লিলিমাই – ৰক্তিম প্ৰীতম দাস
: আমাৰ ঘৰত যিটো মাল বনায় না, টাপ্লাত গুইৰালিও হিল্বা মন নাযাব।
– পথাৰৰ দাঁতিত মাটি কাটি থকাৰ পৰাই ঘাম মচি মচি ক’লে বিশ্বজিতে।
: মই পকৰীৰ দোকান দিম বুলিয়ে ভাব্ছিলু, চৰকাৰে বুলে কৈছি পঢ়ি-শুনি চাকৰি বিচ্ৰি টাইম-পাছ কৰাত্কে। কিন্তু ঘৰত তেল-নিমখ জোগাৰ কৰ্বা পইচা নাই, পকৰীৰ দোকান দূৰৰ কথা। এতে মাটি কাটি কেই টাকা পাম, হয় না নাই? যি বিষ হয় ৰাতি ৰাতি, মালটু নাখালিচুন টুপুনিটু আহিবাই নুখুজে। সিকাৰণে মাইকীটুক মদ বনাবাকে লগাইছু। কম ছে কম মালটু পৰিলি ডিঙিত মাথাটু ঠাণ্ডা থাকে, ৰাতিটু ভালকে যায়, হয় না নাই? মাইকীটু ভাল মোৰ, মৰম-চেনেহটু ভাল। মৰম-চেনেহটু মেইন না, হয় না নাই? সিটু নাথাকিলি মালটু খাবা নাপালু হয়, মালটু বেচা দূৰৰ কথা। দুখীয়া মানুহ, এনেকাই চলিবা লাগিব। হয় না নাই?
প্ৰায় প্ৰতিটো বাক্যত “হয় না নাই?” বুলি নক’লে কথাৰ কোৱাৰ আমেজ নোপোৱা বিশ্বই চকুৰে অলপ কমকৈ দেখে। ডাক্টৰক দেখুওৱাৰ কথা সুধিলে তাৰ নেপাল যাত্ৰাৰ কাহিনীটোত কমেও দুশবাৰমান “হয় না নাই?” যোগ কৰি কৰি কৈ যায়, ৰাইজে শুনি যায়।
JIOৰ প্ৰকোপ তাৰ জীৱনতো পৰিছে। Peer pressureত পৰি সৰু Jiophone এটা লৈছে। চকুৰে কমকৈ দেখে কাৰণে কিবাকে Youtube উলিয়াই অসমীয়া চিৰিয়েলৰ এপিচোডকেইটা শুনা অভ্যাস তাৰ আহৰি পোৱা সময়কণত। কোনোবাই কিবা ক’লেও সেই সময়কণত সি earphone নোখোলাকৈয়ে অনুমানতে উত্তৰ দিয়ে।
ঘৈণীয়েকে কিবা সোধা যেন পোৱাত ভালকৈ কথাটো নুশুনাকৈ কাণৰ পৰা earphone লগাই ৰাখিয়েই অনুমানতে উত্তৰ দিওঁতে আজি পুৱাই পুৱাই ঘৰৰ পৰা পহুখেদা খাইছে। ঘৈণিয়েকৰ সন্দেহ – “চকুৰে কম দেখা পোৱা মানুহটোৱে কিহৰ ইমান earphone লগাই কি শুনি থাকে?” অন্য কাৰোবাৰ সৈতে লিলিমাইত লিপ্ত হোৱাৰ সন্দেহ!
ৰাস্তাত লগত পোৱাত হীৰেন ভট্টাচাৰ্য্যৰ কবিতাৰ সুৰত এটা হুমুনিয়াহ কাঢ়ি মোক ক’লে,
: বুজিছা না ভাই, মোৰ এই জীৱনত মাইকীটুৰ বাহিৰে আৰু কোনো নাই
কিন্তু তাই ভাবে মোৰ মাত্ৰ লিলিমাই আৰু লিলিমাই, হয় না নাই?
: আজি বাপ্পেকে, ডিঙিকলুগি ভৰাই যাম ৰ বাহিৰতে, হয় না নাই? ঘৰৰটু সদায় খাং ন, হয় না নাই? আজি বেলেগতে পুৰা গিলি যাম, হয় না নাই? নিচা ফাটিলি ৰাতিকে ঘৰ যাই ওলাম। তেতিয়েলুগি মাথাটু অলপ ঠাণ্ডা হ’ব তাইৰ, হয় না নাই?
: এ ভাই, শুনচুন এই ফোনটুত সেনেকা ভিডিও ভৰাবা জানানা? জানা যদি দিচুন। আজি সিটুকে চাই অলপ মৰম-চেনেহটু বঢ়াবাই লাগ্বো, হয় না নাই? তাই মোৰ only one, one only মাইকী, হয় না নাই? চিৰিয়েল শুনুঙ্তে এনেকা লিলিমাই বুলি কয় ৰে তাই!
: আজি গৈ পিনে ভাতটু খাই মৰম-চেনেহটু চলিলি তাইক কম, মোক এটা আপী জন্ম দি তই, হয় না নাই? তাইৰ নাম ৰাখিম মই ‘লিলি’ আৰু মৰমত মাতিম ‘লিলিমাই’ বুলি। তেতিয়া মাইকীটুক ক’ম, ইটুৱে মোৰ ‘লিলিমাই’, হয় না নাই?
☆ ★ ☆ ★ ☆
12:22 pm
হাঃ হাঃ হাঃ…….. হলি আপিতুৰ নাম হলি লিলিমাই ৰাখবা হলি ?
5:54 pm
লিলিমাই আহিলেহে দুয়োৰে প্ৰেমৰ জোৱাৰ উঠিব ৷হয়নে না ৷