ফটাঢোল

মচুৰ দাইলৰ টেবলেট : ৰঞ্জিত মুক্তিয়াৰ

নন্দেশ্বৰ দাইটিৰ বয়সৰ লেখেৰে আশীৰ দেওনা পাৰ হওঁ হওঁ । পুত্র-বোৱাৰীৰে এখন নদন-বদন সংসাৰ । একমাত্র পুত্র মনোজ চহৰৰ মহাবিদ্যালয় এখনৰ অধ্যাপক , সাদৰি বোৱাৰী জোনালীও ঘৰৰ পৰা দহ কিলোমিটাৰ দূৰৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্রী; আৰু নাতি – নাতিনী হালেই মহাবিদ্যালয়ত পঢ়ি আছে । মুঠতে ঘৰখনৰ সকলো মানুহ ব্যস্ত ।

ব্যস্ততাৰ মাজতো পুত্র-বোৱাৰীয়ে দেউতাকৰ আলপৈচানত অলপো ত্ৰুটি কৰা নাই । মাকক তেওঁলোকে আলপৈচান ধৰিবলৈ সুযোগেই নাপালে , দুখতেই গ’লগৈ । মাকৰ মৃত্যুৰ আগলৈকে নন্দেশ্বৰ দাইটিহঁতৰ ঘৰৰ অৱস্থা ইমান ভাল নাছিল । একমাত্র খেতিৰ ওপৰতেই নিৰ্ভৰ আছিল । পুতেক-বোৱাৰীয়েকৰ চাকৰিয়ে ঘৰখনক এক সম্ভ্ৰান্তৰ ঘৰলৈ পৰিণত কৰিলে, কিন্তু পুতেক-বোৱাৰীয়েকৰ কোনো গপ-ভেম নাই । দেউতাক তেওঁলোকৰ বাবে ভগৱান।

দেউতাকৰ শৰীৰত বাৰ্দ্ধক্যৰ ছাঁ বাৰুকৈয়ে পৰিছে । অন্য কোনো অসুখ নাই , কিন্তু অনবৰতে অসুখীয়া মানুহৰ নিচিনাকৈ থাকে , কিবা টেবলেট খাওঁ-খাওঁ কৰি থাকে । ডাক্তৰৰ মতেও কোনো অসুখ নাই , এয়া মাথো বাৰ্ধক্যৰ লক্ষণ । গতিকে ডাক্তৰেও কোনো ঔষধ দিবলৈ কোৱা নাই ।

ইফালে দেউতাকে নেৰে , তেওঁৰ মতে তেওঁ অসুখীয়া, ঔষধ আনি দিব লাগে ।

সাদৰি বোৱাৰীয়ে চিন্তা কৰি কৰি এটা উপায় উলিয়ালে । তেওঁ ঘৰত থকা পুৰণি ঔষধৰ বটল দুটাত ধুই পখালি , দেউতাকে গʼম নোপোৱাকৈ , এটাত মচুৰ দাইল আৰু আনটোত মগুৰ দাইল কেইটামানকৈ ভৰাই বিদ্যালয়লৈ নিয়া বেগটোত ভৰাই ৰাখিলে আৰু পিছদিনা বিদ্যালয়লৈ যাওঁতে লৈ গ’ল ।

বিদ্যালয়ৰ পৰা আহিয়েই শহুৰ দেউতাকক ক’লে , দেউতা আজি ডাক্তৰৰ লগত কথা পাতি আপোনালৈ ঔষধ লৈ আহিছোঁ ।

দেউতাকে হাঁহি এটা মাৰি ক’লে, বৰ ভাল কৰিলি বোৱাৰী , মোৰ গাটো বৰ বেয়া বুজিছ । দে দে সোনকালে উলিয়াই দে মোৰ দৰৱকেইটা ।

বোৱাৰীয়েকে মচুৰ আৰু মগু দাইলৰ বটল দুটা বেগৰ পৰা উলিয়াই দেউতাক ক’লে , দেউতা – এই ৰঙা টেবলেটটো ৰাতিপুৱা আৰু হালধীয়াটো দুপৰীয়া এটা এটা কৈ দিনে দুবাৰ খোৱাৰ পাছত খাব লাগিব । আবেলি জলপান খাই টেবলেট খোৱা আৰম্ভ কৰিব লাগিব । শহুৰেকে বৰ আগ্ৰহেৰে আবেলিৰ জলপান খাই হালধীয়া টেবলেটটো খাই আনন্দমনেৰে বাৰাণ্ডাত বহি আছে ।

পিছদিনা ৰাতিপুৱাও বোৱাৰীয়েক বিদ্যালয়লৈ যোৱাৰ আগে আগে ৰঙা টেবলেটটো খাবলৈ দিলে । কেতিয়া কোনটো টেবলেট খাব লাগে কাম কৰা ছোৱালীজনীক বুজাই থৈ বোৱাৰী বিদ্যালয়লৈ গ’ল ।

আবেলি বোৱাৰীয়েকে বিদ্যালয়ৰ পৰা আহি দেখে দেউতাকে আনন্দেৰে বাৰাণ্ডাত বহি লগৰ এজনৰ লগত কথা পাতি আছে । বোৱাৰীয়েক অহা দেখি সুধিলে, বোৱাৰী, অʼ বোৱাৰী ? তই কোন ডাক্তৰৰ পৰা টেবলেট আনিছিলি অʼ ?

দেউতাকৰ প্ৰশ্ন শুনি বোৱাৰীয়েকে ভয়ে ভয়ে ( ধৰা পৰিল বুলি ভাবি ) দেউতাকক  সুধিলে , কিয় দেউতা ? কিবা অসুবিধা পাইছে নেকি ?

: নহয় অʼ , অসুবিধা পোৱা নাই , টেবলেটকেইটা বৰ ভাল বুজিছ । খোৱাৰ পাছৰে পৰা মোৰ গাটো বৰ ভাল লাগিছে কাৰণেহে কৈছোঁ ।

দেউতাকৰ কথা শুনি বোৱাৰীয়ে অানন্দৰ হাঁহি এটি মাৰি ভিতৰলৈ সোমাই গ’ল । যাওঁতে কৈ গ’ল , ডাক্তৰজনে ভাল টেবলেট দিছোঁ বুলি মোক কৈ পঠাইছিল । বাৰু, আপোনালোক বহক, মই মুখ-হাত ধুই চাহ কৰি আনোগৈ ।

বোৱাৰীয়ে দিয়া সেই টেবলেট নিয়মীয়াকৈ খোৱাৰ পৰা দেউতাৰ গাত কোনো বেমাৰৰ লক্ষণ আজিলৈকে দেখা নাই।

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *