ৰাজনীতিৰ মেৰপাক – মাধৱ নাথ
বগা বগা চোলা পিন্ধা শিয়ালৰ মেলা;
কোন ৰঙা কোন ক’লা ধৰিব নোৱৰা।
বগলীৰ সবাহত কাউৰীৰ গান ;
ক্ষমতাৰ মজিয়াত লুভীয়াৰ স্থান।
চেকুৰা চেকুৰী দাগ মলিয়ন মন;
চল-চাতুৰিৰে কাঢ়ে দুখীয়াৰ ধন,
জাতি, মাটি, ভেটি সৱ ৰসাতলে গ’ল;
চৰৰ কুমজেলেকুৱা আজি নিগনি হ’ল।
বগা চোলা ৰঙা দাঁত
আজি ইয়াত কালি তাত
ঢেকুৰা কুকুৰৰো আছে নীতি আৰু জাত।
ৰাজনীতিৰ মেৰপাক বুজিবলৈ টান
চোৰ দগাবাজৰো যে আছে তাত স্থান
দুৰ্নীতিৰ পাহাৰত শিয়ালে দিয়ে হুৱা
এতেকে ইমানতে সামৰিছোঁ দিয়া॥
☆ ★ ☆ ★ ☆
10:47 pm
সুন্দৰ