ফটাঢোল

চিন্তাৰাম – অবিনাশ শৰ্মা

কাউৰীয়ে কা ক’বলৈ নাপাওঁতেই চিন্তাৰাম হাতত কটাৰীখনলৈ বাৰীৰ মাজ পালেগৈ৷ আজিকালিৰ যিটোহে ৰ’দ! ভৰ দুপৰীয়া নহওঁতেই বজাৰৰ পৰা উভতিব লাগিব৷ গতিকে বজাৰলৈ নিবলৈ কালি সন্ধিয়া পাৰি থোৱা পাণ কেইখিলা গুছিয়াবলৈ বাৰীৰ পৰা কলপাত দুখন কাটি আনিলেগৈ৷ আহোঁতে পুখুৰীৰ ওপৰত চাং কৰি দিয়া ৰঙালাওডালৰ পৰা দুটা পকা ৰঙালাও কাটি আনি বাৰাণ্ডাতে বস্তুখিনি থৈ হাত ভৰি কেইটা ধুই আহিল৷ ঘৈণীয়েক মালতীয়ে যতনাই দিয়া চাহপানীখিনি খাই দুয়ো পাণ গুছিয়াবলৈ লাগিল৷ তাৰ মাজতে মালতীয়ে গৈ সৰুকৈ কোমল চাউলৰ জলপানকণো যতনাই দিলে৷ চিন্তাৰামে মোনাখনতে বস্তুখিনি গোটাইলৈ বজাৰলৈ যাবলৈ সাজুহৈ মাত লগালে৷

: বোলো মই ওলালোঁ৷ কি আনিব লাগে সাউতকৈ কোৱাহি৷

মালতীয়েও ঘৰৰ লাগতিয়ালখিনি কৈ শেষত ক’লে বোলে,

: পাৰে যদি পাৰ চৰাই এযোৰ খাবলৈ আনিব৷ বহুদিন মাংস খোৱা নাই৷

চিন্তাৰামে কান্ধত মোনাখন পেলাই লৈ বজাৰলৈ খোজ পোনালে৷ কেশৱো বাটতে লগ লাগিল৷ বোলে,

: দাদাই, পাণ আনিছে! ময়ো সেই ঘৰৰে জিকা ভোল দুটামানকে লৈছোঁ আৰু৷

: ভাল কৰিলি৷ পিচে বজাৰলৈ পোন বাট এটা লওঁ ভাবিছোঁ। ছাঁ পৰা ৰাষ্টা৷

: ল’ব পাৰি দাদাই, ৰ’দটো বৰ বেছি৷

এনেদৰে আলচ কৰি দুয়ো দেবেন, খগেনহঁতৰ বাৰীৰ লুঙলুঙীয়া বাটেদি পোনে পোনে বজাৰৰ মাজত ওলালগৈ৷ কেশৱে বোলে,

: দাদাই, মাচুলটো ৰেহাই হ’ল৷ ছাঁ অকণো পালোঁ৷

: এৰা অ’

চিন্তাৰামেও কথাটি শলাগি কেশৱক তাতেই এৰি পোনে পোনে পাণখিনি বিকিবলৈ বুলি বজাৰৰ সিটো মূৰ পালেগৈ৷ ৰঙালাওকেইটা কাষতে উলিয়াই পাণ বেপাৰীৰ আশাত চিন্তাৰাম ৰৈ থাকিল৷ কিছুদেৰিৰ মূৰত যেনিবা দৰদাম কৰি কৰি পাণখিনি বিকিলে৷ পিচে লাওকেইটাৰহে গ্ৰাহক তাত নাপালে৷ চিন্তাৰামে লাওকেইটা মোনাখনত লৈ পাচলি বজাৰৰ ফালে খোজ ল’লে৷ কেশৱে তাৰ মোনাত অনা পাচলি বিক্ৰী কৰা তেতিয়া হৈ উঠিছিল৷ ঘৰৰ সাপ্তাহিক বজাৰখিনি কৰোঁ বুলি আহোঁতেই চিন্তাৰাম সেইখিনি ওলালগৈ৷ কেশৱে তেওঁক দেখি বোলে,

: দাদাই পাণ বিকিলে?

: অ’ দিলোঁ অ’ কিবাকৈ৷ দাম নাই একেবাৰে৷ কুৰি ১২০কৈ দিলোঁ৷

: হওক হওক… বজাৰৰ খৰচৰ পইছাটো ওলাল নহয়!

: এৰা অ’৷ পিছে তই কি কৰ?

: মলাধঁপাত খাবলৈ সেই লালীগুড় শেষ হ’ল৷ তাকে অকণ লওঁ বুলি আহিছোঁ৷

: পিছে নিবলৈ আনিছা কি?

: কি আনিম আৰু? লালীগুড় থোৱা বাঁহৰ চুঙাটোকেই আনিলোঁ৷

: অ’ বৰ ভাল কৰিলি৷ তই যা তেনে মই লাওকেইটা বেচি আহোঁ৷

চিন্তাৰামে পাচলি বজাৰলৈ যাবলৈ লৈ মনতে কিবা চিন্তা কৰি মালতীয়ে দিয়া বজাৰৰ তালিকাখন মনত আওৰাই ল’লে৷ আৰু পাচলি বজাৰৰ ৰাষ্টা এৰি গেলামালৰ দোকানলৈ খোজ ল’লে৷ ইফালে কেশৱে লালীগুড় বেপাৰীৰ পৰা চুঙাত লালী ভৰাই লৈছেহে তেনেতে চিন্তাৰাম ওলালগৈ৷

: বোলো কেশৱ, লালী লৈছা?

: অ দাদাই…

: থ ..থ ..থ .. যোৱা বজাৰত এওঁৰ পৰা মই ল’লোঁ গোটেই বালি বালি৷

: সঁচা নেকি দাদাই? পিচে বেপাৰী মই থলোঁহে৷

এইবুলি বেপাৰীৰ কথাটো কাণ নিদি কেশৱে চুঙাৰ পৰা লালী বাকি দিলে৷ পিচে আলতীয়া লালী ক’ত চুঙাৰ পৰা ওলাব! কেশৱে চুঙাটো মোনাত লৈ আকৌ আনখন দোকান সোমালগৈ৷ একেই কথাৰ পুনৰাবৃত্তি ঘটাই এখনৰ পিছত এখন দোকানলৈ গৈ চিন্তাৰাম আৰু কেশৱে প্ৰায় আধাতকৈ বেছি চুঙা লালীগুড় গোটালে৷ কেশৱে বোলে,

: দাদাই সপ্তাহটোলৈ হ’ব আৰু এইখিনিয়ে৷

: তেনে ব’ল লাওকেইটা বেছি বৌৱাৰে পাৰ চৰাই এযোৰ নিবলৈ কৈছে তাকে ল’ম৷

: ময়ো ল’ব লাগিবহে দাদাই৷ পুহিব লাগে৷

দুয়ো পাচলি বজাৰতগৈ লাওদুটা উলিয়াই বহি ল’লে৷ এজন পিছত এজনকৈ গ্ৰাহক আহি ঘূৰি গৈছে৷ কিছু সময় পিছত এজন আহি সুধিলে বোলে,

: লাও কেনেকৈ দিছা? ভাল মিঠা আছেনে?

চিন্তাৰামে বোলে,

: গছৰ লাও চিঙি আনিছোঁ৷ গোটে পোন্ধৰ দিলে নিব পাৰে৷

গ্ৰাহকজনে ল’বলৈ খোজাত চিন্তাৰামে চিন্তা কৰি ক’লে বোলে,

: আপুনি লাও নিবই যিহেতু, পিছত বেয়া হ’লে মোৰেই দুৰ্নাম হ’ব৷ ৰ’ব আপোনাক ফালি চাই দি আছোঁ৷

কৈয়ে মোনাৰ পৰা কটাৰীখন উলিয়াই লাওটো দুফাল কৰিলে৷

: বৰ সুন্দৰ লাও চাওক৷

এইবুলি লাওটোৰ পৰা গুটিকেইটা ৰাখি গ্ৰাহকজনৰ মোনাত লাওটো সুমুৱাই দিলে৷ একেদৰেই আনটো লাও গুটিকেইটা উলিয়াই বিক্ৰী কৰি চিন্তাৰামে কাগজ এখনেৰে লাওৰ গুটিকেইটা মোহাৰি চফা কৰি শস্যৰ গুটি বিক্ৰী কৰা দোকানত গৈ দহ টকাত আটাইকেইটা গুটি বেচিলেগৈ৷

: বোলো কেশৱ, লাভ দেখিলা৷ বেপাৰ কৰিলে এনেকৈ কৰিবা৷

: হয় দাদাই হয়…

এনেদৰে দুয়ো বজাৰ কৰি কেশৱে কিনা পাৰ চৰাইযোৰৰ লগতে চিন্তাৰামৰ যোৰো একেটা খাংত ভৰাই ঘৰলৈ বাট ল’লে৷ বাটত চিন্তাৰামে লক্ষ্য কৰিলে তাৰ চৰাইযোৰ কেশৱৰ যোৰতকৈ সৰু৷ মনতে ভাবিলে বোলে সলাব পাৰিলে ভাল আছিল৷ এনেকৈ আহি আহি দুয়ো এৰা এৰিৰ সময় হ’ল৷ চিন্তাৰামে কেশৱক ক’লে

: হেৰি নহয় কেশৱ, তইতো এইযোৰ পুহিবিহে৷ যদি বেয়া নোপোৱা বৌৱাৰে বৰ আশা কৰিছে যেতিয়া ডাঙৰ দুটা ময়ে লওঁ৷

কেশৱে মন নাই যদিও বয়োজ্যেষ্ঠ মানুহ বুলি ল’বলৈ দিলে৷ চিন্তাৰাম বৰ সুখী হ’ল৷ আনন্দতে খাংৰ পৰা ডাঙৰ দুটা উলিয়াই খাংটোৰে সৰুযোৰ কেশৱলৈ আগুৱাই দিওঁতে হাতৰ পাৰ যোৰ এৰা খাই উৰি গ’ল৷ চিন্তাৰাম বুঢ়ায়ো পিছে পিছে লৰ দিলে৷ পিছে উৰিব পৰা পাৰ ক’ত ধৰিব পাৰিব৷ মনৰ দুখে বেজাৰে বাটতে এৰি যোৱা মোনাৰ ওচৰলৈ আহি দেখে সৰ্বনাশ৷ ছাগলীয়ে দালি চেনিৰ টোপোলা ফালি আধা তহিলং কৰিছে৷ কেশৱো গৈ ঘৰ পালে৷ চিন্তাৰামে দুখে শোকে চিন্তা কৰিলে৷

“এনেকৈ সুদা হাতে গ’লে মালতীয়ে কমখন নবকিবনে!”

চিন্তাৰামে কেশৱৰ ঘৰলৈ বাট ল’লে৷ তাৰ পৰা পাৰিলে এটা হ’লেও পাৰ চৰাই লৈ যাওঁ৷ পিছে কেশৱে একেষাৰে নিদিওঁ ক’লে৷ ক’লে বোলে,

“ডাঙৰ যোৰকে দিলোঁ উৰুৱাই খেদালি৷ মই যোৰ ভাঙি কেনেকৈ দিম৷”

মনৰ দুখ, বজাৰৰ ফটা টোপোলাকেইটা লৈ চিন্তাৰাম আহি মূল ৰাষ্টা পালেহি৷ ভাগৰো লাগিছিল৷ গছৰ ছাঁতে অলপ জিৰাও বুলি কান্ধৰ গামোচাখন পাৰি বাগৰ দিলে৷ পিচে টোপনি ঠিক আহিব খোজে ভোঁভোঁৱাই গাড়ী চাইকেল পাৰ হৈ যায়৷ চিন্তাৰামে মনতে বোলে এই জহনিতযোৱাবোৰ আহিব সময় নাপায়৷ এনেকৈ দুই তিনিবাৰ টোপনি ভাঙি যোৱাত চিন্তাৰামৰ খঙে চুলিৰ আগ পাইছিল৷ এইবাৰ আহক ইহঁত বুলি টোপনি যাবলৈ চেষ্টা কৰিছিলহে আহিল নহয় ভোঁভোঁৱাই এখন গাড়ী৷ চিন্তাৰামেও হাতত টাঙোনডাল লৈ দিলে খেদা গাড়ীৰ পিছে পিছে৷ কিছু আগত ৰাষ্টা বেয়া৷ গাড়ীয়েও মাৰিলে ব্ৰেক৷ ৰঙা লাইট জ্বলি যোৱাত চিন্তাৰাম বুঢ়াই বোলে

: এতিয়া কেনে? খেদাৰ কোবত টিঙা ৰঙা কৰি দৌৰিছ…জহনিতযোৱাহঁত৷ গ’লটো সকলো গ’লেই, টোপনিটো সুখত মাৰিব নিদিয়া৷ তাতকৈ ঘৰৰজনীৰ মাতষাৰকে শুনোগৈ৷

এইবুলি চিন্তাৰামে ঘৰলৈ বাট ল’লে৷

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *