এতিয়া ক’লৈ যাওঁ – বিকাশ শইকীয়া
কলিকতাত থকা পাঁচ বছৰৰো বেছি হ’ল৷ তাতে একেটা ঘৰতে আছো৷ প্ৰথমে আহি এটা কোঠাত পোন্ধৰ দিন৷ আন এটা কোঠাত দুমাহ আৰু এটা ফ্লেটত এমাহ থাকিছিলো৷ মালিকৰ যি হে জ্বালা চিকিউৰিতি মানি এৰি আহিব লগা হৈছিল৷ গতিকে মই থকা ঠাইখিনিৰ হাৱা পানী আৰু মানুহৰ বৰ্ণনা কৰিবলৈ পালে ধুনীয়া এটা কালাম ছাৰৰ ভাষণ হৈ পৰে৷ সহকৰ্মী দুজনমানে তেনে ভাষণ শুনিছেও৷
বেলেগ এখন ৰাজ্যৰ এগৰাকী সুন্দৰী নতুনকৈ আহি আমাৰ সহকৰ্মী হ’ল৷ বিবাহিত বা অবিবাহিত সকলোৱে সহায়ৰ হাত আগবঢ়াবলৈ “দাতা কৰ্ণ“ হৈ আছে৷ আমুকাৰণো কি! চিনকি পৰ্ব শেষ কৰি কোনো কথা পতা নাই৷ ইমান ধুনীয়া ছোৱালী লগত তাতকৈ বেছিলে গ’লে হিতে বিপৰীত হোৱা সম্ভাৱনা থাকে৷ কিন্তু মই থকা ওচৰতে ঘৰ ভাৰা লৈছে বুলি জানি এজনে ক’লেই নহয়, কিবা অসুবিধা হ’লে মোৰ লগত যোগাযোগ কৰিব পাৰিব বুলি৷ কি ভাৱি ক’লে নাজানো৷ খুব সম্ভব বেলেগে কোৱা আগত তেওঁ ক’লে৷ সেই বাবে ম’বাইল নম্বৰৰ আদান প্ৰদান ঘটিল৷ গতিকে মনটো অলপ ভাল লাগিবই দিয়কচোন৷ ইমান ধুনীয়া ছোৱালীৰ নম্বৰ ইমান সহজে পাইছো, গতিকে ইমান দিনে মোৰ ভাগ্যখন বেয়া বুলি ভাৱি থকা কথাটো অলপকে মিছা যেনো লাগিল৷ তাতে মনটো অলপ ভাল আছিলেই কাৰণ সেইদিনা শুক্ৰবাৰ৷ শনি আৰু দেও দুদিন বন্ধ আছে৷
আহি ৰুমত ভৱিছো দুদিন বন্ধত কি কৰা যায়৷ ক’ৰবাত গৈ অলপ ফূৰ্তি কৰি আহোঁ৷ কিন্তু কাৰ লগত যাবাহে৷ বাদ দিয়া নাযাওঁ৷ এনেতে সুন্দৰী গৰাকীয়ে ফোন কৰিলে৷ আন যি হওক ম’বাইল স্ক্ৰীনত নামটো দেখিয়ে ভাল লাগিছে৷ হেল্ল’ বিকাচ(শ) বুলি কৈ হিংলিছত (হিন্দী আৰু ইংলিছ) কোৱা কথাখিনি অসমীয়াত এনে ধৰণৰ “বিকাশ তুমি ইয়াতে থাকা ন! ! মই নতুনকৈ আহিছো একো চিনি নাপাওঁ জানা৷ গেছৰ দোকান, পানী ভেন্দৰ, পাচলি বজাৰ, গেলা মালৰ দোকান বহুত প্ৰব্লেম হৈছে৷ অলপ সহায় কৰি দিয়াচোন৷ ফ্ৰী আছা যদি আহা না এবাৰ মোৰ ঘৰত আজি ৰাতিৰ ভাত সাঁজো একেলগে খাম৷ “ মই বোলো ঠিক আছে তোমাৰ সম্পূৰ্ণ ঠিকনাটো ৱাটচএপ কৰি দিয়া৷ দহ মিনিটত গৈ পাম৷ দুজনে বাই বুলি কৈ ফোন কাটিলোঁ৷ যাবলৈ বুলি মন মেলোতেই অনুমান হ’ল বাথৰুমত সৰু কামফেৰা কৰিবলৈ যাব লাগিব৷ ছেঃ এই সময়তহে লাগিবলৈ পাই নেকি৷ দহ মিনিটৰ ভিতৰত পাবগৈ লাগে৷ যি হওক ভগৱানক ধন্যবাদ ডাঙৰ বিধ যে নালাগিল৷ ফ’ৰ জী স্পীদত কামফেৰা কৰিলোঁ৷ আৰু যিটো টি-চাৰ্ট পিন্ধিলে বাইচেপ ট্ৰাইচেপ কেইটা প্ৰকট হৈ পৰে সেইটো আলনা নামৰ ৰচী ডালৰ পৰা টানি ল’লো৷ পিন্ধিবলৈ সময় নাই বাটত পিন্ধিম এতিয়া দহ মিনিটত পাবগৈ লাগে৷
মনতে গান এটা গাবলৈ ধৰিলো৷
“মেৰা দিল জিগৰচে গুজুৰা হেঁ৷
এক লড়কী ইধৰ চে গুজুৰী হেঁ৷ ৷ “
ঠিক দহ মিনিটত গৈ পালোগৈ৷ নিজকে সময়ৰ মূল্য বুজা আৰু কথা দি কথা ৰখা ব্যক্তিৰ দৰে গপচত সুধিলো৷ কোৱা কি সহায় কৰিম? তাই পুনৰাই প্ৰব্লেম খিনি ক’লে৷ মই বোলো চিন্তা নকৰিবা ইয়াত দোকান ৰাতি বাৰ বজালৈ খোলা থাকে৷ সকলো সমস্যা আজি সমাধান কৰি দিম৷ মাত্ৰ তুমি মোৰ লগত এতিয়া বজাৰলৈ ওলোৱা৷ তাইৰ মনটো উৎফুল্ল দেখি বিৰাট ভাল লাগিল৷ তাতে তাই ক’লে “আজি কিন্তু ডিনাৰ মোৰ ইয়াত কৰিব লাগিব৷ ডিনাৰ কৰাৰ পিছতহে যাবলৈ দিম৷ “ মই বোলো ঠিক আছে হ’ব দিয়া ইয়াতে কৰি যাম৷ মোৰ বুকু খনো অলপ ফুলি উঠিছে৷ তদুপৰি কথা পাতি থাকোতে অনুমান কৰিছিলোঁ তাই মিচিকিয়া হাঁহিটি খুবেই মাৰিছে৷ আঃ ইমান ধুনীয়া হাঁহি তাই মোৰলৈকে মাৰিছেনে! ! মনত লাড্ডু ফুটিবলৈ ধৰিলে৷ মূখৰ পৰা আপোনা আপুনি গানটো ওলায় আহিল
“বৰশি বাইচানে, পুঙালৈ চাইচানে, খুটিব খুটিব নালাগে জানো৷
প্ৰথমবাৰ দেখোতেই মিচিকিয়াই হাঁহিলে,
পতিব পতিব নালাগে জানো৷ ৷ “
এনেতে তাই ক’লে “তুমি বহা মই সিটো ৰুমত কাপোৰ সলনি কৰি আহো তাৰ পিছত ওলাই যাম৷ “
তিনিফুট ওখ দেৰ ফুট মান বহল আইনাখন থিয় কৰি ৰখা দেখিলো৷ চিজিল লগোৱা নাই৷ তাই সিটো ৰুমলৈ যোৱা সময়কণ সৎ ব্যৱহাৰ কৰো বুলি ভাৱিলো৷ আইনাখনত মোক কেনে লাগিছে বুলি আইনাৰ সন্মুখত থিয় হ’লো৷ তেহে তাইৰ মিচিকিয়া হাঁহিটিৰ ওৰ ওলাল৷
ৰুমত থাকোতে পিন্ধি থকা টাৱেল খনৰ লগত বাটত টি-চাৰ্টটো ওলোটাকৈ পিন্ধি আহিলো৷ “এতিয়া ক’লৈ যাওঁ“ বজাৰলৈ নে ৰুমলৈ৷ ইমানদেৰি ভাৱি থকা সকলোবোৰ কথা তৎক্ষনাত ধঁপাত৷ ৷■■
2:35 pm
আয়ৈ দেহি।
4:25 pm
ৰাজেশ ডাঙৰীয়া আলোচনী খনৰ লগতে লেখাটো পঢ়ি চোৱা বাবে ধন্যবাদ
7:35 pm
ইচ!
দুখ লাগিল ।
পঢ়ি ভাল লাগিল
10:29 pm
কাল্পনিক হে দেই।
7:43 pm
সুন্দৰ
10:26 pm
ধন্যবাদ
9:11 am
ঠিকেই আছে ৷ লিখি থাকিবা ৷
10:27 pm
ধন্যবাদ।
1:44 pm
দুখজনক অভিজ্ঞতাৰ সৰস বৰ্ণনা। ভাল লাগিল পঢ়ি
10:27 pm
কাল্পনিক হে দেই।
1:48 pm
দুখজনক অভিজ্ঞতাৰ সৰস বৰ্ণনা।
11:07 pm
Tamam dei
10:28 pm
ধন্যবাদ
11:16 pm
মজা .
10:28 pm
ধন্যবাদ
8:54 am
hosake ne…. jodi hosa jomaiso kin2…
10:29 pm
নহয়। মিছা।
9:52 pm
সুন্দৰ হৈছে শইকিয়া।
3:08 am
ধন্যবাধ