ফটাঢোল

প্ৰেছক্ৰিপচন – গায়ত্ৰী অধ্যাপক

ফোনৰ জামানাৰ আগৰ কথা। ডাক্তৰী পঢ়ি থকা প্ৰেমিকে প্ৰেমিকালৈ দিয়া চিঠিখন চব ঠিকেই আছিল কিন্তু বেচেৰী কলেজত পঢ়ি থকা প্ৰেমিকাই সেইখনৰ পাঠোদ্ধাৰ কৰিব নোৱাৰিলে। তাই লগৰ ল’ৰা ছোৱালীকেইজনেও চাই চিঠিখন পঢ়ি দিবলৈ সক্ষম নহ’ল। শেষ উপায় হিচাপে তাই গৈ পালেগৈ ফাৰ্মাচীষ্টজনৰ ওচৰ। ভাগ্যে তেখেতেহে তাইক চিঠিখন সলসলীয়াকৈ পঢ়ি দিবলৈ পাৰিলে। এইদৰে চিঠিৰ আদান প্ৰদান চলি থাকিল যদিও শেষত সেই কন্যা গৈ চিঠি দিয়াজনৰ নহয়, চিঠি পঢ়ি দিয়াজনৰ গৃহীনীহে হ’ল গৈ অৱশ্যে।

পুৰণা জনপ্ৰিয় কৌতুক। কৌতুকবোৰ ভাল লাগে। কেতিয়াবা চাণ্টা-বান্টা কৌতুক, কেতিয়াবা চৰ্দাৰজীৰ কৌতুক, কেতিয়াবা পতি-পত্নীক লৈ কৌতুক, কাৰনো বেয়া লাগে? পঢ়িলো, হাঁহিলো, পাহৰিলো, সিমানেই। সেইদৰে ডাক্তৰ, শিক্ষক, ৰাজনীতিবিদকলৈও কৌতুকৰ সীমা নাই। কৌতুক, ব্যংগ-সাহিত্যৰ তীক্ষ্ণ ধাৰে বহুতকে চুই যায়, অৱশ্যে ব্যক্তিভেদে পছন্দ-অপছন্দ বেলেগ বেলেগ, কোনোবাই বেয়া পোৱাটোও স্বাভাৱিক। ব্যক্তিগত দৃষ্টিকোণৰ পৰা মোৰ মানত ডাক্তৰ ভগৱানস্বৰূপ। আজিৰ পৃথিৱীত জীয়াই আছো এই ডাক্তৰৰ কৃপাতেই। আন্তৰিক কৃতজ্ঞতাবোধ আছে বাবেই নেকি জানো, তেওঁলোকক লৈ কেতিয়াবা দুই এটা কৌতুক কৰিও ভাল লাগে। আজিও তেনে এটা কৌতুকেই কৰিছিলো, ডাক্তৰৰ হাতৰ আখৰকলৈ। কিন্তু আমি এনেকুৱা পৰ্য‍্যায়ৰ কৌতুক কোৱা মানুহ যে, কৌতুক এটা ক’লে, ৰাইজক কব লগা হয়, এইটো এটা কৌতুক, এতিয়া আপুনি হাহঁক…..

তথাপি মাজে মাজে ধেমেলীয়া পোষ্ট কৰি থাকো, যি পৰ্য‍্যায়ৰে নহওঁক কিয়! কাৰণ ধেমালি কৰি ভাল লাগে। নিজক লৈয়ো প্ৰায়ে হাঁহো, কৌতুক কৰোঁ। এটা কথাই মনলৈ আহে, যেতিয়াৰ পৰা নিজৰ ভুলবোৰক লৈ হাঁহিবলৈ শিকিলোঁ, সেইদিনাৰ পৰা হাঁহিবলৈ অজুহাতৰ অভাৱত পৰা নাই। জীৱনত কাৰনো সমস্যা নাই, বিভিন্ন সমস্যাৰে আমিবোৰ পীড়িত, সেইবুলি এই ফেচবুকলৈ আহিও কান্দি থাকিম নেকি? নাথাকো, যিমান পাৰি জীৱন যুঁজত সমস্যা নেওচি হাঁহিমুখে থকাৰে পণ। কিন্তু আজি ডাক্টৰৰ হাতৰ আখৰৰ কৌতুকটো এজনে বেয়া পোৱা দেখি ভাবিছো, এইবোৰ ফেচবুকীয়া চৰ্চা ত্যাগ কৰাই বুদ্ধিমানৰ কাম হ’ব সম্ভৱ! কেতিয়াবা সৰু ধেমালি গুচি বৰ ধেমালিহে হবগৈ।

শেষ বুলি কৈ থ’লো, এদিন ভৰিত দুখ পাই হাড়ৰ ডাক্টৰ এজনৰ চেম্বাৰত বহি আছো । ৰোগী বহা কোঠাত টিভি চলি আছে, ময়ো লাগি গ’লো, বিনামূলীয়া মনোৰঞ্জনত। চিনেমা এখন চলি আছে, হিৰো ৰজনীকান্তই চলন্ত ৰেলৰ ওপৰত ফাইটা-ফাইটি। গুণ্ডাবোৰৰ ভৰি-হাত ভাগি-ছিগি উফৰি গৈছে। তেনেতে মোৰ নম্বৰটো মাতিলে, সোমাই গৈ পোনেপোনেই ডাঃক হাঁহি হাঁহি ক’লো,

: ছাৰ, ভৰিটো বিষাই আছিল।

মোৰ মুখত হাঁহি, তাতে বিষৰ কথা কৈছো পাষ্ট টেন্সত ‘আছিল’।

তেখেতে এইবাৰ তীক্ষ্ণভাবে মোলৈ চোৱাত পুণৰ ক’লো,

: বিষটো গহীনেই, ইয়ালৈ আহিয়েই ৰজনীকান্তৰ চিনেমা চাবলৈ পাইহে ভৰি বিষটোৰ কথা পাহৰি গৈছো!

তেখেতে চাই-চিতি পিছত প্ৰেছক্ৰিপ্‌ছনত ৰজনীকান্তৰ চিনেমা চাবলৈ দিয়া বুলি লিখিছিল যদিও ধৰিব নোৱাৰিলো দেই, ফাৰ্মাচীষ্টজনে দৰৱৰ বটল দুটামানহে দি পঠিয়াইছিল বাৰু!

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *