ফটাঢোল

অসমীয়া ৱিকিপিডিয়া সমাজ : কথাৰে নহৈ কামেৰে মাতৃভাষাৰ হকে এক খোজ – অনামিকা বড়া 

পৰিৱৰ্তনেই হৈছে একমাত্ৰ ধ্ৰুৱক। সৃষ্টিৰ আদিৰে পৰা সভ্যতাৰ উত্তৰণ ঘ’টি ঘ’টি আজিৰ এই বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱে ৰূপ সলাই দিয়া এক ইণ্টাৰনেটৰ যুগত আমি প্ৰৱেশ কৰিছোঁহক। বৰ্তমান সময়ত সকলোৰে জীৱনশৈলীত ইণ্টাৰনেটৰ প্ৰভাৱ কম-বেছি পৰিমাণে আছেই। নক’লেও হ’ব এই যুগত ‘ৱিকিপিডিয়া’ৰ লগত অপৰিচিত লোক খুউব কমেই ওলাব। ২০০১ চনৰ ১৫ জানুৱাৰীত জিমি ৱেলছ আৰু লেৰি ছিংগাৰে প্ৰতিষ্ঠা কৰা কেলিফৰ্ণিয়াস্থিত ‘ৱিকিমিডিয়া’ নামৰ সংস্থাটো হৈছে ৱিকিপিডিয়াৰ স্বত্বাধিকাৰী। উল্লেখযোগ্য যে চাৰি কোটিৰো অধিক তথ্যভিত্তিক প্ৰৱন্ধৰে বিশ্বৰ অগণন পঢ়ুৱৈক জ্ঞান আৰু তথ্যৰ যোগান ধৰি অহা ৱিকিপিডিয়া ৩০৪ টা ভাষাত উপলব্ধ। অৱশ্যে ইয়াৰে ২৯৪ টা ভাষাহে এতিয়া সক্ৰিয়। গৌৰৱৰ কথা যে,  বিজ্ঞাপনবৰ্জিত আৰু সম্পূৰ্ণ স্বেচ্ছামূলক অৱদানৰ ওপৰত নিৰ্ভৰশীল ৱিকিপিডিয়াৰ এই সক্ৰিয় ভাষাসমূহৰ মাজত আমাৰ চিৰচেনেহী অসমীয়া ভাষাটোও বিদ্যমান।

অসমীয়া ৱিকিপিডিয়াৰ জন্ম হৈছিল ২০০২ চনৰ ২ জুনত। কিন্তু সেই সময়ত অসমীয়া টাইপিং সঁজুলি আৰু পদ্ধতি সহজলভ্য নোহোৱাৰ হেতু কামৰ অগ্ৰগতি নিচেই কম আছিল।  কিছু বছৰৰ পিছত ‘ইউনিক’ড’ জনপ্ৰিয় হ’বলৈ ধৰাৰে পৰা অসমীয়া ৱিকিপিডিয়াৰ প্ৰকৃত কাম কাজ আৰম্ভ হয়।  বেটুপাতৰ লগতে আন আন মূল পৃষ্ঠাসমূহ সাজি উলিয়াই ২০০৬ চনৰ ছেপ্তেম্বৰত অসমীয়া ৱিকিপিডিয়াক এক অনন্য ৰূপ প্ৰদান কৰে প্ৰথম কেইগৰাকী প্ৰশাসকে। তেওঁলোক হ’ল সমুজ্জ্বল চৌধুৰী, সংগীতা, প্ৰিয়াংকু শৰ্মা। ২০০৭ চনৰ ২০ মে’ত অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যাই ১৫০ অতিক্ৰম কৰাৰ সময়তে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আন প্ৰকল্প ‘ৱিকিউৎস’, ‘ৱিকি অভিধান’, ‘ৱিকিউক্তি’ও অসমীয়াত মুকলি কৰা হৈছিল যদিও দীৰ্ঘসময়ৰ নিষ্ক্ৰিয়তাৰ বাবে সেয়া পিছলৈ বন্ধ কৰা হয়। সামাজিক প্ৰচাৰ মাধ্যম ফেচবুকত ‘অসমীয়া ৱিকিপিডিয়াৰ গোট’ৰ মুকলি নোহোৱালৈকে, অৱদানকাৰীৰ অভাৱত কেইবাবছৰো অসমীয়া ৱিকিপিডিয়াৰ কাম-কাজ স্থবিৰ হৈ পৰিছিল। এনেদৰে ২০১০ চনৰ ফেব্ৰুৱাৰীত প্ৰবন্ধৰ সংখ্যাই কোনোমতে ২৫০ পায়গৈ আৰু সেই সময়তে ভাৰতীয় ৱিকি প্ৰকল্পসমূহৰ উন্নয়নৰ বাবে খাটি থকা এজন অনা-অসমীয়া, ৱিকিপিডিয়ান চিজু এলেক্সা(কেৰেলাৰ)ৰ প্ৰচেষ্টাত অসমীয়া ৱিকিপিডিয়া পুনৰ সক্ৰিয় হৈ উঠে। ২০১২ চনৰ ৭ জানুৱাৰীত অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সংখ্যাই হেজাৰ চোৱে। তেতিয়াৰে পৰা সম্পাদনাৰ সংখ্যা বাঢ়ি আহি বৰ্তমান(লেখাটি প্ৰস্তুত কৰা সময়লৈকে,ছেপ্তম্বৰ,২০১৯) অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ৫৮৭০ হৈছেগৈ।

   ৱিকিপিডিয়াৰ দৰে ৱিকিউৎসও হৈছে ৱিকিমিডিয়া সংস্থাৰে এটি প্ৰকল্প। ৱিকিপিডিয়া যেনেকৈ এখন মুক্ত বিশ্বকোষ, ৱিকিউৎস হৈছে এটা মুক্ত পুথিভঁৰাল। অসমীয়া ভাষাৰ মুক্ত উৎস পাঠৰ ডিজিটেল পুথিভঁৰালটোৱেই হৈছে অসমীয়া ৱিকিউৎস। কপি-ৰাইট উকলি যোৱা গ্ৰন্থপুথি, আলোচনী-পুস্তিকা আদি ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰি ৰখা ডিজিটেল ক্ষেত্ৰই হৈছে ৱিকিউৎস। অসমীয়া ৱিকিপিডিয়াৰ পিছতে অসমীয়া ৱিকিউৎস সক্ৰিয় কৰা হয় ২০১১ চনৰ ৩ জানুৱাৰীৰ পৰা। ২০১৩ চনৰ ৪ জানুৱাৰীত নিজা উপ ‘ডমেইন’ লাভ কৰা অসমীয়া ৱিকিউৎসত বৰ্তমান ২২৪ খন গ্ৰন্থ সন্নিৱিষ্ট কৰা হৈছে। তাৰে কিছুৰ ডিজিটেলকৰণ সম্পূৰ্ণ হৈ উঠা নাই।

   এতিয়া লক্ষণীয় কথাটো হ’ল এই যে ৱিকিপিডিয়া বা ৱিকিউৎসত তথ্যসমূহ পোৱা যায়, এইবোৰ কেনেকৈ ক’ৰ পৰা উপলব্ধ হয় সেই কথা ৱিকি ব্যৱহাৰ কৰি থকা লোকৰো বহুলাংশই নাজানে। যিকোনো লোকেই যে নিজা একাউণ্ট (ৱিকিপিডিয়াত বা ৱিকিউৎসত) খুলি লৈ বৰঙণি (সম্পাদনা) আগবঢ়াব পাৰে সেই কথা সামাজিক প্ৰচাৰ মাধ্যম আদিত বৰ বৰ কথা প্ৰকাশ কৰি থকাসকলৰো অধিকাংশই অবিদিত বা জানিবলৈ অনাগ্ৰহী যিটো আমাৰ বাবে অতি পৰিতাপৰ বিষয়। প্ৰায় ১৭ বছৰীয়া অসমীয়া ৱিকিপিডিয়াৰ সদস্যৰ সংখ্যা ২৩,৬৭০ জন, তাৰে সক্ৰিয় সদস্যৰ সংখ্যা আঙুলিৰ মুৰত লিখিব পৰা। প্ৰবন্ধৰ পৰিসংখ্যা, সদস্যৰ পৰিসংখ্যা সকলো ফালৰ পৰা অসমীয়া ভাষাৰ অৱস্থা পুতৌলগা। অসমীয়া ভাষাতকৈ কম চৰ্চিত বা প্ৰচলিত ভাষা কিছুমানৰো অৱস্থান যথেষ্ট ভাল আমাৰ ভাষাটোৰ তুলনাত। উদাহৰণস্বৰূপে সংস্কৃত ভাষাতে বৰ্তমান ১১,৩৮৭ টা প্ৰবন্ধ আছে। আনহাতে অসমীয়া ভাষাতকৈ দুবছৰ সৰু বাংলা ৱিকিপিডিয়াইও ৬৭,২৯৮ টা প্ৰবন্ধৰে ডিজিটেল জগতত এক শক্তিশালী স্থিতি বৰ্তাই ৰাখিছে। ইয়াৰ মূলতে হ’ল তেওঁলোকৰ নিজ মাতৃভাষাৰ প্ৰতি থকা ভালপোৱা তথা দায়িত্ববোধ যাৰ বাবে মুঠ ২,২৪,০০৯ জন সদস্যৰে বাংলা ৱিকিপিডিয়াই অসমীয়া ৱিকিপিডিয়াক ক’ৰবাতে এৰি বহুদূৰ আগুৱাই গৈছে।

নক’লেও হ’ব অসমীয়া ৱিকিপিডিয়া তথা অসমীয়া ৱিকিউৎসৰ মূল চালিকা শক্তি এই স্বেচ্ছাসেৱকসকলেই। দুখলগাকৈ অসমীয়া ৱিকিপিডিয়া আৰু অসমীয়া ৱিকিউৎসত শেহতীয়াকৈ সক্ৰিয় সদস্যৰ সংখ্যা ক্ৰমে ৬৬ আৰু ১৫ জন। এই মুষ্টিমেয় বাহিনীয়ে অহৰ্নিশে অসমীয়া ভাষাৰ ডিজিটেল ক্ষেত্ৰখনত অৰিহণা যোগাই আহিছে। ইয়াৰে কিছু যদি চাকৰিয়াল, কিছু ব্যৱসায়ী, কিছু আকৌ ছাত্ৰ-ছাত্ৰী নতুবা কিছু অভিজ্ঞ প্ৰাপ্তবয়স্ক, আদি বিভিন্নজনে নিজ নিজ দৈনিক কৰ্মব্যস্ততাৰ মাজতো সময় উলিয়াই নিজ মাতৃভাষাৰ প্ৰতি থকা আকুণ্ঠ চেনেহত ৱিকিপিডিয়া তথা ৱিকিউৎসত কাম কৰিয়ে আছে। যাৰ বাবে অসমীয়া ৱিকিপিডিয়া তথা অসমীয়া ৱিকিউৎসই অন্ধকাৰ সময়ৰ পৰা আজিৰ এই পৰ্যায় পাইছেহি। বিশেষকৈ উপযুক্ত মুদ্ৰণ সঁজুলি, সমলৰ অভাৱৰ সময়তো মৃতপ্ৰায় অৱস্থাৰ পৰা তুলি আনি এক সন্তোষজনক স্থানলৈ উন্নীত কৰা জন্মলগ্নৰ প্ৰশাসকগোষ্ঠীৰ ওচৰত অসমীয়া ৱিকিপিডিয়া বা ৱিকিউৎস সমাজেই নহয়, সমগ্ৰ অসমীয়া সমাজ চিৰকৃতজ্ঞ হৈ ৰ’ব।

আৰু এটা মন কৰিবলগীয়া কথা হৈছে ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ ভঁৰাল টনকিয়াল কৰিব পৰাকৈ অজস্ৰ সৃষ্টি আমাৰ মাজত আছে, অভাৱ মাথোঁ সজাগতাৰ। বিশ্বৰ বহুভাষিক সমাজত অসমীয়া ভাষাৰ স্থিতি আৰু গতি সুদৃঢ় তথা সুস্থিৰ কৰিবলৈ কাগজে পত্ৰই প্ৰকাশ পোৱা লেখা অসংখ্য, কিন্তু ইয়াৰ বাবে যে অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ দৰে ক্ষেত্ৰ এখন আছে, য’তনিকি কোনো কষ্ট  বা খৰচৰ কথা চিন্তা নকৰাকৈয়ে আজৰি সময়ৰ সদব্যৱহাৰ কৰি স্বেচ্ছামূলকভাৱে সেৱা আগবঢ়াই আমি অসমীয়া ভাষাক উচ্চ শিখৰলৈ লৈ যাব পাৰো, তাৰ চৰ্চা, সজাগতা দুয়োটাই যথেষ্ট কম। উপৰিউক্ত পৰিসংখ্যাৰ পৰা এইয়া সহজেই অনুমেয় যে চিৰ চেনেহী ভাষাটোক উচ্চ স্থানলৈ নিবলৈ আমি প্ৰচাৰ, প্ৰসাৰৰ সমানে সমানে, যদি সম্ভৱ অধিক গতিৰে আগবঢ়াই নিব লাগিব অসমীয়া সক্ৰিয় ৱিকিপিডিয়ানৰ সংখ্যা, তেওঁলোকৰ ভাষাপ্ৰেম আৰু দায়িত্ববোধ যি ত্বৰাণ্বিত কৰিব অসমীয়া ৱিকিৰ জগতত তথ্যৰ সংযোজন, সংবৰ্ধন। ভাবকচোন, দিনে মাত্ৰ এটাকৈ শাৰী লিখিলেও বছৰত ৩৬৫ টা শাৰী যোগ হ’ব অসমীয়া ৱিকিপিডিয়াত। তেনেকৈ ৱিকিপিডিয়ান আৰু প্ৰবন্ধৰ সংখ্যাৰ ঊৰ্ধ্বমুখীতাই এটা মাত্ৰ বছৰতে হাজাৰ, লাখ বা ততোধিক তথ্যৰ সংযোজন ঘটাব পৰাটো কিমান এটা ভাল লগা কথা, মহান অনুভৱ, ভাষাপ্ৰেমী সকলোৱেই উপলব্ধি কৰিব পাৰিব কথাটো।

অসমীয়া ভাষাটোৰ প্ৰতি অগাধ মৰম থকা হে’ নিঃস্বাৰ্থ অসমপ্ৰেমী সহোদৰবৃন্দ, ৰাজনীতিৰ মেৰপাক, সস্তীয়া জনপ্ৰিয়তা, প্ৰতিবাদী সমদল, ধৰ্ণা আদিৰ দৰে তেজৰ ৰক্তসঞ্চালন বৃদ্ধি কৰা সাতামপুৰুষীয়া আৱেগবোৰৰ বলি নহৈ এবাৰ সুস্থ বিবেকেৰে চিন্তা কৰি চাওক, কথাৰ সময় উকলি এতিয়া কামৰহে সময়। চিন্তাবোৰ, আৱেগবোৰ ছ’চিয়েল মিডিয়া, বাতৰি-কাকত নাইবা সাময়িক তৰ্জন-গৰ্জনতে সীমাবদ্ধ নাৰাখি কৰ্মৰ পথত অগ্ৰসৰ হওক। এবাৰ চিন্তা কৰক, তিনি কোটি মানুহৰ ৰাজ্য, অসমৰ অসমীয়া ৱিকিপিডিয়া বা ৱিকিউৎসত সক্ৰিয় সদস্যৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পৰা হোৱাটো গোটেই অসমীয়া জাতিটোৰ বাবেই লাজলগা কথা নহয়নে?

বৰ্তমান এই বিশ্বায়নৰ যুগত অসমীয়া ৱিকিউৎস তথা ৱিকিপিডিয়া হৈছে বৰ্তমান অসমীয়া জাতিৰ, পৃথিৱীত স্থিতি, ক্ষমতা তথা শক্তি প্ৰদৰ্শন কৰাৰ অন্যতম মঞ্চ যিখন মঞ্চত উঠিবলৈ নালাগে কোনো বিশেষ পাৰদৰ্শিতা, নালাগে কোনো অৰ্হতা, লাগে মাথোঁ আন্তৰিক হেঁপাহ, এক দৃঢ় ইচ্ছা। একে গতিতে ব্যস্ততাই কোঙা কৰা জীৱনটোতো আপোনাৰ ওচৰত ৱিকিৰ জগতৰ বাবে সময় নিজে আহি উপস্থিত হ’বহি। খোজটো দিবলৈ ভৰিটো মাত্ৰ আগবঢ়াওক, আপোনাক সহায় কৰিবলৈ সকলো ৱিকিপিডিয়ান প্ৰতি নিয়ত সাজু, আগ্ৰহী তথা দায়বদ্ধ। অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ এই অভিনৱ, অৰ্থপূৰ্ণ যাত্ৰাৰ বিশ্বস্ত সংগী হৈ আহক আমি আমাৰ বুকুৰ কুটুম মাতৃভাষা অসমীয়াৰ গৌৰৱ আৰু সুষমা বৃদ্ধিৰ অংশীদাৰ হোৱাৰ সুখানুভুতিৰে জীৱন ধন্য কৰো।

উপসংহাৰঃ অসমীয়া ৱিকিপিডিয়া আৰু অসমীয়া ৱিকিউৎসৰ ৱেব ঠিকনা হৈছে ক্ৰমে www.as.wikipedia.org আৰু www.as.wikisource.org । লগতে প্ৰতিমাহে পূৰ্বৱৰ্তী মাহত সৃষ্টি হোৱা প্ৰবন্ধসমূহ, সক্ৰিয় ৱিকিপিডিয়ানসকলৰ অৱদানৰ পৰিসংখ্যা, মাহটোত পদক পোৱা ৱিকিপিডিয়ানসকলৰ তালিকা সম্বলিত এখনকৈ ৱিকিপত্ৰিকা প্ৰকাশ হয় য’ত একোজনকৈ ৱিকিপিডিয়ানে ‘ৱিকিপিডিয়ানৰ মনৰ কথা’ শিতানটোত তেওঁলোকৰ অনুভৱ ব্যক্ত কৰিব পাৰে। সেইসমূহৰ যোগেদিও ন শিকাৰু তথা একেবাৰে নজনাসকলেও ৱিকিৰ বিষয়ে জানিবলৈ, শিকিবলৈ, কৰিবলৈ সাংঘাতিক অনুপ্ৰেৰণা লাভ কৰিব পাৰে। ৱিকিপত্ৰিকাৰ বাবে এইটো লিংকত পোনপটীয়াকৈ যাব পাৰি https://as.wikipedia.org?curid=22829

☆ ★ ☆ ★ ☆

4 Comments

  • পাখি

    খুবেই প্ৰয়োজনীয় লিখনি এই সময়ৰ বাবে। লেখাটোৰ পৰা বহুখিনি কথা জানিব পৰাৰ লগতে অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি যথেষ্ট আগ্ৰহ অনুভল কৰিছো।

    Reply
  • Anonymous

    অনামিকা বড়াৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলো। মই যোৱা ২৯ জুনৰপৰা মোৰ কাৰ্যালয়ৰ কামত অসমীয়া ভাষা ব্যৱহাৰ অাৰম্ভ কৰিছো। অান্তৰ্জাতিক ক্ষেত্ৰত অসমীয়া ভাষা সাহিত্যৰ বাবে কাম কৰি থকা অাটাইলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলো। লিখনিটোৱে মোৰো বন্ধ চকু মেল খুৱালে।
    যোগেশ কাকতি
    অধ্যক্ষ, পাণ্ডু মহাবিদ্যালয়।

    Reply
  • যোগেশ কাকতি

    লিখনিটোৱে অনুপ্ৰেৰণা দিছে।

    Reply
  • Gautam Ganguly.

    Very well informed article on *Wikipedia and Assamese wikisource*.
    Positive view nicely expreesed.
    Interesting to know that lots of articles are written even in Sanskrit, a language for the researchers and scholars.
    A good beginning has been made to enrich *Assamese Wikipedia*.
    Kudos.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *