অনুতাপ – উষা মহন্ত
পিন্ধনত এটা থ্ৰি কোৱাৰ্টাৰ হাফ পেণ্ট আৰু হাফ গেঞ্জী। হাতত এখন দীঘল দা আৰু এডাল ৰছী লৈ কুকুৰ খোজে প্ৰায় দৌৰি অহাৰ দৰে মানুহটো আহি আছিল ৰাস্তাইদি।
কৰ্ম সূত্ৰে আমি তেতিয়া চৰকাৰী আৱাস গৃহ লৈ জয়সাগৰ পুখুৰীৰ পাৰত আছিলোঁ। মানুহটোক সকলোৱে চিনি পায়। পুৱাৰ পৰা গধূলিলৈকে একেৰাহে কাম কৰে। কাৰো ঘৰত ক্ষন্তেক বহি এষাৰ কথা পাতিবলৈও সময় নাই। আনে হাজিৰা কৰা কাম সি নকৰে, ঠিকা লয়। খৰতকীয়া কাম কৰি দুদিনৰ হাজিৰাৰ ধন একেলগে আদায় কৰে বাবে মানুহে তাৰ হতুৱাই কাম কৰাবলৈও বেয়া নাপায়।
-“চাৰ, চাৰ, আছেনে?”
-“আছোঁ, প্ৰবীণ নেকি?”- গৃহস্থই মাত দিলে।
-“কথা এটা হ’ল নহয় চাৰ, কথাটো সকলোকে ক’ব নোৱাৰি; আপোনাকহে কৈছোঁ।”
– “অ’ কচোন কি কথা।”
গৃহস্থৰ লগত কৰ্ম সূত্ৰে তাৰ আগৰে চিনাকি আৰু সেই সুবাদতে ‘তুমি’বোৰ ‘তই’ লৈ ৰূপান্তৰ হৈছিল ইতিমধ্যে।
-“চাৰ, কাকো নক’ব, আপোনাকহে কৈছোঁ। আজি চাৰ নেউল এটা মাৰিলোঁ নহয়।”
-“কিয়নো মাৰিলি নেউলটো! নেপায়, নিৰীহ জীৱ এইবোৰ।”
-“এনেয়ে মৰা নাই চাৰ, দৰৱৰ বাবেহে! ঘৰত মানুহজনীৰ দুদিনমানৰ পৰা কঁকালৰ বিষ। দৰৱ, মলম একোৱে কাম কৰা নাই। চহৰত নি দেখুৱাবলৈকো আমাৰ ধন ক’ত? মানুহে কয় নেউলৰ মাংস খালে বোলে গাৰ বিষ ভাল হয়। শনিবাৰে মঙ্গলবাৰে বোলে নেউলৰ জ্বৰ উঠে। য’তে ত’তে জুপুকা মাৰি থাকে। আজি জয়সাগৰ পুখুৰীৰ পাৰত হাবিতে পাই গ’লো নহয়। মাৰ মাৰি মাৰিয়েই পেলালোঁ। কাটি বাছি থৈ আহিছোঁ। চাৰ, আপোনাৰো ভৰিৰ বিষ আছে নহয়, মঙহ অকণমান আনোগৈ নেকি চাৰ?”
– নাই, মোক নালাগে। আগতে তোৰ মানুহজনীকে ভাল কৰগৈচোন বাৰু।
ৰক্ষা! গৃহস্থই লাগে বুলি নক’লে। মনে মনে ভাল পালোঁ, অন্ততঃ সেইভাগ পাকঘৰত যে ৰান্ধিব নালাগে! কিন্তু গৃহস্থৰ প্ৰতি তাৰ যে আন্তৰিক এটা টান আছে, বুজিব পাৰিলোঁ।
-“প্ৰবীণ বহা, মই চাহ কৰোঁগৈ।”
-“চাহ অকণ খাবলৈ মন আছিল বাইদেউ, পিছে সময়েই নাই নহয়। বাৰু, ফট্ কৈ দিয়ে যদি দিয়ক”- বুলি কৈ সি বাৰাণ্ডাত থকা মুঢ়া এটাত বহি ল’লে।
গৃহস্থই সুধিলে,
-“দা- ৰচী লৈ কি কামত যাৱনো?”
-“এ চাৰ, কালিয়েই তামুলী চাৰৰ বাৰীৰ কৃষ্ণচূড়া গছজোপাৰ ডাল কাটি দিবলৈ কৈছিল, তালৈকে ওলাইছোঁ। পইছা কেইটা পালেহে ৰাতিলৈ চৰুত জুই জ্বলিব চাৰ।”
প্ৰবীনে পইচা নোপোৱা নহয়। যিখিনি পায় তাৰে ছোৱালীজনীৰে সৈতে তিনিজনীয়া পৰিয়ালটো সুখেৰে চলি যাব পাৰে। কিন্তু কি হ’ব! সি কোনো দিন শুদা ভাত নাখায় আৰু কষ্ট কৰি পোৱা পইচাকেইটা লৈ গধূলি তিনিআলিৰ মাধৱৰ দোকানত গৰম পানী টুপী ধৰি আহেগৈ। আহোঁতে হাতত মাছ মাংস নাইবা কণী লৈ বাটে বাটে মুখত যি আহে তাকে চিঞৰি চিঞৰি গাই আহে, কেতিয়াবা যদি হিন্দী চিনেমাৰ গান বা ডায়লগ, কেতিয়াবা কাৰোবাক গুৱাল গালি, কেতিয়াবা নিজকে অসমৰ মুখ্যমন্ত্ৰী বুলি ভাবি লৈ ৰাইজলৈ উদ্দাত্ত ভাষণ। প্ৰবীণ বুলি ক’লে অঞ্চলটোত সকলোৰে মনলৈ এইবোৰ চিত্ৰই ভাঁহি আহে।
– “বাইদেউ চাহ হ’লনে, দিয়ক! ইফালে তামুলী চাৰ ৰৈয়ে আছে চাগে।”
বিস্কুট দুটা প্লেটৰ পৰা হাতলৈ নি ষ্টীলৰ গিলাছটোৰ চাহত শোহা মাৰি মাৰি সি পুনৰ ক’লে,
– বাইদেউ, চাহকণ ধুনীয়া হৈছে। এইখিনি অঞ্চলত আপোনাৰ হাতৰ চাহৰ সোৱাদ মই আন ক’তো নাপাওঁ। সেই কাৰণে আপুনি খুৱাও বুলিলে মই না নকৰোঁ।”
গিলাছৰ শেষৰ চাহ কণ শোহা মাৰি প্ৰবীনে পুনৰ ক’লে,
-‘ষ্টীল’ৰ গিলাছত চাহ খাবলৈ বেয়া বাইদেউ, বেগেতে ঠাণ্ডাই নহয়। তাতে শেষৰকণ খাবলৈ বহুত দূৰ শোহা টানিব লগা হয়। হ’ব, চাৰ উঠোঁ।
একেই ব্যস্ততাৰে সি আঁতৰি গ’ল।
আবেলি কাম-বন সামৰি, জয়সাগৰ পুখুৰীৰ পাৰে পাৰে সদায় ল’ৰা ছোৱালীহাল লৈ আমি এপাক ফুৰিবলৈ যাওঁ। খোজ কঢ়াও হয়, প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰাও হয়। দূৰত দেখিলোঁ- হাতত থাল এখন লৈ সেয়া প্ৰবীণ আহি আছে।
গৃহস্থই বোলে “এইটোক অলপ আগতে পুখুৰীত এডিঙি পানীত নামি ঘাঁহ কাটি থকা দেখিছিলোঁহে, কেতিয়ানো উঠি গ’ল?”
ওচৰ পালত সুধিলে,
-“ক’ত গৈছিলি অ’ প্ৰবীণ?” হাতত থাল লৈ আহিছ যে?”
-“এ নক’ব চাৰ, আগবেলা নেউলটো মৰা ঠাইকণলৈ গৈছিলোঁ, গৰু পোৱালিটো আনিবলৈ। দেখিলোঁ, সৰু সৰু তিনিটা নেউল পোৱালি যেনি তেনি বগাই ফুৰিছে। মনটো বৰ বেয়া লাগি গ’ল চাৰ। পোৱালি আছে বুলি জনা হ’লে নেউলজনী নেমাৰিলোঁহেঁতেন! দিনৰে ঠাণ্ডা ভাত অলপ আছিল, তাকে কলপাত এখনত সিহঁতৰ ওচৰত দি থৈ আহিলোঁগৈ। পোৱালিকেইটা বাচিবনে বাৰু চাৰ! ঘৰলৈকে ধৰি আনি দুদিনমান ৰাখি এৰি দিম বুলি ভাবিছিলোঁ, পিছে ধৰিবই নোৱাৰিলোঁ নহয়।”
– একেই খৰ খোজেৰে সি আমাৰ উত্তৰলৈ বাট নাচাই আঁতৰি গ’ল!
আমি ঠাইতেই ৰৈ গ’লোঁ। প্ৰবীনৰ দৰে সৰু মানুহৰ অন্তৰৰ ভাৱৰ গভীৰতা দেখি আচৰিত নহৈ নোৱাৰিলোঁ। গৃহস্থই স্বৰ্গতোক্তি কৰাৰ দৰে ক’লে- “এনেকৈ সকলোৱে কথাবোৰ বুজা হ’লে!”
☆ ★ ☆ ★ ☆