কৌতুক – ইলি তালুকদাৰ
আমাৰ ফটাঢোল ৰাজসভাৰ দুটা উজ্জ্বল ৰত্ন৷ টাউলা হেকা আৰু সুন্দৰী ভখ্ৰী। সুন্দৰী হাতে কামে পাৰ্গত।একো নজনা নাই। ভখ্ৰীয়ে বিয়াৰ আগতে লিখা লাভ লেটাৰ পঢ়ি তেওঁৰ হ’ব লগা পতিদেৱ হেনো দুৰাৰোগ্য লাভেৰীয়া ৰোগত আক্ৰান্ত হৈছিল। পিছত ডা° পাৰ্থসাৰথিৰ পৰামৰ্শ মতে মেৰেজোথেৰাপীৰ দ্বাৰা সুষ্ঠ হৈ উঠে। এতিয়া ভখ্ৰীৰ সুন্দৰ, সুখৰ সংসাৰ।
আৰু এই হেকা! ফটাঢোল চাঞ্চল্য এইজনাৰ কথা নতুনকৈ ক’ব লগা নাই। এইজনা ৰত্ন বিয়াই সবাহে সুন্দৰ ৰমণীৰে অনবৰতে পৰিবেষ্টিত হৈ থাকে।
এইজনা হেকাই ভখ্ৰীক প্ৰায়েই খানা খুৱাবলৈ জোৰ কৰি থাকে…
হেকা : ঐ, খানা এটা নিদিয়?
ভখ্ৰী : মাতিম ৰবো।
হেকা : তই নামাতিলি লান্সলৈ?
ভখ্ৰী : ধেই, মাতিম ৰবো।
আহিল এদিন সেই দিনটো। সুন্দৰী ভখ্ৰীৰ আলহী হৈ আহিল হেকা। লেখা মেলাত পাৰ্গত সুন্দৰী ৰন্ধন কৌশলতো পাৰ্গত। বিভিন্ন সুস্বাদু ব্যঞ্জনেৰে হেকাক আপ্যায়ন কৰা হ’ল। এখন ব্যঞ্জন আছিল ফ্ৰাইড লিভাৰ। লিভাৰ মুখত লৈয়েই হেকাই আটাহ পাৰি উঠিল, কি ৰান্ধিছা ঔ এইখন? বাপৰে জীৱনত এনে আঞ্জা খাই পোৱা নাই অ’।
দিয়া, দিয়া ৰেছিপি দিয়া। ময়ো ঘৰত ৰান্ধি খুৱাম। আমাৰো ভখ্ৰীয়ে সুন্দৰকৈ বনোৱাৰ কৌশল লিখি হেকাৰ হাতত দিলে। সযতনে হেকাই কামিজৰ জেপত ৰেছিপি লৈ ঘৰলৈ ৰাওনা হ’ল। বাটতে বজাৰৰ পৰা এক কিলো লিভাৰ ল’লে। সৱেই দেখাকৈ বগা পলিথিনৰ পেকেটত ল’লে লিভাৰখিনি।
ইও চায়, সিও চায়…. সৱৰে চকুত প্ৰশ্ন! বাপ্পাঐ এপোৱা মাংস কিনা হেকাৰ হাতত এক কিলো মাংস৷
খোজ কাঢ়ি হেকা ঘৰলৈ উভটিছে। ৰাস্তাতে আছিল দুটা ভতুৱা কুকুৰ৷ এটা কুকুৰে কেঁচা মাংসৰ গোন্ধ পাই হেকাৰ কাষ পালে আৰু একে টানে হেকাৰ হাতৰ পৰা মাংসৰ টোপোলা লৈ কুকুৰ উধাও। হেকাই এবাৰ হাতখন চায়, এবাৰ ভতুৱা কুকুৰটোক। চকুত চকু পানী। কিন্তু হঠাতে কিবা এটা মনত পৰাৰ দৰে খপজপকৈ কামিজৰ জেপত হাত ভৰাই ৰেছিপি লিখা কাগজখন একে টানে উলিয়াই আনিলে। তাৰপাছত…..
হাঃ হাঃ হাঃ হাঃ হাঃ হাঃ হাঃ
হেকাৰ ওচৰলৈ যোৱা মানুহখিনি হতভম্ব! এক কিলো মাংস কুকুৰে নিলে তাৰ পাছতো হেকাৰ অট্টহাস্য, কি ৰহস্য। এজন কাষলৈ আহিল আৰু সুধিলে, আপোনাৰ হাতৰ মাংস দেখোন কুকুৰৰ মুখত। ইয়াৰ পাছতো আপুনি আকৰ্ণ বিস্তৃত হাঁহি মাৰিছে যে? ঘটনা কি?
হেকাই কি ক’লে শুনকচোন৷
: তাৰ মূৰ্খামি দেখি নাহাঁহি কান্দিম নেকি হাঁ? সি বুৰ্বকে মোৰ মাংসখিনিহে নিছে। চা, ৰেছিপি এতিয়াও মোৰ হাতত। সি লিভাৰ নি কি কৰিব বে?
খা বাপ্পেকে ভীমকলটো।
☆ ★ ☆ ★ ☆
1:05 pm
হেকা ৰকছ
2:20 pm
???? ৰেচিপি থাকিলেই।