! আমি ঠিকেই বুজিলোঁ ই একপ্ৰকাৰৰ জুৱা।
: এই কেইদিন চৰকাৰী ‘পাৰ্মিচন’ পোৱা নাছিল বাবে চাগে খেল হোৱা নাছিল আৰু দোকানখন এনেই পৰি আছিল! আজি চাগে কিবা কৈ ‘মেনেজ’ কৰি পাৰ্মিচন উলিয়াইছে দোকানীয়ে!
আমি নিজৰ মাজতে পাতি আছোঁ। আমি কেইটা কিন্তু তেতিয়া বিৰাট ভদ্ৰ, আমি এটায়ো খেলা নাই। কিন্তু সেই বুলি আমি খেল নাচাই এৰিও যোৱা নাই আক’৷ খেলখন বিৰাট ‘ইণ্টাৰেষ্টিং’ আৰু সুন্দৰ ‘টাইম পাছ’ হৈ পৰিছে আমাৰ বাবে। কোনোবাই পইচা জিকিছে, কোনোবাই হাৰিছে। আমি মাত্ৰ চাই আছোঁ আলেখ লেখ। এনেদৰে কিমান সময় পাৰ হ’ল খবৰেই নাই আমাৰ।
তেনেকুৱাতে হঠাৎ লাগিল হুলস্থুল। শকতকৈ ওখ ‘মস্তান টাইপ’ ল’ৰা এটাই আমি অহাৰ আগৰ পৰাই খেলি আছিল। বহুত জিকিও আছিল সি। কিন্তু যেতিয়াৰ পৰা হাৰিবলৈ ধৰিলে, একেৰাহে হাৰি হাৰি তাৰ পকেট একেবাৰে উদং হৈ গ’ল বোলে! সি খেল খেলোৱা মানুহটোৰ লগত তৰ্ক কৰিবলৈ ধৰিলে, মানুহটোৱেহে কিবা গেজু কৰি বোলে তাক হৰুৱাই দিলে আৰু এতিয়া ঘৰৰ বজাৰ কৰিবলৈ অনা পইচাও শেষ হৈ গ’ল তাৰ। দোকানীয়ে মানি নলয়, ল’ৰাটোৱেও এৰি নিদিয়ে। হঠাৎ ল’ৰাটোৱে খঙতে খেলৰ টেবুলখন ডাঙি লুটিয়াই দিলে আৰু দোকানীৰ মুখত এটা প্ৰচণ্ড ঘোচা সোধালে।
ঠিতাতে কি হৈ গ’ল আমি কোনেও পাত্তাই নাপালোঁ, চাৰিওফালে কেৱল হুলস্থুল। মোৰ লগৰকেইটা অলপ টেঙৰ আছিল, হুলস্থুল দেখি লাহে কৈ ‘চাইড’ হৈ দিলে। মইহে বেঙাটোৰ নিচিনা মুখ মেলি কাজিয়াখন চাই আছোঁ ওচৰৰ পৰা।
তেনেতে কাজিয়া দেখি ৰাস্তাৰ সিটো পাৰে ডিউটি কৰি থকা চি.আৰ.পি.এফ ৰ যোৱান কেইজনে লাঠি লৈ খেদি আহিল। মই কি কৰোঁ কি নকৰোঁ ভাবি ভিৰৰ মাজেৰে দিলোঁ দৌৰ।
মোৰ পাছে পাছে মস্ত পালোৱান যোৱান এজনে শকত বেত এডাল লৈ খেদি আহিল। মই প্ৰাণৰ কাতৰে ফোঁপাই জোঁপাই দৌৰিছোঁ, আৰু পালোৱানে মোক পিছে পিছে বেত দাঙি গালি পাৰি পাৰি খেদি আহি আছে। ভয়ত কিমান দূৰ দৌৰিলোঁ গমেই নাপাওঁ। কিন্তু, হঠাৎ মনত পৰিল মইনো কিয় দৌৰিছোঁ! মইতো একো কৰাই নাই, কাজিয়া লাগিছিল কোনোবাইহে! মই এনেই ‘উলুৰ লগত বগৰী পোৰা’ যাম এতিয়া। ৰ’বলৈও ভয়, বেতৰ এচাত পৰিলেই পিঠি বহল হ’ব মোৰ! ভগৱানক খাতিছোঁ, এইবাৰলে উদ্ধাৰ কৰা বুলি! পূজা চাবলৈ অহা ইমানবিলাক মানুহৰ আগত মান সন্মান সকলো শেষ হ’ল আজি মোৰ!
দৌৰি দৌৰি এসময়ত ‘যি হয় হ’ব’- বুলি ৰৈ দিলোঁ আৰু পাছলৈ ঘূৰি চাই দেখোঁ পালোৱানটোক লগৰটোৱে পাছৰ পৰা হুইছেল বজাই বজাই চিঞৰি মাতিছে-
: আৰে, উচে চ’ৰ দে, ৱ নেহী থা…ৱ নেহী থা
: উফ ভগৱান, কি বচালা!
ভয় আৰু ভাগৰত বুকুখনে ধান বানিব ধৰিছে ইতিমধ্যেই। বাৰে বাৰে ভগৱানক ধন্যবাদ দিছোঁ।
তেনেতে ধাৰাপ কৈ শব্দ এটা হ’ল আৰু মোৰ বাওঁ ভৰিটো ফৰ ফৰাই উঠিল। পালোৱানে দিলে এচাত, আৰু কৈ গ’ল
: চালে…, কুছ কিয়া হি নেহী থা, ত’ ভগায়া ক্যু ইতনা?
নিজৰ বুৰ্বকামীৰ বাবে খঙতে নে দুখতে চকু পানী ওলাই গ’ল মোৰ। ঠাইখিনি আন্ধাৰ আছিল বাবে যেনিবা কাৰো চকুত নপৰিল ভৰিত পৰা চাটটো আৰু মোৰ চকুপানীৰ টোপাল কেইটা। সেই দিনাই শপত ল’লোঁ আৰু কেতিয়াও জুৱা খেলা ঠাইৰ ওচৰো নাচাপো বুলি, আৰু এতিয়াও দুৰ্গা পূজাৰ দিন ওচৰ চাপি আহিলেই এইটো ঘটনা বৰকৈ মনলৈ আহে মোৰ।
☆ ★ ☆ ★ ☆
12:27 pm
এতিয়াও ফৰফৰাইনে মনত পৰিলে??
8:43 pm
হাঃ হাঃ!ভাল মজা পালা
9:44 pm
কোবতো চাগে জোৰকৈ পৰিছিল।দুখ লাগিল।মিছাতে মাৰ খালে
12:27 pm
হাঃ হাঃ বেছেৰা৷
1:24 pm
ভাল লাগিল মাৰচাত পৰা বাবে হাঃ হাঃ
দুৰ্গা পূজাৰ উপহাৰ দিলে
2:56 pm
আজিহে পঢ়িলো। ভাল লাগিল।
9:16 pm
মানে বেটাই এছাট দিলেহে দিলে। ভাল লাগিল দেই ।