ফটাঢোল

উৰুকাৰ হাঁহ চোৰ – কাজল প্ৰিয়া

মাঘ বিহুৰ উৰুকাৰ ৰাতি। চুবুৰীয়া গোটেই পিলিঙা গেং মিলি ভোজভাত খাবলৈ লৈছোঁ। লগৰ সকলোৱে মোক ধৰিলে আমাৰ ঘৰৰ পৰা হাঁহ এটা দিব লাগিব মই। মই মায়ে খুৱাই-বোৱাই নোদোকা কৰা হাঁহ কেইটালৈ মনত পেলালোঁ।
ওহোঁ! মায়ে ভোজত মোকেই পুৰি খাবলৈ দিলেও হাঁহ নিদিয়ে মই ভালকৈ জানো।বহুত সময় ধ্যানত বহাৰ পিছত ঋষি মুনিৰ দৰে গম্ভীৰ সুৰত ক’লো লগৰবোৰক

: হাঁহ খাৱ যদি চুৰ কৰিব লাগিব।

সকলো মান্তি হ’ল, ঠিক হ’ল মোৰ সৈতে মৌচুমী আৰু প্ৰাঞ্জল যাব। মাষ্টাৰ প্লেন মই বনালো। নিজৰ ঘৰত চুৰ কৰিবলৈ আগভাগ ললোঁ মই। পিছফালে বাঁহৰ জেওৰা ওখকৈ দিয়া,ওপৰত বেতৰ কাঁইট দিয়া আছে। মই লাহেকৈ বেতৰ কাঁইট গুচাই জেওৰা পাৰ হওঁ মানে প্ৰাঞ্জলে অত্যাধিক “জ’ছ”ত কব নোৱাৰা হৈ দিলে পাৰ হৈ, পিছফালে নগদ তিনিটা বেতৰ কাঁইট লাগি ধৰিল তাৰ। দেদাউৰি পাৰি সৌটোৰ অৱস্থা নেচেল, লগৰ জনীয়ে কলে,

:আই অ জহনী ,হৰেন কাইৰ বজাৰলৈ নিয়া মোনাখনত তোতকৈ কম ফুটা আছে হবলা, আপদ অ!

মোৰ ধান্দা বেলেগ, কেনেকৈ হাঁহ সৰকাব পাৰি মাথা খটুৱাই আছোঁ। হাঁহৰ গড়ালৰ ওচৰত দেউতাই জৱকাখন থয়, গড়ালৰ মুখখন সৰু ,মৌচুমীয়ে জৱকা সুমুৱাই হাঁহ টানে হে টানে হাঁহ নাহে।

:অই তহঁতৰ এইকেইটা হাঁহ নে হাতী ঐ, ইমান গধুৰ টানিবই নোৱাৰি এখন হাতে,আচৈত আ।

তাই কৈ কৈ দুই খন হাতেৰে গাৰ জোৰেৰে জৱকাৰে হাঁহ টানে, হাঁহৰ ঠাইত আমাৰ ঘৰৰ চপনীয়া মৰ কেলেহুৱা ধেকুৰা কুকুৰটো চুচৰি আহে। সেইটোৰ কাণ সাৰ নাই পৃথিৱীত কি হৈছে, হাঁহৰ গড়ালত সোমাই মস্ত আৰামত শুইছে সি। দেখি মোৰ চুলি দাং খাই গ’ল খঙত,

: চাল্লা মৰ কেলেহুৱা, অকল খাবলৈ জান, চুৰ ধৰিব নাজান!

এইবুলি এক গোৰ দি দিলোঁ সি কেংকেং কৰি পলালে। তাৰ কেংকেং শুনি ভিতৰৰ পৰা মায়ে মাতিলে “কোন?” মই সেপ গিলিলো, মায়ে কেনেবাকৈ গম পাব লাগিলে মোকে চেলিয়াই বখলিয়াই তৰকাৰী বনাই পেলাব, মই সেইফালেই ঢেলপুঙা দিলোঁ। মোৰ একো সঁহাৰি নাপাই ধৰা পৰাৰ ভয়ত মৌচুমীয়ে মোক চোঁচৰাই আনি মেজিঘৰ পোৱালেহি, ইফালে প্ৰাঞ্জল নাহে হে নাহে ।

খপজপকৈ কুঁৱলীৰ আঁৰৰ পৰা কোনোবা এটা জপককৈ জাঁপ মাৰি আমাৰ আগতে পৰিলহি , পিছে পিছে জবকাখন লৈ মায়ে খেদি আহিছে,

:হাইজাত যোৱা মোৰ হাঁহ উলিয়াই দে।

সি বাচিবৰ উপায় নেদেখি গাৰ এৰিকাপোৰ খনৰ তলৰ পৰা হাঁহ উলিয়ালে, কিন্তু ই কি! তাৰ হাতত হাঁহৰ ডিঙিৰ পৰা ওপৰৰ ডোখৰ, কিমাচাৰ্যম! তেতিয়াহে আমাৰ মাৰ ইখন হাতলৈ চকু গ’লত দেখিলোঁ ডিঙিৰ তলৰ পৰা বাকী ডোখৰ হাঁহ মাৰ হাতত।

প্ৰাঞ্জলে সেমেনা সেমেনি কৰি ক’লে,

: তহঁতৰ গড়ালেৰে হাত সুমুৱাই টানিছো হে টানিছো, হাঁহৰ ডিঙিটোহে ওলায়, বাকীখিনি নোলায়, খুড়ীদৌৱে খেদি আহিল তেনেকুৱাতে, মই হাতত থকা দা খনেৰেই…..

যি কি নহওঁক, সেইবাৰ মাঘৰ ভোজ আমি হাঁহেৰেই খালোঁ।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *