শৃংগাৰ চাৱনি – অশোক কুমাৰ নাথ
ৰক্তিমহঁতৰ চাৰি ভাই-ককাইৰ পিণ্টু আটাইতকৈ সৰু অৰ্থাৎ নাড়ী মচা! সৰু কাৰণেই নেকি বৰ আলাসত উঠিল সি। মুখৰোচক কথাহে দেই– তিনিটা ল’ৰাৰ পিছত ৰক্তিমৰ মাক-দেউতাকে হেনো ছোৱালী এজনীহে বিচিৰিছিল। ভুলক্ৰমেহে পিণ্টু জন্ম হ’ল! যি নহওক, বাকী তিনিটা ককায়েকতকৈ বয়সত পিণ্টু যথেষ্ট সৰু। সৰু বাবেই ককায়েক তিনিটায়ো তাক বৰ মৰম কৰে। চাৰিটা গজগজীয়া ডেকা ল’ৰাৰ সৈতে মাক-দেউতাকে সুখেৰেই বাস কৰে ঘৰখনত। মাজে মাজে ই পিণ্টুৱেহে দিগদাৰিখন কৰে! মাক-দেউতাকৰ সৈতেও সিহঁত একেবাৰে বন্ধুৰ নিচিনা। ৰন্ধা-বঢ়া, ঘৰ সৰা, কাপোৰ ধোৱা, বাচন-বৰ্তন ধোৱা আদি সকলো কামেই সিহঁত থূলন্তৰ ডেকা চাৰিটাই কৰে। অৱশ্যে পিণ্টুয়ে সৰু বাবেই প্ৰায়েই পাল মাৰে। ককায়েহঁতেও তাৰ কথাবোৰ ইমান নধৰে। মাক-দেউতাকক সিহঁতে কষ্ট পোৱা একো কামেই কৰিবলৈ নিদিয়ে।
নিশা ৮ বাজিছে। কাৰেণ্ট নাই। এইমাত্ৰ বাহিৰলৈ সৰুপানী চুবলৈ গৈ উধাতু খাই পিণ্টু ঘৰৰ ভিতৰ পালেহি।
“অ’ খালে ঔ! পিতাই ঔ! মৰিলোঁ ঔ! অ’ মই আজি শেষ হৈ গ’লোঁহেঁতেন ঔ! অ’ মা! মোক কিয় আজি বাহিৰলৈ অকলে পঠাইছিলি?”
ভয় আৰু উত্তেজনাত পিণ্টুৱে ফোঁপাবলৈ ধৰিলে। পিণ্টুৰ চিঞৰ-বাখৰত ঘৰৰ আটাইমখা মানুহ লৰি-ঢাপৰি পিণ্টুৰ ওচৰ পালেহি।
মাকে উৎকণ্ঠাৰে সুধিলে–
:কি হ’ল সৰু পোনা?
:অ’ মা! তোৰ সৰু পোনাক আজি হয়তো তই হেৰুৱালিহেঁতেন। উস্! এই প্ৰকাণ্ড কুকুৰ এজনীয়ে…!
ভয় আৰু বুকুৰ ধপধপনিত পিণ্টুৱে কথা ক’ব নোৱৰা হৈ গ’ল।
:কি হ’ল ক আক’! কুকুৰজনীয়ে কি কৰিলে? কামুৰিলে নেকি তোক?
: মোৰ বুকুতে কামুৰিলেহেঁতেন, অকণমানতে বাচিছোঁ মা! মই সৰুপানী চুই থাকোঁতেই কিবা এটা বস্তুৱে অকণমান আঁতৰত খৰখৰ শব্দ এটা কৰা শুনিলোঁ। মই শব্দটোৰ ফালে টৰ্চ মাৰি দিওঁতেই দেখিলোঁ– প্ৰকাণ্ড কুকুৰ এজনীয়ে একেবাৰে দাঁত-মুখ নিকতাই জিভা-চিভা উলিয়াই শৃংগাৰ চাৱনি এটাৰে মোলৈ চাই আছে অ’! মই আধা সৰুপানী চুয়েই মাৰিলোঁ লৰ! সিদিনা মই ম’বাইলত ইংৰাজী মাধ্যমৰ চিনেমা এখন চাইছিলোঁ। চিনেমাখনত প্ৰথমৰ পৰা শেষলৈ নায়িকাজনীয়ে নায়কটোক লগ পালেই যিহে শৃংগাৰ চাৱনি মাৰে! চিনেমাখন চাই থকাৰ গোটেই সময়খিনিত মই ভয়তে পেপুৱা লাগিছিলোঁ! চিনেমাৰ সেই নায়িকাজনীৰ স’তে একদম একেই শৃংগাৰ চাৱনি মোৰফালে দি আছিল অ’ কুকুৰজনীয়ে! উস্ উস্! বাচি গৈছোঁ দেই আজি! কৃষ্ণ! কৃষ্ণ!!
অনাৱশ্যক হুলস্থূলখন কৰাৰ বাবে ডাঙৰ ককায়েক ৰক্তিমৰ পিণ্টুৰ ওপৰত বৰ খং উঠিল।
:ভয় পাদুৰা! এই ৰাতি ৮ বজাতে তোৰ এই ভয়! মাজৰাতি তই বাহিৰলৈ ওলাবি কেনেকৈ? ঐ মতা পুৰুষ! আগলৈ ৰাতি ঘৈণীয়েৰেহে তোক বাহিৰলৈ লৈ যাব লাগিব! ধেই! এনেকুৱা ভয় পাদুৰা এটাক মোৰ ভাইটি বুলি চিনাকি কৰি দিবলৈকো লাজ লাগে। সপ্তাহটোত তিনি-চাৰিদিন ৰাতি বাহিৰলৈ গৈ এনেকৈ দৌৰি-ঢাপৰি আহি সোমাৱহি! আৰু আৰম্ভ হৈ যায় তোৰ কাহিনী!
:অই ডাঙ-দা, এনেকৈ নক’বি দেই! তেনে শৃংগাৰ চাৱনিত পুৰুষ-মহিলা সৱ ছিটিকি যাব। তই সেই চাৱনি দেখাই নাই আজিলৈকে! দেখা হ’লে এনেকৈ মোক গালি পাৰি নাথাক! উস উস!
:হ’ব দে! লেকচাৰ বন্ধ কৰ– ব’ল এতিয়া বাহিৰলৈ।
:ইস! কিয় ?
:কিয় বাকী থকা আধা সৰুপানী চুই আহিবি। মই লগত থাকিম– একো ভয় নাই ব’ল!
:নাই নাই! নাযাওঁ দেই! জানি-শুনি মৰিবলৈ নাযাওঁ আৰু মই!
ৰক্তিমে পিণ্টুক বাহিৰলৈ লৈ যাবলৈ তাৰ হাত এখনত ধৰি টানে আৰু আৰু পিণ্টুৱে ককায়েকৰ পৰা বাচিবলৈ প্ৰাণ-পণে চেষ্টা কৰে। মাক-দেউতাক আৰু পিণ্টুৰ বাকী ককায়েক দুটায়ো ৰক্তিম আৰু পিণ্টুৰ এই টনা-আঁজোৰাখন বেচ উপভোগ কৰে আৰু দগৰি হাঁহে!
পিণ্টুৱে চিঞৰি থাকে–
:অই ডাঙ-দা, মোক বাহিৰলৈ নিনিবি ঔ! শৃংগাৰ চাৱনিলৈ মোৰ বৰ ভয় লাগে ঔ! আকৌ কুকুৰজনীৰ সেই শৃংগাৰ চাৱনি দেখিলে মই মৰি যাম কিজানি! মই বাচি থকাটো তই নিবিচাৰ নেকি অ’ ডাঙ-দা!
☆ ★ ☆ ★ ☆