ফটাঢোল

গান গোৱাৰ বাসনাৰে এদিন – বৰ্ণালী চৌধুৰী

কলেজত তেতিয়া উচ্চস্বৰত মাইক্ৰফোন বাজি আছিল। ছোৱালীবোৰে হলৰ ভিতৰত প্ৰৱেশ কৰিছিল। মই তেতিয়া কলেজত একেবাৰে নতুনকৈ সোমাইছোঁহে মাথো। এইখিনিতে মই উল্লেখ কৰিব খোজোঁ যে চুচুক-চামাক ভাৱ এটা মোৰ ক্ষেত্ৰত বিৰাজমান।তথাপিও নিজকে প্ৰবোধ দিওঁ যে, এতিয়া মই কলেজ এখনত সোমাইছোঁ। এই ভাৱটো মনলৈ অনাৰ লগে লগে অলপ হ’লেও সাহসটো বাঢ়ে দিয়কচোন। চাওকচোন আৰম্ভণি কেনেকৈ কৰিলোঁ আৰু এতিয়া নিজৰ বিষয়েহে জাহিৰ কৰিব ধৰিছোঁ। এতিয়া আচল কথালৈ আহোঁ।

দৰাচলতে সিদিনা আমাৰ কলেজত প্ৰগ্ৰেম এটা আছিল। সাধাৰণতে কলেজত কিবা এখন মিটিং হ’লে ছাত্ৰীসকলৰ বাহিৰেও আমাৰ দুগৰাকী ভাল গান গোৱা বাইদেউ আছে, তেখেতসকলে গানৰ শুভাৰম্ভ কৰে। কিন্তু সিদিনা দুৰ্ভাগ্যক্ৰমে নে সৌভাগ্যক্ৰমে নাজানো দুয়োগৰাকী বাইদেউ ব্যক্তিগত অসুবিধাৰ বাবে অনুপস্থিত আছিল। আমাৰ সহকৰ্মীসকলৰ মাজত আলোচনা হ’ল এতিয়া গীত কোনে গাব, যিহেতু গায়িকা বাইদেউ দুগৰাকী নাই। এইখিনি সময়তে মোৰ মনত লুকাই থকা বুদ্ধি এটা খেলালে। ভাবিলোঁ আজিয়ে দেখোন মোৰ লুপ্ত প্ৰতিভা জাগ্ৰত কৰিব পাৰোঁ। এয়াই সুৱৰ্ণ সুযোগ। আপোনালোকে নিশ্চয়কৈ বুজিছে মই কি ক’ব খুজিছোঁ।

আচলতে কথাটো এনেকুৱা, সৰুৰেপৰাই মোৰ গান গোৱা প্ৰবল হেঁপাহ আছিল। ৰেডিঅ’ত গান এটা আৰম্ভ হ’বলৈ নাপাই আগতে মোৰ মুখেৰে ওলায়। মাঁহতে মোৰ হেঁপাহ দেখি ঘৰতে গানৰ শিক্ষয়িত্ৰী এগৰাকী ঠিক কৰি দিলে। ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে মই বৰ পিছুৱাই থকা ধৰণৰ আছিলোঁ। গানৰ বাইদেউগৰাকী অহাৰ লগে লগে ভয়তে মোৰ কান্দোন আৰম্ভ হয়। গতিকে এনেকৈয়ে এদিন আৰম্ভণিতে মোৰ গানৰ প্ৰশিক্ষণৰ সামৰণি পৰিল। কিন্তু তথাপিও ঘৰতে নিজে গান গাবলৈ এৰা নাছিলোঁ। মা-দেউতাৰ গালিয়ে মোৰ চিঞৰি গান গোৱা অভ্যাস টলাব পৰা নাছিল। কিন্তু স্কুলত গান গাব খুজিলে ভয়তে কঁপিছিলোঁ। এতিয়া বিয়াৰ পিছত ছোৱালী দুজনীৰ আগত গুণগুণাই থাকিলে সিহঁতে যেতিয়া উৎসাহেৰে কয় “মা তুমি বৰ ধুনীয়াকৈ গোৱা”, মনতো একেবাৰে উচপিচাই উঠে। ভাৱ হয় ক’ৰবাত গাব পৰা হ’লে! কিন্তু এই অমুকীৰ মনৰ আশা মনতে ৰৈ যায়।

এতিয়া ইমান বছৰৰ পিছত অহা এই সুযোগ এৰি দিব নুখুজিলোঁ। ভাবিলোঁ এইবাৰো যদি ভয় ভাৱ আহে নিজকে ডাঙৰ হৈছোঁ বুলি প্ৰবোধ দিম। এনে সময়তে ছাত্ৰীসকলে ক’ব ধৰিলে, “মেম, আপোনালোকৰ ফালৰ পৰা এটা গান গাওক।” দেখিলোঁ মোৰ কাষৰ কেইবাগৰাকীওচোন হঠাতে এটা  ”সমবেত সংগীত গাওঁ দিয়া” বুলি সাজু হ’ল। কথা নাই বতৰা নাই হঠাতে গান! মই আচৰিত। পিছ মূহুৰ্ততে ভাবিলোঁ এওঁলোকৰো চাগে লুপ্ত প্ৰতিভা সুপ্ত কৰা প্ৰচণ্ড বাসনা বিৰাজমান। লগে লগে গান গোৱা ভয় ভাৱ নাইকিয়া হ’ল। সকলোৱে মোবাইলত গান বাচনি কৰাত লাগিল, কোনটো গাব। শেষত ঠিক হ’ল বিষ্ণু ৰাভাদেৱৰ ৰচিত ‘পৰজনমৰ শুভ লগনত’ গানটি গোৱা। এই গানটো সমবেত সংগীত! কিন্তু তেতিয়া ভাবিবৰ সময় নাই। মোবাইল ৰেডি কৰি চাই চাই গানটো একেলগে গাবলৈ ধৰিলোঁ। ছোৱালীবোৰে মনোযোগেৰে গানটো উপভোগ(?) কৰা যেন পাইছিলোঁ। মিটিঙৰ শেষত যেতিয়া আমি একেলগে কমনৰূমত বহিলোঁ, তেতিয়াহে গম পালোঁ এজনী ছোৱালীৰ মুখত হেনো আমাৰ গান শুনি হাঁহি ওলাব ধৰিছিল। কিন্তু লগৰে সহকৰ্মী এগৰাকীয়ে গান গাই থাকিয়ে তাইক এনেকৈ ঘোপাকৈ চালে যে, লগে লগে বেচেৰীৰ হাঁহি মাৰ গৈছিল। সেই দিনটোৰ গান গোৱা মূহুৰ্তটো মনত পৰিলে এতিয়াও আমাৰ মাজত হাঁহিৰ ৰোল উঠে।

☆ ★ ☆ ★ ☆

One comment

  • HEMANTA KAKATI

    ভাল লাগিল৷ আমিও শুনিম এদিন তেনে

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *