মোবাইলৰ মেৰপাক – পৰীস্মিতা বৰা বৰগোঁহাই
সন্তানটো জন্মৰ পিছতেই তাক চিল্ড্ৰেন কেয়াৰ ইউনিটলৈ লৈ যোৱা হ’ল।
মাকজনীৰ অলপ অলপ হুচ আহিছে।
তেওঁৰ গাত শক্তি বুলিবলৈ একেবাৰেই নাই। বাগৰ সলোৱাটো দূৰৰে কথা……লৰিবলৈকো তেওঁৰ গাত জোৰেই নাই!
বিচনাত পৰি থাকিয়েই তেওঁ সোহাঁতখনেৰে খেপিয়াই চালে। কিন্তু হাতত তেওঁৰ একোৱেই নালাগিল।তেওঁৰ চিন্তা হল!
শৰীৰটো নলৰোৱাকৈয়ে তেওঁ এইবাৰ বাওঁহাতখনেৰে যিমান দূৰলৈকে পাৰে খেপিয়াই চালে। নাই, এইবাৰো তেওঁৰ হাতত একো নালাগিল। তেওঁৰ বুকুখন চিৰিং কৈ মাৰিলে! মনতে তেওঁৰ সন্দেহ হ’ল……কেনেবাকৈ তললৈ সৰি পৰিল নেকি! নাইবা নাৰ্চে তাই টোপনিত থাকোঁতে লৈ গল নেকি! বৰ চিন্তাত পৰিল তেওঁ। যথেষ্ঠ কষ্ট কৰি, তেওঁ বিচনাৰ তললৈ চালে।
বিচনাৰ তলতো নাই! কলৈ যাব পাৰে! এইবাৰ তেওঁৰ উশাহটো চুটি হৈ আহিল, লগতে বহুত ভয়ও খালে।
বিচনাৰ কাষত থকা বেলটো বজাব লওঁতে নাৰ্চজনী ওচৰ পালেহি। তাইৰ মনৰ ভাৱ যেন নাৰ্চগৰাকীয়ে বুজি পালে! লগে লগে বেবীটো আনি মাকৰ ওচৰত দিলে। তোমাৰ মাইনাটো এইটো চাই লোৱা।
মাকগৰাকীয়ে সেহাই সেহাই কবলৈ ধৰিলে,
: মই আচলতে মোৰ মোবাইলটোহে বিচাৰিছিলো…….!
☆ ★ ☆ ★ ☆
1:13 pm
তামাম ৷
2:59 pm
হেটচ অফ। উপস্থাপন অতি সুন্দৰ। এইটো ভাইৰেল হব