ফটাঢোল

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

১) জিতা ফুকন : মানুহে ব্যস্ততাৰ দোহাই দি সম্বন্ধবোৰ মাৰি পেলায় কিন্তু পৰুৱাবোৰে ইমান ব্যস্ত হৈ লাইনত গৈ থাকোঁতেও সন্মুখত পোৱা প্ৰত্যেকটো পৰুৱাকে কাণে কাণে কি কৈ যায় বাৰু?

উত্তৰ : শ্ৰমিক পৰুৱাবোৰ মতা পৰুৱা, গতিকে লাইনত গৈ থাকোঁতে নিশ্চয় ৰাতি পাৰ্টি ক’ত আছে সেইটো কথাকে ইটোৱে সিটোক কৈ যায়। দিনটো কাম কৰি গধূলি অলপ ফূৰ্তি কৰিবৰ মন যাবই দিয়কচোন।

২) সোণটো ৰঞ্জন বৰুৱা : কাপোৰ ফাটিলে শব্দ হয় কিন্তু গাখীৰ ফাটিলে শব্দ নহয় কিয়?

উত্তৰ : ফটা কাপোৰ চিলাব পাৰি, ফটা গাখীৰ নোৱাৰি। আকৌ ৰিপেয়াৰ হোৱাৰ কোনো আশা নাই যেতিয়া গাখীৰে ফাটিলে চিঞৰ বাখৰ নকৰে আৰু।

৩) ৰাজশ্ৰী শৰ্মা : তিৰোতা মানুহে ষ্টাইল কৰিলে ভাল দেখি আৰু মতা মানুহে ষ্টাইল কৰিলে বেয়া দেখি কিয়?

উত্তৰ : সেই দিন গ’ল আৰু। আজিকালি সকলো মতা মানুহেই মেক-আপ, পেডিকিউৰ মেনিকিউৰ কৰে। ফেচিয়েল নকৰিলে নচলেই।

৪) কমলা দাস : আকাশেৰে চৰাই এজনী উৰি গৈ থাকোঁতে কণী এটা পাৰিলে। কিন্তু কি আচৰিত কথা, কণীটো আহি মাটিত নপৰিল! কণীটো ক’লৈ গ’ল বাৰু?

উত্তৰ : বায়ুৰ ঘৰ্ষণত কণীটো গৰম হোৱাত ওপৰতে কণী ফুটি পোৱালী জগিল। আৰু চৰাইৰ জাতহে, উৰিবলৈ আৰু শিকাব লাগেনে? উৰি গ’ল। নাইবা কণীটো পানীতো পৰিব পাৰে।

৫) জিতু শৰ্মা : এই যে মোক সৰুতে সকলোৱে বাঘৰ আগতেল খোৱা বুলি কৈছিল, কিয় কৈছিল বাৰু? বাঘ নেলাগে আজিলৈকে ছাগলীৰ আগতেলেই খাই পোৱা নাই, আৰু আগতেলখিনি জীৱ-জন্তুৰ কোনটো অংশত থাকে বুজাই দিয়কচোন ফটহু কাই, এদিন খাই চাম।

উত্তৰ : মই পৰুৱাৰ আগতেলো খাই পোৱা নাই, গতিকে মই নেজানিম। কেনেবাকৈ গম পালে জনাম বাৰু।

৬) হিতেশ বি বৰুৱা : ল’ৰাই যে ছোৱালীক কল কৰিব লাগে আৰু হোটেলৰ বিল দিব লাগে, ইয়াৰ কাৰণ কি?

উত্তৰ : একো কাৰণ নাই, এয়া নাৰীয়ে পুৰুষক শোষণ কৰিবলৈ সাজি লোৱা কিছুমান কৌটিকলীয়া অহেতুক নিয়ম।

৭) মোচুমী গগৈ : ‘হট ছীট’ বুলি যে কোৱা হয় আচলতে ছীটটো হট নে ছীটত বহা মানুহবোৰ হট হয় বাৰু?

উত্তৰ : সেইটো ছীটত বহাৰ পাছত সকলোৰে কাণ-মূৰ গৰম হৈ যায়, সেইকাৰণেই তাক হট ছীট বোলে।

৮) মনালিছা বৰা : একেখন কলেজ ইউনিভাৰ্চিটিত গাৰ্লছ হোষ্টেলত ল’ৰা সুমুৱা মানা ভিজিটিং হলত বোন্দাপৰ দিব লগা অৱস্থা। কিন্তু বয়জ হোষ্টেলত তেনে বাধ্য-বাধকতা কিয় নাথাকে? ইতনি না ইনচাফি কিউ?

উত্তৰ : গাৰ্লচ হোষ্টেলৰ ভিজিটিং ৰূমত ঘণ্টা ধৰি বোন্দাপৰ দিবলৈ কোন ল’ৰাইনো বেয়া পায়? লগ কৰিবলৈ যোৱাগৰাকীৰ বাদেও আন দেৱীসকলৰ দৰ্শন হৈ থকাত আপত্তি কি? গতিকে না ইনচাফি দেখিও কোনেও আপত্তি নকৰে, অংকটো লাভৰ ঘৰতে আছে যেতিয়া।

৯) ধনজিৎ বৰুৱা : মাইক শব্দটোৰ উৎস ক’ত বাৰু, কেতিয়াৰ পৰা অসমীয়া শব্দত গ্ৰহণ কৰা হ’ল? সেইদিনা অশিক্ষিত (সাহীয়াল) মানুহ এজনে ‘মাইকী মানুহৰ’ পৰা মুখ বাগৰি ‘মাইক’ৰ উৎপত্তি বুলি কৈছিল।

উত্তৰ : তেখেতৰ সাহসক চালাম কৰিছোঁ। এনে কঠোৰ বাস্তৱ সত্য ৰাজহুৱাকৈ কৈ ফুৰিবলৈ ফটহুৰ হেৰিয়াত জুই লগা নাই।

১০) দিলীপ আৰ কাকতি : মাইকী মানুহৰ বয়স সোধাটো বা জানিবলৈ বিছৰাটো কিয় মহাপাপ বুলি কোৱা হৈছে?

উত্তৰ : সত্য যুগতো নাৰীয়ে বয়স সমন্ধে মিছা মাতিছিল। সত্য যুগত যেতিয়া সত্যৰ বাদে আন একোৰে গ্ৰহণযোগ্যতা নাছিল, তেতিয়াও এইটো বিষয়ত মিছা মাতিব পাৰি বুলি মানি লোৱা হৈছিল। গতিকে কলি যুগত তেনে এটা বিষয়ৰ ওপৰত সন্দেহ প্ৰকাশ কৰা মহাপাপ নহৈ কি হ’ব?

১১) বিপুল শৰ্মা : শিখণ্ডী আগতে নাৰী আছিল বাবে ভীষ্মই কাঁড় নামাৰিলে বোলে, পিচে বৃহন্নলাৰ কেছটো কিয় পাহৰি গ’ল?

উত্তৰ : শিখণ্ডীৰ কেছটো অলপ বেলেগ, ভীষ্মৰ আগৰে পৰা ইলু ইলু জাতীয় গণ্ডগোল এটা আছিল। আগৰ জনমৰ নাৰী বাবে কাঁড় নমৰাৰ ঘটনাটো মোৰ অলপ মেকিং যেন হে লাগে, আচলতে দিল দা মামলা হেঁ।

১২) অভিজিত শইকীয়া : (ক) পকীপথত দিয়া গতিৰোধৰ কাষেৰে দুচকীয়া বাহন যাব পৰাকৈ সৰু ৰাস্তা এটা উলিয়াই লোৱাৰ ধাৰণাটো পোনপ্ৰথমে কোনে কৰিছিল?

উত্তৰ : ফটহুৱে এইটোৰ দৰে আৰু বহু আৱিষ্কাৰ কৰি মানৱ জাতিৰ কল্যাণ সাধন কৰি থৈছে, কৈ নুফুৰে বাবেহে।

(খ) ভক্ত প্ৰহ্লাদ কিমান দিন মাতৃৰ গৰ্ভত আছিল?

উত্তৰ : টিভিত অহা ‘ভক্ত প্ৰহ্লাদ’ চিৰিয়েলখনৰ কথা কৈছে যদি, তাত প্ৰহ্লাদ কমেও চাৰি পাঁচ বছৰ মান মাতৃৰ গৰ্ভত থাকিব লাগে। একতা বাইদেউৰ চিৰিয়েলত সাধাৰণ নৰ মনিচৰ ‘বহু’ৱেই দুই-আঢ়ৈ বছৰ মান সন্তান ধাৰণ কৰে; এইবিলাকতো ভগৱানৰ লেভেলৰ কথা।

১৩) কমল তালুকদাৰ : ফটহু কাই, শূন্যৰ (০) আৱিষ্কাৰ হেনো আৰ্য্যভট্টই কলিযুগত কৰিছিল, তেন্তে সত্য, দ্বাপৰ যুগত ৰাৱণৰ দশটা মস্তক, ধৃতৰাষ্ট্ৰৰ ১০০ পুত্ৰৰ হিচাপটি কিদৰে কৰিছিল ?

উত্তৰ : ৰোমান লিপিত।

১৪) ৰিংকুমণি মজুমদাৰ : শ্ৰীকৃষ্ণৰ হাতত বাঁহীটোৰ (যাৰ সুৰে সকলোকে মোহিত কৰি ৰাখিছিল) ঠাইত আজিৰ মোবাইলটো থকা হ’লে কি কি হ’ল হয়?

উত্তৰ : ষোল্ল হেজাৰৰ ঠাইত ষোল্ল লাখমান গোপীনী হ’লহেঁতেন।

১৫) অনিমা দাস : পকেটত টকা থাকিলে বহুতেই ‘আজি পকেট গৰম হৈ আছে’ বুলি কিয় কয়? টকাৰে সৈতে পকেটটো চুই চালে দেখোন চেঁচা লাগে।

উত্তৰ : পকেটত টকা থাকিলে আচলতে তেজহে গৰম হৈ থাকে, তেজৰ গৰমেই জান নিজানকৈ পকেট পায়গৈ। গতিকে টকা থাকিলে পকেট গৰমেই হ’ব লাগে। কিন্তু আপুনি চেঁচা কেনেকৈ পালেহে- চুই চাওঁতে পকেটৰ টকা কমাই পেলোৱা নাইতো?

১৬) নাজিয়া হুছেইন : মিটলৈ যাব নোৱাৰাসকলে মিটৰ ফটোবোৰ চাই চাই দুখী হ’ব, নে সুখী হ’ব লাগে? কওকচোন।

উত্তৰ : সুখ দুখ আপোনাৰ নিজৰ চইছ, সুখী হবলৈ মন গ’লে সুখী হওক, তাৰো কাৰণ বিচাৰি পাব। দুখী হবলৈ মন গ’লে দুখী হওক, তাৰো কাৰণ বিচাৰি পাব।

১৭) হিৰণ্যজ্যোতি দাস : ফটহু কাইৰ আঁৰৰ মানুহজন কোন?

উত্তৰ : মই।

১৮) পৰিস্মিতা বৰদলৈ : মহিলাসকলৰ দৰে যদি পুৰুষসকলৰো সন্তান জন্ম দিয়াৰ ক্ষমতা থাকিলেহেঁতেন, তেন্তে চৰকাৰৰ জন্মনিয়ন্ত্ৰণ আইনখন কেনেধৰণৰ হ’লহেঁতেন বাৰু? মানে ‘হম দো, হমাৰে দো’ বুলি ক’ব পৰা গ’লহেঁতেন নে?

উত্তৰ : ‘মে এক, মেৰা শূণ্য’ এনেকুৱা হ’লহেঁতেন। হেৰি, অকল নাৰীয়ে সন্তান জন্ম দিওঁতেই দেশখন মানুহে নধৰা হৈছেগৈ, তাতে পুৰুষসকলেও হাত উজান দিলে, সন্তান জন্ম দিয়া বে-আইনী বুলি ঘোষণা কৰাৰ বাদে আন উপায় নেথাকিবগৈ।

১৯) নৱকৃষ্ণ কৃষ : ফটহুকাই, আপোনাৰ মতে ছোৱালী ঘৰৰ পৰা চাই দিয়া বিবাহ আৰু নিজে ভালপাই কৰা বিবাহৰ মাজত পাৰ্থক্য কি বাৰু?

উত্তৰ : একো পাৰ্থক্য নাই। দুই ধৰণৰ বিয়াতে দুমাহমান সুখ পোৱা যায়, তাৰ পাছত একেই গতি সকলোৰে। ফটহুৱেতো নিজৰ লাভ মেৰেজ আছিল নে এৰেঞ্জড মেৰেজ আছিল, পাহৰিয়ে গ’ল।

২০) কাবেৰী মহন্ত : মোৰ কেছ এটাত যিগৰাকীক উকীল লগালোঁ তেখেতৰ পতিয়ে সেই কেছটো ইনভেষ্টিগে’ট কৰি আছে৷ মই বাৰু বিশ্বাস কৰিব পাৰিম নে মোৰ উকীলক?

উত্তৰ : তেওঁলোকৰ বিয়াৰ দুবছৰমান হ’ল যদি উকীলক বিশ্বাস কৰিব পাৰে। আচলতে তেনেক্ষেত্ৰত তেঁৱেই সকলোতকৈ বিশ্বাসী উকীল, গিৰিয়েকক কেনেবাকৈ এথেকেচা দিয়াৰ সুবিধা তেওঁ কেতিয়াও নেৰে।

২১) ৰিতুপৰ্ণ শৰ্মা : চিৰিয়েলবোৰত মহিলাসকলে ঘৰতেই কিয় ইমানকৈ সাজি কাজি থাকে?

উত্তৰ : চিৰিয়েলবোৰ টিভিত আহে যে সেইকাৰণে। টিভিত ওলাবলে পালে মহিলাই ভূঁই ৰোওঁতেও মেক আপ মাৰি আহে, ঢেকী দিও‍ঁতেও পাটৰ ছেট পিন্ধে। গতিকে চিৰিয়েলত এক্টিং কৰিবলে পালে তেওঁলোকক সাজোন-কাচোনৰ পৰা কোনেও বাধা দিব নোৱাৰে। পৰিচালক-কাহিনী এইবোৰ পিছৰ কথা, মূল কথা টিভিত ওলোৱা।

২২) ৰীতা লীনা সোণোৱাল : বাইকৰ পাছফালে তীব্ৰ সুন্দৰী এগৰাকী বহাই নিয়াৰ পাছতো, পুৰুষ বা যুৱকসকলে কিয় সন্মুখেৰে পাৰহৈ যোৱা ছোৱালী বা তিৰোতাগৰাকীক চাবলৈ নেৰে?

উত্তৰ : চোৰে নেৰে চোৰ পৰকিতি কুকুৰে নেৰে ছাঁই;
পুৰুষে নেৰে মহিলাক চাবলৈ, ছাহে যোভী হো যায়!

২৩) নিলাক্ষী কাকতি : ফটহুকাই আপুনি বাৰু ফটাপ্ৰশ্নবোৰ কেনেকৈ চিলাই?

উত্তৰ : নিচিলাওঁ, আৰু বেছিকৈহে ফালি দিওঁ।

☆★☆★☆

6 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *