চন্দ্ৰমুখী সূৰ্যমুখী – ডঃ নৱজ্যোতি শৰ্মা
এডভোকেট দিগন্ত ফুকন ফেমিলী কৰ্টৰ নামী দামী উকিল। লগতে দয়ালু ব্যক্তি। সকলোৱে তেওঁক মনৰ কথা নিসংকোচে খুলি ক’ব পাৰে। সেয়ে তেওঁৰ ওচৰত গোচৰীয়া পদকীয়াৰ লানি নিছিগা সোঁত।
সেইদিনা ৰাতিপুৱা এগৰাকী মহিলা তেওঁৰ চেম্বাৰলৈ সোমাই আহিল। তেওঁ নিশ্চয় কোনো মন্দিৰৰ পৰা অহা বুলি ধাৰণা কৰিব পাৰি। মোৰ ইংগিত পাই তেওঁ ক’ব আৰম্ভ কৰিলে,
: চাৰ, মই বৰ বিপদত পৰিছোঁ। মোৰ মানুহজনে আজিকালি মোৰ পৰা দূৰে দূৰে থাকে। মই তেওঁৰ বাবে ৰবিবাৰে, শনিবাৰে আৰু মংগল বাৰে ব্ৰত ৰাখোঁ। সোম আৰু বৃহস্পতি বাৰে নিৰামিষ খাওঁ।
: তেওঁৰ কোনো অন্য মহিলাৰ লগত?…
: নাই চাৰ।
: পইচা পাতিৰ টেনচন?
: নাই চাৰ।
: কিবা ভিতৰি বেমাৰ?
: নাই চাৰ।
: ঠিক আছে। তেওঁৰ ফোন নং টো মোক দিয়ক।
মহিলা গৰাকীক বিদায় দি গিৰিয়েকক চেম্বাৰলৈ মাতিলোঁ।
এজন তজবজীয়া, ৰোমাণ্টিক, ষ্টাইলিচ ল’ৰা সোমাই আহিল। মই তেওঁৰ বক্তব্য মন দি শুনিবলৈ ল’লোঁ।….
চাৰ, মই মৰম কৰি ভালপোৱা, ভালকৈ খোৱাত ৰাপ থকা ল’ৰা। কিন্তু মোৰ পত্নী অনবৰত পূজা পাতলত ব্যস্ত। কেতিয়াবা ওচৰ চপাই আনিব খুজিলে ব্ৰতৰ কথা মনত পেলাই দিয়ে। কেতিয়াবা ভালকৈ এসাঁজ ভাত খাবলৈ মন কৰিলেও আজি সোমবাৰ, আজি বৃহস্পতি বাৰ, আজি শনিবাৰ আদি কৈ নিৰামিষ খাবলৈ বাধ্য কৰে। বৰ কামোৰ চাৰ। মই পূজাৰী নহয় পত্নীক বিচাৰোঁ চাৰ। জীৱন নৰক যেন লগা হৈছে।
ফুকনে বুজনিৰ সুৰত ক’লে: বিয়াৰ পিছত চন্দ্ৰমুখী, সূৰ্যমুখী আৰু জ্বালামুখী এই তিনি ৰূপান্তৰ অবশ্যম্ভাবী। ইয়াৰ পৰা কাৰো মুক্তি নাই। সহাৱস্থান কৰিবলৈ শিকা।
এইবাৰ পত্নীক মাতি বুজনি দিলে: অদৃশ্যজনক পূজা কৰাৰ পূৰ্বে দৃশ্যজনক সঁচা মৰম দিবলৈ শিকা। ওপৰৱালা অন্তৰ্যামী। পানী মৰে পিয়াঁহত, অগ্নি মৰে জাৰত। ঘৰৰ শান্তিয়ে আচল। এজন ডেকা মানুহৰ দেহমনৰ ভাষা পঢ়িবলৈ শিকা।
দুয়োকে বুজাই মেলি ক’লে, এমাহৰ পিছত দুয়ো আহিবা। ফিজ তেতিয়া ল’ম। জীৱন বৰ সুন্দৰ। উপভোগ কৰা।
ফুকনে ভাবিলে অস্ত্ৰোপ্ৰচাৰ নকৰাকৈ যদি বেমাৰ ভাল হয় কিনো বেয়া? ফীজ ডাবল পাম। নিজে উপযাচি দিব।
…… এপষেকৰ পিছতে পতিয়ে এডভোকেট ফুকনক উপযাচি জনালে যে, তেওঁৰ উপদেশে বিশেষ ফল দিয়া নাই। ফুকনৰ নিজৰ হোষ্টেলৰ জীৱনলৈ মনত পৰিল। এনে ঘটনা তেতিয়াও আছিল। মনে মনে হাঁহি উঠিল যদিও কৃত্ৰিম গাম্ভীৰ্য্য দেখুৱাই ক’লে,
:আমি ষ্ট্ৰেটেজিটো অলপ সলাই চাওঁ। তোমালোকৰ সমস্যা তিনিটা… ঃখাদ্যাভ্যাস, অতি ভক্তি আৰু অন্তৰংগহীনতা।
: হয় চাৰ।
: তুমি অকলেই ঘৰত সুগন্ধিযুক্ত খাদ্য ৰন্ধা আৰু খোৱা আৰম্ভ কৰা। অলপ বেছিকৈ তপালি মাৰি খাবা। দ্বিতীয়তে, পৰস্ত্ৰীক খুব প্ৰশংসা কৰিবা। আনৰ পত্নী কিমান ধুনীয়া, মৰমীয়াল, পটু ৰান্ধনী, খোলা মনৰ, ৰাংঢালী তাকে বাৰে বাৰে শুনাই থাকিবা। শেষত, এনেকুৱা দেখাবা যে তোমাৰ নিজৰ পত্নীৰ প্ৰতি কোনো ইণ্টাৰেষ্ট নাই।
এমাহ পিছত পতি এটি মিঠাই পেকেট লৈ ফুকনৰ চেম্বাৰলৈ সোমাই আহিল। ক’লে,
: চাৰ, এইবাৰ ঔষধে পূৰা কাম দিলে। পত্নীৰ লগত দূৰত্ব বহুত কমি গ’ল। আপোনাক ধন্যবাদ।
পিছদিনা পত্নীৰ আগমন। ক’লে,
: চাৰ, আমাৰ ভুল বুজাবুজি আঁতৰি গ’ল। এতিয়া আমি সুখী।
সকলো আঁতৰি যোৱাৰ পিছত ফুকনে ঢেকঢেকাই হাঁহি উঠিল
☆ ★ ☆ ★ ☆
9:43 pm
ভাল বুদ্ধি দিলে। ভাল লাগিল
3:58 pm
বুদ্ধিয়ে কাম দিলে শেষত?।ভাল লাগিল।।