ফটাঢোল

হঁহা যন্ত্ৰ – সম্পূৰ্ণা শৰ্মা

বোম বোম ভোলানাথ টাইপৰ বৰাদাই এইবাৰ মীটলৈ যোৱাৰ আগতেই এটা হঁহা যন্ত্ৰ সাজি উলিয়ালে। উদ্দেশ্য – জীৱনৰ ঘাত-প্ৰতিঘাতবোৰৰ পৰা আঁতৰি আহি মানুহৰ মাজত অলপ যাতে হাঁহি বিয়পে। সেয়ে লগৰ চিনাকি সকলোকে খবৰ দি হঁহা যন্ত্ৰটো উন্মোচন কৰাৰ মন মেলিলে। কথাটো চাৰিওফালে বিয়পি পৰিল। বহুতে ভাল বুলিলে আৰু বহুতে বিতৰ্ক কৰিলে। নলবাৰী মীটতে উন্মোচনী সভাখন দিয়াৰ সিদ্ধান্ত হ’ল। বৰাদাৰ আকৌ কথাৰ মাজে মাজে নিজে নিজেই গানৰ কলিবোৰ আৰু কবিতাৰ পংক্তিবোৰ জিভালৈ আহি যায়। নিমন্ত্ৰিত সকলোকে সম্ভাষণ জনাই বৰাদাই যন্ত্ৰটোৰ বিষয়ে দু-এষাৰ ক’বলৈ লওঁতেই লগৰ ফটাঢুলীয়া এজনৰ বৰ খং উঠিল। বোলে “আমি গোটেই ফটাবোৰ থাকোতে এনেকুৱা যন্ত্ৰৰ কি আৱশ্যক?” পিছে ফটাঢুলীয়াই খঙতো ৰংহে কৰে। খং প্ৰকাশেই নাপায়। ফটাঢুলীয়াই সেয়ে প্ৰথমে বৰাদাক পিছফালৰ পৰা হেচুকি হাতেৰে ইংগিত দিলে। বৰাদাই ঘূৰিও নাচালে। এইবাৰ আগফালৰ পৰাই বৰাদাক হেচুকি দিলে। নাই, বৰা দাই কেট্‌কূটেই নকৰিলে। বৰাদাই কৈ গ’ল –

: মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ অতিকৈ চেনেহৰ ফটাঢুলীয়া ৰাইজ। হাঁহি জীৱনৰ অবিচ্ছেদ্য অংগ। হাঁহিয়েই জীৱন। হাঁহিয়েই দেৱ, হাঁহিয়েই সেৱ, হাঁহি বিনে নাই কেৱ। সেয়েহে হাঁহিব নজনাসকলৰ বাবে মই এটা যন্ত্ৰ সাজিছোঁ। যেতিয়াই জীৱনে কান্দে নাই নাই বুলি তেতিয়াই এই যন্ত্ৰটো গাত লাগিলে বা কাষেৰে পাৰ হ’লেই ইয়াৰ প্ৰভাৱে মানুহক …

– কথা শেষ কৰিবলৈ নৌপাওঁতেই আন এজন ফটাঢুলীয়াই যন্ত্ৰটো হাতত লৈ লিৰিকি-বিদাৰি চাই বৰাদাৰ গাতেই প্ৰথমে টেষ্ট কৰোঁ বুলি লগাই দিলে। যন্ত্ৰৰ প্ৰভাৱত হাঁহি ৰখাব নোৱাৰি বৰাদা মাটিতে বহি দিলে। এনেই ৰোচক মানুহ, তাতে যন্ত্ৰৰ প্ৰকোপ! হাঁহি হাঁহি বৰাদা বাগৰি গ’ল। ফটাঢুলীয়া ৰাইজৰো হাঁহিৰ জোৱাৰ উঠিল। হাঁহিৰ কোবত যন্ত্ৰ উফৰি গৈ ৰাইজৰ মাজ পাই ইহাত সিহাত হৈ ফটাঢোলত দগৰ্ দিবলৈ লাগিল। কাৰো হাঁহি নোৰোৱা হ’ল। সকলোৰে হাঁহিত নলবাৰীৰ মাটি জোকাৰ খালে। ফটাঢুলীয়া দুজনমানে চিঞৰি মাত দিলে -“কঁপি গৈছেগৈ ঔ।” আকৌ হাঁহিৰ জোৱাৰ । হঠাতে মাটি ফাট মেলিলে আৰু সকলো ফটাঢুলীয়াই ফটানাচনীয়ে গৈ ঘপহ্‌কৈ জীৱন্তে নৰকত প্ৰৱেশ কৰিলে।
হাঁহিৰ জোৱাৰ শুনি যমৰাজে দৌৰি নিজৰ চেম্বাৰৰ পৰা ওলাই আহি দেখে কথা বিষম! জীৱন্ত মানুহৰ নৰকত প্ৰৱেশ !!! বোলে “সৃষ্টিকৰ্ত্তা, ত্ৰাহিমাম্ ত্ৰাহিমাম্।” যমৰজাই সৃষ্টিকৰ্ত্তালৈ লগে লগেই বাৰ্ত্তাবাহক দূতৰ দ্বাৰা খবৰ দিয়াৰ ব্যৱস্থা কৰালে। দূতৰ আকৌ দুদিন ধৰি কঁকালৰ বিষ। বছৰ বছৰ ধৰি নিজৰ দিউটিৰ সৌকাৰ কোব দিওঁতে দিওঁতে লাহে লাহে দেহাই নটনাই হৈছেগৈ। গতিকে ধীৰ গতিৰেই স্বৰ্গলৈ বাট বুলিলে। এইফালে যমৰাজৰ এই অৱস্থা দেখি ফটঢুলীয়াৰ হাঁহিত তৎ নোহোৱা হ’ল। কেইজন মানে কোৱা-কুই কৰিলে-

বিনা ভিচা-পাচপোৰ্টত সোমাই ল’লো যেতিয়া চাৰিওফালে পাক এটা মাৰি লোৱাই ভাল।

দুজনমানে আকৌ “উফ্ ৰক্ষা! মানুহজনীৰ লাওপাত-কচুপাত মুখৰ আগত থকাতকৈ ইয়াতেই আৰু দুদিনমান থাকি যাওঁ” বুলি হাঁহিলে। ফটানাচনী কেইগৰাকীয়ে ফূৰ্ত্তিতে দুপাকমান নাচিয়েই দিলে। লগে লগে স্বৰচিত বৰগীতৰ লগতে “স্বৰচিত ভূপেন্দ্ৰ সংগীতো” আৰম্ভ হ’ল। ইবাৰৰ পিছত সিবাৰ হাঁহিৰ জোৱাৰ উঠিল। নিজৰ মাজতেই হাঁহি-ধেমালি কৰি ফটাঢুলীয়াহঁতে নৰকৰ ইটো-সিটো চেম্বাৰ বীৰদৰ্পে ঘুৰি ফুৰাত লাগি গ’ল। যমদূতবোৰে ক’ৰবাত জোক লগাইছে, ক’ৰবাত ডাঁহ লগাইছে, ক’ৰবাত সাপ-বেং মেলি দিছে। তাকে দেখি ফটাঢুলীয়াই হাঁহিৰ খোৰাক পাইছে। বোলে-

: সেইসোপাক যেনেকৈ সৌকা দিছে আমাৰ পিঠিতো এদিন পৰিব চাগৈ। নে সাপ-বেং মেলাতে পৰোঁগৈ। কোনটো দিপাৰ্টমেন্টলৈ বা ত্ৰান্সফাৰ হওঁ, ঠিকতো নাই। গতিকে ইয়াতে অলপ হাঁহি-তামাচা কৰি লোৱা ভাল হ’ব।

আনফালে নৰকৰ খবৰ দিবলৈ পঠোৱা দূত অত দেৰিয়ে ঘূৰি নহাত যমৰজাই নিজৰ গল্‌গলীয়া মাতেৰে সকলো ফটাঢুলীয়াকে উদ্দেশ্যি ক’লে-

: নৰকত জীৱন্ত নৰৰ প্ৰৱেশ নিষেধ, কোন তহঁত?

এজন ফটাঢুলীয়াই টপকৈ মাত দিলে –

: আমি ফটহু, আমাৰ কামেই হাঁহি বিলোৱা। সজ উদ্দেশ্য, সজ কাম।

যমৰাজে বোলে-

: কি কথা ক’বলৈ আহিছ? নৰকৰ যাতনা জগত বিখ্যাত। মোৰ সন্মুখত ফটহুৱামি কৰ, এনে দুঃসাহস!! ৰহ্। সকলোৰে ছাল বখলিয়াই গৰম তেলত দিম।

লগালগ ফটাঢুলীয়াসকলে ফূৰ্ত্তিতে নাচিবলৈ ধৰিলে; বোলে –

: জীৱনকালতে যমৰজাৰ সভাথলী দৰ্শন, তাতে আকৌ গৰম তেলৰ এনাউঞ্চমেণ্ট.. কমটি সুখবৰ নে!

ফটাঢুলীয়াৰ ফটা মুখৰ হাঁহিয়ে আন্ধাৰ নৰকখন পোহৰাবলৈ ধৰিলে। এজন এজনকৈ ফটাঢুলীয়াই নিজেই লাইন পাতি গৰম কেৰাহীলৈ বুলি নাচি-বাগি গান গাই গাই আগবাঢ়ি গৈ থাকিল।

ইফালে বৰাদাই মনে মনে হঁহা যন্ত্ৰ বিচৰাত লাগি আছে। যন্ত্ৰটো যমৰাজৰ গাতো যদি এবাৰ লগাই টেষ্ট কৰিব পাৰে, তেন্তে তেওঁৰ আৱিষ্কাৰ সফল হ’ব। এইবুলিয়ে -“কৈক গৈল মোহোৰ হঁহা যন্ত্ৰ” সুৰ দি গাই গ’ল। যমৰজাই আলেঙে আলেঙে বৰাদাৰ কথাৰ ৰস ল’বলৈ ধৰিলে। আনফালে স্বৰচিত বৰগীতৰ জোৱাৰ আৰম্ভ হৈছিলেই। সেই চেৱতে দিউটি দি থকা আন আন যমদূতৰ লাহে লাহে হাঁহি উঠিবলৈ ধৰিলে। সৌকাৰ কোব খোৱাহঁতেও হাঁহি ৰখাব নোৱাৰি ঢেক্‌ঢেকাবলৈ ধৰিলে। নৰকৰ এই ৰূপ দেখি যমৰজাই “এইসোপা কি সোমালহি ইয়াত?” বুলি মূৰে-কপালে হাত দি থাকিল। যমৰজাৰ দুৰ্গতি দেখি জোক-ডাঁহ মেলা দূতে হাঁহি ৰখাব নোৱৰা হ’ল। পেটত ধৰি লৈ হাঁহি হাঁহি বোলে –

: নৰ্কদেউ! আপোনাতে ভকতি আপোনাতে তুতি.. পিছে এইসোপা যে কেৰাহীলৈ নিজেই গৈ আছে, কি কৰে?

এইবুলি কৈ দূত হাঁহি হাঁহি বাগৰি পৰিল। যমৰজাই চাৰিওফালে চকু দি দেখে নহঁহাচোন কোনো বাকীয়েই নাই। বোলে -“ধন্য যম, ধন্য কাল, ধন্য নৰক, ধন্য কংকাল।” নৰকৰ এই দশা প্ৰথমবাৰলৈ দেখি যমৰজাৰ নিজৰে হাঁহি উঠিল।

ইতিমধ্যে নৰকৰ পৰা যোৱা দূতৰ মূখেৰে নৰকৰ সংবাদ পাই স্বৰ্গৰ দূত আহি নৰকত হাজিৰ হ’লহি। নৰকত ফটাঢুলীয়াৰ লগতে যমদূত আৰু যমৰজাৰ মাজত হাঁহিৰ খোৰাক দেখি স্বৰ্গদূতে নিজৰ হাঁহি সম্বৰণ কৰিব নোৱাৰি নৰকতে বাগৰি বাগৰি হাঁহিলে। এনেদৰে হাঁহি হাঁহি বাগৰি থাকোঁতে হঠাতে ক’ৰ পৰা জানো হঁহা যন্ত্ৰটো উফৰি আহি স্বৰ্গদূতৰ গাত পৰিলহি, লগালগ স্বৰ্গদূত জিকাৰ খাই উঠিল আৰু আগতকৈয়ো বেছিকৈ পেটত হাত দি হাঁহিবলৈ ধৰিলে। স্বৰ্গদূতৰ অৱস্থা দেখি যমৰজাৰ বোলে এই কথাই কথা নহয়। সেইবুলি এইবাৰ অলপ গহীন হৈ সকলো ফটাঢুলীয়াক নিৰ্দ্দেশ দিলে-

: ঐ আওমৰণে মৰাহঁত, ক’লৈ যাৱ? তহঁতে মোৰ গোটেই নৰকখনত লটি-ঘটিতো কৰিলিহিয়েই, এতিয়া আকৌ গৰম তেলত নিজে সোমাবলৈ মৰসাহ কৰিছ। ভালে ভালে আঁতৰ হ।

নিৰ্দ্দেশ শুনি ফটাঢুলীয়াই “আমি নৰকো সলাব পাৰিলোহঁত ঐ” বুলি হাঁহিবলৈ ধৰিলে। ইফালে স্বৰ্গৰ পৰা নৰকলৈ খবৰ কৰিবলৈ যোৱা দূত সময়মতে ঘূৰি গৈ স্বৰ্গ নোপোৱাত ইন্দ্ৰৰ চিন্তাত তৎ নোহোৱা হ’ল। তেওঁ ইজন সিজনকৈ কেইবাজনো দূত পঠিয়ালে। এজনো ঘুৰি নাহিল। এনেকৈ কোনোৱে নৰকলৈ গৈ আকৌ স্বৰ্গলৈ ঘূৰি নহাত ইন্দ্ৰই পাত্ৰ-মন্ত্ৰী, বিষয়ববীয়াসকলকো এজন এজনকৈ নৰকৰ সংবাদ ল’বলৈ পাচিলে। পিছে কোনোৱেই ঘূৰি নাহিল। সকলোৱে নৰকত সুখত মগ্ন। বোলে –

: স্বৰ্গদেৱৰ ৰাজসভাত গহীন-গম্ভীৰ ক্লাচিক সোৱাদ বহুত পালোঁ। পৃথিৱীৰ পৰা অহা এই ফটাঢুলীয়াসকল স্বৰ্গতকৈয়ো ৰসাল। এই নৰক এৰিব নোৱাৰি।

যমৰজাই “ফটাঢুলীয়াহঁত ঔ, কপালত নৰকলৈ অহাৰ যি বিধি লিখাই আনিছিলি সেয়া হাঁহিৰেই খণ্ডালিহঁত। তহঁতৰ সকলো পাপ ধুই নিকা হ’ল , লগতে বাকী ইয়াত শাস্তি খোৱাকিটাকো নৰকতে স্বৰ্গসুখ দিলিহঁত। তহঁতক প্ৰণামহে আৰু” বুলি কৈ হাত যোৰ কৰিবলৈ লওঁতেই ক’ৰবাৰ পৰা হঁহা যন্ত্ৰটো ছিটিকি গৈ নৰককুণ্ডত পৰিলগৈ। লগে লগে নৰককুণ্ড কঁপিবলৈ ধৰিলে আৰু তাৰ পৰা জুইৰ শিখা চাৰিওফালে উফৰিবলৈ ধৰিলে। নৰকৰ পৰিস্থিতি ভয়াৱহ দেখি যমৰজা আৰু বৰা দা দৌৰি গৈ জুইৰ শিখাবোৰ আকৌ নৰককুণ্ডত লাহে লাহে ভৰাবলৈ লাগিল। বৰাদাই লগতে গীত জুৰিলে –

: হৱা মে উৰতা যায়ে, তেৰা লাল গোলা য়ে আগ কা।

যমৰজায়ো সংগত কৰিলে –

: ইধৰ-উধৰ লহৰায়ে মেৰা লাল আগ কা গোলা জী মেৰা লাল গোলা য়ে আগ কা…

দুইজনৰে তালত তালত মিলাই বাকীসকলেও হাত চাপৰি বজাই সংগত কৰি গ’ল। ইফালে স্বৰ্গৰ পৰা ইজন-সিজনকৈ আহোঁতে আহোঁতে স্বৰ্গ খালী হওঁ হওঁ। ভয়ংকৰ কথা দেখি ইন্দ্ৰ এইবাৰ নিজেই নৰকলৈ নামি আহিল। পাত্ৰ-মন্ত্ৰী, বিষয়ববীয়াই ইন্দ্ৰক দেখি আগবাঢ়ি গৈ ক’লে বোলে –

: স্বৰ্গদেউ, আপোনাতে ভকতি আপোনাতে তুতি.. পিছে এনে সুখ স্বৰ্গত নাই দেখিহে নৰকৰ পৰা আমিবোৰ নোযোৱা হৈছোঁ। আপুনিও বৌদেৱীৰ সৈতে অপ্সৰাসকলকো লৈ পাৰিলে ইয়ালৈকে চিৰকাললৈ গুছি আহক। আমি ঘূৰি নাযাওঁ।

এনেতে হঁহা যন্ত্ৰ ইফাল-সিফালকৈ ছিটিকি আহি ইন্দ্ৰৰ গাত লাগিলহি। ইন্দ্ৰ ইচাৎ-বিচাৎকৈ জোকাৰ খাই গ’ল আৰু হাঁহি হাঁহি পেটৰ নাড়ী ডাল ডাল কৰিলে। থিয় হৈ থাকিব নোৱাৰি ইন্দ্ৰদেউ হাঁহি হাঁহি বাগৰি পৰিবলৈ লওঁতেই বৰাদাই আহি কোনোমতে স্বৰ্গদেউক নপৰাকৈ ধৰি ৰাখিলে। বৰাদাই “সকলো সৃষ্টি তোলপাৰ লগোৱা এই হঁহা যন্ত্ৰই এতিয়া আৰু কি ৰূপ দেখুৱায় ঠিক নাই; এইটো ভাঙিলেই সকলো ঠিক হ’ব” বুলি ভাবিয়েই হঁহা যন্ত্ৰটো জোৰকৈ গোৰ মাৰি দিবলৈ ভৰিখন দাঙোতেই ধুম্‌কৈ লুটি খাই পৰিল। কোনোবা দূতে বৰাদাক উঠাবলৈ আগবাঢ়ি অহা যেন দেখি হাত দুটাৰে দূতৰ হাতত ভেজা দি কোনোমতে থিয় দিলে। চকুৰে একো মনিব নোৱাৰি বৰাদাই ইফালে সিফালে চাই থাকোঁতেই মীটলৈ বুলি যাবলৈ ওলোৱা দুজনমানে মাত দিলে –

: বোলো ৰাতিপুৱালনে বৰা দা? উঠক বাছ আহেই।

বৰাদাই মনে মনে বোলে-

: অহ্! স্বৰ্গ বিচাৰি নাযাওঁ ফটাঢোল, আৰু যে স্বৰ্গ নাই।

নতুনসকলক আদৰাৰ হেঁপাহতে বোম বোম ভোলানাথ বৰাদা নলবাৰী মীটলৈ বুলি সাজু হ’ল।
(উপৰোক্ত কাহিনী সকলো মনে সজা আৰু কাল্পনিক। ইয়াৰ সৈতে কোনো হঁহা যন্ত্ৰ আৱিষ্কাৰৰ কথাৰ মিল থাকিলে লেখক দায়ী নহয়। লগতে এনে যন্ত্ৰৰ আৱিষ্কাৰৰ প্ৰধান হোতাৰূপে সপোন দেখোঁতাৰ নামত উচৰ্গা কৰি লেখকৰ নামেৰেহে ভৱিষ্যতে হঁহা যন্ত্ৰটিৰ নামকৰণ হ’ব। যন্ত্ৰৰ সকলো কপিৰাইট লেখকৰ হোৱাৰ লগতে টাৰ্মচ এণ্ড কন্দিশ্যনো এপ্লাই হ’ব।)

☆ ★ ☆ ★ ☆

13 Comments

  • চিদানন্দ বৰা

    তোমাৰ যজ্ঞৰ পৰা ওলোৱা হঁহা যন্ত্ৰ মোৰ হাতত কেনেকৈ পৰিলহি ততেই লাপালোঁ ৷??

    Reply
  • সম্পূৰ্ণা

    সপোনত একো টলকিবই নোৱাৰিলে চাগে.. ?

    Reply
  • Manoj Kumar Goswami

    Mozza. Bahudinor murot Dil khuli hanhilu. Thank u

    Reply
  • কামাৰুজ জামান

    বৰ সুন্দৰ লিখিছা সম্পূৰ্ণা ৷ হাঁহিলো ৷ বৰাদা প্ৰাণেৰে জীৱম্ত ৷ বৰ ভাল পালোঁ পঢ়ি ৷ এনে ৰসাল লেখা আগলৈ পাই থাকিম বুলি আশা কৰিলোঁ ৷

    Reply
    • সম্পূৰ্ণা

      ধন্যবাদ। আপোনাৰ মন্তব্যই আগলৈয়ো চেষ্টা অব্যাহত ৰাখিবলৈ প্ৰেৰণা যোগালে।

      Reply
  • Rimjhim Borthakur

    খুউব ভাল লাগিল

    Reply
  • সম্পূৰ্ণা

    ধন্যবাদ

    Reply
  • অভিজিত কলিতা

    ভাল লাগিল। কনচেপ্ট সুন্দৰ, ভাষা সাৱলীল। কিন্তু মোৰ বোধেৰে কম্পজিচনত আৰু অলপ গুৰুত্ব দিলে, আমি তোমাৰ পৰা এগৰাকী সুন্দৰ ব্যংগ লেখিকা পাম। শুভেচ্ছা থাকিল

    Reply
    • সম্পূৰ্ণা

      ধন্যবাদ। আপোনাৰ মন্তব্যই প্ৰেৰণা। কম্পজিচনত গুৰুত্ব দিম আৰু চেষ্টা অব্যাহত ৰাখিম।

      Reply
  • HEMANTA KAKATI

    ভাল লাগিল সম্পুৰ্ণা৷ লিখি থাকিবা৷

    Reply
    • সম্পূৰ্ণা

      ধন্যবাদ দাদা। আশীৰ্বাদ কৰিব।

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *