ফটাঢোল

পৰিৱৰ্তন – ৰোমানী চলিহা

উজানবজাৰত, ব্ৰহ্মপুত্ৰৰ কাষত এক অত্যন্ত মনোমোহা প্ৰাকৃতিক পৰিৱেশত ডঃ নমিতা বৰুৱাৰ ঘৰ। নমিতাই নিজেও বিনন্দীয়া প্ৰকৃতিৰ নিয়মৰ লগত মন আৰু শৰীৰৰ এটা সামঞ্জস্য বজাই ৰাখি চলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে।সেয়েহে নিতৌ পুৱা পাঁচ বজাৰ লগে লগেই শোৱাৰ পৰা উঠি নৈ-পৰীয়া ৰাস্তাটোৱেদি খোজ কাঢ়িবলৈ ওলাই যোৱাটো তেওঁৰ পুৰণি অভ্যাস। ঘৰৰ বাকী সদস্যৰ যিহেতু আগ্ৰহ নাই সেয়েহে শুই থকাসকলক আমনি নকৰি ঘৰৰ মূল দুৱাৰৰ তলাটো বাহিৰৰ পৰা বন্ধ কৰি তেওঁ অকলেই প্ৰায় এক কিলোমিটাৰমান সদায়েই খোজ কাঢ়ে। হাড় কঁপোৱা ঠাণ্ডাতো ইয়াৰ কেতিয়াও ব্যতিক্ৰম নহয়।

আজি দেওবাৰ, অৱশ্যে বন্ধৰ দিনাখন নমিতা অলপ পলমকৈ শুই উঠে। ৰাস্তাত লগ পোৱা চিনাকি মানুহৰ লগত দুআষাৰ মত-বিনিময় কৰি ঘৰ আহি পোৱাত প্ৰায় সাত বাজিছিল। ঘৰ পায়েই একাপ গৰম চাহ বনাই কাপটো হাতত লৈ অন্য দিনৰ দৰেই নমিতাই আজিও বেলকনিৰ বেতৰ চকীখনত বহিলগৈ। তেনেতে ঘৰুৱা কাম-কাজত সহায় কৰা নিৰ্মলাই বাতৰিকাকতখন হাতত তুলি দিলেহি, নমিতায়ো ওচৰতে থকা সৰু মেজখনত চাহৰ কাপটো থৈ কাকতখনত চকু ফুৰালে। গৰম চাহ একাপ আৰু বাতৰিকাকতৰ সংমিশ্ৰণৰ ৰাতিপুৱাৰ এই আমেজ নমিতাৰ একপ্ৰকাৰৰ বিলাসিতা বুলিয়েই ক’ব পাৰি। এই সময়খিনি তেওঁৰ বাবে বিশেষ তৃপ্তিৰ,ঘৰৰ চাৰিবেৰৰ বাহিৰত,প্ৰকৃতিৰ লগত এক আত্মীয়তাবোধেৰে একাত্ম হ’বলৈ তেওঁ চেষ্টা কৰে।
কিন্তু……………..পিছমুহূৰ্ততে নমিতাৰ মনটো হতাশাৰে ভৰি পৰে। নমিতাই ভাবিবলৈ বাধ্য হয় যে যান্ত্রিকতাৰ চেপাত চকুৰ আগতেই প্ৰকৃতিৰ ৰঙ-ৰূপ বহুগুণে ম্লান হ’ব ধৰিছে। তথাপি অতি নীৰৱে, সন্তৰ্পণে ফাঁকে ফাঁকে ঋতুবিশেষ প্ৰকৃতিয়ে ভিন্ন ৰূপৰ পোহাৰ মেলিবলৈ অলপো যেন কৃপনালি কৰা নাই এনে এটা ভাব হ’ল নমিতাৰ। এতিয়া আহিনে আথে-বেথে আদৰি অনা মনোমোহা শৰতৰ সুমধুৰ মনপৰশা বতৰ। এই শৰতক উন্মনা কৰিবলৈ আহি আছে শাৰদীয় দূৰ্গা পূজা।এইহেন মানুহৰ মনপ্ৰাণ ব্যাকুল কৰা বতৰত নমিতা নিৰ্বিকাৰ হৈ বাতৰিকাকত পঢ়ি থকাটো হয়তো প্ৰকৃতিয়েও সহ্য কৰিব পৰা নাই। সেয়েহে এছাটি জুৰ মলয়া বতাহে নমিতাৰ হাতৰ বাতৰি কাকতখন কঁপাই থৈ গ’ল। সেই বতাহত ভাঁহি আহি তলৰ শেৱালি ফুলৰ মিঠা সুবাস নমিতাৰ নাকত লাগিলহি। তেওঁৰ চৌদিশ সুবাসিত হৈ পৰিল। তলসৰা শেৱালীবোৰ চাবলৈ নমিতাৰ হঠাৎ মন গ’ল, বাতৰিকাকতখন ক্ষন্তেকৰ কাৰণে মেজত থৈ বেলকণিৰ ৰেলিঙেদি তললৈ এবাৰ চাই পঠিয়ালে। তলত শেৱালি ফুলেৰে চোতালখন ভৰি আছে…………..এখনি শুকুলা চাদৰৰ দৰেই।
লগে লগেই নমিতাৰ ভূপেনদাৰ কালজয়ী গীতটিলৈ মনত পৰিল…….

” শৰতৰ শেৱালি নতুন নিয়ৰে
শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে
শুকুলা ডাৱৰৰ পতাকা উৰুৱাই
মুকুতিৰ গীত গায় শৰালি জাকে ।”

শৰতৰ শেৱালি ফুল সৰিছে ঠিকেই,কিন্তু আজি নতুন নিয়ৰে কিবা শুভ্ৰ শুভ্ৰ ছবি আঁকিব পাৰিছে জানো!

আজি বাৰু নমিতা দেৰিকৈ শুই উঠিছে, সেয়েহে তলসৰা শেৱালিত পৰা নিয়ৰৰ টোপাল শুকাই গৈছে। কিন্তু কালি পৰহিতো তেওঁ পাঁচটা বজাতেই উঠি ঘাঁহনিত খোজ দিওঁতে তলসৰা শেৱালিত নতুবা দুবৰি বনত নিয়ৰৰ টোপাল দেখা পোৱা নাই!
………… তেন্তে এয়াও একপ্ৰকাৰ প্ৰাকৃতিক পৰিৱৰ্তন। নিয়ৰ,কুঁৱলী এইবোৰৰ পৰিৱৰ্তে ৰাতিপুৱাই গা পুৰি যোৱাকৈ প্ৰখৰ ৰ’দ — এই আহিন মাহত। কঁহুৱা ফুলিছে কিন্তু কঁহুৱাক হালি-জালি নৃত্য কৰাবলৈ ৰিব ৰিব মলয় বতাহ আজিচোন নাই! এয়াযে এক গোলকীয় উষ্ণতাৰ অনিষ্টকাৰী পৰিৱৰ্তনৰ প্ৰভাৱ! এই পৰিৱৰ্তনো জীৱশ্ৰেষ্ঠ মানৱৰেই যে সৃষ্টি। নমিতাই অন্য বহুজনৰ দৰেই নিজকেই প্ৰশ্ন কৰিলে –

এই গ্ৰীষ্মৰ প্ৰভাৱ মানুহে গছ-গছনি কাটি ,পাহাৰ ধ্বংস কৰি প্ৰকৃতিক কৰা অত্যাচাৰৰ পৰিণতি নহয় জানো! মানুহ সভ্য হোৱাৰ নামত , বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ৰমবিকাশৰ নামত এনেকুৱা পৰিৱৰ্তনৰ ঢৌ জানো কোনোবা সমাজ সচেতন ব্যক্তিয়ে কামনা কৰিব পাৰিব?

শৰতৰ শুকুলা মেঘ,নীলা আকাশৰ পৰিৱৰ্তে ক’ৰবাত কলীয়া ডাৱৰ,ক’ৰবাত প্ৰখৰ ৰ’দ — হয়তো বা ক’ৰবাত বৰষুণেই বৰষুণ। এই আহিন মাহত দ্বিতীয়বাৰৰ বাবে অস্বাভাৱিকভাবে ব্ৰহ্মপুত্ৰৰ বলিয়া বানে ধুই গৈছে ধেমাজি আৰু লখিমপুৰৰ বিস্তীৰ্ণ অঞ্চল।

পৰিৱৰ্তন — মানুহক মাথোঁ নতুনত্ব লাগে……..সেয়েহে পৰিৱৰ্তন। নমিতাৰ খঙ উঠি যায়। কিয় পৰিৱৰ্তনৰ নামত প্ৰকৃতিক ধ্বংস কৰিব, অত্যাচাৰ কৰিব! মানুহে মানুহক মাৰি পেলাব পৰাকৈ মানুহৰ মানসিকতাৰ পৰিৱৰ্তন হ’ব, সেয়া জানো উচিত হৈছে! এনেবোৰ চিন্তা আৰু যুক্তিয়ে মন-মগজুত ক্ৰিয়া কৰি থাকোঁতে কেতিয়ানো নটা বাজিল গমেই নাপালে। নিৰ্মলাৰ মাত শুনিহে তেওঁ বাস্তৱলৈ ঘূৰি আহিল।

তাই ক’লেহি,

: বাইদেউ, আজি চাহ-জলপান খাবলৈ মন নাই নেকি?

উত্তৰত মাথোঁ নমিতাই ক’লে,

: ব’ল, ব’ল পাকঘৰলৈ।

তেনেতে তাইৰ হাতত কিবা এখন থকা দেখি সুধিলে,

: সেইখন কি?

: একো নহয় বাইদেউ, আপুনি মোক দিয়া শাৰীখনহে!

আচৰিত হৈ নমিতাই সুধিলে,

: সেইখন পাকঘৰলৈ কিয় লৈ আহিছ!

তাই অলপ ভয়ে ভয়ে উত্তৰ দিলে,

: নহয় মানে….. মই শাৰী যে বেছি নিপিন্ধো সেয়েহে সেইখন কাটি এটা স্কাৰ্ট চিলাম বুলি ভাবিছোঁ।

: কি ক’লি! এই দামী শাৰীখন মোৰ লগত বিয়া বাৰুত গ’লে পিন্ধিবলৈ দিছোঁ আৰু তই কাটি স্কাৰ্ট বনাবি!

নমিতাৰ খং উঠা দেখি তাই লাহে লাহে ক’লে,

: নাকাটো তেনেহ’লে বাইদেউ, এটা কাম কৰিম।

: কি?

: মই গোটেই শাৰীখনতে ৰচী এডাল পায়জামাৰ ইলাষ্টিকত ভৰোৱাদি ভৰাই লম। আপুনি মাত্ৰ এক ইঞ্চিমান ভাঁজ কৰি চিলাই দিব মেচিনত। কোঁচ খুৱাই দিলে স্কাৰ্ট যেন লাগিব। হৈ যাব, মই স্কাৰ্ট নে ঘাগ্ৰা কি কয় সেইটোৰ দৰে পিন্ধিম।

তাইৰ কথা শুনি নমিতাই হাঁহিব নে কান্দিব ভাবি নাপালে। তাইৰ মানসিকতাটো বুজিবলৈকে সুধিলে,

: কিয়নো এনে কৰিব লাগে! শাৰী হিচাপে পিন্ধিলেনো কি হ’ব?

তাইৰ উত্তৰ,

: নহয়, শাৰী আজিকালি বেছি নচলে যে….. স্কাৰ্ট আৰু প্লাজ’ নে কি কয় সেইবোৰহে চলে।

এইবাৰ নমিতাই হাঁহি ৰখাব নোৱাৰিলে। মনতে মাত্ৰ ভাবিলে,

: বাঃ! নিৰ্মলাক চোন পৰিৱৰ্তনৰ ঢৌৱে বৰ বেয়াকৈ কোবাই গৈছে। শাৰী-মেখেলা চাদৰ এলাগী হৈ গ’ল। শাৰীখন ৰচী ভৰাই স্কাৰ্টৰ দৰে পিন্ধিলেহে আজিকালিৰ আধুনিকতাই স্পৰ্শ কৰিব।

এটাও শব্দ মুখেৰে নকৈ চুপচাপ নমিতাই এইবাৰ পাকঘৰলৈ গ’ল। পাকঘৰত সোমাই নমিতাই যি কাণ্ড দেখিলে সেয়াটো আৰু এখোপ চৰা! মাক পাকঘৰত নহা দেখি এম.এ. পঢ়ি থকা একমাত্ৰ জীয়ৰী তুলিকাই দেওবৰীয়া ব্ৰেকফাষ্ট তৈয়াৰ কৰাত লাগিছে। হাতত এটা পাওৰুটি। গেছৰ ওচৰৰ পকাখনত কিবাকিবি কিছুমান দেখা পালে নমিতাই, আলুনে ঠিক ধৰিব নোৱাৰিলে।
দেওবাৰে সাধাৰণতে নমিতাহঁতে ৰাতিপুৱা লুচি-ভাজি খায়। ভাজিখন কালি ৰাতিয়েই বনাই থৈছে। আটাও মৰা আছে,লুচিকেইখন ভাজিলেই হৈ যাব। আজি ঘৰখনত মাত্ৰ তিনিটা মানুহ। নমিতাৰ স্বামী অলকেশ বৰুৱা ট্যুৰত গৈছে। গতিকে লুচি নাভাজি এলাহ কৰি তুলিকাৰ হাতত পাওৰুটিটো দেখা মাত্ৰেই নমিতাৰ খঙটো উঠি আহিছিল। তথাপি সেইটো প্ৰকাশ নকৰি সুধিলে,

: কি কৰিছা তুমি এইবোৰ? ভাজি আছেই লুচিকেইখনহে বনাব লাগে!

: এহ্ হ’ব দিয়া মা, কিমাননো লুচি ভাজিসোপা খাই থাকা! আজি ফৰ এ চেঞ্জ চেন্দৱিছ বনাইছোঁ এটা নতুন আইডিয়াৰে।

: বাৰু বাৰু হ’ব। কি কি দিলানো ইয়াত!

: অলপ নিমপাত কাটি দিছোঁ, অলপ মই দিছোঁ, অলপ মাংস, অলপ জলকীয়া গুড়ি, অলপ নৰসিংহৰ পাত কাটি দিছোঁ আৰু আলু দিছোঁ।

: হায় হায়! তুলিকা তোমাৰ মগজে ঠিকেই কাম কৰি আছে তো! ৰাতিপুৱা এতিয়া নিমপাতেৰে চেন্দৱিছ খাব লাগিব?

: কিয় মা! তুমিয়েই কোৱাচোন গানৰ ফিউজন হ’ব পাৰে, সাজ-পোছাকৰ ফিউজন হ’ব পাৰে আনকি নাচৰ ফিউজনো আজিকালি হৈছেগৈ। তেনেহ’লে খাদ্যবস্তুৰ ফিউজনত আপত্তি কিয়? কিবা এটা নতুন কৰিবলৈ চেষ্টা কৰাত দোষ কি?

নমিতাৰ ধৈৰ্যৰ বান্ধ খোল খাই আহিছিল লাহে লাহে……। ক’ত বন্ধাকবিৰ ভাজি আৰু ফুলা লুচি খাবলৈ আশা কৰা মন আৰু চকুৰ আগত পৰিৱৰ্তনৰ নামত খাদ্যবস্তুৰ ফিউজন হে হৈছেগৈ। নিমপাতেৰে বনোৱা চেন্দৱিছ!
নমিতাই মাত্ৰ ক’লে,

: তুলিকা তুমি বুজিও নুবুজাৰ ভাও নধৰিবা। গান মানুহে শুনে, শুনি বেয়া পালে আঙুলিৰে কাণত সোপা দিয়ে। সাজ-পোছাক বেয়া পালে নিপিন্ধিলে হ’ল বা নাচালে হ’ল। কিন্তু খাদ্যবস্তু অখাদ্য হ’লে শৰীৰৰ ভিতৰভাগে জানো গ্ৰহণ কৰিব? তোমাৰ এই এক্সপেৰিমেণ্টেল খাদ্যৰ জুতি তুমিয়েই লোৱা।

তুলিকাই মাকৰ খঙলৈ কেৰেপ নকৰি ক’লে,

: খাই চোৱাচোন আজি পৰিৱৰ্তনৰ নামত। মই ৰেডি কৰোঁ, পাছত কমেন্ট দিবা।

নমিতাই উচাট মাৰি তেতিয়াহে চালে দুৱাৰৰ ফালে। নমিতাৰ পাছে পাছে ৰান্ধনীঘৰলৈ অহা নিৰ্মলাই দুৱাৰখনত ধৰি মিচিকিয়াই হাঁহি আছিল। নমিতাই বুজি নাপালে তাই কাৰ কাণ্ড দেখি হাঁহিছে, তেওঁৰ নে তুলিকাৰ! নমিতাই ভোৰভোৰাই আকৌ গৈ বেলকনি পালে।বেলকনিত বহি লৈ মুখৰ ভিতৰতে ভোৰভোৰাই থাকিল,

: প্ৰাকৃতিক পৰিৱৰ্তন, সামাজিক পৰিৱৰ্তন, অৰ্থনৈতিক পৰিৱর্তন, ৰাজনৈতিক পৰিৱৰ্তন আৰু বা কতনো কি! হে ভগৱান,কি লীলা দেখুৱাইছা এইখন! পৰিৱৰ্তনৰ নামত অনাগত দিনত মানুহে ভৰি এৰি মূৰেৰেই চলা-ফুৰা কৰিব চেষ্টা নকৰিব যে তাৰ কোনো নিশ্চয়তা নাই।

তেনেতে নিৰ্মলা আকৌ আহি ওলালহি। নিৰ্মলাক দেখি নমিতাৰ খঙ আকৌ চৰিল।

: তই সদায় ভুল সময়ত কিয় আহি ওলাৱহি!

নিৰ্মলাই নমিতাই মুখৰ ভিতৰত কিবা বিৰবিৰাই থকা দেখি ঘোষা গুণগুণাইছে বুলি ভাবিলে, তাতেই আকৌ ভুল সময়ত অহা বুলিও যিহেতু ক’লে তাই নমিতাক সুধিয়েই পেলালে,

: বাইদেউ আপুনি আজি বাহিৰত বহিয়েই নাম ল’লে যে, নামঘৰত নোসোমায়!

: প্ৰথমে মোক ক, তই এতিয়া ইয়ালৈ কিয় আহিছ?

: তুলিকা বাইদেৱে জলপান খাবলৈ মাতিছে।

: তেন্তে মোৰ উত্তৰ শুন – এতিয়া প্ৰথম কথা তেনেকুৱা জাত এৰা জলপান মই নাখাওঁ। দ্বিতীয় কথা মই ঈশ্বৰৰ নাম লোৱা নাই। ঘোষাপাঠ এনেকৈ নকৰে, সুৰ লগাই গায়। মোৰ বাবে ফ্ৰীজত ভাজি আছে, মই গা ধুই লুচি নিজে বনাই খাম। তহঁতে মোৰ বাবে চিন্তা কৰিব নালাগে।

নমিতাৰ ভেকাহি শুনি নিৰ্মলাৰ চকু চলচলীয়া হৈ পৰিল। তাই থোকা-থুকি মাতেৰে ক’লে,

: বাইদেউ বেয়া নাপাব। মই জানি-বুজি একো দোষ কৰা নাই। আজিকালি পুৰণি গানবোৰৰ সুৰ সলনি কৰি কিবা পদ্য আবৃত্তি কৰাৰ দৰে খৰখৰকৈ মুখখন বেছিকৈ মেলি মেলি গোৱা দেখিছোঁ যে, সেয়েহে ঘোষাও আপুনি বেলেগ সুৰত গাই থকা বুলি ভাবিলোঁ।
আপুনি মুখৰ ভিতৰত সৰু সৰুকৈ গাই আছে যে, মই শব্দবোৰ স্পষ্টকৈ ভালদৰে শুনাও নাই। আপোনাৰ ভংগীমাটো তেনেকুৱা লাগিল বাবেহে সুধি পেলালোঁ।

এইবাৰ নিৰ্মলাৰ উত্তৰ শুনি বাকপটু নমিতাৰ সঁচাকৈয়ে মুখৰ মাত হেৰাল। তেওঁক যেন কাণে কাণে কোনোবাই কৈ গ’ল,

“পৰিৱৰ্তন, এয়াই পৰিৱৰ্তন……”

নমিতাই ভেবা লাগি নিৰ্মলাৰ মুখলৈকে চাই ৰ’ল!

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *